আসন বুজাবুজিৰ বাবে মার্চত মিত্রদলৰে বৈঠক ৰাষ্ট্রীয় সমিতিৰ

আজিৰ পৰা বিজেপিৰ পৰিয়াল সম্পর্ক অভিযান

নিয়মীয়া বাৰ্তা ২৩ ফেব্ৰুৱাৰীঃ বিধানসভা নির্বাচনৰ বাবে প্রস্তুতি তুংগত তোলা ৰাজ্যিক বিজেপিয়ে কাইলৈৰ পৰা আৰম্ভ কৰিব পৰিয়াল সম্পর্ক অভিযান৷ মুখ্যতঃ প্রতিটো ভোটকেন্দ্রৰ প্রতিজন ভোটাৰক সাক্ষাৎ কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা এই পৰিয়াল সম্পর্ক অভিযানেৰে তৃণমূল পর্যায়ত বিজেপিয়ে নিজৰ ভেটি শক্তিশালী কৰিবলৈ নির্বাচনৰ প্রাক্ক্ষণত অন্তিম প্রচেষ্টা চলাব৷ তদুপৰি এই অভিযানৰ জৰিয়তে কংগ্রেছৰ অসম বচাওঁ আহক অভিযানকো প্রত্যুত্তৰ দিয়াৰ লক্ষ্য লৈছে ৰাজ্যিক বিজেপিয়ে৷ এই উদ্দেশ্যে দলৰ প্রতিগৰাকী পৃষ্ঠাপ্রমুখক তেওঁৰ দায়িত্বত থকা ৬০জন ভোটাৰক সাক্ষাৎ কৰাৰ বাবে নির্দেশনা জাৰি কৰা হৈছে দলৰ তৰফৰ পৰা৷ কাইলৈ আৰম্ভ হ’ব লগা পৰিয়াল সম্পর্ক অভিযানত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ পৰা আৰম্ভ কৰি প্রতিগৰাকী মন্ত্রী, বিধায়ক, সাংসদ, জিলা সভাপতি, মণ্ডল সভাপতিৰ লগতে তৃণমূল পর্যায়ৰ প্রতিগৰাকী কর্মীক এই অভিযানত অংশ ল’বলৈ ইতিমধ্যে ৰাজ্যিক বিজেপিয়ে প্রেৰণ কৰিছে বার্তা৷

সেই অনুসৰি, আজি শদিয়াত এই অভিযান কার্যসূচীত অংশ ল’ব মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ আনহাতে, নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই হোজাইত আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে দিছপুৰত এই কার্যসূচীত অংশগ্রহণ কৰিব৷ আজি পুৱা ৯ বজাত সভাপতি ৰঞ্জিত দাসে দিছপুৰ সমষ্টিৰ ছার্ভে বেলতলাৰ শ্বহীদ পথৰ কেইবাটাও পৰিয়ালৰ বাসগৃহলৈ গৈ তেওঁলোকক সাক্ষাৎ কৰি চৰকাৰ তথা দলৰ উন্নয়নমূলক কার্যসূচীসমূহ ব্যক্ত কৰিব৷ এই সন্দর্ভত সভাপতি দাসে প্রকাশ কৰা মতে, পৃষ্ঠাপ্রমুখসকলে প্রতিটো ভোটকেন্দ্রৰ প্রতিগৰাকী ভোটাৰক সাক্ষাৎ কৰি চৰকাৰে গ্রহণ কৰা উন্নয়নমূলক কাম–কাজসমূহ ব্যক্ত কৰাৰ লগতে বিজেপিৰ সৈতে পৰিয়ালটোৰ সম্পর্ক স্থাপন কৰিব৷ ইয়াৰ দ্বাৰা শাসনাধিষ্ঠিত দলটোৱে প্রতিগৰাকী লোকৰ ওচৰত থিয় দিয়াৰ এক প্রয়াস চলাব৷

উল্লেখ্য যে ৰাজ্যিক বিজেপিয়ে শেহতীয়াকৈ প্রতিটো সমষ্টিতে পৃষ্ঠাপ্রমুখ সন্মিলন সম্পূর্ণ কৰি তুলিছে৷ এই সন্মিলনতে কিদৰে একোজন ভোটাৰৰ ওচৰলৈ গৈ চৰকাৰ আৰু দলৰ বিভিন্ন কার্যসূচী সম্পর্কে অৱগত কৰিব লাগিব, এই সন্দর্ভত বিস্তৃত প্রশিক্ষণ দিয়া হৈছে প্রতিগৰাকী পৃষ্ঠাপ্রমুখক৷ সেই অনুসৰি, কাইলৈৰ পৰা আৰম্ভ হ’ব লগা অভিযানত প্রতিগৰাকী পৃষ্ঠাপ্রমুখে গ্রহণ কৰিব উল্লেখনীয় ভূমিকা৷ বিধানসভা নির্বাচনক লৈ প্রস্তুতি প্রায় সম্পূর্ণ কৰি তোলা ৰাজ্যিক বিজেপিৰ এইটোৱেই হ’ব অন্তিম দলীয় কার্যসূচী৷ পৰিয়াল সম্পর্ক অভিযান সম্পূর্ণ কৰাৰ পিছতেই দলটো নামি পৰিব নির্বাচনী প্রচাৰ অভিযানত৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে প্রকাশ কৰা অনুসৰি, নির্বাচনৰ বাবে দল সম্পূর্ণ সাজু৷ এসপ্তাহৰ ভিতৰত নির্বাচন অনুষ্ঠিত হ’লেও দল পূর্ণ শক্তিৰে নির্বাচনত নামিব পাৰিব৷ আনহাতে, মিত্রদলৰ সৈতে আসন বুজাবুজি সন্দর্ভত আজি ৰাজ্যিক বিজেপিৰ সভাপতিজনে জানিবলৈ দিয়া মতে, মার্চ মাহৰ প্রথমটো পষেকতে দলৰ ৰাষ্ট্রীয় কমিটীৰে অগপ আৰু ইউ পি পি এলৰ কেন্দ্রীয় কমিটীৰ আনুষ্ঠানিক বৈঠক অনুষ্ঠিত হ’ব৷ এই বৈঠকতে মিত্রদলে কিমানখন আসনত প্রতিনিধিত্ব কৰিব, সেয়া স্পষ্ট হ’ব৷

Featured