বন্ধ হ’ব ‘দ্যা কপিল শর্মা শ্ব’! কিন্তু হঠাৎ কিয় এই সিদ্ধান্ত?

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ

আপুনি হাঁহিবলৈ ভাল পায় নে?

যদি এই উত্তৰটো ইতিবাচক হয়, তেন্তে কপিল শৰ্মা নিশ্চিতভাৱে প্ৰিয়ৰ তালিকাত থাকিব। কিন্তু ২০২১ চনৰ আৰম্ভণিতে কপিল প্ৰেমীসকলৰ বাবে আহিছে এক দুঃসংবাদ। জনা গৈছে যে ‘দ্যা কপিল শৰ্মা শ্ব’ অতি শীঘ্ৰেই বন্ধ হ’বলৈ গৈ আছে। অৰ্থাৎ সপ্তাহটোৰ অন্তত ‘কাপ্পু শৰ্মা’ আৰু তেওঁৰ সহযোগীসকলে আপোনাক  আৰু প্ৰাণখোলা হাঁহিৰ খোৰাক নিদিব।

মুম্বাইৰ এক সংবাদ মাধ্যমৰ উৎস অনুসৰি, প্ৰযোজকসকলে কমেডি শ্ব’টো  নতুন ভাবে পুনৰ সজোৱাৰ পৰিকল্পনা কৰিছে। মূলত সেই কাৰণেই সাময়িক বিৰতিৰ পৰিকল্পনা কৰিছে। তাৰ পিছত তেওঁলোকে অনুষ্ঠানটোৰ দ্বিতীয় চিজনৰ সৈতে উভতি আহিব বুলিও জনা গৈছে। অৱশ্যে, এই ক্ষেত্ৰত এতিয়াও কোনো চূড়ান্ত সিদ্ধান্ত পোৱা নাই।