আন্তঃৰাষ্ট্ৰীয় - নিয়মীয়া বাৰ্তা

৫.৫ প্ৰাবল্যৰ ভূমিকম্পত কঁপিল ইৰান
সোমবাৰে (২০ জুলাই) পশ্চিম ইৰানত ৰিখটাৰ স্কেলত ৫.৫ প্ৰাবল্যৰ এক শক্তিশালী ভূমিকম্প অনুভূত হয়। ইউৰোপীয়-মেডিটেৰেনিয়ান ছিছম’লজিকেল চেণ্টাৰ (EMSC)-ৰ তথ্য অনুসৰি, ভূমিকম্পৰ উৎপত্তিস্থল ভূমিৰ প্ৰায় ১০ কিলোমিটাৰ গভীৰতাত আছিল।

প্ৰতিবেদন অনুসৰি, ভূমিকম্পৰ কেন্দ্ৰবিন্দু কাহৰিজ চহৰৰ পৰা প্ৰায় ৫৪ কিলোমিটাৰ পশ্চিমে অৱস্থিত আছিল। প্ৰায় ৭.৬৬ লাখ লোকৰ বাসস্থান এই চহৰখন। আনহাতে, জাৱানৰুদ চহৰৰ পৰা প্ৰায় ৩৩ কিলোমিটাৰ দক্ষিণতো ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল। এই চহৰত প্ৰায় ৩৮,৬০০ লোক বাস কৰে।

ভূমিকম্পৰ কম্পনৰ পিছত এতিয়ালৈকে কোনো বৃহৎ ক্ষতি বা প্ৰাণহানিৰ খবৰ পোৱা হোৱা নাই। অৱশ্যে, স্থানীয় প্ৰশাসনে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ পৰিস্থিতিৰ মূল্যায়ন অব্যাহত ৰাখিছে।

পশ্চিম ইৰান ভূমিকম্পপ্ৰৱণ অঞ্চল হিচাপে পৰিচিত। সক্ৰিয় টেকট’নিক প্লেটৰ সংযোগস্থলত অৱস্থিত হোৱাৰ বাবে এই অঞ্চলত সময়ে সময়ে মধ্যমৰ পৰা শক্তিশালী ভূমিকম্প সংঘটিত হৈ থাকে।

শেহতীয়া ভূমিকম্পসমূহৰ পিছত সামাজিক মাধ্যমত কিছুমান ব্যৱহাৰকাৰীয়ে এই কম্পন ইৰানৰ পাৰমাণৱিক কাৰ্যসূচী বা ভূগৰ্ভস্থ কোনো কাৰ্যকলাপৰ সৈতে জড়িত হ’ব পাৰে বুলি দাবী কৰিছে। কিন্তু আন্তঃৰাষ্ট্ৰীয় ভূমিকম্প নিৰীক্ষণ সংস্থা আৰু বিশেষজ্ঞসকলে এনে দাবীৰ কোনো সত্যতা নিশ্চিত কৰা নাই। তেওঁলোকৰ মতে, এতিয়ালৈকে নথিভুক্ত সকলো ঘটনাকে স্বাভাৱিক প্ৰাকৃতিক ভূমিকম্প হিচাপেই গণ্য কৰা হৈছে।

ইৰান বিশ্বৰ সৰ্বাধিক ভূমিকম্পপ্ৰৱণ দেশসমূহৰ ভিতৰত অন্যতম। ইয়াৰ মূল কাৰণ হৈছে দেশখন একাধিক সক্ৰিয় টেকট’নিক প্লেটৰ সংযোগস্থলত অৱস্থিত। আৰবীয় প্লেট উত্তৰ দিশলৈ গতি কৰি ইউৰেছিয়ান প্লেটৰ সৈতে সংঘৰ্ষ হোৱাৰ ফলত ভূগৰ্ভত অবিৰত চাপ সৃষ্টি হয়। এই কাৰণেই দেশখনত সঘনাই শক্তিশালী ভূমিকম্প সংঘটিত হয়।

ডিজিটেল ডেস্ক, ২০ জুলাই

The post ৫.৫ প্ৰাবল্যৰ ভূমিকম্পত কঁপিল ইৰান first appeared on নিয়মীয়া বাৰ্তা.

আজি বিশ্বকাপ ফুটবলৰ মহাৰণ, মেটলাইফত লিখা হ’ব নতুন ইতিহাস
ডিজিটেল ডেস্ক, ১৯ জুলাই : পৃথিৱীত এনে কিছুমান দিন আহে, যিটো দিন কেৱল এখন খেলৰ বাবে স্মৰণীয় নহয়– সেই দিনটোতে ইতিহাস লিখা হয়, কিংবদন্তিৰ জন্ম হয় আৰু কোটি কোটি মানুহৰ আৱেগ একেলগে স্পন্দিত হয়৷ ২০২৬ চনৰ ফিফা বিশ্বকাপৰ মহাফাইনেল- এনে এক ঐতিহাসিক দিনৰ সাক্ষী হ’বলৈ সাজু৷ ভাৰতীয় সময় অনুসৰি আজি নিশা ১২.৩০ বজাত আমেৰিকাৰ নিউ জার্ছীস্থিত বিশ্বখ্যাত মেটলাইফ ষ্টেডিয়ামত মুখামুখি হ’ব বর্তমানৰ বিশ্ব চেম্পিয়ন আর্জেণ্টিনা আৰু ইডৰোপীয় চেম্পিয়ন স্পেইন৷

এইখন কেৱল বিশ্বকাপ ফুটবলৰ ফাইনেল মেচ নহয়, এইখন দুটা যুগৰ, দুটা দর্শনৰ, দুটা প্রজন্মৰ আৰু কোটি কোটি অনুৰাগীৰ সপোনৰ মহাসংঘর্ষ৷ এফালে বিশ্ব ফুটবলৰ জীৱন্ত কিংবদন্তি লিঅ’নেল মেছি, যাৰ বাবে এইখন শেষ বিশ্বকাপ ফাইনেল৷ আনফালে বিশ্ব ফুটবলৰ নতুন বিস্ময় লামিন য়ামাল, যি নিজৰ প্রথম বিশ্বকাপতে ইতিহাস লিখিবলৈ ওলাইছে৷ সেয়েহে এইবাৰ ফাইনেলক ইতিমধ্যে বিশ্বৰ ক্রীড়া বিশেষজ্ঞসকলে অভিজ্ঞতা বনাম নতুন যুগৰ মহাযুঁজ বুলি অভিহিত কৰিছে৷

আজি নিশা ফুটবল কেৱল খেলপথাৰত সীমাবদ্ধ নাথাকিব৷ ইউৰোপৰ পৰা দক্ষিণ আমেৰিকা, এছিয়াৰ পৰা আফ্রিকা– বিশ্বৰ প্রায় প্রতিখন দেশতেই কোটি কোটি অনুৰাগীয়ে টেলিভিছন, ম’বাইল, ডিজিটেল প্লেটফর্ম আৰু বৃহৎ পর্দাৰ সন্মুখত একেলগে ইতিহাসৰ সাক্ষী হ’বলৈ অপেক্ষা কৰি আছে৷ অসমতো বিশ্বকাপ ফুটবলৰ ফাইনেলক লৈ উন্মাদনা তুংগত৷ গুৱাহাটী, ডিব্রুগড, যোৰহাট, শিলচৰ, তেজপুৰ, নগাঁৱকে ধৰি বিভিন্ন ঠাইত ফুটবল অনুৰাগীয়ে ক্লাব, কেফে, ৰেষ্টুৰেণ্ট আৰু ৰাজহুৱা স্থানত বৃহৎ পর্দাত মেচ উপভোগ কৰাৰ আয়োজন কৰিছে৷ বহু পৰিয়ালে ঘৰতে বিশেষ ব্যৱস্থা কৰিছে৷

সামাজিক মাধ্যম ইতিমধ্যে আর্জেণ্টিনা আৰু স্পেইনৰ পতাকাৰে ভৰি পৰিছে৷ বহু ঠাহত মেছি আৰু য়ামালৰ জার্ছী পৰিধান কৰি অনুৰাগীসকলে নিজৰ সমর্থন প্রকাশ কৰিছে৷ লক্ষণীয় যে ২০২৬ চনৰ বিশ্বকাপ নিজেই এক নতুন ইতিহাস৷ প্রথমবাৰৰ বাবে ৪৮টা দলে অংশগ্রহণ কৰা এই বিশ্বকাপ আমেৰিকা, কানাডা আৰু মেক্সিকো– এই তিনিখন দেশে যুটীয়াভাৱে আয়োজন কৰিছে৷ মুঠ ১০৪খন মেচ অনুষ্ঠিত হোৱা এই বিশ্বকাপত কেইবাখনো নতুন দেশে প্রথমবাৰৰ বাবে অংশগ্রহণ কৰাৰ সুযোগ লাভ কৰে৷ সেয়েহে এই ফাইনেলখন নতুন যুগৰ বিশ্বকাপৰ প্রথম সোণালী অধ্যায় হিচাপে ইতিহাসত চিৰদিনৰ বাবে লিপিবদ্ধ হৈ থাকিব৷

৩৯ বছৰীয়া লিঅ’নেল মেছিৰ বাবে খেলখন কেৱল এখন ফাইনেল নহয়, এটা যুগৰ অন্তিম অধ্যায়৷ ২০২২ চনত বিশ্বকাপ জয় কৰাৰ পিছতো তেওঁ পুনৰ এবাৰ দেশক ফাইনেললৈ লৈ আহিছে৷ চলিত বিশ্বকাপত তেওঁ ৬খন খেলত ৫টা গ’ল আৰু ৩টা এছিষ্ট কৰি পুনৰ প্রমাণ কৰিছে যে বয়স তেওঁৰ বাবে কেৱল এটা সংখ্যা৷ বিশ্বকাপ ইতিহাসত তেওঁৰ মুঠ গ’লৰ সংখ্যা ইতিমধ্যে ১৮লৈ বৃদ্ধি পাইছে৷ যদি মেছিয়ে পুনৰ বিশ্বকাপ ট্ৰফী দখল কৰে, তেন্তে বিশ্ব ফুটবলৰ ইতিহাসত তেওঁৰ স্থান সোণালী আখৰেৰে চিৰদিনলৈ লিখা থাকিব৷ আনহাতে, স্পেইনৰ ১৯ বছৰীয়া লামিন য়ামাল এই বিশ্বকাপৰ আটাইতকৈ উজ্জ্বল তাৰকা৷ তেওঁৰ দ্রুতগতি, ড্রিবলিং, নিখুঁত পাছ আৰু গ’ল সৃষ্টিৰ ক্ষমতাই ইতিমধ্যে বিশ্বৰ ফুটবলপ্রেমিক আকৃষ্ট কৰিছে৷ চলিত বিশ্বকাপত ৪টা গ’ল আৰু ৫টা এছিষ্ট কৰা য়ামালে ফাইনেলত গ’ল দিব পাৰিলে বিশ্বকাপ ফাইনেলৰ অন্যতম কনিষ্ঠ গ’লদাতা হিচাপে নতুন অভিলেখ গঢ়িব পাৰে৷

বহু বিশেষজ্ঞই তেওঁক মেছিৰ পিছৰ বিশ্ব ফুটবলৰ নতুন মুখ হিচাপে অভিহিত কৰিছে৷ স্পেইনৰ শক্তি হৈছে দলবদ্ধ খেল, বল দখল কৰি ক্ষিপ্র পাছিং৷ ৰড্রী, পেড্রী, নিকো উইলিয়ামছ, ফাবিয়ান ৰুইজ, মিকেল মেৰিনো, আয়মেৰিক লাপোর্ট আৰু গ’লৰক্ষক উনাই চিমনৰ দৰে তাৰকাই দলটোক সুসংগঠিত ৰূপ দিছে৷ লুইছ ডেলা ফুৱেণ্টেৰ প্রশিক্ষণত স্পেইনে সমগ্র প্রতিযোগিতাত অসাধাৰণ ফুটবল খেলিছে৷ অষ্ট্রিয়া, পর্তুগাল, বেলজিয়াম আৰু ফ্রান্সৰ দৰে শক্তিশালী দলক পৰাস্ত কৰি তেওঁলোকে প্রমাণ কৰিছে যে এইবাৰৰ বিশ্বকাপত তেওঁলোক অন্যতম শক্তিশালী দাবীদাৰ৷

আর্জেণ্টিনাৰ শক্তি হৈছে অভিজ্ঞতা আৰু মানসিক দৃঢ়তা৷ মেছিৰ লগতে জুলিয়ান আলভাৰেজ, লাডটাৰো মার্টিনেজ, এন্জো ফার্নাণ্ডেজ, এলেক্সিছ মেক এলিষ্টাৰ, ক্রিষ্টিয়ান ৰোমেৰো, লিছান্দ্রো মার্টিনেজ আৰু বিশ্বৰ অন্যতম শ্রেষ্ঠ গ’লৰক্ষক এমিলিয়ানো ‘ডিবু’ মার্টিনেজে দলটোক ভৰসা যোগাইছে৷ আর্জেণ্টিনায়ো প্রতিখন নকআউট মেচত নিজৰ খেলুৱৈসুলভ মনোভাব প্রদর্শন কৰিছে৷ বিশেষকৈ ছেমিফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে অন্তিম মুহূর্তত লাউটাৰো মার্টিনেজৰ গ’লত ঘূৰি অহা জয়ে দলটোৰ মানসিক দৃঢ়তাৰ পৰিচয় দিয়ে৷ ডাঙৰ মেচ খেলাৰ অভিজ্ঞতা আজিও আর্জেণ্টিনাৰ অন্যতম শক্তি৷

প্রায় ৮২,৫০০ দর্শকৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া এই ফাইনেলৰ মাজতে সামৰণী অনুষ্ঠান অনুষ্ঠিত হ’ব৷ য’ত অংশগ্রহণ কৰিব জাষ্টিন বিবাৰ, টম ক্রুজ, ৰবি উইলিয়ামছ, মেডোনা, ছাকিৰা আৰু নিকোল ছের্জিঙাৰৰ দৰে আন্তর্জাতিক তাৰকা৷ এই বর্ণিল সাংস্কৃতিক অনুষ্ঠানটো প্রায় ১১ মিনিটৰ হ’ব যদিও হাফ–টাইম বিৰতি ৩০ মিনিটলৈকে বৃদ্ধি কৰাৰ পৰিকল্পনা আছে৷

মন কৰিবলগীয়া যে স্পেইন জয়ী হ’লে ২০১০ চনৰ পিছত দ্বিতীয়বাৰৰ বাবে বিশ্ব চেম্পিয়ন হ’ব৷ আনহাতে, আর্জেণ্টিনা জয়ী হ’লে চতুর্থবাৰৰ বাবে বিশ্বকাপ দখল কৰাৰ লগতে ব্রাজিলৰ পিছত একেৰাহে দুবাৰ বিশ্ব চেম্পিয়ন হোৱাৰ গৌৰৱ অর্জন কৰিব৷ যেতিয়া অন্তিম হুইছেল বাজিব, তেতিয়া কেৱল এটা দলেই ট্ৰফী দখল কৰিব৷ কিন্তু এই স্মৃতি, এই আৱেগ, এই ইতিহাস আৰু এই ফুটবলৰ যাদু কোটি কোটি অনুৰাগীৰ হূদয়ত চিৰদিনৰ বাবে জীৱন্ত হৈ থাকিব৷ আজি বিশ্বই কেৱল নতুন বিশ্ব চেম্পিয়নেই নহয়, বিশ্বকাপৰ শতবর্ষৰ পূর্বে বিশ্বই লাভ কৰিব বিশ্ব ফুটবলৰ আন এক নতুন ইতিহাস ৷

The post আজি বিশ্বকাপ ফুটবলৰ মহাৰণ, মেটলাইফত লিখা হ’ব নতুন ইতিহাস first appeared on নিয়মীয়া বাৰ্তা.

