অসমীয়া চলচ্চিত্ৰপ্ৰেমীৰ বহু প্ৰতীক্ষিত ছবি ‘ককাদেউতা নাতি আৰু হাতী-২’ৰ কালি নিশা গুৱাহাটীৰ পিভিআৰত প্ৰিমিয়াৰ অনুষ্ঠিত হয়। প্ৰিমিয়াৰ অনুষ্ঠানত দৰ্শকৰ পৰা লাভ কৰিলে বিপুল সঁহাৰি। প্ৰিমিয়াৰ উপভোগ কৰাৰ পিছত শিল্পী, কলা-কুশলী, সমালোচক আৰু দৰ্শকে একমুখে ছবিখনৰ উচ্চ প্ৰশংসা কৰে।
ছবিখনৰ সৈতে জড়িত শিল্পীসকলে কয় যে ‘ককাদেউতা নাতি আৰু হাতী’ৰ সৈতে অসমীয়া ৰাইজৰ এক বিশেষ আৱেগ জড়িত হৈ আছে আৰু সেই আৱেগক অক্ষুণ্ণ ৰাখিবলৈ এই ছবিখনত আন্তৰিকতাৰে কাম কৰা হৈছে।
প্ৰখ্যাত ছাউণ্ড ইঞ্জিনীয়াৰ অমৃত প্ৰীতমে কয়, “ছবিখনক লৈ আমি যথেষ্ট আশাবাদী। সকলো শ্ৰেণীৰ দৰ্শকে ছবিখন উপভোগ কৰিব। ছবিখনৰ সৈতে জড়িত হ’বলৈ পাই আনন্দিত।” তেওঁ লগতে সকলোকে ৩ জুলাইৰ পৰা ছবিগৃহত গৈ ছবিখন চাবলৈ আহ্বান জনায়।
বিশিষ্ট অভিনেতা তথা ছবিখনৰ অন্যতম চৰিত্ৰ প্ৰাঞ্জল শইকীয়াই মন্তব্য কৰে, “অসমক ভাল পোৱা আৰু অসমীয়া ছবি ভাল পোৱা সকলো মানুহে এখন উৎকৃষ্ট ছবি উপভোগ কৰিবলৈ পাব। সকলো দিশৰ পৰাই ছবিখন উচ্চমানৰ হৈছে।”
সঞ্জীৱ নাৰায়ণে ছবিখনৰ সকলো শিল্পীৰ অভিনয়ৰ ভূয়সী প্ৰশংসা কৰি কয়, “প্ৰত্যেকৰে অভিনয় সাংঘাতিক হৈছে।”
প্ৰিমিয়াৰত উপস্থিত বহু শিল্পী আৰু দৰ্শকে কয় যে ছবিখনৰ প্ৰতিটো গীত, কাহিনী, অভিনয় আৰু উপস্থাপন অত্যন্ত মনোগ্ৰাহী। বহুতে মত প্ৰকাশ কৰে যে ছবিখনে একাধিক সুন্দৰ সামাজিক বাৰ্তা বহন কৰিছে আৰু এবাৰ চোৱাৰ পিছত পুনৰ চাবলৈ মন যাব।
জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই কয়, “‘ককাদেউতা নাতি আৰু হাতী’ৰ সৈতে অসমীয়া ৰাইজৰ আৱেগ জড়িত। ‘ককাদেউতা নাতি আৰু হাতী-২’তো সেই আৱেগ অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিছে।”
ইফালে ছবিখনৰ সৈতে জড়িত শিল্পীসকলে জনায় যে পাঁচটা প্ৰজন্মৰ শিল্পীয়ে একেলগে অভিনয় কৰা এই ছবিখন অসমীয়া চলচ্চিত্ৰৰ বাবে এক বিশেষ সংযোজন। তেওঁলোকে লগতে অসমীয়া চলচ্চিত্ৰ উদ্যোগক শক্তিশালী কৰিবলৈ সকলোকে ছবিগৃহলৈ আহি স্থানীয় ছবি চাবলৈ আহ্বান জনায়।
উল্লেখ্য যে ৩ জুলাইৰ পৰা ৰাজ্যজুৰি মুক্তি লাভ কৰিব ‘ককাদেউতা নাতি আৰু হাতী-২’। প্ৰিমিয়াৰত লাভ কৰা বিপুল সঁহাৰিৰ পিছত ছবিখনক লৈ দৰ্শকৰ মাজত অধিক উৎসাহ আৰু আগ্ৰহৰ সৃষ্টি হৈছে।
📌 শুকুৰবাৰে আপোনাৰ কাষৰ ছবিগৃহত ‘ককাদেউতা নাতি আৰু হাতী ২’! টিকট উপলব্ধ Book My Show ত। টিকট ক্ৰয় কৰিবলৈ তলৰ লিংকটোত ক্লিক কৰক
https://in.bookmyshow.com/…/koka-deuta-nati…/ET00505083
ডিজিটেল ডেস্ক, ২ জুলাই