মহানগৰ - নিয়মীয়া বাৰ্তা

AI-ৰ ব্যৱহাৰ : গুৱাহাটীৰ দুই বিদ্যালয়ৰ ছাত্ৰৰ ভয়ংকৰ কাণ্ড
AI-ৰ দৰে উন্নত প্রযুক্তি ব্যৱহাৰ কৰি নৈতিকতাৰ চূড়ান্ত অধঃপতন ঘটিছে নেকি একাংশ ছাত্রৰ৷ হাতে হাতে থকা ম’বাইল, লেপটপত তথ্য প্রযুক্তিৰ উন্নত আহিলাসমূহ ইণ্টাৰনেট ব্যৱহাৰেৰে নিজৰ গুণগত উন্নতিৰ বিপৰীতে অসৎ কর্মত ব্যৱহাৰ কৰি একাংশ ছাত্র মূল্যবোধ, নৈতিকতাহীনতাৰ কবলত পৰিছে নেকি– এনেবোৰ প্রশ্নই আজি ৰাজ্যৰ সামাজিক, শৈক্ষিক, বৌদ্ধিক জগতখনক জোকাৰি গৈছে৷

গুৱাহাটী মহানগৰীৰ দুখনকৈ অভিজাত শিক্ষানুষ্ঠানৰ কেইবাগৰাকী ছাত্রই তথ্য–প্রযুক্তিৰ উন্নত আৰু অতি সংবেদনশীল এআই প্রযুক্তি ব্যৱহাৰ কৰি নিজ বিদ্যালয়ৰে ছাত্রী তথা শিক্ষাগুৰু শিক্ষয়িত্রীৰ ছবি নগ্ন ৰূপত সমাজিক মাধ্যমত ভাইৰেল কৰি ইয়াৰ জৰিয়তে ধন ঘটাৰ আহিলা কৰা কার্যই ৰাজ্যত এক অশুভ কর্মৰ ইংগিত দিয়াই নহয়, এক ভয়াৱহ ভৱিষ্যতৰো ইংগিত দিছে৷

ইংগিত দিছে অভিজাত বিদ্যালয়ত অধ্যয়ন কৰিবলৈ নামভর্তি কৰা ছাত্রকেইজনৰ পৰিয়ালৰ সামাজিক, শৈক্ষিক সংস্কাৰৰ ফোঁপোলা স্বৰূপটোৰো৷ ঘটনাৰ তথ্য অনুসৰি মহানগৰীৰ দুখন অভিজাত বিদ্যালয় ক্রমে নাৰেংগীৰ ছেইণ্ট ফ্রেন্সিছ ডি চেলছ স্কুল আৰু মহানগৰীৰ ডিপিএছ স্কুলৰ কেইবাগৰাকী ছাত্রই সেই বিদ্যালয় দুখনৰে একাংশ ছাত্রীৰ ফটো AI প্রযুক্তিৰ জৰিয়তে নগ্ণ ৰূপত তৈয়াৰ কৰি সামাজিক মাধ্যমত প্রকাশ কৰে আৰু এই ঘটনাই ৰাজ্যজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰে৷

মহানগৰীৰ নাৰেংগীৰ ছেইণ্ট ফ্রান্সিছ দ্য চেলছ স্কুলৰ কেইবাজনো ছাত্রই বিদ্যালয়খনৰ ৬৪গৰাকী ছাত্রীৰ লগতে ১১গৰাকী শিক্ষয়িত্রীৰ ফটো AIৰ জৰিয়তে মর্ফ কৰি নগ্নৰূপত টেলিগ্রাম এপত মেলি দি ধন ঘটাৰ আহিলা হিচাপে গ্রহণ কৰাও পৰিলক্ষিত হয়৷

কেৱল টেলিগ্রাম এপতে নহয় ইনষ্টাগ্রাম আদি সামাজিক মাধ্যমযোগেও অভিযুক্ত ছাত্রকেইজনে এই মর্ফ কৰা ডীপফেক অশ্লীল ফটোসমূহ এৰি দিয়ে৷ এই ঘটনাৰ কথা বিদ্যালয় কর্তৃপক্ষই ১১ জুনৰ দিনা অৱগত হোৱাৰ পিছত বিষয়টোক লৈ অভিযুক্ত ছাত্রকেইজনৰ বিৰুদ্ধে বিহিত কার্যব্যৱস্থা গ্রহণ কৰে৷

‘জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যই কেতিয়াও কোৱা নাছিল তেওঁলোকৰ একাউণ্টত জুবিনৰ ধন থকা বুলি’  এই মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ

বিদ্যালয় কর্তৃপক্ষই অভিযুক্ত ছাত্রকেইজনক ইতিমধ্যে বিদ্যালয়খনৰ পৰা নিলম্বন কৰাৰ কথা ঘোষণা কৰিছে আৰু বিষয়টো চাইল্ড এবিউজ মনিট’ৰিং কমিটীলৈ তদন্তৰ বাবে প্রেৰণ কৰিছে৷

আনহাতে সমগ্র বিষয়টোক লৈ কর্তৃপক্ষই তদন্তৰ বাবে আৰক্ষীৰ অপৰাধ শাখাতো এক গোচৰ ৰুজু কৰিছে৷ নাৰেংগীৰ এছএফএছ বিদ্যালয়ৰ দৰেই অনুৰূপ ঘটনা গুৱাহাটীৰ ডিপিএছ বিদ্যালয়তো সংঘটিত হোৱাৰ অভিযোগ উঠিছে৷