অৰুণাচল সীমান্তৰ সমীপতে পঞ্চমখন ডিফেঞ্চ ভিলেজ নির্মাণ চীনৰ
ডিজিটেল ডেস্ক, ১৮ জুলাই : শান্তিৰ দূত হিচাপে নিজকে প্রতিষ্ঠা কৰিবলৈ বিচাৰিলেও প্রতিৱেশী ৰাষ্ট্র চীনৰ ভাৰতবিৰোধী চৰিত্র এতিয়া এফালৰ পৰা বিশ্ববাসীৰ সন্মুখলৈ আহিবলৈ ধৰিছে৷ অসমীয়াৰ আয়ুস ৰেখা ব্রহ্মপুত্রৰ ভেটিত বিশ্বৰ বৃহৎ বান্ধ নির্মাণৰ সময়তে পোহৰলৈ আহিছে চীনৰ আন এক কুখ্যাত কার্য৷

আন্তঃৰাষ্ট্রীয় সীমান্তত নিজৰ স্থিতি সবল কৰিবলৈ ভাৰত–চীন সীমান্তত চীনে গ্রহণ কৰিছে আন এক কৌশলগত পদক্ষেপ৷ ভাৰতবর্ষৰ অৰুণাচল প্রদেশৰ সীমান্তৰ পৰা মাথোঁ কেইকিলোমিটাৰ দূৰৈত তিব্বতৰ মেটগ কাউণ্টীত চীনে পঞ্চমখন নতুন প্রতিৰক্ষামূলক গাঁও সম্পূর্ণ কৰিছে৷ স্বয়ং চীনৰ চৰকাৰী সংবাদ মাধ্যম চাইনা ডেইলীত এই কথা প্রকাশ পাইছে৷

প্রকাশিত তথ্য অনুসৰি, ভাৰত সীমান্তৰ প্রকৃত নিয়ন্ত্রণৰেখা চমুকৈ এলএচিৰ পৰা মাথোঁ কেইকিলোমিটাৰ দূৰত্বত চীনে গঢ়ি তুলিছে ‘গুৱ’ছিঙ’ নামৰ গাঁওখন৷ আগ্রাসী চীনে এই গাঁওসমূহ উন্নয়নমূলক প্রকল্প বুলি বিশ্ববাসীৰ আগত প্রমাণ কৰিবলৈ চেষ্টা চলালেও সামৰিক আৰু ভূ–ৰাজনৈতিক বিশেষজ্ঞসকলৰ মতে এই গাঁওসমূহ সীমান্তত চীনৰ স্থায়ী উপস্থিতি সুদৃঢ় কৰাৰ এক সুদূৰপ্রসাৰী কৌশল৷ তিব্বতৰ মেটগ কাউণ্টীত গঢ় লৈ উঠা ৫খন নতুন সীমান্তৱর্তী গাঁৱৰ ভিতৰত ‘গুৱ’ছিঙ’ অন্তিম প্রকল্প বুলি চীনে সদৰী কৰিছে৷

মূলতঃ ভূমিস্খলন বা দুর্গম অঞ্চলৰ কেইবাশ পৰিয়ালক নতুন স্থানলৈ স্থানান্তৰ কৰাৰ অজুহাতত এই গাঁওকেইখন নির্মাণ কৰাৰ দাবী চীনে কৰিলেও নৱনির্মিত গাঁওকেইখনত আধুনিক বাসগৃহ, পকীপথ, বিদ্যুৎ সংযোগ, বিশুদ্ধ খোৱাপানী, চিকিৎসা সেৱা, বিদ্যালয় গঢ়ি তোলাৰ লগতে যোগাযোগ ব্যৱস্থা আৰু পর্যটনকেন্দ্রিক আন্তঃগাঁথনিসমূহ গঢ়ি তোলাক প্রত্যক্ষ কৰি বিভিন্ন মহলে এয়া সামৰিক সুৰক্ষা আবেষ্টনীৰ প্রথম পর্যায় বুলি মন্তব্য কৰিছে৷

অকল সেয়াই নহয়, উক্ত গাঁওখনকে ধৰি মুঠ ৫খন গাঁৱতে নাগৰিকৰ অর্থনৈতিক স্বনির্ভৰশীলতা গঢ়ি তুলিবলৈ চীনা চৰকাৰে উচ্চ মূল্যৰ ঔষধি উদ্ভিদ ডেন্দ্র’বিয়ামৰ খেতিৰ ব্যৱস্থাও কৰি দিছে৷ চৰকাৰী পৃষ্ঠপোষকতাত ৬ হাজাৰৰো অধিক ঔষধি গছ স্থানীয় পৰিয়ালসমূহৰ মাজত বিতৰণ কৰা হৈছে৷

উল্লেখ্য যে তিব্বতৰ মেটগ প্রদেশৰ ঘন বর্ষাৰণ্যৰ বাবে তাৰ জলবায়ু কৃষি উপযোগী৷ চীনৰ এনেধৰণৰ পদক্ষেপে তাৰ বাসিন্দাসকলক অর্থনৈতিকভাৱে স্বাৱলম্বী কৰি তোলাৰ লগতে চীনৰ কৃষি অর্থনীতিকো এক নতুন মাত্রা প্রদান কৰিব৷ বিশ্ব মানচিত্রত নিজৰ নাগৰিকক সহায় কৰাৰ বাবে চীনা চৰকাৰে লোৱা এনে পদক্ষেপক জনকল্যাণকামী বুলি প্রতিষ্ঠা কৰিবলৈ চেষ্টা চলালেও সামৰিক বিশেষজ্ঞসকলৰ মতে সীমান্তত এনেধৰণে অধিকসংখ্যক স্থায়ী নাগৰিকৰ উপস্থিতিয়ে প্রয়োজনৰ সময়ত চৰকাৰক বিভিন্ন ধৰণে সহায় কৰিব পাৰে৷ তদুপৰি যোগাযোগ ব্যৱস্থা, পথ, বিদ্যুৎ সংযোগ ব্যৱস্থা আৰু ডিজিটেল নেটৱর্কৰ উন্নতি হোৱাৰ ফলত যুদ্ধকালীন পৰিস্থিতিত সামৰিক বাহিনীয়েও অতি সহজতে এই আন্তঃগাঁথনি ব্যৱহাৰ কৰাৰ সুযোগ গ্রহণ কৰিব পাৰে৷

স্বয়ং চীনৰ চৰকাৰী সংবাদ মাধ্যমত চীনৰ চিচুৱান প্রদেশৰ এগৰাকী পর্যটক জাং জুৱে সদৰী কৰা মতে, সীমান্তৱর্তী এলেকাত এনেধৰণৰ আন্তঃগাঁথনিয়ে এফালে পর্যটকৰ হাৰ বৃদ্ধি কৰাৰ লগতে অধিক জনবসতিয়ে ৰাষ্ট্রীয় সুৰক্ষাৰ ক্ষেত্রতো পৰোক্ষভাৱে হ’লেও এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে৷ গতিকে চীনে যিমানেই এই পদক্ষেপক জনকল্যাণমুখী বুলি অভিহিত কৰিবলৈ চেষ্টা নকৰিলেও তেওঁলোকৰ নাগৰিকেই এই কথা প্রত্যক্ষভাৱে সদৰী কৰিছে৷ ভাৰতৰ বাবে অৰুণাচল প্রদেশৰ সীমান্তৱর্তী তিব্বতৰ মেটগ প্রদেশ অতিকে গুৰুত্বপূর্ণ বুলি তাহানিৰ সময়ৰে পৰা বিবেচিত হৈ আহিছে৷ পূর্বৰে পৰা সমগ্র অৰুণাচল প্রদেশক চীনে দক্ষিণ তিব্বত বুলি দাবী কৰি আহিছে৷ গতিকে এই পৰিস্থিতিত সীমান্তৱর্তী মেটগ প্রদেশত জনবসতি গঢ়ি তোলাটোক কেৱল উন্নয়নমূলক পদক্ষেপ হিচাপে প্রত্যক্ষ কৰাটো কঠিন বুলি বহুসংখ্যক বিশ্লেষকে মন্তব্য কৰিছে৷

বিশেষকৈ ২০২০ চনৰ গালৱান সংঘর্ষৰ পিছত ভাৰত আৰু চীন দুয়োখন দেশে সীমান্তত আন্তঃগাঁথনি উন্নয়নৰ গতি বৃদ্ধি কৰিছে৷ একে সময়তে চীনে যিদৰে অসামাৰিক উন্নয়ন, পর্যটন, কৃষি আৰু জনবসতিক সামৰিক কৌশলৰ সৈতে সংযুক্ত কৰিছে, সেয়া অনাগত সময়ত ভাৰতৰ বাবে এক নতুন প্রত্যাহ্বান হিচাপে চিহ্ণিত হোৱাৰ আশংকা বৃদ্ধি পাইছে৷ এনেদৰে সীমান্তত চীনৰ জনবসতি বৃদ্ধি পালে ভৱিষ্যতে উক্ত ভূ–খণ্ড চীনে নিজৰ বুলি দাবী কৰাৰ ৰাজনৈতিক ভিত্তি লাভ কৰাৰ লগতে সীমান্ত অঞ্চলত অধিকসংখ্যক নাগৰিকৰ উপস্থিতিয়ে ভাৰতৰ বিভিন্ন তথ্য সংগ্রহৰ ক্ষেত্রতো পৰোক্ষভাৱে সুবিধা প্রদান কৰিব পাৰে৷ অকল সেয়াই নহয়, অৰুণাচল প্রদেশক লৈ চীনে দীর্ঘদিন ধৰি কৰি অহা দাবীৰ পৰিপ্রেক্ষিতত এনে গাঁওসমূহ মনঃস্তাত্ত্বিক আৰু কৌশলগত চাপ সৃষ্টিৰ মাধ্যম হিচাপে ব্যৱহাৰ হোৱাৰো আশংকা নথকা নহয় বুলি সামৰিক বিশেষজ্ঞসকলে মন্তব্য কৰিছে৷

The post অৰুণাচল সীমান্তৰ সমীপতে পঞ্চমখন ডিফেঞ্চ ভিলেজ নির্মাণ চীনৰ first appeared on নিয়মীয়া বাৰ্তা.

শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ ভাৰতৰ প্ৰথম ব্যক্তিগত কক্ষপথীয় ৰকেট
ভাৰতে মহাকাশ যাত্ৰাৰ ক্ষেত্ৰত নতুন ইতিহাস ৰচনা কৰিলে। হায়দৰাবাদস্থিত ব্যক্তিগত মহাকাশ কোম্পানী স্কাইৰুট এৰোস্পেছৰ বিক্ৰম-১ ৰকেটে নিজৰ প্ৰথম কক্ষপথীয় (Orbital) অভিযানৰ বাবে সফলতাৰে উৎক্ষেপণ কৰা হৈছে। এই অভিযান কেৱল স্কাইৰুটৰ বাবেই নহয়, সমগ্ৰ ভাৰতৰ বাবেও এক ঐতিহাসিক মাইলৰ খুঁটি। অৱশ্যে উৎক্ষেপণৰ পূৰ্বে কিছু কাৰিকৰী সমস্যাৰ সৃষ্টি হোৱাত উৎক্ষেপণত কিছু পলম হৈছিল। এই সাফল্যৰ ফলত ভাৰত বিশ্বৰ তৃতীয়খন দেশ হিচাপে পৰিগণিত হ’ল, য’ত কোনো ব্যক্তিগত কোম্পানীয়ে নিজাববীয়াকৈ কক্ষপথীয় ৰকেট উৎক্ষেপণ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে এই কৃতিত্ব কেৱল আমেৰিকা আৰু চীনৰ ব্যক্তিগত কোম্পানীসমূহেই লাভ কৰিছিল।

ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ জনক ড° বিক্ৰম সাৰাভাইৰ সন্মানত এই ৰকেটৰ নাম বিক্ৰম-১ ৰখা হৈছে। ৰকেটটো অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাস্থিত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)-ৰ উৎক্ষেপণ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হয়। প্ৰায় সাত মহলীয়া উচ্চতাৰ এই ৰকেটে পৃথিৱীৰ পৰা প্ৰায় ৪৫০ কিলোমিটাৰ উচ্চতাত অৱস্থিত লো আৰ্থ অৰ্বিট (Low Earth Orbit)লৈ গতি কৰে। এই অভিযানৰ মূল উদ্দেশ্য হৈছে উপগ্ৰহসমূহক নিৰ্ধাৰিত কক্ষপথত সফলতাৰে স্থাপন কৰা।

স্কাইৰুট এৰোস্পেছে জনোৱা মতে, কোম্পানীটোৰ লক্ষ্য হৈছে মহাকাশ সেৱাক অধিক সহজ আৰু সুলভ কৰি তোলা। কোম্পানীটোৱে নিজকে মহাকাশ ক্ষেত্ৰৰ “কেব সেৱা” হিচাপে গঢ়ি তুলিব বিচাৰে। অৰ্থাৎ ভৱিষ্যতে বিভিন্ন কোম্পানীয়ে নিজৰ প্ৰয়োজন অনুসৰি ৰকেট সেৱা ভাড়া লৈ উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰিব পাৰিব বা নিৰ্দিষ্ট কক্ষপথত স্থাপন কৰিব পাৰিব। কোম্পানীটোৰ বিশ্বাস, মহাকাশলৈ প্ৰৱেশ অধিক সহজ হ’লে নতুন ব্যৱসায়িক সুযোগ আৰু প্ৰযুক্তিগত উন্নয়ন অধিক গতি লাভ কৰিব।

বিক্ৰম-১ অভিযান স্কাইৰুটৰ মহাকাশ যাত্ৰাৰ পৰৱৰ্তী বৃহৎ পদক্ষেপ। ইয়াৰ পূৰ্বে কোম্পানীটোৱে ২০২২ চনৰ নৱেম্বৰত বিক্ৰম-এছ (Vikram-S) নামৰ উপ-কক্ষপথীয় (Suborbital) অভিযান সফলতাৰে সম্পন্ন কৰিছিল। সেই অভিযানক “অপাৰেচন প্ৰাৰম্ভ” নাম দিয়া হৈছিল। বিক্ৰম-এছৰ সফলতাই প্ৰমাণ কৰিছিল যে ভাৰতৰ ব্যক্তিগত কোম্পানীসমূহেও মহাকাশ ক্ষেত্ৰত বিশ্বমানৰ সাফল্য অৰ্জন কৰিবলৈ সক্ষম।

ডিজিটেল ডেস্ক, ১৮ জুলাই

The post শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ ভাৰতৰ প্ৰথম ব্যক্তিগত কক্ষপথীয় ৰকেট first appeared on নিয়মীয়া বাৰ্তা.

পাক সেনাৰ কনভয়ত বেলুচ বিদ্ৰোহীৰ ভয়ংকৰ আক্ৰমণ, ৪৫জন জোৱান নিহত
ডিজিটেল ডেস্ক, ১৭ জুলাই : পাকিস্তান সেনাৰ এটা কনভয়ক লক্ষ্য কৰি বেলুচ বিদ্ৰোহীয়ে এক ভয়ংকৰ আক্ৰমণ সংঘটিত কৰে। এই আক্ৰমণত অতিকমেও ৪৫জন পাক সেনা জোৱান নিহত হোৱা বুলি দাবী কৰিছে নিষিদ্ধঘোষিত সংগঠন ‘বেলুচিস্তান লিবাৰেচন আৰ্মী’ (BLA)-এ। ঘটনাটোত আন বহুকেইজন জোৱান গুৰুতৰভাৱে আহত হৈছে। অৱশ্যে পাকিস্তান সেনাৰ তৰফৰ পৰা বৰ্তমানলৈকে এই আক্ৰমণক লৈ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

বিএলএৰ (BLA) মুখপাত্ৰ জিয়ান্দ বেলুচে এক বিবৃতিযোগে প্ৰকাশ কৰা মতে, তেওঁলোকৰ সংগঠনৰ বিশেষ ‘ফাতাহ স্কোয়াড’-এ এই আক্ৰমণ চলাইছে। পাকিস্তান সেনাৰ জোৱান কঢ়িয়াই নিয়া এখন বাছক লক্ষ্য কৰি বিদ্ৰোহীসকলে খাপ পিটি আছিল। মুস্তং জিলাৰ খডকোচা অঞ্চলত সেনাৰ বাছখন উপস্থিত হোৱাৰ লগে লগে তাত এক শক্তিশালী বোমা বিস্ফোৰণ ঘটোৱা হয়। বিএলএৰ দাবী অনুসায়ী, বাছখনত থকা অধিকাংশ পাক সেনাৰে থিতাতে মৃত্যু ঘটে।

সংগঠনটোৱে জনাইছে যে অতি সোনকালে তেওঁলোকে এই আক্ৰমণৰ সবিশেষ তথ্য আৰু ভিডিঅ’ ৰাজহুৱা কৰিব। ইফালে, পাকিস্তান চৰকাৰ বা সামৰিক বাহিনীয়ে সমগ্ৰ ঘটনাটোক লৈ এতিয়াও নিমাত হৈ আছে।

উল্লেখযোগ্য যে বেলুচিস্তানত পাকিস্তান সেনাৰ ওপৰত বেলুচ বিদ্ৰোহীৰ আক্ৰমণৰ ঘটনা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে। বিদ্ৰোহীসকলক দমন কৰিবলৈ পাক সেনায়ো অভিযান চলাই আহিছে, যাৰ ফলত দুয়োপক্ষৰ মাজত প্ৰায়ে সংঘৰ্ষৰ সৃষ্টি হয়। ইয়াৰ পূৰ্বে বিগত মে’ মাহতো সেনাৰ কনভয়ক লক্ষ্য কৰি বিএলএই এক আইইডি আক্ৰমণ চলাইছিল, য’ত ১২গৰাকী সামৰিক কৰ্মীৰ মৃত্যু হৈছিল।

The post পাক সেনাৰ কনভয়ত বেলুচ বিদ্ৰোহীৰ ভয়ংকৰ আক্ৰমণ, ৪৫জন জোৱান নিহত first appeared on নিয়মীয়া বাৰ্তা.

