খটখটীত চাৰি কুইন্টল গাঞ্জাসহ ট্ৰাক জব্দ, দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ

মণিপুৰৰ পৰা বিহাৰলৈ গাঞ্জাৰ গোপন সৰবৰাহ
নিয়মীয়া বাৰ্তা,  ২০ নৱেম্বৰঃ কাৰ্বি আংলং জিলাৰ মাজেৰে অপৰাধী চক্ৰই‌ ব্যাপক হাৰত নিচাযুক্ত সামগ্ৰীৰ অবৈধ সৰবৰাহৰ প্ৰক্ৰিয়া অব্যাহত ৰখাৰ সময়তে আজি নিচেই পুৱা অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটীত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ ভাংসহ এখন ট্ৰাক জব্দ কৰাৰ লগতে দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি এক গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত আজি নিচেই পুৱা খটখটী থানাৰ আৰক্ষী আৰু চি আৰ পি এফৰ এক যুটীয়া বাহিনীয়ে ভাৰতীয় ষ্টেট বেংকৰ খটখটী শাখাৰ সন্মুখত এক তালাচী অভিযান চলায়। উক্ত অভিযানত ইউ পি-১৪-এ টি-৭৮৫১ নম্বৰৰ ট্ৰাকখনত তালাচী চলাই চাৰি কুইন্টল গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। জব্দ হোৱা গাঞ্জাখিনি ট্ৰাকখনৰ বডীʼত এক গোপন চেম্বাৰ সাজি লুকুৱাই অনা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে। জব্দ হোৱা গাঞ্জাখিনিৰ বজাৰমূল্য কমেও প্ৰায় ৪০ লাখ টকা। এই সন্দৰ্ভত আৰক্ষীয়ে বিহাৰৰ আৰাহ ভোজপুৰ জিলাৰ ৰামায়ণ যাদৱ (৫২) আৰু ভোলা যাদৱ (৫৫) নামৰ দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। প্ৰাথমিক তদন্তত জব্দ হোৱা গাঞ্জাখিনি মণিপুৰৰ পৰা বিহাৰলৈ নি থকা হৈছিল বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত অধিক তথ্যৰ বাবে আৰক্ষীৰ তদন্ত অব্যাহত আছে।
## প্ৰাণদ্বীপ চেতিয়া 
Featured