নিয়মীয়া বাৰ্তাৰ ফটো সাংবাদিক জগদীশ ভৰালীৰ আন্তঃৰাষ্ট্ৰীয় যোগাসনত কৃতিত্ব

নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰ: হাৰিয়ানাৰ কৰ্ণালৰ হোটেল প্ৰেম প্লাজাত অনুষ্ঠিত তৃতীয় আন্তঃৰাষ্ট্ৰীয় যোগাসন ক্ৰীড়া চেম্পিয়নশ্বিপত ২০২২ বৰ্ষৰ বাবে ডিব্ৰুগড়ৰ নিয়মীয়া বাৰ্তাৰ ফটো সাংবাদিক জগদীশ ভৰালীয়ে সোণৰ পদক লাভ কৰি ডিব্ৰুগড়ৰ লগতে নিয়মীয়া বাতা কাকত গোষ্ঠীলৈ গৌৰৱ কৰিয়াই আনিবলৈ সক্ষম হৈছে।ভৰালীয়ে ৪০-৫০ বছৰৰ ভেটাৰ্ণ গ্ৰুপ গ্ৰুপত অংশগ্ৰহণ কৰিছিল।যোৱা ১৪ নৱেম্বৰৰ পৰা ১৬ নৱেম্বৰলৈ অনুষ্ঠিত হোৱা চেম্পিয়নশ্বিপত সোণৰ পদকৰে বিজয়ী হিচাপে ভৰালীক সন্মানিত কৰা হয়।উক্ত চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰি জগদীশ ভৰালীয়ে স্বৰ্ণ পদক লাভ কৰে।আজিলৈ ভৰালীয়ে ৬ বাৰকৈ আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত যোগদান কৰাৰ লগতে ইয়াৰ পূৰ্বে বাংলাদেশত অনুষ্ঠিত এছিয়ান যোগাসন ক্ৰীড়া চেম্পিয়নশ্বিপতো ব্ৰঞ্জৰ পদক লাভ কৰিছে।আনহাতেদি ২০১৬ চনৰ পৰা জিলা,ৰাজ্যিক,উত্তৰ-পূব ভাৰত,এছিয়া আৰু আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ ২০২২ত যোগদানেৰে এক গৌৰবউজ্জল অধ্যায়ৰ সূচনা কৰিছে।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।