বিদ্যালয়খনৰ নৱম শ্রেণীত অধ্যয়নৰত এজন ছাত্রই বিদ্যালয়ৰ ৫০গৰাকী ছাত্রীৰ অশ্লীল ফটো এআইৰ জৰিয়তে ডীপফেক কৰি প্রস্তুত কৰি সামাজিক মাধ্যমত ভাইৰেল কৰাৰ অভিযোগ পোহৰলৈ আহিছে৷

কাজেই কেইগৰাকীমান স্কুলীয়া ছাত্রই AIৰ জৰিয়তে বিদ্যালয়ৰে ছাত্রী শিক্ষয়িত্রীৰ ফটো দীপফেক কৰি ভাইৰেল কৰা বিষয়টোৱে ৰাজ্যবাসীক হতচকিত কৰি তুলিছে৷

২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ সময়সূচী প্ৰকাশ!

ডিজিটেল ডেস্ক, ১৩ জুন

The post AI-ৰ ব্যৱহাৰ : গুৱাহাটীৰ দুই বিদ্যালয়ৰ ছাত্ৰৰ ভয়ংকৰ কাণ্ড first appeared on নিয়মীয়া বাৰ্তা.

অনাৰেব’ল মেনচন সন্মান লাভ পাৰ্থসাৰথি মহন্তৰ CHYIMI-ৰ
ভাৰতীয় এনিমেছন ছবি জগতলৈ ইতিপূৰ্বে গৌৰৱ কঢ়িওৱা ড° পাৰ্থসাৰথি মহন্তৰ কাহিনী আৰু পৰিচালনাত নিৰ্মিত এনিমেটেড চুটি ছবি ‘ছিমি’এ সন্মানজনক ‘এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ’ত শ্ৰেষ্ঠ চুটি ছবি শাখাত ‘অনাৰেব’ল মেনশ্যন’ (Honourable Mention) সন্মান লাভ কৰি আন এক খ্যাতি অৰ্জন কৰিছে।

এই সন্মানে এনিমেটেড চুটি ছবি জগতত “ছিমি”ৰ গৌৰৱময় যাত্ৰাক অধিক শক্তিশালী কৰি তুলিছে। ইতিমধ্যে ছবিখনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট সমাদৰ লাভ কৰিছে। ইয়াৰ পূৰ্বে “ছিমি”এ জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা লাভ কৰাৰ লগতে নিউয়ৰ্ক শ্বৰ্ট এনিমেছন ফেষ্টিভেলতো শ্ৰেষ্ঠ চুটি ছবি হিচাপে সন্মানিত হৈছিল। এনিমেটেড চুটি ছবিখনৰ এই সফলতাই অসমৰ পৰা নিৰ্মিত এক ব্যতিক্ৰমী শিল্পকৰ্মক বিশ্বজুৰি বিশেষ স্বীকৃতি প্ৰদান কৰিছে।

“ছিমি” হৈছে এখন এনিমেটেড চুটি ছবি, য’ত কাহিনী উপস্থাপনৰ কৌশল, অনুভূতি আৰু শিল্পসুলভ কল্পনাৰ এক সন্মোহিনী সমন্বয় পৰিলক্ষিত হয়। ড° পাৰ্থসাৰথি মহন্তৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাত নিৰ্মিত ছবিখনে এনিমেছনক এক শক্তিশালী মাধ্যম হিচাপে প্ৰতিষ্ঠা কৰিছে । ইয়াৰ জৰিয়তে ভৌগোলিক আৰু সাংস্কৃতিক পৰিসীমা অতিক্ৰম কৰি গভীৰ মানৱীয় কাহিনী উপস্থাপন কৰিব পাৰি।

ছবিখনৰ প্ৰযোজনা কৰিছে মীনা মহন্ত আৰু ইন্দ্ৰাণী বৰুৱাই। তেওঁলোকৰ উৎসাহ, সহযোগিতা তথা সৃষ্টিশীল চিন্তাধাৰাৰ ফলশ্ৰুতিতে ‘ছিমি’ আন্তঃৰাষ্ট্ৰীয় মঞ্চত এখন সমাদৃত আৰু সফল চলচ্চিত্ৰ হিচাপে জিলিকি উঠিছে।

এই আন্তৰ্জাতিক স্বীকৃতি সন্দৰ্ভত ‘ছিমি’ৰ পৰিচালক ড° পাৰ্থসাৰথি মহন্তই দৰ্শক, বিচাৰক আৰু ছবিখনৰ সৈতে জড়িত কলা- কুশলী সকললৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে। তেওঁ কয় যে এনে সন্মানে এই প্ৰান্তটোত সৃষ্টি হোৱা অৰ্থপূৰ্ণ কাহিনীৰ প্ৰতি বিশ্বব্যাপী আগ্ৰহ আৰু সমাদৰ বৃদ্ধি পোৱাৰ দিশটো পুনৰ নিশ্চিত কৰিছে আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলক নতুন নতুন সৃষ্টিৰ অন্বেষণ কৰিবলৈ উৎসাহিত কৰিছে।