UNSCত ভাৰতৰ স্থায়ী প্ৰাৰ্থিত্ব : ২০২৮-২৯ৰ সদস্যপদৰ বাবে আৰম্ভ নিৰ্বাচনী অভিযান
২০২৮-২৯ কাৰ্যকালৰ বাবে সংযুক্ত ৰাষ্ট্ৰৰ সুৰক্ষা পৰিষদ (UNSC)ৰ অস্থায়ী সদস্যপদ লাভৰ ক্ষেত্ৰত ভাৰতৰ দাবীদাৰীত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চীনে। চীনে জনাইছে যে ভাৰতৰ প্ৰাৰ্থিত্বক লৈ ওলাই অহা খবৰসমূহৰ ওপৰত তেওঁলোকে নিবিড়ভাৱে নজৰ ৰাখিছে। অৱশ্যে ভাৰতক সমৰ্থন বা বিৰোধিতা কৰাৰ বিষয়ে কোনো স্পষ্ট মন্তব্য কৰা নাই।

চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰই বৃহস্পতিবাৰে কয়, ভাৰতৰ প্ৰাৰ্থিত্বক লৈ প্ৰকাশিত খবৰসমূহ তেওঁলোকে লক্ষ্য কৰিছে। কিন্তু এই বিষয়ত চীন আনুষ্ঠানিক স্থিতি প্ৰকাশ কৰাৰ পৰা বিৰত থাকে।

ইফালে, বিদেশমন্ত্ৰী এছ. জয়শংকৰে নিউয়ৰ্কস্থিত সংযুক্ত ৰাষ্ট্ৰৰ মুখ্য কাৰ্যালয়ত ২০২৮-২৯ কাৰ্যকালৰ বাবে UNSCৰ অস্থায়ী সদস্যপদৰ নিৰ্বাচনী অভিযান আনুষ্ঠানিকভাৱে আৰম্ভ কৰে। অনুষ্ঠানত বিভিন্ন দেশৰ ৰাষ্ট্ৰদূত আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল।

জয়শংকৰে কয়, সংযুক্ত ৰাষ্ট্ৰৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগী শান্তি, পাৰস্পৰিক বিশ্বাস, নিয়ম-নীতিৰ প্ৰতি সন্মান আৰু সততাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। ভাৰত নিৰ্বাচিত হ’লে সুৰক্ষা পৰিষদত কোনবোৰ অগ্ৰাধিকাৰমূলক বিষয়ত কাম কৰিব, সেয়াও তেওঁ উল্লেখ কৰে।

উল্লেখযোগ্য যে চীন UNSCৰ ৫ স্থায়ী সদস্য দেশৰ অন্যতম আৰু ভেটো ক্ষমতাৰ অধিকাৰী। কিন্তু এতিয়াও ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক চীনে মুকলিভাৱে সমৰ্থন জনোৱা নাই। আনহাতে আমেৰিকা, ৰাছিয়া, ফ্ৰান্স আৰু ব্ৰিটেইনে ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক পূৰ্বৰে পৰা সমৰ্থন জনাই আহিছে।

২০২৮-২৯ কাৰ্যকালৰ বাবে UNSCৰ নিৰ্বাচন আগন্তুক বছৰৰ জুন মাহত অনুষ্ঠিত হ’ব। এছিয়া-প্ৰশান্ত মহাসাগৰীয় গোটৰ এটা আসনৰ বাবে ভাৰতৰ মূল প্ৰতিদ্বন্দ্বী হ’ব তাজিকিস্তান।

ভাৰত ইয়াৰ পূৰ্বে ২০২১-২২, ২০১১-১২, ১৯৯১-৯২, ১৯৮৪-৮৫, ১৯৭৭-৭৮, ১৯৭২-৭৩, ১৯৬৭-৬৮ আৰু ১৯৫০-৫১ চনত UNSCৰ অস্থায়ী সদস্য হিচাপে দায়িত্ব পালন কৰিছে।

দীৰ্ঘদিন ধৰি ভাৰতৰ দাবী, প্ৰায় ৮০ বছৰ পুৰণি UNSCৰ বৰ্তমানৰ গাঁথনি আধুনিক বিশ্বৰ প্ৰয়োজন অনুসৰি সংস্কাৰ কৰিব লাগিব। ভাৰতৰ মতে, উন্নয়নশীল দেশসমূহক অধিক প্ৰতিনিধিত্ব প্ৰদান কৰিলে বিশ্বব্যাপী সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়া অধিক অন্তৰ্ভুক্তিমূলক আৰু কাৰ্যকৰী হ’ব।

ডিজিটেল ডেস্ক, ১৭ জুলাই

The post UNSCত ভাৰতৰ স্থায়ী প্ৰাৰ্থিত্ব : ২০২৮-২৯ৰ সদস্যপদৰ বাবে আৰম্ভ নিৰ্বাচনী অভিযান first appeared on নিয়মীয়া বাৰ্তা.

১৩ বিশ্বনেতাৰ বিৰুদ্ধে মৃত্যু পৰোৱানা ইৰানৰ
ডিজিটেল ডেস্ক, ১৪ জুলাই : ইৰানৰ প্রাক্তন সর্বোচ্চ ধর্মীয় নেতা আয়াতুল্লা আলী খামেনেইৰ মৃত্যুৰ প্রতিশোধ লোৱাৰ বাবে সাৱধানবাণী শুনাইছে তেওঁৰ পুত্র মোজতবা খামেনেইয়ে৷ সেইমর্মে এইবাৰ প্রক্রিয়া আৰম্ভ কৰিছে ইৰান প্রশাসনে৷ খামেনেইৰ হত্যাৰ সৈতে জড়িত বিশ্বনেতাসকলৰ বিৰুদ্ধে মৃত্যু পৰোৱানা জাৰি কৰা হৈছে তেহৰানৰ এখন সংবাদ–পত্রত৷ য’ত আমেৰিকা, ইজৰাইলসহ ইউৰোপৰ একাধিক দেশৰ শীর্ষনেতাসকলৰ ছবি প্রকাশ কৰা হৈছে আৰু সেই নেতাসকলকেই খামেনেইৰ মৃত্যুৰ বাবে জগৰীয়া কৰা হৈছে৷

ইৰানৰ তৰফৰ পৰা প্রকাশিত বিশ্বনেতাসকলৰ মৃত্যুৰ পৰোৱানাত মুঠ ১৩জন নেতাৰ নাম আৰু ছবি প্রকাশ কৰা হৈছে৷ হিটলিষ্টত যিকেইগৰাকী নেতাৰ নাম আছে তেওঁলোক হ’ল– মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প, মার্কিন বিদেশ সচিব মার্ক’ ৰুবিঅ’ আৰু প্রতিৰক্ষা সচিব পিট হেগছেথ৷ ইয়াৰ পিছতে ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেতান্যেহু আৰু দেশখনৰ প্রতিৰক্ষা দপ্তৰৰ দুই শীর্ষ বিষয়া ইজৰাইল কাটজ আৰু গিডিয়ন ছাৰৰ নাম আছে৷ তালিকাত আৰু আছে ব্রিটেইনৰ প্রধানমন্ত্রী কিয়েৰ ষ্টাৰমাৰ, ফ্রান্সৰ ৰাষ্ট্রপতি এমানুৱেল মেক্রন, ইটালীৰ প্রধানমন্ত্রী জর্জিয়া মেল’নি, জার্মানীৰ চেঞ্চেলৰ ফ্রেডৰিক মের্জসহ মুঠ ১৩জন নেতা৷

