তিৱা পৰিষদৰ নিৰ্বাচনী প্ৰচাৰত তিৱা নৃত্য-গীতেৰে আঙুৰলতা ডেকাৰ ব্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰ

নিয়মীয়া বাৰ্ত ১১ ডিচেম্বৰঃ আগন্তুক ১৭ ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হ’বলগীয়া তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ১৮ নং চাবুকধৰা চাৰিপুনিয়া সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ পুত্ৰ মদন দেউৰীৰ হৈ আজি সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ চলাই    বিধায়িকা আঙুৰলতা ডেকাই।

উল্লেখ্য সম্পূৰ্ণ তিৱা জনগোষ্ঠীৰ সাজ পোছাক পৰিধান কৰি অহা বিধায়িকা আঙুৰলতা ডেকাই তিৱা নৃত্য গীত পৰিবেশন কৰি ৰাইজক মোহিত কৰে। বিধায়িকাগৰাকীয়ে কৈ যে চাৰিওফালে কেৱল পদুম ফুলিব। গতিকে তিৱা পৰিষদ বিজেপিৰ দখললৈ আহিব।

আনহাতে আজি মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ভুমুৰাগুৰি সমষ্টিত প্ৰচাৰ চলাই কয় যে এইবাৰ নিৰ্বাচনত বিজেপি দলে ৩২ খন আসন লাভ কৰি পৰিসদ দখল কৰিব। উল্লেখ্য পৰিষদ নিৰ্বাচনৰ বাবে শাসক দল বিজেপিয়ে ব্যাপক প্ৰচাৰ চলোৱা দেখা গৈছে।