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱসমূহত “ছিমি”ৰ ধাৰাবাহিক সফলতা কেৱল ছবি নিৰ্মাতাৰ বাবেই নহয়, অসমৰ সৃষ্টিশীল সমাজখনৰ বাবেও গৌৰৱৰ বিষয়। ইয়াৰ জৰিয়তে আঞ্চলিক প্ৰতিভাই নিজৰ মৌলিকতা, সত্যতা আৰু শিল্পগুণৰ বলত বিশ্বমঞ্চত প্ৰতিযোগিতাত নামি সফলতা লাভ কৰাৰ অসীম সম্ভাৱনা প্ৰতিফলিত হৈছে।

ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু এতিয়া গ্ৰীচত লাভ কৰা সন্মানৰ ধাৰাবাহিকতাৰে “ছিমি”এ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱসমূহত নিজৰ অনুপ্ৰেৰণাদায়ক যাত্ৰা অব্যাহত ৰাখিছে আৰু লগত কঢ়িয়াই লৈ ফুৰিছে অসমৰ কণ্ঠস্বৰ, কল্পনাশক্তি আৰু কাহিনী এটাক প্ৰক্ষেপ কৰাৰ কৌশল ।

ছবিখনে পূৰ্বে লাভ কৰা সন্মানসমূহ হ’ল জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চুটি ছবি আৰু নিউয়ৰ্ক শ্বৰ্ট এনিমেছন ফেষ্টিভেলত শ্ৰেষ্ঠ চুটি ছবি।

ডিজিটেল ডেস্ক, ১২ জুন

The post অনাৰেব’ল মেনচন সন্মান লাভ পাৰ্থসাৰথি মহন্তৰ CHYIMI-ৰ first appeared on নিয়মীয়া বাৰ্তা.

গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা অতিৰিক্ত মুখ্য সচিবৰ
গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ অগ্ৰগতি পৰ্যালোচনাৰ উদ্দেশ্যে আজি অমিনগাঁৱৰ সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্য সচিব এল এছ চাংছনে সভাপতিত্ব কৰা সভাত ভূ-অভিলেখ আৰু জৰীপৰ সঞ্চালক কৈলাশ কাৰ্তিক এন উপস্থিত থাকে।

সভাত প্ৰকল্পটোৰ সৈতে জড়িত ভূমি-অধিগ্ৰহণ আৰু অন্যান্য গুৰুত্বপূৰ্ণ কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয়। কামৰূপ জিলাৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, দৰং জিলাৰ জিলা আয়ুক্ত আয়ুষী জৈন আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ প্ৰতিনিধিসকলে প্ৰকল্পটোৰ বৰ্তমানৰ অগ্ৰগতি আৰু সময়মতে ৰূপায়ণ নিশ্চিত কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে সভাক অৱগত কৰে।

সভাত ভাষণ প্ৰদান কৰি অতিৰিক্ত মুখ্য সচিব এল এছ চাংছনে চলি থকা কামসমূহ অধিক দ্ৰুতগতিত আগবঢ়াই নিয়াৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে, গুৱাহাটী ৰিং ৰোড প্ৰকল্প ৰাজ্যখনৰ এক অতি গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি উন্নয়নমূলক প্ৰকল্প আৰু ইয়াৰ সময়মতে সম্পূৰ্ণকৰণ নিশ্চিত কৰিবলৈ সংশ্লিষ্ট সকলো বিভাগ আৰু জিলা প্ৰশাসনৰ মাজত নিবিড় সমন্বয় অত্যন্ত প্ৰয়োজনীয়।

তেওঁ ৰূপায়ণৰ সময়ত উদ্ভৱ হোৱা সমস্যাসমূহ তৎপৰতাৰে সমাধান কৰাৰ আহ্বান জনোৱাৰ লগতে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৰা সকলোধৰণৰ প্ৰয়োজনীয় সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে।

লগতে, অমীমাংসিত বিষয়সমূহৰ দ্ৰুত নিষ্পত্তিৰ বাবে প্ৰয়োজন অনুসৰি সংশ্লিষ্ট প্ৰস্তাৱসমূহ শীঘ্ৰে দাখিল কৰিবলৈ বিষয়ববীয়াসকলক নিৰ্দেশ দিয়ে।সভাত প্ৰকল্পটোৰ সৈতে জড়িত বিভিন্ন প্ৰশাসনিক আৰু কাৰ্যপদ্ধতিগত বিষয়সমূহো আলোচনা কৰা হয়।

কামৰ সুচাৰু আৰু বাধাহীন ৰূপায়ণ নিশ্চিত কৰাৰ লক্ষ্যৰে প্ৰক্ৰিয়া সৰলীকৰণ আৰু বিদ্যমান জটিলতাসমূহ দূৰ কৰাৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হয়।

আজিৰ সভাত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সচিব বিদ্যুৎ বিকাশ ভাগৱতী, কামৰূপ, দৰং আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্তসকল, সংশ্লিষ্ট জিলাসমূহৰ চক্ৰ বিষয়াসকল আৰু প্ৰকল্পটোৰ সৈতে জড়িত অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে।

নিয়মীয়া বাৰ্তা, চাংসাৰি, উত্তৰ গুৱাহাটী, ১২ জুন

The post গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা অতিৰিক্ত মুখ্য সচিবৰ first appeared on নিয়মীয়া বাৰ্তা.

গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনা : কলেজলৈ যোৱাৰ পথত গছ পৰি ছাত্ৰীৰ মৃত্যু
গুৱাহাটীৰ মালিগাঁৱৰ কালীপুৰ অঞ্চলত সংঘটিত এক হৃদয়বিদাৰক ঘটনাই সমগ্ৰ ৰাজ্যক শোকাহত কৰি তুলিছে। কলেজলৈ পৰীক্ষা দিবলৈ যোৱাৰ সময়তে চলন্ত স্কুটীৰ ওপৰত এজোপা বিশাল গছ ভাঙি পৰাত পাণ্ডু কলেজৰ এগৰাকী ছাত্ৰীৰ মৃত্যু হয়।

মৃত ছাত্ৰীগৰাকী হৈছে চৰাইদেউ জিলাৰ সোণাৰিৰ বাসিন্দা পৰীস্মিতা হাজৰিকা। ঘটনাটো সংঘটিত হোৱাৰ সময়ত পৰীস্মিতা সহপাঠী জ্যোতিৰ্ময় মোহনৰ সৈতে স্কুটীত উঠি কলেজলৈ গৈ আছিল।

জানিব পৰা মতে, পথৰ কাষত থকা এডাল পুৰণি আৰু বিশাল গছ বহুদিন ধৰি বিপজ্জনকভাৱে পথৰ ফালে হাওলি আছিল। হঠাতে গছজোপা ভাঙি চলন্ত স্কুটীৰ ওপৰত পৰাত পৰীস্মিতাৰ ঘটনাস্থলীতে মৃত্যু হয়।

আনহাতে, চলাই থকা পাণ্ডু কলেজৰেই ছাত্ৰ জ্যোতিৰ্ময় মোহন গুৰুতৰভাৱে আহত হয়। তৎক্ষণাত তেওঁক উদ্ধাৰ কৰি ওচৰৰ সঞ্জীৱনী হাস্পতাললৈ প্ৰেৰণ কৰা হয়, য’ত বৰ্তমান তেওঁৰ চিকিৎসা চলি আছে।

কলেজলৈ পৰীক্ষা দিবলৈ ওলাই অহা দুজন শিক্ষাৰ্থীৰ ওপৰত সংঘটিত এই দুৰ্ঘটনাই সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পেলোৱাৰ লগতে পথৰ কাষৰ বিপজ্জনক গছসমূহৰ প্ৰতি প্ৰশাসনৰ উদাসীনতাক লৈও বিভিন্ন মহলত প্ৰশ্ন উত্থাপন কৰিছে।

ডিজিটেল ডেস্ক, ১২ জুন

The post গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনা : কলেজলৈ যোৱাৰ পথত গছ পৰি ছাত্ৰীৰ মৃত্যু first appeared on নিয়মীয়া বাৰ্তা.

দিছপুৰত বিত্ত বিভাগৰ পৰ্যালোচনা বৈঠক জয়ন্ত মল্ল বৰুৱাৰ
বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি জনতা ভৱনত অনুষ্ঠিত বিত্ত বিভাগৰ এক পৰিচয়মূলক পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰে।

বৈঠকত বিভাগটোৰ জ্যেষ্ঠ বিষয়াসকলে মন্ত্ৰীগৰাকীক বিভাগৰ মুখ্য কাৰ্যকলাপ, চলি থকা বিভিন্ন পদক্ষেপ আৰু গুৰুত্বপূৰ্ণ দায়িত্বসমূহৰ বিষয়ে অৱগত কৰে। লগতে বিভাগটোৰ সামগ্ৰিক কাৰ্যপদ্ধতি সম্পৰ্কে এক বিস্তৃত পৰ্যালোচনাও আগবঢ়োৱা হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে বিভাগটোৰ সৈতে জড়িত বিভিন্ন বিষয় আৰু প্ৰত্যাহ্বানসমূহো পৰ্যালোচনা কৰে।

সুশাসন আৰু দক্ষ বিত্তীয় ব্যৱস্থাপনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি জয়ন্ত মল্ল বৰুৱাই কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দিশ-নিৰ্দেশনাত বিভাগটোৱে আগন্তুক দিনৰ বাবে এক সুস্পষ্ট ৰোডমেপ প্ৰস্তুত কৰাৰ দিশত কাম আগবঢ়াই নিব।

ডিজিটেল ডেস্ক, ১১ জুন

The post দিছপুৰত বিত্ত বিভাগৰ পৰ্যালোচনা বৈঠক জয়ন্ত মল্ল বৰুৱাৰ first appeared on নিয়মীয়া বাৰ্তা.

