সদৌ অসম জুনিয়ৰ টেনিছ চেম্পিয়নশ্বিপ

নিয়মীয়া বাৰ্তা, ৬ডিচেম্বৰ:  আজিৰে পৰা দুলীয়াজান জালনী ক্লাৱ টেনিছ কৰ্টত অনুষ্ঠিত হৈছে অইল সদৌ অসম জুনিয়ৰ টেনিছ চেম্পিয়নশ্বিপ-২০২২-২৩ প্ৰতিযোগিতা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা প্ৰায় ১২০ গৰাকী খেলুৱৈয়ে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে । এইবাৰ সদৌ অসম জুনিয়ৰ টেনিছ চেম্পিয়নশ্বিপ-২০২২-২৩ প্ৰতিযোগিতাত ৰাজ্যৰ ১৪ বছৰৰ অনুৰ্ধৰ এক নম্বৰ ৰেংকিং (ল’ৰা) খেলুৱৈ পাৰ্থিৱ কলিতা আৰু (ছোৱালী)আদ্ৰিকা ৰাজকুমাৰী, ১৮ বছৰৰ অনুৰ্ধৰ এক নম্বৰ ৰেংকিং (ল’ৰা) খেলুৱৈ মনন নাথ আৰু (ছোৱালী) অঞ্চিতা শুক্লা আৰু ১২ বছৰৰ অনুৰ্ধৰ এক নম্বৰ ৰেংকিং (ল’ৰা) খেলুৱৈ চান্দজ্ঞ পাঠকে অংশগ্ৰহণ কৰিছে। পুৱা ১০ বজাত খেলখনি উদ্বোধন কৰে অইল ইণ্ডিয়া লিমিটেডৰ ভাৰপ্ৰাপ্ত মুখ্য আৱাসিক বিষয়া অতীন্দ্ৰ ৰয়চৌধুৰীয়ে। উদ্বোধনী অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন ৰাষ্ট্ৰীয় টেনিছ খেলুৱৈ ধ্যানচান্দ বঁটা বিজয়ী নন্দন বাল (পুনে)।

আনহাতে সদৌ অসম টেনিছ এচছিয়েচনৰ সভাপতি ৰক্তিম শইকীয়া, সাধাৰণ সম্পাদক অংকুশ দত্ত, যুটীয়া সম্পাদক ৰামানুজ দত্ত, প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ ড° অনুপ কুমাৰ মিশ্ৰ, সদস্য সচিব ড° শান্তনু দত্ত আৰু ৱাটাৰ এণ্ড ৱেষ্ট মেনেজমেণ্ট বিশেষজ্ঞ ভেংকট আৰ পুৰ্নম অতিথি হিচাপে উপস্থিত থাকে। উদ্বোধনী অনুষ্ঠানত জিতু জুম্বা ডাঞ্চ আৰু ৰূপা ডাঞ্চ ষ্টুডিঅ’ৰ নৃত্যদলে নৃত্য পৰিবেশন কৰে আৰু কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ এনচিচি দলে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে। অনুষ্ঠানটোত উদ্যোক্তা সমিতিৰ সভাপতি দিপুঞ্জয় দৌলাগাফুৱে আদৰণি ভাষণ প্ৰদান কৰা লগতে সাধাৰণ সম্পাদক লুকৰাক নিলিংয়ে শলাগৰ শৰাই জ্ঞাপন কৰে ।

কৃষ্ণা গগৈ