তালিকাত প্রকাশিত নেতাসকলৰ ভিতৰত মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প আৰু ইজৰাইলৰ প্রধানমন্ত্রী নেতান্যেহুক পোনপটীয়াকৈ বন্দুকৰ লক্ষ্যত ৰখা দেখা গৈছে৷ আনকেইগৰাকীক দেখা গৈছে বন্দীৰ পোছাকত৷

উল্লেখ্য যে চলিত বছৰৰ ২৮ ফেব্রুৱাৰীত আমেৰিকা আৰু ইৰানৰ যুটীয়া আক্রমণত মৃত্যু হৈছে ইৰানৰ সর্বোচ্চ ধর্মীয় নেতা আয়াতুল্লা আলী খামেনেইৰ৷ শেহতীয়াকৈ তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হৈছে৷ মহাসমাৰোহেৰে ৰাষ্ট্রনেতাগৰাকীক বিদায় জনোৱাৰ পিছত শত্রুপক্ষৰ বিৰুদ্ধে কঠোৰ সুৰত সাৱধানবাণী শুনাইছে তেওঁৰ পুত্র মোজতবাই৷ এটা লিখিত বার্তাত তেওঁ জনায়– ‘ৰাষ্ট্রৰ এটাই দাবী, সেয়া হ’ল প্রতিশোধ৷ প্রয়াত সর্বোচ্চ নেতাগৰাকীৰ মৃত্যুৰ প্রতিশোধ আমি ল’মেই৷’ লগতে তেওঁ আৰু লিখিছে– ‘কুখ্যাত অপৰাধী আৰু হত্যাকাৰীসকলৰ দ্বাৰা যিবোৰ নেতা শ্বহীদ হৈছে এই যুদ্ধত সকলো শ্বহীদৰ তেজৰ প্রতিশোধ লোৱাৰ প্রতিজ্ঞা কৰা হৈছে৷ আমি ইয়াত থাকোৱেই বা নাথাকোৱেই, আমাৰ এই লক্ষ্যত উপনীত হ’মেই আৰু শীঘ্রে বিশ্বজুৰি স্বাধীনতাকামীসকলৰ প্রত্যেকে এই ঐশ্বৰিক অভিযানৰ অংশ হৈ উঠিব৷’

ইৰানৰ ওপৰত আক্রমণৰ ঘটনাত আমেৰিকা আৰু ইজৰাইল পোনপটীয়াকৈ দায়ী হ’লেও ইৰানে দাবী কৰিছে যে এই যুদ্ধত পৰোক্ষভাৱে ইউৰোপৰ একাধিক দেশ জড়িত৷ তেহৰানে অভিযোগ কৰে যে ব্রিটেইন, ফ্রান্স আৰু জার্মানীৰ দৰে দেশসমূহে কেৱল ইৰানৰ সার্বভৌমত্বৰ ওপৰত চলোৱা আক্রমণৰ ঘটনাক নিন্দা কৰাই নাই, বৰং মার্কিন সামৰিক বিমানক তেওঁলোকৰ আকাশী সীমা ব্যৱহাৰৰো অনুমতি দি এই গুপ্তহত্যা আৰু আক্রমণত পৰোক্ষভাৱে লিপ্ত হৈছিল৷

The post ১৩ বিশ্বনেতাৰ বিৰুদ্ধে মৃত্যু পৰোৱানা ইৰানৰ first appeared on নিয়মীয়া বাৰ্তা.

মাজনিশা বেংককৰ বাৰত ভয়াৱহ ঘটনা : ২৭জনৰ মৃত্যু, আহত বহুতো
ডিজিটেল ডেস্ক, ১৩ জুলাই : সোমবাৰে মাজনিশা থাইলেণ্ডৰ ৰাজধানী বেংককৰ এক পাবত (সুৰাৰ দোকান বা নৈশ ক্লাব) ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। এই কৰুণ দুৰ্ঘটনাত অতিকমেও ২৭জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আনহাতে, গুৰুতৰভাৱে আহত অৱস্থাত আন ৬৩জন লোকক চিকিৎসালয়ত চিকিৎসাধীন কৰা হৈছে। অগ্নিকাণ্ডৰ পিছত প্ৰাণ বচাবলৈ পাবখনৰ শৌচাগাৰত আশ্ৰয় লৈছিল অধিকাংশ মানুহে। তাৰ পৰাই উদ্ধাৰ কৰা হৈছে বেছিভাগ মৃতদেহ। এই কৰুণ দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী অনুতিন চাৰ্নভিৰাকুলে। অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত জানিবলৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰা হৈছে।

জানিব পৰা মতে, দেওবাৰে নিশা প্ৰায় ১১:৫৭ বজাত উত্তৰ বেংককৰ ‘না লাট ফ্ৰাও’ নামৰ এখন পাবত এই দুৰ্ঘটনাটো ঘটে। অগ্নিকাণ্ডৰ খবৰ পাই ক্ষিপ্ৰতাৰে ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী। ৩০ মিনিটৰ ভিতৰতে জুই নিয়ন্ত্ৰণলৈ অনা হয়। অৱশ্যে তেতিয়ালৈকে যি ক্ষতি হ’বলগীয়া আছিল হৈ গৈছিল। পাবখনৰ ভিতৰৰ পৰা ২৭টা মৃতদেহ উদ্ধাৰ কৰা হয়। ইয়াৰ উপৰি ৬৩জন লোকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ইয়াৰে ২২জনৰ অৱস্থা অতি সংকটজনক। বেংককৰ গৱৰ্নৰ চাদচাৰ্ট চিটিপুন্টে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ কয়- “জুই অতি সোনকালে চিলিংলৈকে বিয়পি পৰিছিল। ইমান ক্ষিপ্ৰতাৰে জুইকুৰাই ভয়াৱহ ৰূপ ধাৰণ কৰিলে যে বেছিভাগ মানুহেই ওলাই অহাৰ সুযোগেই নাপালে। সমগ্ৰ অঞ্চলটো ধোঁৱাৰে ভৰি পৰিছিল। অধিকাংশ লোকৰে মৃত্যু হৈছে উশাহ বন্ধ হৈ।”

ঘটনাৰ কেইবাটাও ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। য’ত দেখা গৈছে যে পাবখন দাওদাওকৈ জ্বলি উঠিছে আৰু প্ৰাণ বচাবলৈ মানুহবোৰে তাৰ পৰা দৌৰি ওলাই আহিছে।

থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে কয়- “পাবত থকা বেছিভাগ মানুহেই সময় মতে ওলাই আহিব নোৱাৰিলে। যাৰ বাবে ইমানখিনি মানুহৰ মৃত্যু হ’ল। ধোঁৱা আৰু জুইৰ পৰা বাচিবলৈ বেছিভাগেই ভৱনটোৰ পিছফালে থকা শৌচাগাৰত লুকাবলৈ চেষ্টা কৰিছিল আৰু তাতেই আমি সৰহসংখ্যক মৃতদেহ বিচাৰি পাইছোঁ।”

প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে পাবখনত দুটা জৰুৰীকালীন প্ৰস্থান পথ আছিল, যাৰ এটা পাকঘৰৰ কাষেৰে গৈছিল। এই প্ৰস্থান পথসমূহ পৰ্যাপ্ত পৰিমাণে সুৰক্ষিত আছিল নে নাই, তাক পৰীক্ষা কৰি থকা হৈছে। প্ৰশাসনৰ তৰফৰ পৰা পাবখনৰ চৰকাৰী অনুমতিও পৰীক্ষা কৰা হৈছে। প্ৰত্যক্ষদৰ্শী টেক্সিচালক এজনে কয় যে বাৰখনৰ দুৱাৰৰ পৰা ৰাস্তাৰ ফালে জুইৰ লেলিহান শিখা ওলাই আহিছিল। তেওঁ তাৰ পৰা অতিকমেও পাঁচজন লোকক ওলাই অহাত সহায় কৰে।

The post মাজনিশা বেংককৰ বাৰত ভয়াৱহ ঘটনা : ২৭জনৰ মৃত্যু, আহত বহুতো first appeared on নিয়মীয়া বাৰ্তা.

