৬৭ সংখ্যক বৰদলৈ ট্রফীঃ বিদ্যুৎ পৰিষদ, অইল ইণ্ডিয়াৰ বৃহৎ জয়লাভ

নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ স্প’টছ ক্লাব আৰু দুলীয়াজানৰ অইল ইণ্ডিয়া ফুটবল ক্লাবে ৬৭সংখ্যক ভাৰতৰত্ন লোকপ্রিয় গোপীনাথ বৰদলৈ ট্রফী ফুটবল প্রতিযোগিতাত বৃহৎ জয় সাব্যস্ত কৰিছে৷ গুৱাহাটীৰ জজ খেলপথাৰত আজি অনুষ্ঠিত এখন মেচত বিদ্যুৎ পৰিষদে ইলেভেন ষ্টাৰক ৪–০ গ’লত পৰাস্ত কৰিবলৈ সক্ষম হয়৷ বিজয়ী দলটোৰ হৈ মনজিৎ ৰাভাই ৫৬, ৫৮, ৬০ আৰু ৭০ মিনিটত চাৰিওটা গ’ল কৰে৷

ইফালে, মৰিগাঁৱত অনুষ্ঠিত প্রতিযোগিতাৰ আনখন মেচত অইল ইণ্ডিয়াই মৰিগাঁও এফ চিক ৫–০ গ’লত হৰুৱায়৷ অইলৰ হৈ ১৪ মিনিটত তুল্য দাস, ১৬ মিনিটত মিণ্টু বড়ো, ৩০ মিনিটত আক্রং নার্জাৰী, ৪৩ মিনিটত তুল্য দাসে গ’ল কৰাৰ বিপৰীতে ৫৮ মিনিটত জি বসুমতাৰীয়ে আত্মঘাতী গ’ল কৰে৷ কাইলৈ গুৱাহাটীত ইলেভেন ষ্টাৰ ক্লাব আৰু গুৱাহাটী টাউন ক্লাবৰ মাজত মেচ অনুষ্ঠিত হ’ব৷ একেদৰে মৰিগাঁৱত বডৌছা স্প’টছ ক্লাবে মৰিগাঁও এফ চিৰ মুখামুখি হ’ব৷