আন্দোলনৰ হুংকাৰ ৰঙিয়াৰ এপ’ল মিলৰ কর্মচাৰীৰ

নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ ৰঙিয়াৰ তুলসীবাৰীস্থিত এপ’ল মিলৰ কর্মচাৰীসকলে যোৱা বাজেট অধিৱেশনত অনুমোদন লোৱাৰ পিছতো ভিআৰএছৰ ধন মোকলাই নিদিয়াত ক্ষোভ প্রকাশ কৰে৷ মিল চৌহদত আজি এপ’ল শ্রমিক সন্থাই এখন সংবাদ মেলৰ আয়োজন কৰি এদিনৰ ভিতৰত ভিআৰএছ ধন মোকলাই দিয়াৰ বাবে যাৱতীয় ব্যৱস্থা কৰিবলৈ দাবী জনায়৷ অন্যথা তীব্র গণতান্ত্রিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে৷ উল্লেখ্য যে যোৱা ২৮ ডিচেম্বৰত অনুষ্ঠিত বাজেট অধিবেশনত এপ’ল কর্মচাৰীসকলক ১৫ কোটি টকাৰ ভিআৰএছৰ ধন ৪৫ শতাংশ মোকলাই দিয়াৰ সিদ্ধান্ত লৈছিল৷ কিন্তু প্রায় দুমাহ পিছতো ভিআৰএছৰ উক্ত ধন মোকলাই দিয়াৰ বাবে বিভাগীয়ভাৱে কোনো আগবঢ়া নাই বুলি সন্থাৰ সাধাৰণ সম্পাদক দুর্গাৰাম হালৈয়ে সংবাদ মেলখনত দোহাৰে৷ বিশেষকৈ সমবায় বিভাগৰ ভূমিকাৰ বিষয়ে প্রকাশ কৰে৷ ভিআৰএছৰ ধন মোকলাই দিয়াৰ বাবে চৰকাৰক এদিনৰ সময়সীমা বান্ধি দিয়ে৷ অন্যথা তীব্র আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সন্থাই৷