কৰোনাতংকঃ দক্ষিণ কামৰূপৰ ঐতিহ্যমণ্ডিত চণ্ডিকা দেৱালয়ত ভক্ত দৰ্শনাৰ্থীৰ সেৰেঙা উপস্থিতি

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ  পুৰাণ প্ৰসিদ্ধ চণ্ডিকা দেৱালয়ত অতীজৰ পৰম্পৰা অনুসৰি উদযাপিত হৈছে দুৰ্গা পূজা । বিগত বৰ্ষ বোৰত অষ্টমীৰ দিনটোত ভক্তপ্ৰাণ ৰাইজে বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি কৰে যদিও অষ্টমীৰ দিনটোত দেখা গল সেৰেঙা পৰিৱেশ । ক’ৰোণা আতংক আৰু বৰ্ষা বিঘ্নিত পৰিৱেশৰ বাবে এই সেৰেঙা পৰিৱেশ । তাৰ মাজতো পৰম্পৰা আৰু ধৰ্মীয় নীতি নিয়মৰ মাজেৰে উদ্যোক্তা সকলে উদযাপন কৰিলে এই দুৰ্গা পূজা ।

পৰম্পৰা ৰক্ষা কৰি ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে অষ্টমীৰ পুৱাই উপস্থিত হ’ল চণ্ডিকা দেৱালয়ত । দেৱী দুৰ্গাৰ আশিষ লৈ বিধায়ক ৰেকিবুদ্দিন আহমেদে দেৱালয়খনত সৌন্দৰ্য বৰ্ধনৰ বাবে ১০ কোটি টকীয়া আচনি হাতত লোৱা বুলি জানিবলৈ দি পূজাৰ পিছতে কাম আৰম্ভ হব বুলিও মন্তব্য কৰে । আনহাতে, বলী বিধানৰ সকলো ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি প্ৰশাসনে বান্ধি দিয়া নিয়মৰ মাজেৰে এই দুৰ্গা পূজা উদযাপিত হোৱা বুলি মন্তব্য কৰে উদ্যোক্তা সকলে ।