দুৰ্বৃত্তৰ আক্ৰমণত নিহত আৰক্ষী বিষয়া গিৰীন্দ্ৰ নাথ ডেকাৰ সোঁৱৰণী গ্ৰন্থ উন্মোচন
গুৱাহাটীৰ ভেটাপাৰাত যোৱা ১৫ মে’ত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈ চিকিৎসাধীন অৱস্থাত ২৪ মে’ৰ দিনা মৃত্যুক আকোঁৱালি লোৱা অসম আৰক্ষীৰ সদ্য অৱসৰী আৰক্ষী উপ-অধীক্ষক, অসম আন্দোলনৰ অগ্ৰণী কৰ্মী, টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন বিষয়ববীয়া, টিহু মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, এসময়ৰ সুদক্ষ ভলীবল খেলুৱৈ গিৰীন্দ্ৰ নাথ ডেকাৰ সোঁৱৰণী গ্ৰন্থ এখন আৰক্ষী বিষয়াগৰাকীৰ মহানগৰীৰ ভেটাপাৰাস্থিত বাসগৃহত অনুষ্ঠিত এক স্মৃতিচাৰণ সভাত উন্মোচন কৰা হয়।

গ্ৰন্থখন উন্মোচন কৰে অসম আৰক্ষীৰ মহাপৰিদৰ্শক অৰবিন্দ কলিতাই। এই উপলক্ষে অসম আৰক্ষী বিষয়া সন্থাৰ প্ৰাক্তন সভাপতি পবিত্ৰ কুমাৰ শৰ্মাৰ  সভাপতিত্বত অনুষ্ঠিত স্মৃতিচাৰণ সভাত গ্ৰন্থখনৰ উন্মোচক কলিতাই ভাষণ আগবঢ়াই  গিৰীন্দ্ৰ নাথ ডেকা এগৰাকী সৎ আৰু নিষ্ঠাবান আৰক্ষী বিষয়া আছিল বুলি ব্যক্ত কৰি প্ৰকাশিত গ্ৰন্থখনে মানুহ গৰাকীৰ কৰ্মৰাজিৰ কিছু হ’লেও প্ৰতিচ্ছবি দাঙি ধৰিব বুলি আশা প্ৰকাশ কৰে।

সভাখনত প্ৰয়াত ডেকাৰ আত্মীয় তথা গ্ৰন্থ সম্পাদনা সমিতিৰ সভাপতি জয়ন্ত কলিতা, অৱসৰী বেংক বিষয়া গণেশ চন্দ্ৰ বৰুৱা, গুৱাহাটী কমাৰ্চ কলেজৰ অৱসৰী অধ্যক্ষ ড° হোমেশ্বৰ কলিতা, ভাৰত দূৰ সঞ্চাৰ নিগমৰ অৱসৰী বিষয়া তথা ডেকাৰ সহপাঠী প্ৰমোদ কুমাৰ পাঠক, মোমায়েক হৰেণ কলিতা, অধ্যাপিকা নিজৰা দেৱী অধিকাৰী, গ্ৰন্থ সম্পাদনা সমিতিৰ সম্পাদক দিবাকৰ মেধি, ভাতৃ ডা° অৰুণ ডেকা আৰু দিবাকৰ কলিতাকে ধৰি ভালেকেইগৰাকী লোকে গিৰীন্দ্ৰ নাথ ডেকাৰ ব্যক্তিত্বৰ বিষয়ে বৰ্ণনা কৰাৰ লগতে ডেকাৰ আততায়ীৰ শাস্তিৰ পোষকতা কৰে।

ভাতৃ নৃপেন ডেকা আৰু বৌৱেক জয়শ্ৰী কলিতাই অনুষ্ঠানত কবিতা পাঠ কৰে। সভাৰ আৰম্ভণিতে প্ৰয়াত ডেকাৰ প্ৰতিচ্ছৱিৰ সন্মুখত  বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে ক্ৰমে ডাঙৰ বৌৱেক দীপালী ডেকা আৰু মামীয়েক ধনেশ্বৰী কলিতাই।

সভাৰ অন্তত সভাৰ সভাপতিয়ে গিৰীন্দ্ৰ নাথ ডেকাৰ সৈতে কটোৱা সময়ৰ স্মৃতি সুঁৱৰি তেওঁক এগৰাকী সুদক্ষ আৰক্ষী বিষয়া বুলি অভিহিত কৰে। এই সোঁৱৰণী গ্ৰন্থখনৰ মাজতে প্ৰয়াত ডেকাক বিচাৰি পোৱা যাব বুলিও তেওঁ উল্লেখ কৰে।

নিয়মীয়া বাৰ্তা, কৈঠালকুছি, ৯ জুন

The post দুৰ্বৃত্তৰ আক্ৰমণত নিহত আৰক্ষী বিষয়া গিৰীন্দ্ৰ নাথ ডেকাৰ সোঁৱৰণী গ্ৰন্থ উন্মোচন  first appeared on নিয়মীয়া বাৰ্তা.

