সুৰ সমলয়ৰ সৌজন্যত “এই ধুনীয়া গধূলি লগন” অনুষ্ঠানঃ চলচ্চিত্ৰ পৰিচালক পাৰ্থজিৎ বৰুৱাক “জোনাকী বাট” বঁটা প্ৰদান

বিশেষ বাৰ্তা, ১৭ মেঃ  অসমৰ প্ৰথম মহিলা মিউজিকেল ব্ৰেণ্ড ” সুৰসমলয়”ৰ সৌজন্যত ” এই ধুনীয়া গধূলি লগন ” শীৰ্ষক এক আকৰ্ষনীয় সাংস্কৃতিক অনুষ্ঠান কালি সন্ধ্যা নগাঁও জিলা পুথিভঁৰালত অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় বটা প্ৰাপক বিশিষ্টা অভিনেত্ৰী মলয়া গোস্বামী , বিশিষ্টা কন্ঠশিল্পী দূৰ্গাময়ী বৰা , নগাঁও জিলা আৰক্ষী অধীক্ষক লীনা দলে আদিয়ে বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰে। অনুষ্ঠানতে সুৰসমলয়ৰ শিল্পী সকলৰ সংগ্ৰামৰ বিষয়ে চলচিত্ৰ নিৰ্মাতা পাৰ্থজিৎ বৰুৱাই নিৰ্মাণ কৰা , দেশ বিদেশত সমাদৃত হোৱা তথ্যচিত্ৰ ” ব্ৰেকিং দ্যা চাইলেঞ্চ” প্ৰদৰ্শন কৰা হয়। এই অনুষ্ঠানতে চলচিত্ৰ নিৰ্মাতা পাৰ্থজিৎ বৰুৱাক সুৰসমলয়ৰ “জোনাকী বাট ” বটা প্ৰদান কৰা হয়। অনুষ্ঠানত গৌৰৱ কুমাৰ হাজৰিকাৰ পৰিচালনাত ” সূত্ৰধাৰ”ৰ শিল্পী সকলে পৰিবেশন কৰা নৃত্যানুষ্ঠান “জোনাকী বাটেৰে” শীৰ্ষক অনুষ্ঠানে দৰ্শকক মোহাচন্ন কৰি ৰাখে। আকাশবাণী নগাঁও কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত সঞ্চালিকা পল্লবী কলিতাৰ ভায়োলীন আৰু অঞ্জলী মহন্তৰ মেণ্ডোলীনৰ যুগলবন্দীয়ে সকলোকে আপ্লুত কৰি তোলে। সুৰসমলয়ে কালি নগাঁও বাসীক এটি সুন্দৰ সন্ধ্যা উপহাৰ দিলে বুলি সচেতন মহলে মন্তব্য কৰিছে।

প্ৰেৰক কনক হাজৰিকা