নিয়মীয়া বাৰ্তা ১৪ অক্টোবৰঃ অসম আৰক্ষীৰ উপ–পৰিদর্শক (এছ আই) নিযুক্তি কেলেংকাৰিৰ অন্যতম মূল অভিযুক্ত প্রাক্তন ডিআইজি পি কে দত্তৰ আন এক ক’লা অধ্যায় পোহৰলৈ আহিছে৷ এছ আই নিযুক্তি কেলেংকাৰিৰ তদন্ত আগবঢ়াৰ লগে লগে প্রাক্তন ডিআইজিজনৰ আন কেতবোৰ অধ্যায় খোল খাবলৈ আৰম্ভ কৰিছে৷ ডিআইজি হিচাপে কর্মৰত হৈ থকা অৱস্থাত নিজৰ ক্ষমতাক ব্যক্তিগত স্বার্থৰ বাবে ব্যৱহাৰ কৰা এইগৰাকী কুখ্যাত পি কে দত্তই নামে–বেনামে গঢ়ি তুলিছিল কোটি কোটি টকাৰ সম্পত্তি৷ গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্রান্তত প্রাক্তন ডিআইজিজনে গঢ়ি তুলিছিল সম্পত্তিৰ পাহাৰ৷ সম্প্রতি কাৰাগাৰত থকা পি কে দত্ত আৰু তেওঁৰ ঘনিষ্ঠ আত্মীয়ৰ নামত আছে ৭৯,০১,৯১,৪৯৯ কোটি টকাৰ আয়ৰ সৈতে সামঞ্জস্যহীন সা–সম্পত্তি৷ অসম আৰক্ষীৰ তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাই পি কে দত্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি চলোৱা প্রাথমিক তদন্তত এই বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷ দুর্নীতি প্রতিৰোধ আইনৰ ১৩(১)(বি)/১৩(২) ধাৰাৰ অধীনত ৰুজু হোৱা ১০/২০২০ নম্বৰৰ গোচৰৰ এজাহাৰত উল্লেখ কৰা হৈছে পি কে দত্তৰ বিশাল সা–সম্পত্তিৰ পৰিমাণ৷ সেই অনুসৰি কাছাৰৰ উদৰবন্দত আছে এখন ১৬০০ বিঘাৰ চাহ বাগিচা৷ সেই বাগিচাখনৰ মূল্য হৈছে ৩২ কোটি টকা৷ ইয়াৰ উপৰি শিলচৰত দত্তই গঢ়ি তুলিছিল এখন ১২০০ বিঘাৰ ৰবৰৰ বাগিচা৷ এই বাগিচাৰ মূল্যও হৈছে ২৪ কোটি টকা৷ আনহাতে তেওঁৰ আছে ৫খন হোটেল৷ ইয়াৰে ডিব্রুগড়ত থকা ভার্গৱ ৰেছিডেন্সী নামৰ হোটেলখনৰ মূল্য হৈছে ৩ কোটি টকা৷ সেইদৰে গুৱাহাটীত থকা তেওঁৰ ৪খন হোটেলৰ মূল্য হৈছে ১৬ কোটি টকা৷ ইকুইটি শ্বেয়াৰৰ নামত প্রাক্তন ডিআইজিজনে বিনিয়োগ কৰা ধনৰ পৰিমাণ হৈছে ২ কোটি ২১ লাখ ৪২ হাজাৰ ২০০ টকা৷ ইয়াৰ উপৰি তেওঁৰ অঘোষিত সম্পত্তিৰ পৰিমাণ হৈছে ৭৭,২১,৪২,২০০ টকা৷ সম্পত্তি আৰু লেনদেনৰ তথ্য অনুসৰি মুঠ ব্যয় হৈছে ৯,০৩,৮২,৭৮২ টকা৷ মুঠ ব্যয় হৈছে ৮৬,২৫,২৪,৯৮২ টকা৷ ইয়াৰ ভিতৰত তেওঁৰ আয় হৈছে ৭,২৩,৩৩,৪৮৩ টকা৷ অর্থাৎ পি কে দত্ত আৰু আত্মীয়ৰ নামত থকা আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তিৰ পৰিমাণ হৈছে প্রায় ৭৯,০১,৯১,৪৯৯ টকা৷ এজাহাৰখনত উল্লেখ কৰা অনুসৰি এই সম্পত্তিসমসূহৰ উপৰি তেওঁৰ আছে অঘোষিত আন সম্পত্তি৷ উল্লেখ্য যে অসম আৰক্ষী সেৱাত ১৯৯২ চনত চাকৰিত যোগদান কৰিছিল পি কে দত্তই৷ ২০১৯ বর্ষত তেওঁ ডিআইজি হিচাপে অৱসৰ গ্রহণ কৰে৷ কর্তব্যৰ এই সময়ছোৱাত অর্থাৎ ১৯৯২ চনৰ পৰা ২০১৯ চনলৈ তেওঁ আহৰণ কৰা সা–সম্পত্তিসমূহ নিজৰ লগতে আত্মীয়ৰ নামত গঢ়ি তুলিছিল৷ তদন্তত প্রকাশ পোৱা অনুসৰি কুখ্যাত দত্তই পত্নী স্বপ্ণাশ্রী দত্ত, কন্যা বনময়ূৰী দত্ত আৰু ভনীজোঁৱাই কাশ্যপ অভিনন্দন কাকতিৰ নামত সা–সম্পত্তি গঢ়ি তুলিছিল৷ উক্ত তিনিওগৰাকীয়ে আয়ৰ উৎস নোহোৱাকৈয়ে বৃহৎ পৰিমাণৰ সম্পত্তিৰ মালিক হৈছিল৷ দত্তৰ উক্ত সদস্যকেইগৰাকী মেছার্ছ মহামায়া ইষ্টেট প্রাইভেট লিমিটেড, মেছার্ছ মূৰাৰী কমোডিটিজ প্রাইভেট লিমিটেড, মেছার্ছ ঈশান কমার্চিয়েল প্রাইভেট লিমিটেড নামৰ তিনিটা কোম্পানীৰ সঞ্চালক৷ এই তিনিওটা সম্পত্তিৰ সৈতে সম্পর্ক আছে ধৃত পি কে দত্তৰ৷ দুর্নীতি নিবাৰকে চলোৱা অনুসন্ধানত লাভ কৰা বিভিন্ন নথিপত্রৰ ভিত্তিত পি কে দত্ত আৰু তেওঁৰ পত্নীৰ মুঠ আয় ৭,২৩,৩৩,৪৮৩ টকা৷ যাৰ জৰিয়তে প্রাক্তন ডিআইজিজনে নিজৰ লগতে আত্মীয়ৰ নামত গঢ়ি তোলা সা–সম্পত্তিসমূহ ক’ৰ পৰা আহিল, তাক লৈ চর্চা আৰম্ভ হৈছে৷ উল্লেখ্য যে পি কে দত্তৰ বিৰুদ্ধে নিয়মীয়া তদন্ত কৰিবলৈ ৰাজ্য চৰকাৰে অনুমোদন দিছে৷ ইয়াৰ লগে লগে দুর্নীতি নিবাৰকে তেওঁৰ বিৰুদ্ধে ৰুজু কৰি গোচৰৰ তদন্ত আৰম্ভ কৰিছে৷ এছ আই নিযুক্তি কেলেংকাৰিত নাম সাঙোৰ খাই পৰাৰ পিছতে পি কে দত্তৰ বিৰুদ্ধে চলি থকা বিভিন্ন গোচৰ আৰু অভিযোগৰ তথ্য পোহৰলৈ আহিছে৷ সেই অনুসৰি ডিআইজি হৈ থকাৰ সময়ত ডাবি–ধমকিৰে ধন আত্মসাৎ কৰাৰ লগতে বিভিন্ন স্থানত মাটি বেদখল কৰা বুলিও তেওঁৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ এছ আই কেলেংকাৰিৰ অন্যতম মাষ্টাৰ মাইণ্ড দত্তই সম্পত্তি অন্যায়ভাৱে আহৰণ কৰাৰ অনেক তথ্য পৰৱর্তী সময়ত যে দুর্নীতি নিবাৰক শাখাৰ তদন্তত পোহৰলৈ আহিব, সেয়া নিশ্চিত৷