ধুবুৰীৰ ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ এগৰাকী কৰ্মচাৰীৰ ৰেপিড টেষ্টৰ ফলাফল পজিটিভ

নিয়মীয়া বাৰ্তা ১ জানুৱাৰীঃ আজি নৱবৰ্ষৰ প্ৰথম দিনটোতেই ধুবুৰী চহৰখনৰ মাজমজিয়াৰ পাঁচমোৰস্থিত ‘‘ইউনিয়ন বেংক অৱ ইণ্ডিয়া’’ৰ এগৰাকী বেংক কৰ্মচাৰীৰৰ ক’ভিডৰ এন্টিজেন্ট টেষ্টৰ ফলাফল পজিটিভ আহিছে।

জানিব পৰা মতে, বিগত ৩০ ডিচেম্বৰৰ দিনা ধুবুৰীস্থ ভাৰতীয় ষ্টেট বেংকৰ মূল শাখাৰ ১২গৰাকী কভিড আক্ৰান্ত বুলি চিনাক্ত হোৱা ব্যাক্তিৰ মাজৰ এজন আছিল ইউনিয়ন বেংকৰ কৰ্মচাৰী। তাৰেই পৰিপ্ৰেক্ষিতত আজি স্বাস্থ্য বিভাগৰ এটা দল আহি বেংকটোৰ আটাইকেইগৰাকী কৰ্মচাৰীৰ ৰেপিড এন্টিজেন্ট টেষ্ট কৰে আৰু অন্তত পুনৰায় বেংকটোৰ এগৰাকী কৰ্মচাৰী ক’ভিড আক্ৰান্ত হোৱা বুলি পোৱা যায়।

প্ৰেৰকঃ অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী