টিকটক লৈ সংঘাত হ’ব অগপ–বিজেপিৰঃ পবিন্দ্র ডেকা

নিয়মীয়া বার্তা, ২২ ফেব্রুৱাৰীঃ আঞ্চলিকতাবাদী ৰাজনীতিৰ অন্যতম দুর্গ হিচাপে পৰিচিত পাটাছাৰকুছি সমষ্টি এইবাৰ নৱগঠিত ৰাজনৈতিক দল অসম জাতীয় পৰিষদে দখল কৰিব৷ এই দাবী পাটাছাৰকুছি সমষ্টিৰ প্রাক্তন বিধায়ক পবিন্দ্র ডেকাৰ৷  পাঠশালাৰ আজাদ ভৱনত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ এখন সাংগঠনিক সভাত দলটোৰ কার্যকৰী সভাপতি পবিন্দ্র ডেকাই আগন্তুক বিধানসভা নির্বাচন সন্দর্ভত দলীয় কর্মীৰ সৈতে মত বিনিময় কৰে৷ পাছত সাংবাদিকৰ আগত ডেকাই কয় যে আগন্তুক নির্বাচনত পাটাছাৰকুছি সমষ্টি অসম জাতীয় পৰিষদে দখল কৰাটো এশ শতাংশই নিশ্চিত৷

অগপৰ প্রাক্তন বিধায়ক ডেকাই অগপ–বিজেপিৰ মিত্রতা সন্দর্ভত বিস্ফোৰক মন্তব্য আগবঢ়াই কয় যে বিধানসভা নির্বাচনত আসনৰ বুজাবুজিক লৈ অগপ–বিজেপিৰ মাজত ভয়ানক সংঘাতৰ সৃষ্টি হ’ব, যাৰ ফলত এই মিত্রতা ভংগ হ’ব৷ অগপই যিসমূহ সমষ্টিত জয়লাভৰ সম্ভাৱনা দেখা পাইছে সেইবোৰ সমষ্টিত চকু পৰিছে বিজেপিৰ৷ তেওঁ লগতে কয় যে পাটাছাৰকুছি সমষ্টিটো বিজেপি দলে ল’ব বুলি জানি তেওঁ অগপ দল ত্যাগ কৰা নাই৷ ‘কা’ৰ বিৰোধিতা কৰাৰ বাবে তেওঁক অগপই এঘৰীয়া কৰিছিল আৰু বিধানসভাত বক্তব্য ৰখাৰ সুযোগ দিয়া নাছিল বাবেহে তেওঁ অগপ ত্যাগ কৰিবলৈ বাধ্য হৈছিল৷