ঘৰত জমা থোৱা তেলৰ পৰা লাগিল জুই, ৰহাৰ মণিপুৰটোপত ভয়ংকৰ অগ্নিকাণ্ড

নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিলঃ নগাঁও জিলাৰ ৰহা আৰক্ষী থানাৰ অন্তৰ্গত মনিপুৰটোপ কুঁহিমাৰীত আজি বিয়লি সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত এটা বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। প্ৰাপ্ত খবৰ মতে মনিপুৰটোপৰ ব্যৱসায়ী চফিকুল ইছলামৰ বাসগৃত আজি বিয়লি হঠাত অগ্নিকাণ্ডৰ সংঘটিত হৈ নিমিষতে সমগ্ৰ ঘৰটো জুয়ে আগুৰি লয়।

এই জুয়ে ঘৰটোৰ চৌহদত থকা ধানৰ ভঁৰাল, শোৱনি কোঠা, ৰান্ধনীশাল আদি গোটেইবোৰতে লাগি দাউদাউকৈ জ্বলি উঠে। স্থানীয় একাংশ লোকৰ অভিযোগ মতে ঘৰটোৰ ভিতৰত ডিজেল , কেৰচিন তেলৰ বহুসংখ্যক বেৰেল মজুত আছিল।

তদুপৰি বাসগৃহটোত আছিল তামোলৰ চুপাৰি সিজোৱা চৌকা। স্থানীয় লোকৰ সন্দেহ অনুসৰি উক্ত মজুত থকা তেলৰ পৰাই কিবা কাৰণত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটি এইদৰে বৃহত অগ্নিকাণ্ড সংঘটিত হয়। অন্যএক সূত্ৰৰ পৰা জানিব পৰা মতে পাকঘৰৰ পাছফালেদিও তেলৰ ড্ৰাম মজুত থকাত  উক্ত জুয়ে ভয়াৱহ ৰূপ ধাৰণ কৰি নিমিষতে ভস্মীভূত কৰে বাসগৃহটি। 

স্থানীয় লোকৰ ভাষ্য অনুসৰি প্ৰায় সাত কিলোমিটাৰ দূৰত্বৰ পৰাও উক্ত অগ্নিকাণ্ডৰ ক’লা ধোঁৱা প্ৰত্যক্ষ কৰিছিল। ইয়াৰ লগতে এই ভয়াৱহ অগ্নিকাণ্ড প্ৰত্যক্ষ কৰি নিকটৱৰ্তী স্থানীয় বহুলোকে টালি-টোপোলা বান্ধি ঘৰৰ পৰা মুকলি ঠাইলৈ পলায়ন কৰে।

অগ্নিকাণ্ডৰ খবৰ লাভ কৰি ৰহা আৰক্ষীৰ লগতে ৰহা আৰু মৰিগাঁৱৰ তিনিখনকৈ অগ্নিনিবাৰ্পক বাহিনীৰ বাহন উপস্থিত হৈ জুই নিবাৰ্পিত কৰে যদিও সকলোবোৰ জুইত জাহ যায়। কিন্তু এই অগ্নিকাণ্ড সন্দৰ্ভত ব্যৱসায়ী চফিকুল ইছলামে সংবাদ মাধ্যমক জানিব দিয়া মতে ঘটনাৰ সময়ত তেও অন্যঠাইত আছিল আৰু ঘৰৰ পৰা ফোন কৰাতহে এই ঘটনা জানিব পাৰে।

ঘটনাটি তামোলৰ চৌকাৰ পৰা সংঘটিত হ’ব পাৰে বুলি সন্দেহ কৰিছে। তদুপৰি ব্যৱসায়ী ছফিকুলে অন্য লোকৰ জেচিবি, ট্ৰেক্টৰ আদি ভাড়ালৈ আনি মাটি খন্দাৰ কাম কৰে আৰু সেইবাবে কিছু পৰিমাণৰ তেল জমা ৰাখিছিল বুলি মন্তব্য কৰিছে। লগতে অগ্নিকাণ্ডত নগদ তিনি লাখ বিশ হাজাৰ টকাৰ লগতে বহু সামগ্ৰী জুইত জাহ যায় বুলি ছফিকুল ইছলামে জানিবলৈ দিছে।

কিন্তু কেনেকৈ এই অগ্নিকাণ্ড সংঘটিত হ’ল আৰক্ষীৰ তদন্ততহে প্ৰকৃত তথ্য পোহৰলৈ আহিব।