৫ শিশুসহ ১২ ৰোগী GMCH-ত চিকিৎসাধীন
ৰাজ্যত পুনৰ বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ৷ ৰাজ্যখনৰ মৰিগাঁও, ডিমা হাছাও, গোলাঘাট, কার্বি আংলং আদি জিলাত ভয়াৱহ ৰূপত এনকেফেলাইটিছ ৰোগে গুৰুতৰ ৰূপ ধাৰণ কৰিছে৷

জিলাকেইখনত এনকেফেলাইটিছ ৰোগত আক্রান্ত ৰোগীসকলক ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰি চিকিৎসা প্রদান কৰা হৈছে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ দেৱজিৎ চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি চিকিৎসা মহাবিদ্যালয়খনৰ আইচিইউত এইপর্যন্ত ১২জন ৰোগী চিকিৎসাধীন হৈ আছে৷

ইয়াৰে ৫টা শিশু৷ আক্রান্তসকলৰ শিশুকেইটাক মেটাৰনেল চাইল্ড হাস্পতালত আইচিইউত চিকিৎসা কৰাৰ বিপৰীতে বাকীসকলক এনকেফেলাইটিছ ৰোগৰ বাবে সংৰক্ষিত আইচিইউত ৰাখি চিকিৎসা কৰা হৈছে৷

অধীক্ষক ডাঃ চৌধুৰীয়ে প্রকাশ কৰা মতে সৰহসংখ্যক ৰোগীয়েই মৰিগাঁও জিলাৰ৷ গোলাঘাট, ডিমা হাছাও তথা পাহাৰীয়া জিলাকেইখনৰ পৰাও অধিক ৰোগী চিকিৎসালয়ত ভর্তি হৈছে৷ আক্রান্ত শিশুকেইটাৰ সৰহসংখ্যক মৰিগাঁও আৰু গোলাঘাটৰ৷

এনকেফেলাইটিছ ৰোগৰ পৰা পৰিত্রাণ কেনেদৰে পাব পাৰি, সেই সন্দর্ভতো পৰামর্শ আগবঢ়ায় ডাঃ চৌধুৰীয়ে৷ জনসাধাৰণক আঁঠুৱাৰ ব্যৱহাৰ কৰিবলৈ, মহৰ জন্ম নহ’বৰ কাৰণে পানী জমা নাৰাখিবলৈকো আহ্বান জনায় বিশিষ্ট চিকিৎসক তথা অধীক্ষকগৰাকীয়ে৷

অধীক্ষকগৰাকীয়ে জনায় যে এনকেফেলাইটিছ ৰোগত আক্রান্ত হৈ ইতিমধ্যে এজন লোকৰ মৃত্যু ঘটিছে৷ তথ্য অনুসৰি চলিত গ্রীষ্মকালীন ঋতুত ৰাজ্যখনত ৫৭গৰাকীৰো অধিক লোক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্রান্ত হৈছে আৰু ইয়াৰে ১৩গৰাকী লোকৰ মৃত্যু ঘটিছে৷

ডিজিটেল ডেস্ক, ৯ জুন

The post ৫ শিশুসহ ১২ ৰোগী GMCH-ত চিকিৎসাধীন first appeared on নিয়মীয়া বাৰ্তা.

জুবিন হত্যাৰ ৪ অভিযুক্তৰ জামিন নাকচ
বহুচৰ্চিত জুবিন গাৰ্গ হত্যা গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ জামিন আবেদন নাকচ কৰিছে আদালতে। আদালতৰ এই সিদ্ধান্তৰ ফলত চাৰিওজন অভিযুক্ত বৰ্তমানো ন্যায়িক জিম্মাত থাকিব লাগিব।

জানিব পৰা মতে, গোচৰটোৰ গুৰুত্ব আৰু তদন্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি আদালতে এই পৰ্যায়ত জামিন প্ৰদান নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। শুনানিৰ সময়ত তদন্তকাৰী সংস্থাই জামিনৰ বিৰোধিতা কৰি বিভিন্ন যুক্তি দাঙি ধৰে।

ইফালে, আদালতৰ এই ৰায়ে গোচৰটোক লৈ পুনৰ ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে। অভিযুক্ত পক্ষই পৰৱৰ্তী সময়ত উচ্চ আদালতৰ কাষ চাপিব পাৰে বুলি আইনী মহলত আলোচনা চলিছে।

গোচৰটোৰ তদন্ত অব্যাহত থকাৰ মাজতে আদালতৰ এই সিদ্ধান্তক এক গুৰুত্বপূৰ্ণ বিকাশ হিচাপে গণ্য কৰা হৈছে।

ডিজিটেল ডেস্ক, ৮ জুন

The post জুবিন হত্যাৰ ৪ অভিযুক্তৰ জামিন নাকচ first appeared on নিয়মীয়া বাৰ্তা.

অম্বুবাচী মহাযোগক লৈ নীলাচলত বিশেষ বৈঠক
ডিজিটেল ডেস্ক, ৭ জুন : বহুপ্রতীক্ষিত কামাখ্যা কৰিড’ৰ নির্মাণ আৰু আগন্তুক অম্বুবাচী মহাযোগক লৈ নীলাচলৰ কামাখ্যা দেৱালয়ত কর্তৃপক্ষৰ সৈতে শনিবাৰে এক বিশেষ বৈঠকত মিলিত হয় মন্ত্রী জয়ন্ত মল্ল বৰুৱা৷ মন্ত্রীগৰাকীৰ পৌৰোহিত্যত অনুষ্ঠিত বৈঠকখনত বহুচর্চিত কামাখ্যা কৰিড’ৰৰ পৰিকল্পনাৰ অগ্রগতি তথা কৰিড’ৰটো নির্মাণৰ সময়ত প্রয়োজনীয় আন্তঃগাঁথনিকে ধৰি বিভিন্ন গুৰুত্বপূর্ণ বিষয়সমূহ আলোচনা কৰা হয়৷

