নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আদাবাৰীৰ হোটেলৰ পৰা বহিঃৰাজ্যৰ ৬জনীয়া দুৰ্ধৰ্ষ ডকাইতৰ দলক আটক

ডিজিটেল ডেস্ক, ২৮ জুন : মহানগৰীৰ জালুকবাৰী আৰক্ষীয়ে চলোৱা এক সফল অভিযানত বহিঃৰাজ্যৰ এটা ডকাইতৰ দলক আটক কৰিবলৈ সক্ষম হয়। এক গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত জালুকবাৰী আৰক্ষীয়ে ৰে’লযাত্ৰীক লক্ষ্য কৰি ডকাইতি চলোৱা বহিঃৰাজ্যৰ এই ডকাইতৰ দলটোক উৎখাত কৰিবলৈ সক্ষম হৈছে। গোপন তথ্যৰ ভিত্তিত দ্ৰুত অভিযান চলাই গুৱাহাটীৰ আদাবাৰী অঞ্চলৰ এখন হোটেলৰ পৰা চক্ৰটোৰ ৬জন সদস্যক আটক কৰে আৰক্ষীয়ে।

জালুকবাৰী আৰক্ষী থানাৰ এটা দলে ‘হোটেল অভিসাৰিকা’ত অভিযান চলাই এই ছয় ডকাইতক আটক কৰে। আটকাধীন আটাইকেইজন দুৰ্ধৰ্ষ ডকাইত হাৰিয়ানাৰ বিভিন্ন অঞ্চলৰ বাসিন্দা। এইসকল হৈছে— ৰোহতকৰ ছোনু আৰু কুলদীপ, ভিৱানীৰ কৃষ্ণ ৰাণা, প্ৰবীণ কুমাৰ আৰু সত্যৱানৰ লগতে হিছাৰৰ সঞ্জয় কুমাৰ।

আৰক্ষীৰ তথ্য অনুসৰি, এই ডকাইতকেইজনে বহিঃৰাজ্যৰ অপৰাধী চক্ৰৰ সদস্য হিচাপে কাম কৰি আহিছিল আৰু অসমত ৰে’লযাত্ৰীসকলক লক্ষ্য কৰি অপৰাধ সংঘটিত কৰিছিল। এই ডকাইতৰ দলটোৱে দীৰ্ঘদিন ধৰি বিভিন্ন ৰে’ল ষ্টেচনত ৰে’লযাত্ৰীসকলক লক্ষ্য কৰি লুটপাত চলাই আহিছিল।

আৰক্ষীয়ে জনোৱা মতে, চক্ৰটোৰ মূল কৌশল আছিল দূৰণিবটীয়া ৰে’লত যাত্ৰা কৰা দুৰ্বল বা অসাৱধান যাত্ৰীক চিনাক্ত কৰি বিভিন্ন স্থানত ডকাইতি চলায় আৰু তাৰ পিছতে ঘটনাস্থল ত্যাগ কৰে। বৰ্তমান জালুকবাৰী আৰক্ষীয়ে ধৃত ডকাইতকেইজনক জেৰা অব্যাহত ৰাখিছে।

You might also like