মৰিগাঁৱত জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ গণ-স্বাক্ষৰ ও সজাগতা সভা

নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ দেওবাৰে মৰিগাঁও জিলা জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু মৰিগাঁও জিলা প্ৰাদেশিকৃত বিদ্যালয় অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সংস্থা আৰু ভূৰবন্ধা আঞ্চলিক প্ৰাদেশিকৃত বিদ্যালয় অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সংস্থাৰ সহযোগত গণ-স্বাক্ষৰ ও সজাগতা অভিযান অভিজানৰ সভা অনুস্থিত হয়।মৰিগাঁও জিলা অৱসৰ প্ৰাপ্ত অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ সভাপতি ঘনকান্ত বৰা সভাপতিত্বত আৰম্ভ কৰা সজাগতা অভিযানৰ সভাখন আত ধৰে মৰিগাঁও জিলা জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ অধ্যক্ষ পুলিন কাকতিয়ে।উক্ত সভাত উপষ্ঠিত থাকে জিলা অৱসৰ প্ৰাপ্ত শিক্ষক কৰ্মচাৰী সংস্থা সভাপতি ঘনকান্ত বৰা লগতে উপ সভাপতি ক্ৰমে উপেন চন্দ্ৰ নাথ,দিলীপ বৰকটকী,সাধাৰণ সম্পাদক মহেন্দ্ৰ শইকীয়া,সম্পাদকদ্বয় ক্ৰমে ৰমেশ চন্দ্ৰ বৰা,বিষ্ণুৰাম বিশ্বাস,ভূৰবন্ধা আঞ্চলিক অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সংস্থা সভাপতি বিলাহ কাকতি,সম্পাদক হিতেশ বৰা,আদৰণী সমিতিৰ সভাপতি কুশেশ্বৰ দলৈ সম্পাদক মিনেশ্বৰ বৰদলৈ,পূৰ্ণ ভাগৱতী সহ প্ৰায় শতাধীক লোক।উক্ত সভাত জনসংখ্যা সমাধানৰ ওপৰত জিলা অধ্যক্ষ পুলিন কাকতি লগতে অৱসৰ প্ৰাপ্ত শিক্ষক ক্ৰমে ঘনকান্ত বৰা,মহেন্দ্ৰ শইকীয়া,নুৰ মহম্মদ,চফিকুল হক আদি কৰি বহুতো ব্যক্তিয়ে বক্তব্য ৰাখে।উক্ত ব্যক্তি কেইগৰাকীয়ে বক্তব্য প্ৰদান কৰা লগতে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ অনাগত দিনৰ সকলো কাৰ্যক্ৰমত সহায় সহযোগ কৰা প্ৰতিশ্ৰুতি প্ৰদান কৰা লগতে তাত উপষ্ঠিত থকা সকলো লোকে অনাগত দিনত জনসংখ্য সমাধান ফাউণ্ডেশ্যনৰ এজন কৰ্মকৰ্তা হিছাপে কাম কৰা সিদ্ধান্ত গ্ৰহণ কৰে।

আনফালে উক্ত দিনাই মৰিগাঁও জিলা জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু লাহৰিঘাট সমষ্টি সমিতি সহযোগত গেৰুৱাটো এক সপ্তাহিক মিলন কাৰ্যক্ৰমৰ অনুষ্ঠান আয়োজন কৰা হয়। উক্ত অনুষ্ঠান আজি দিনৰ ১.৩০ বজাত লাহৰিঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত গেৰুৱা কবিৰাম বড়ো ছিনিয়ৰ চেকেণ্ডেৰী বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুস্থিত হয়। মা-ভাৰতীৰ ফটোত পুষ্প অৰ্পণ কৰি কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। বিদ্যালয়খনৰ অধ্যক্ষকে প্ৰমূখে কৰি বহুকেইজন গণ্য-মাণ্য ব্যক্তিয়ে নিজৰ মতামত ব্যক্ত কৰে আৰু জনসংখ্যা সমাধান আইনৰ সপক্ষে স্বাক্ষৰ প্ৰদান কৰে।এই অনুষ্ঠানতে লাহৰিঘাট বিধানসভা সমষ্টিৰ সমিতিৰ বাবে অৱসৰপ্ৰাপ্ত সেনা বিষয়া শ্ৰীযুত নগেন চন্দ্ৰ বড়ো দেৱক অধ্যক্ষ, শ্ৰীযুত বুদ্ধ কুমাৰ ডেকা আৰু শ্ৰীযুত বিদ্যা কোঁৱৰ দেৱক উপাধ্যক্ষ দায়িত্ব অৰ্পণ কৰা হয়। লগতে লাহৰিঘাট নৱগঠিত সমিতিয়ে অহা এক সপ্তাহৰ ভিতৰত এখন সভা আয়োজন কৰি এই সমিতি খন এখন সম্পুন্য কৰি গঠন কৰিব বুলি মন্তব্য কৰে।