বৈঠকৰ অন্তত মন্ত্রী জয়ন্ত মল্ল বৰুৱাই কয় যে মূলতঃ কামাখ্যা কৰিড’ৰ নির্মাণক লৈয়েই এই বৈঠক অনুষ্ঠিত হৈছে৷ এই পৰিকল্পনা আজিৰ নহয়, বহুদিন আগৰে পৰা আমি এই প্রকল্পক আগুৱাই নিছিলোঁ৷ কৰিড’ৰটো নির্মাণৰ আৰম্ভণিতে অঞ্চলটোৰ বিভিন্ন ব্যৱসায়িক প্রতিষ্ঠান তথা বাসভৱনক লৈ স্থানীয় লোকৰ বহু সমস্যা চলি আছিল৷ এই সমস্যাসমূহ সমাধানৰ বাবে আজি ৰাইজৰ সৈতে আলাপ–আলোচনা কৰিছোঁ৷

অহা ৮ জুনৰ পৰা ৰাইজৰ ওজৰ–আপত্তি সন্দর্ভত এক আলোচনা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰি মন্ত্রী বৰুৱাই কয় যে এসপ্তাহৰ ভিতৰত সকলো সমস্যাৰ সম্পূর্ণ সমাধান হ’ব বুলি আমি আশা প্রকাশ কৰিছোঁ৷ বিভিন্ন সময়ত সৃষ্টি হোৱা কেতবোৰ সমস্যাৰ বাবে নির্মাণত বাধাৰ সন্মুখীন হোৱা কামাখ্যা কৰিড’ৰ আগন্তুক দুবছৰৰ ভিতৰত সম্পূর্ণ হ’ব বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে মন্ত্রী বৰুৱাই৷

তেওঁ কয় যে কৰিড’ৰটো নির্মাণৰ বাবে সৃষ্টি হোৱা সমস্যাসমূহ আমি প্রায় সমাধানৰ দিশে লৈ আনিছোঁ৷ সকলো দিশ সূক্ষ্মভাৱে পৰীক্ষা–নিৰীক্ষা কৰাৰ পাছতে এই বৃহৎ প্রকল্পক চৰকাৰে আগুৱাই নিব৷ ইয়াৰ বাবেও সকলো প্রস্তুতি একপ্রকাৰ সম্পূর্ণ হোৱাৰ পথত বুলি উল্লেখ কৰি তেওঁ কয় যে কামাখ্যাধামলৈ অহা দর্শনার্থীয়ে যাতে কোনোধৰণৰ অসুবিধাত পৰিবলগীয়া নহয়, তেনেধৰণৰ ব্যৱস্থা গ্রহণ কৰিব বিচৰা বিষয়বোৰত ৰাইজে সন্মতি দিছে৷ ৰাইজৰ মতেই সকলোবোৰ কাম আমি আগুৱাই নিম৷

কথা প্রসংগত মন্ত্রী বৰুৱাই আগন্তুক ২২ জুনৰ পৰা কামাখ্যা দেৱালয়ত অনুষ্ঠিত হ’বলগীয়া অম্বুবাচী মহাযোগৰ প্রস্তুতি সন্দর্ভতো সংবাদ মাধ্যমক অৱগত কৰে৷ তেওঁ কয় যে আগন্তুক অম্বুবাচী মহাযোগ সুকলমে পৰিচালনা কৰিবলৈ সকলো ধৰণৰ প্রস্তুতি চৰকাৰে লৈছে৷ বিগত বর্ষসমূহত অম্বুবাচী মহাযোগৰ সময়ত ৰাজ্যত ভক্ত–দর্শনার্থীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে যদিও সাম্প্রতিক সময়ত ভক্ত–দর্শনার্থীৰ সংখ্যা বৃদ্ধিয়ে কিছু সমস্যাৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে বুলি তাৎপর্যপূর্ণ মন্তব্য আগবঢ়াইছে মন্ত্রী বৰুৱাই৷

তেওঁ কয় যে কামাখ্যা কৰিড’ৰ সম্পূর্ণ হৈ উঠাৰ পাছত ভক্তৰ সংখ্যা বৃদ্ধি পালেও কোনোধৰণৰ সমস্যাৰ সৃষ্টি নহয়৷ কিন্তু কৰিড’ৰটো সম্পূর্ণ হৈ নুঠালৈকে অসুবিধা কিছু হ’ব পাৰে৷ গতিকে এইবাৰ বার্ষিক পাৰম্পৰিক নিয়ম মতেহে অম্বুবাচী মহাযোগ পালন কৰা হ’ব বুলি তেওঁ লগতে কয়৷ অৱশ্যে ভক্ত–দর্শনার্থী অম্বুবাচী মহাযোগৰ সময়ত দেৱী কামাখ্যাৰ আশিস ল’বলৈ আনবাৰৰ দৰে এইবাৰো আহিব৷ তথাপি প্রয়োজনসাপেক্ষেহে চৰকাৰে ব্যৱস্থাসমূহ গ্রহণ কৰিব৷ কিন্তু বিগত বছৰবোৰৰ দৰে অম্বুবাচী মহাযোগৰ অন্তৰ সময়ত ভিভিআইপি পৰম্পৰা বর্জন কৰা নিয়ম এইবাৰো বাহাল থাকিব বুলি তেওঁ সদৰী কৰে৷