ভয়ংকৰ প্রলয় নমাব বেইজিঙৰ থ্রী গর্জেছ ডেমে
ডিজিটেল ডেস্ক, ১২ জুলাই : পৰিৱেশগত বিৰূপ প্রভাৱক লৈ উদ্বেগৰ সৃষ্টি কৰি তিব্বতত ব্রহ্মপুত্র (চীনত য়াৰলুং চাংপো নামেৰে পৰিচিত)ক ভেটি বেইজিঙে নির্মাণ কৰি থকা বিশ্বৰ সর্ববৃহৎ জলবিদ্যুৎ প্রকল্পটো সন্দর্ভত স্পষ্ট সকীয়নি দিছে খোদ চীনা ভূতাত্ত্বিকে৷

বার্ষিক ৩০০ বিলিয়ন কিলোৱাট–ঘণ্টা বিদ্যুৎ উৎপাদনক্ষম মেডোগ জলবিদ্যুৎ প্রকল্পটো চীনে অতি শিথিল গঠন–দুর্বল সংহতিৰ ভূখণ্ডত নির্মাণ কৰিছে৷ পৰিণতিত ভয়ংকৰ প্রলয় নমাই আনিব পাৰে এই ‘থ্রী গর্জেছ ডেম’–এ ৷ প্রধানতঃ নির্মাণস্থলীৰ ঠিক তলতেই থকা সক্রিয় ‘ফল্ট লাইন’ মাৰাত্মক বিপর্যয়ৰ কাৰক হোৱাৰ আশংকা কৰিছে চীনা ভূতাত্ত্বিকৰ দলে৷

উল্লেখ্য যে ‘চাইনী জিঅ’লজিকেল ছার্ভে’ৰ তত্ত্বাৱধানত চীনা ভাষাৰ শৈক্ষিক জার্নেল ‘ছেডিমেণ্টাৰী জিঅ’লজী এণ্ড টেথিয়ান জিঅ’লজী’ত যোৱা মাহত প্রকাশিত এখন গৱেষণা–পত্রত দৈত্যকায় নদীবান্ধটোৰ স্থিতিশীলতা ৰক্ষা তথা সম্ভাব্য ভূমিকম্প–ভূ–স্খলন প্রতিৰোধমূলক ব্যৱস্থা গ্রহণৰ পৰামর্শ দিয়া হৈছে৷ চেংডু ইউনিভার্ছিটী অৱ টেকন’লজী–চাইনা জিঅ’লজিকেল ছার্ভেৰ চিভিল–মিলিটেৰী ইণ্টিগ্রেচন চেণ্টাৰ আৰু মিডল য়াৰলুং চাংপো ৰিভাৰ নেচাৰেল ৰিছ’র্চেছ অৱজাৰভেচন এণ্ড ৰিছার্চ ষ্টেচনৰ ভূতাত্ত্বিকৰ দলে যৌথভাৱে মেডোগ জলবিদ্যুৎ প্রকল্পৰ সম্ভাৱনীয়তাৰ ওপৰত উক্ত গৱেষণা কৰিছে৷

গৱেষণা–পত্রত উল্লেখ কৰা মতে, ‘পাইঝেন ফল্ট’ নামেৰে পৰিচিত এই সক্রিয় ফল্ট লাইনটোৱে ইতিমধ্যে নির্মাণস্থলীৰ আশ–পাশৰ শিলাস্তৰত ফাটৰ সৃষ্টি কৰিছে৷ যাৰ ফলত বৃহৎ নদীবান্ধটোৰ বিভিন্ন অংশৰ আন্তঃগাঁথনিৰ ভাৰবহন ক্ষমতা আৰু কাঠামোগত স্থিতিশীলতা ক্ষতিগ্রস্ত হোৱাৰ সম্ভাৱনা প্রকট৷ এই সন্দর্ভত গৱেষকসকলে লিখিছে– ‘পাইঝেন ফল্ট, যি প্লাইষ্ট’চিন সময়কাল বা হিমযুগৰ পৰাই অত্যন্ত সক্রিয়৷ ইয়াৰ পৰিণতিত বান্ধ, পথ, দলং আৰু সুৰংগসহ সমীপৱর্তী পৰিকাঠামোৰ স্থিতিশীলতা আৰু নির্মাণকার্যৰ ওপৰত তথা জলাধাৰ এলেকা (ৰিজার্ভাৰ এৰিয়া)ৰ ওপৰত সাংঘাতিক ধৰণে বিৰূপ প্রভাৱ পেলাব৷’ এই এলেকাটো য়াৰলুং চাংপোৰ নামনি অংশত নির্মীয়মাণ জলবিদ্যুৎ প্রকল্পটোৰ নির্ধাৰিত জলাধাৰৰ সীমাৰ মাজতে অৱস্থিত৷

গৱেষকসকলৰ মতে, এলেকাটোৰ ভূ–প্রকৃতি বা ভূ–খণ্ড শিথিল গঠন আৰু দুর্বল সংহতিবিশিষ্ট৷ গৱেষকসকলে আন এক গুৰুত্বপূর্ণ কথাও গৱেষণা–পত্রত উল্লেখ কৰিছে৷ তেওঁলোকে স্পষ্টভাৱে কৈছে– দীর্ঘ সময় ধৰি জলমগ্ণ হৈ থকা, ফল্টলাইনৰ সক্রিয়তা, ভূমিকম্প আৰু ভূ–স্খলনৰ প্রভাৱত জলাধাৰ এলেকাৰ উভয় পাৰত অতি সহজেই অভাৱনীয় ধ্বংসলীলাৰ উদ্ভৱ হ’ব পাৰে৷ মন কৰিবলগীয়া যে মেডোগ জলবিদ্যুৎ প্রকল্প য়াৰলুং চাংপোৰ ‘গ্রেড বেণ্ড’ৰ কাষতে অৱস্থিত৷ এই স্থানতেই নৈখন ২,০০০ মিটাৰ গভীৰ গিৰিখাদত আঁচোৰ খাই পৰিছে৷

চীনে বিশ্বৰ সর্ববৃহৎ জলবিদ্যুৎ প্রকল্পটোৰ নির্মাণকার্য সম্পূর্ণ কৰাৰ সময়সীমা নির্ধাৰণ কৰি দিছে ২০৩৩ চন৷ এই সন্দর্ভত ‘ছাউথ চাইনা মর্নিং পোষ্ট’ৰ এক প্রতিবেদনত উল্লেখ কৰা অনুসৰি নির্মীয়মাণ মেডোগ জলবিদ্যুৎ প্রকল্পৰ সমীপতে অৱস্থিত পাই নামৰ গাঁওখন হিমালয়ৰ ভূমিকম্পপ্রৱণ বলয়ৰ ওপৰত অৱস্থিত৷ সেই অঞ্চলটোত আটাইতকৈ শক্তিশালী তথা সঘনে ভূমিকম্প হোৱা পৰিলক্ষিত হয়৷ অঞ্চলটোৰ ভূ–গাঁথনিক ভংগুৰতাৰ প্রমাণ হিচাপে প্রতিবেদনখনত ২০১৭ চনত ‘পাইঝেন ফল্টলাইন’ৰ উত্তৰাংশত আঘাত হনা ৬.৯ প্রাবল্যৰ ভূমিকম্পটোৰ কথা উল্লেখ কৰা হৈছে৷ লগতে কোৱা হৈছে যে ভূমিকম্পৰ ফলত সহজেই ভূমিস্খলন সংঘটিত হ’ব পাৰে৷ যিয়ে দৈত্যকায় নদীবান্ধটোৰ আন্তঃগাঁথনি আৰু নির্মাণকার্যত নিয়োজিত কর্মীসকলৰ নিৰাপত্তালৈ ভাবুকি কঢ়িয়াই আনিব৷

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে তিব্বতৰ স্বায়ত্তশাসিত অঞ্চলৰ পৰা বৈ অহাৰ পাছত য়াৰলুং চাংপোৱে চিয়াং নামেৰে অৰুণাচল প্রদেশত প্রৱেশ কৰিছে৷ ইয়াৰ পাছত অসমলৈ ব্রহ্মপুত্র নামেৰে বৈ আহি বাংলাদেশত প্রৱেশ কৰিছে যমুনা নাম লৈ৷ গুৰুত্বপূর্ণ কথাটো হ’ল– ব্রহ্মপুত্রৰ বুকুত চীনে বিশ্বৰ সর্ববৃহৎ নদীবান্ধ নির্মাণ কৰা কার্যই জলপ্রৱাহ আৰু পৰিৱেশগত প্রভাৱক লৈ ভাৰত–বাংলাদেশ উভয় দেশৰ বাবে উদ্বেগৰ কাৰক হৈ পৰিছে৷

