উত্তৰ গুৱাহাটীত সাতদিনীয়া স্পোকেন সংস্কৃত কৰ্মশালা

নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰঃ সংস্কৃত ভাৰতী উত্তৰ-পূৰ্বাঞ্চল আৰু সংস্কৃত পাঠশালা, কামাখ্যা দেৱালয়ৰ দ্বৈত উদ্যোগত তথা শংকৰদেৱ শিশু নিকেতন, উত্তৰ গুৱাহাটীৰ সহযোগত যোৱা ২১ নৱেম্বৰৰ পৰা শংকৰদেৱ শিশু নিকেতন, উত্তৰ গুৱাহাটীত এক সাতদিনীয়া সংস্কৃত সম্ভাষণ বৰ্গ অনুষ্ঠিত হৈ আছে।

উদ্ধোধনী অনুষ্ঠানত নিকেতনৰ প্ৰধান আচাৰ্য উৎপল তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত নিকেতনৰ অধিকাংশ ছাত্ৰ ছাত্ৰী আৰু আচাৰ্য-আচাৰ্যা উপস্থিত থকাৰ লগতে অভিভাৱক পৰিচালনা সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে অংশগ্ৰহণ কৰে।সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক, কবি সংগীতা শৰ্মা।

উপপ্ৰধান আচাৰ্য জগদীশ শৰ্মাই আঁত ধৰা বৰ্গত উদ্দেশ্য তথা সাম্প্ৰতিক কালত ছাত্ৰ-ছাত্ৰী বা সাধাৰণ জনসাধাৰণৰ জীৱন যাত্ৰাত সংস্কৃতৰ প্ৰয়োজনীয়তা সম্পৰ্কে বিস্তৃত ভাষণ দিয়ে বৰ্গ শিক্ষক তথা সংস্কৃত ভাৰতী, উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰচাৰপ্ৰমুখ নয়নজ্যোতি শৰ্মাই। সৰ্বাংগসুন্দৰ উক্ত আৰম্ভণি অনুষ্ঠানৰ শেষত নিকেতনৰ ফালৰ পৰা এক প্ৰীতি ভোজনৰো ব্যৱস্থা কৰা হয়।

স্পোকেন সংস্কৃত বৰ্গত নিকেতনৰ ছাত্ৰ-ছাত্ৰী, আচাৰ্য-আচাৰ্যাৰ লগতে একাংশ স্থানীয় ৰাইজে বহুত আনন্দ তথা আগ্ৰহেৰে সংস্কৃত ভাষা কৌশল গ্ৰহণ কৰা দেখা গৈছে।