আনহাতে, বৈঠকৰ অন্তত কামাখ্যাধামৰ সৰুদলৈ হিমাদ্রী শর্মাই কয় যে অম্বুবাচীৰ বাবে পূর্বতে যিধৰণে প্রস্তুতি চলোৱা হৈছিল এইবাৰো একেধৰণেই হ’ব৷ আমি এমাহ পূর্বৰে পৰা এখন পৰিচালনা সমিতি অম্বুবাচীৰ বাবে গঠন কৰিছোঁ৷ মহাযোগৰ পৰিপ্রেক্ষিতত মন্দিৰ প্রাংগণত হ’বলগীয়া জনসমাগমৰ প্রতি লক্ষ্য ৰাখি সমিতিয়ে এইবাৰো কর্মচাৰীৰ সংখ্যা ১০০জনলৈ বৃদ্ধি কৰাৰ লগতে নিৰাপত্তাৰক্ষীৰ সংখ্যাও বঢ়াইছে৷ মন্দিৰলৈ অহা–যোৱা কৰা সকলো পথ ইতিমধ্যে জৰীপ কৰি মেৰামতি কৰা হৈছে৷ কিছু বাকী আছে যদিও চৰকাৰৰ সহযোগত অতি সোনকালে সম্পূর্ণ হ’ব বুলি আশা প্রকাশ কৰিছে সৰুদলৈ শর্মাই৷

উল্লেখ্য যে এই বৈঠকখনত কামাখ্যাধামৰ বৰদলৈ কবীন্দ্র প্রসাদ শর্মা, কামৰূপ (মহানগৰ) জিলাৰ জিলা আয়ুক্ত স্বপ্ণীল পালকে ধৰি জিলা প্রশাসন আৰু আৰক্ষী প্রশাসনৰ কেইবাগৰাকীও শীর্ষ বিষয়াই অংশগ্রহণ কৰে৷

The post অম্বুবাচী মহাযোগক লৈ নীলাচলত বিশেষ বৈঠক first appeared on নিয়মীয়া বাৰ্তা.

ডিমৰীয়াৰ পথাৰত উদ্ধাৰ হোৱা মৃত যুৱতীৰ হত্যাকাৰীক গ্ৰেপ্তাৰ
ডিজিটেল ডেস্ক, সোণাপুৰ, ৬ জুন : কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰী থানাৰ অন্তৰ্গত গাঁও ডিমৰীয়াৰ পথাৰত যোৱা ৪ জুনৰ সন্ধিয়া উদ্ধাৰ হোৱা মৃত যুৱতীগৰাকীৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিলে ক্ষেত্ৰী আৰক্ষীয়ে । ইতিমধ্যে হত্যাকাৰীয়ে নিজেই ডেগাৰেৰে যুৱতীগৰাকীক হত্যা কৰা বুলি বিস্ফোৰক স্বীকাৰোক্তি দিছে।

ঘটনা সংঘটিত কৰাৰ পিছৰে পৰা ঘাতক প্ৰেমিক ২নং ঔজাৰী গাঁৱৰ বিপুল মল্লিকে মহানগৰীত আত্মগোপন কৰি আছিল। অৱশেষত ক্ষেত্ৰী আৰক্ষীৰ তীব্ৰ অভিযানত আটক কৰিবলৈ সক্ষম হয় ঘাতক প্ৰেমিক বিপুল মল্লিকক। উল্লেখ্য যে ১নং ঔজাৰী গাঁৱৰ যুৱতীগৰাকীক যুৱকজনে ফুচুলাই আনি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছিল পৰিয়ালৰ লোকে। ঘটনা সন্দৰ্ভত ৪ জুনৰ সন্ধিয়া ৭ বজাত ঔজাৰি গাঁৱৰ গাঁওবুঢ়াই ডিমৰীয়াৰ পথাৰত এগৰাকী যুৱতীৰ মৃতদেহ প্ৰত্যক্ষ কৰি খবৰ দিছিল আৰক্ষীক। ঘটনা পোহৰলৈ অহাৰ পিছতে ক্ষেত্ৰী আৰক্ষীয়ে তৎপৰতাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অভিযুক্তক।

জানিব পৰা অনুসৰি, যুৱতীগৰাকীৰ শৰীৰৰ ভিন্ন স্থানত ডেগাৰেৰে ১৭বাৰ আঘাত কৰিছিল ঘাতক প্ৰেমিকে। উল্লেখ্য যে পূৰ্বেও পকছো গোচৰত জে’ল হাজোতলৈ গৈছিল ঘাতক প্ৰেমিক বিপুল মল্লিক। পিছত চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত জে’লৰ পৰা মুকলি আকাশৰ তললৈ আহিছিল বিপুল মল্লিক।

সম্প্ৰতি আৰক্ষীয়ে ধৃত হত্যাকাৰীটোক গ্ৰেপ্তাৰ কৰি সোধা-পোছা অব্যাহত ৰাখিছে ।

The post ডিমৰীয়াৰ পথাৰত উদ্ধাৰ হোৱা মৃত যুৱতীৰ হত্যাকাৰীক গ্ৰেপ্তাৰ first appeared on নিয়মীয়া বাৰ্তা.