২০২৫ চনৰ আগষ্ট মাহত ৰাজ্যসভাত এক লিখিত প্রশ্ণৰ উত্তৰত বৈদেশিক ৰাজ্যমন্ত্রী কীর্তিবর্ধন সিঙে কৈছে যে ভাৰত চৰকাৰে এই পৰিস্থিতিৰ বিষয়ে অৱগত আৰু প্রতিষ্ঠিত প্রক্রিয়াৰ জৰিয়তে পৰিস্থিতি পর্যবেক্ষণ কৰি আছে৷ ইয়াৰ পূর্বে ২০২৫ চনৰ ফেব্রুৱাৰী মাহত তেওঁ ৰাজ্যসভাত সদৰী কৰা মতে চীনৰ বৃহৎ নদীবান্ধৰ কাৰণে নামনি অংশৰ অঞ্চলসমূহত প্রভাৱ পৰিব পাৰে৷ সেয়েহে এই বিষয়ে ভাৰতৰ তৰফৰ পৰা চীনা কর্তৃপক্ষক উদ্বেগৰ বিষয়ে জনোৱা হৈছে৷ তদুপৰি একেটা বর্ষৰ জানুৱাৰী মাহত বেইজিং ভ্রমণৰ সময়ত কেন্দ্রীয় বৈদেশিক সচিব বিক্রম মিশ্রিয়েও বিষয়টো উত্থাপন কৰিছিল৷ এতিয়া নির্মীয়মাণ মেডোগ জলবিদ্যুৎ প্রকল্পক লৈ চীনা ভূ–তাত্ত্বিকে দিয়া উক্ত সকীয়নি কার্যতঃ অসম–অৰুণাচল প্রদেশসহ হিমালয়ান অঞ্চলৰ কাৰণে আন এক অশনি সংকেতৰূপে বিবেচিত হৈছে৷

The post ভয়ংকৰ প্রলয় নমাব বেইজিঙৰ থ্রী গর্জেছ ডেমে first appeared on নিয়মীয়া বাৰ্তা.

ভাৰতৰ ওপৰত ৫০০ শতাংশ শুল্ক আৰোপৰ যো–জা ট্রাম্পৰ
ডিজিটেল ডেস্ক, ১২ জুলাই : এইবাৰ ‘বন্ধু’ ভাৰতৰ ওপৰত ৫০০ শতাংশ শুল্ক আৰোপ কৰিবলৈ ওলাইছে ড’নাল্ড ট্রাম্পে৷ এই দিশত বহুখিনি আগবাঢ়িছে মার্কিন প্রশাসন৷ জানিব পৰা মতে, ৪গৰাকী মার্কিন ছিনেটৰে নতুন এখন আইন গৃহীত কৰাৰ প্রক্রিয়া আৰম্ভ কৰিছে৷ এই আইনৰ মর্মার্থ অনুসৰি যিবোৰ দেশে ৰাছিয়াৰ পৰা এতিয়াও শক্তি সম্পদ আমদানি কৰি আছে, তেওঁলোকৰ ওপৰত বিপুল অংকৰ শুল্ক আৰোপ কৰা৷ কমেও ৫০০ শতাংশ শুল্ক আৰোপৰ প্রস্তাৱ ৰখা হৈছে বিধেয়কখনৰ প্রাথমিক খচৰাত৷

ভাৰতে দীর্ঘদিন ধৰি ৰাছিয়াৰ তেল ক্রয় কৰি আহিছে৷ ৰাছিয়াৰ তেলৰ বৃহৎ ক্রেতা ভাৰত৷ ফলত নতুন আইন গৃহীত হ’লে ভাৰতৰ বাবে মূৰৰ কামোৰণি বৃদ্ধি হোৱাৰ যথেষ্ট কাৰণ আছে৷ ৰিপাব্লিক আৰু ডেম’ক্রেটছ দুয়োটা দলৰে পৰাই দুজনকৈ ছিনেটৰে এই বিধেয়কৰ প্রস্তাৱ কৰিছিল৷ ট্রাম্পৰ প্রশাসনৰ সন্মতিতে এইবাৰ বিধেয়কখন উত্থাপন কৰা হ’ব৷ ছেঞ্চনিং ৰাছিয়া এক্ট–২০২৫ত কোৱা হৈছে যে ৰাছিয়াৰ পৰা যিবোৰ দেশে তেল, গেছ, ইউৰেনিয়াম, পেট্র’পণ্য কিনে তেওঁলোকৰ ওপৰত শুল্ক আৰোপ কৰা হ’ব৷ এই শুল্কৰ পৰিমাণ ৫০০ শতাংশ পর্যন্ত হ’ব পাৰে৷ কিন্তু মার্কিন ৰাষ্ট্রীয় সুৰক্ষাৰ স্বার্থত ৰুছ পণ্য কিনাৰ নিষেধাজ্ঞাত সর্বাধিক ১৮০ দিনৰ ৰেহাই দিব পাৰে আমেৰিকাৰ ৰাষ্ট্রপতিয়ে৷ এই কথা কোৱা হৈছে বিধেয়কখনত৷

উল্লেখ্য যে বিধেয়কখনৰ আঁৰত থকা ৪গৰাকী ছিনেটৰৰ ভিতৰত অন্যতম লিণ্ডছে গ্রাহাম৷ যোৱা বছৰ তেওঁ মুকলিকৈ হুমকি দিছিল ভাৰতক৷ এক্স হেণ্ডেলত তেওঁ লিখিছিল– ‘চীন–পুটিনৰ যুদ্ধৰ মেচিনত আপোনালোকে যদি ইন্ধন যোগাই থাকে তেনেহ’লে আপোনালোকে নিজৰ বাহিৰে আন কাকো দূষিব নোৱাৰিব৷’ এইবাৰ তেওঁ উত্থাপন কৰা এই বিধেয়কখনেই বিপদত পেলাব পাৰে ভাৰতক৷ ২০২২ চনৰ পৰা ৰাছিয়া–ইউক্রেইন যুদ্ধৰ আৰম্ভণিৰ পিছত পশ্চিমৰ একাধিক দেশে ৰাছিয়াৰ তেল আমদানি কৰাটো বন্ধ কৰি দিয়ে৷ পিছে জার্মানীৰ দৰে বহু দেশে ৰাছিয়াৰ গেছ এতিয়াও আমদানি কৰাটো অব্যাহত ৰাখিছে৷ সেই সময়তে কম দামত ৰাছিয়াৰ তেল কিনিবলৈ আৰম্ভ কৰে ভাৰতে৷ হোৰাহোৰে ৰাছিয়াৰ তেল আমদানিৰ পৰিমাণ বঢ়াই থাকে৷ প্রথমৰ পৰাই এই বিষয়টো ভাল ভাবেৰে লোৱা নাই আমেৰিকাই৷ কিন্তু নতুন দিল্লীৰ স্পষ্ট স্থিতি আছিল যে ৰাষ্ট্রীয় স্বার্থৰ কথা ভাবি য’ৰ পৰা তেল আমদানি কৰাটো লাভজনক তাৰ পৰাই তেল কিনা হ’ব৷

যোৱা বছৰ আগষ্ট মাহত ভাৰতীয় পণ্যৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰে ট্রাম্পে ৰাছিয়াৰ পৰা তেল কিনাৰ ‘অপৰাধত’৷ তাৰ পিছত স্পষ্টকৈ জনায় যে তেল বিক্রীৰ ধনেৰে ইউক্রেইনত হত্যালীলা চলাইছে ৰাছিয়াই৷ সেই কাৰণে ৰাছিয়াৰ তেল আমদানিকাৰী দেশসমূহক ‘শাস্তি’ দিয়া হ’ব৷ ভাৰতক ‘নির্দেশ’ দি ট্রাম্পে ৰাছিয়াৰ তেল কিনা বন্ধ কৰিব লাগিব বুলি কয়৷ কিন্তু ফেব্রুৱাৰীৰ পৰা আৰম্ভ হয় ইৰানৰ সৈতে আমেৰিকাৰ যুদ্ধ৷ তেলৰ বজাৰ একেবাৰেই বিপর্যস্ত হৈ পৰে৷ সেই সময়তে ভাৰতক ৰাছিয়াৰ তেল কিনাৰ ‘অনুমতি’ও দিয়ে আমেৰিকাই৷ সেই ‘অনুমতি’ৰ ম্যাদ আপাততঃ উকলিছে৷

The post ভাৰতৰ ওপৰত ৫০০ শতাংশ শুল্ক আৰোপৰ যো–জা ট্রাম্পৰ first appeared on নিয়মীয়া বাৰ্তা.