বজালীত ইন্দিৰা মিৰি বিধৱা পেন্সন আঁচনিৰ সাহায্যৰ অনুমোদন পত্ৰ প্ৰদান

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ আজি ৰাজ্যৰ অইন জিলাসমূহৰ লগতে বজালী জিলাতো ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ অধীনত এককালীন আৰ্থিক সাহায্যৰ অনুমোদন পত্ৰ প্ৰদান কৰা হয়।শোণিতপুৰ জিলাৰ তেজপুৰ কলেজিয়েট খেলপথাৰত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ অধীনত এককালীন আৰ্থিক সাহায্য প্ৰদানৰ শুভাৰম্ভণি কৰাৰ পিছত বজালী জিলাত এই আঁচনিৰ অধীনত ১৮ৰ পৰা ৪৫ বছৰ বয়সৰ ভিতৰত মুঠ ১২১ গৰাকী হিতাধিকাৰীৰ মাজত এককালীন আৰ্থিক সাহাৰ্য্যৰ চেক বিতৰণ কৰা হয়৷ পাঠশালাৰ চৌখুটিস্থিত বজালীৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত ইন্দিৰা মিৰি সাৰ্ব্বজনীন বিধবা পেঞ্চন আঁচনিৰ সাহায্যৰ অনুমোদন পত্ৰসমূহ প্ৰদান কৰে ভবানীপুৰ সমষ্টিৰ বিধায়ক ফনিধৰ তালুকদাৰ আৰু বজালী জিলা উপায়ুক্ত কাবেৰী বি. শৰ্মাই৷ উল্লেখ্য যে বিধৱাসকলক প্ৰদান কৰা ধন ২৫ হাজাৰকৈ পোনে পোনে তেওঁলোকৰ নিজ নিজ বেঙ্ক একাউণ্টত জমা হব৷ একেটা অনুষ্ঠানতে শেহতীয়া বানত জিলাখনত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোৱা ২০ গৰাকী হিতাধিকাৰীক চিএম ৰিলিফ ফাণ্ডৰ পৰা প্ৰত্যেককে এক লাখ টকাৰ চেক প্ৰদান কৰা হয়৷ আদিৰ অনুষ্ঠানত বজালী খণ্ড উন্নয়ন বিষয়া চন্দন বেজবৰুৱা, দণ্ডাধীশ মিথিংগা দৈমাৰী, জিলা পৰিষদৰ অধ্যক্ষ ৰঞ্জিৎ শালৈ, বিজেপিৰ বজালী জিলা সভাপতি নগেন চৌধুৰী সমন্বিতে উচ্ছ পদস্থ বিষয়া ও কৰ্মচাৰী সকল উপস্থিত থাকে৷
প্ৰেৰকঃ কল্যাণ কলিতা

Featured