নগাঁৱত আজি ২২৭ জন কভিডত আক্ৰান্তঃ এজনৰ মৃত্যু 

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ  নগাঁৱত উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে কভিড আক্ৰান্তৰ সংখ্যা। যাৰবাবে এতিয়া জিলাখনত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ আজিৰ দিনটোত জিলাখনত কভিডত ২২৭ জন লোক আক্ৰান্ত হৈছে ৷ আজিৰ দিনটোত ১৬৮৮ গৰাকী লোকৰ ৰেপিড এন্টিজেন্ট আৰু ৩১ জনৰ আৰ টি পি চি আৰ টেষ্ট কৰা হয় ৷ ইয়াৰ ভিতৰত ২২৪ জন ৰেপিড এন্টিজেন্ট টেষ্টত আৰু আৰ টি পি চি আৰ টেষ্টত ৩গৰাকী কভিডত আক্ৰান্ত হোৱাতো নিশ্চিত হয় ৷ ইপিনে যোৱানিশা কভিডত আক্ৰান্ত হৈ নগাঁও চহৰৰ ইছলামপট্ৰিৰ গুলেন সিং (৬৫) নামৰ লোক জন কভিডত আক্ৰান্ত হৈ মৃত্যু হয় ৷ কভিডত আক্ৰান্ত এই লোক জনক যোৱানিশা নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসাললৈ আনে যদিওঁ চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷ অৱশ্যে লোক জন টেষ্টত কভিডত আক্ৰান্ত হোৱাতো নিশ্চিত হয়।