ৰেল যাত্ৰীৰ বাবে সুখবৰঃ শীঘ্ৰে গুৱাহাটীৰ পৰা চলিব বন্দে ভাৰত এক্সপ্ৰেছ

নিয়মীয়া বাৰ্তা, ২১ মে’: অসমৰ লগতে সমগ্ৰ উত্তৰ-পূবৰ ৰেল যাত্ৰীৰ বাবে সুখবৰ। দেওবাৰে নিউ জলপাইগুৰিৰ পৰা গুৱাহাটীলৈ সফলতাৰে সম্পন্ন হ’ল বন্দে ভাৰত এক্সপ্ৰেছৰ পৰীক্ষামূলক চলাচল।

মন কৰিবলগীয়া যে সপ্তাহত ছয় দিন চলিব এই ৰে’লখন। ৬ ঘণ্টাৰ ভিতৰত প্ৰায় ৪১০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব অতিবেগী এই ৰে’লখনে।

ইয়াৰ পূৰ্বে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে জুন মাহৰ ভিতৰত প্ৰায় সকলো ৰাজ্যতে বন্দে ভাৰত চলিব পৰাকৈ প্ৰধানমন্ত্ৰীয়ে লক্ষ্য নিৰ্ধাৰণ কৰিছে।

Featured