নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পি কে দত্তৰ আয়ৰ সৈতে সামঞ্জস্যহীন ৭৯ কোটিৰ সম্পত্তি

নিয়মীয়া বাৰ্তা ১৪ অক্টোবৰঃ   অসম আৰক্ষীৰ উপ–পৰিদর্শক (এছ আই) নিযুক্তি কেলেংকাৰিৰ অন্যতম মূল অভিযুক্ত প্রাক্তন ডিআইজি পি কে দত্তৰ আন এক ক’লা অধ্যায় পোহৰলৈ আহিছে৷ এছ আই নিযুক্তি কেলেংকাৰিৰ তদন্ত আগবঢ়াৰ লগে লগে প্রাক্তন ডিআইজিজনৰ আন কেতবোৰ অধ্যায় খোল খাবলৈ আৰম্ভ কৰিছে৷ ডিআইজি হিচাপে কর্মৰত হৈ থকা অৱস্থাত নিজৰ ক্ষমতাক ব্যক্তিগত স্বার্থৰ বাবে ব্যৱহাৰ কৰা এইগৰাকী কুখ্যাত পি কে দত্তই নামে–বেনামে গঢ়ি তুলিছিল কোটি কোটি টকাৰ সম্পত্তি৷ গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্রান্তত প্রাক্তন ডিআইজিজনে গঢ়ি তুলিছিল সম্পত্তিৰ পাহাৰ৷ সম্প্রতি কাৰাগাৰত থকা পি কে দত্ত আৰু তেওঁৰ ঘনিষ্ঠ আত্মীয়ৰ নামত আছে ৭৯,০১,৯১,৪৯৯ কোটি টকাৰ আয়ৰ সৈতে সামঞ্জস্যহীন সা–সম্পত্তি৷ অসম আৰক্ষীৰ তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাই পি কে দত্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি চলোৱা প্রাথমিক তদন্তত এই বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷ দুর্নীতি প্রতিৰোধ আইনৰ ১৩(১)(বি)/১৩(২) ধাৰাৰ অধীনত ৰুজু হোৱা ১০/২০২০ নম্বৰৰ গোচৰৰ এজাহাৰত উল্লেখ কৰা হৈছে পি কে দত্তৰ বিশাল সা–সম্পত্তিৰ পৰিমাণ৷ সেই অনুসৰি কাছাৰৰ উদৰবন্দত আছে এখন ১৬০০ বিঘাৰ চাহ বাগিচা৷ সেই বাগিচাখনৰ মূল্য হৈছে ৩২ কোটি টকা৷ ইয়াৰ উপৰি শিলচৰত দত্তই গঢ়ি তুলিছিল এখন ১২০০ বিঘাৰ ৰবৰৰ বাগিচা৷ এই বাগিচাৰ মূল্যও হৈছে ২৪ কোটি টকা৷ আনহাতে তেওঁৰ আছে ৫খন হোটেল৷ ইয়াৰে ডিব্রুগড়ত থকা ভার্গৱ ৰেছিডেন্সী নামৰ হোটেলখনৰ মূল্য হৈছে ৩ কোটি টকা৷ সেইদৰে গুৱাহাটীত থকা তেওঁৰ ৪খন হোটেলৰ মূল্য হৈছে ১৬ কোটি টকা৷ ইকুইটি শ্বেয়াৰৰ নামত প্রাক্তন ডিআইজিজনে বিনিয়োগ কৰা ধনৰ পৰিমাণ হৈছে ২ কোটি ২১ লাখ ৪২ হাজাৰ ২০০ টকা৷ ইয়াৰ উপৰি তেওঁৰ অঘোষিত সম্পত্তিৰ পৰিমাণ হৈছে ৭৭,২১,৪২,২০০ টকা৷ সম্পত্তি আৰু লেনদেনৰ তথ্য অনুসৰি মুঠ ব্যয় হৈছে ৯,০৩,৮২,৭৮২ টকা৷ মুঠ ব্যয় হৈছে ৮৬,২৫,২৪,৯৮২ টকা৷ ইয়াৰ ভিতৰত তেওঁৰ আয় হৈছে ৭,২৩,৩৩,৪৮৩ টকা৷ অর্থাৎ পি কে দত্ত আৰু আত্মীয়ৰ নামত থকা আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তিৰ পৰিমাণ হৈছে প্রায় ৭৯,০১,৯১,৪৯৯ টকা৷ এজাহাৰখনত উল্লেখ কৰা অনুসৰি এই সম্পত্তিসমসূহৰ উপৰি তেওঁৰ আছে অঘোষিত আন সম্পত্তি৷ উল্লেখ্য যে অসম আৰক্ষী সেৱাত ১৯৯২ চনত চাকৰিত যোগদান কৰিছিল পি কে দত্তই৷ ২০১৯ বর্ষত তেওঁ ডিআইজি হিচাপে অৱসৰ গ্রহণ কৰে৷ কর্তব্যৰ এই সময়ছোৱাত অর্থাৎ ১৯৯২ চনৰ পৰা ২০১৯ চনলৈ তেওঁ আহৰণ কৰা সা–সম্পত্তিসমূহ নিজৰ লগতে আত্মীয়ৰ নামত গঢ়ি তুলিছিল৷ তদন্তত প্রকাশ পোৱা অনুসৰি কুখ্যাত দত্তই পত্নী স্বপ্ণাশ্রী দত্ত, কন্যা বনময়ূৰী দত্ত আৰু ভনীজোঁৱাই কাশ্যপ অভিনন্দন কাকতিৰ নামত সা–সম্পত্তি গঢ়ি তুলিছিল৷ উক্ত তিনিওগৰাকীয়ে আয়ৰ উৎস নোহোৱাকৈয়ে বৃহৎ পৰিমাণৰ সম্পত্তিৰ মালিক হৈছিল৷ দত্তৰ উক্ত সদস্যকেইগৰাকী মেছার্ছ মহামায়া ইষ্টেট প্রাইভেট লিমিটেড, মেছার্ছ মূৰাৰী কমোডিটিজ প্রাইভেট লিমিটেড, মেছার্ছ ঈশান কমার্চিয়েল প্রাইভেট লিমিটেড নামৰ তিনিটা কোম্পানীৰ সঞ্চালক৷ এই তিনিওটা সম্পত্তিৰ সৈতে সম্পর্ক আছে ধৃত পি কে দত্তৰ৷ দুর্নীতি নিবাৰকে চলোৱা অনুসন্ধানত লাভ কৰা বিভিন্ন নথিপত্রৰ ভিত্তিত পি কে দত্ত আৰু তেওঁৰ পত্নীৰ মুঠ আয় ৭,২৩,৩৩,৪৮৩ টকা৷ যাৰ জৰিয়তে প্রাক্তন ডিআইজিজনে নিজৰ লগতে আত্মীয়ৰ নামত গঢ়ি তোলা সা–সম্পত্তিসমূহ ক’ৰ পৰা আহিল, তাক লৈ চর্চা আৰম্ভ হৈছে৷ উল্লেখ্য যে পি কে দত্তৰ বিৰুদ্ধে নিয়মীয়া তদন্ত কৰিবলৈ ৰাজ্য চৰকাৰে অনুমোদন দিছে৷ ইয়াৰ লগে লগে দুর্নীতি নিবাৰকে তেওঁৰ বিৰুদ্ধে ৰুজু কৰি গোচৰৰ তদন্ত আৰম্ভ কৰিছে৷ এছ আই নিযুক্তি কেলেংকাৰিত নাম সাঙোৰ খাই পৰাৰ পিছতে পি কে দত্তৰ বিৰুদ্ধে চলি থকা বিভিন্ন গোচৰ আৰু অভিযোগৰ তথ্য পোহৰলৈ আহিছে৷ সেই অনুসৰি ডিআইজি হৈ থকাৰ সময়ত ডাবি–ধমকিৰে ধন আত্মসাৎ কৰাৰ লগতে বিভিন্ন স্থানত মাটি বেদখল কৰা বুলিও তেওঁৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ এছ আই কেলেংকাৰিৰ অন্যতম মাষ্টাৰ মাইণ্ড দত্তই সম্পত্তি অন্যায়ভাৱে আহৰণ কৰাৰ অনেক তথ্য পৰৱর্তী সময়ত যে দুর্নীতি নিবাৰক শাখাৰ তদন্তত পোহৰলৈ আহিব, সেয়া নিশ্চিত৷

You might also like