নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ ওপৰত ৫০০ শতাংশ শুল্ক আৰোপৰ যো–জা ট্রাম্পৰ

ডিজিটেল ডেস্ক, ১২ জুলাই : এইবাৰ ‘বন্ধু’ ভাৰতৰ ওপৰত ৫০০ শতাংশ শুল্ক আৰোপ কৰিবলৈ ওলাইছে ড’নাল্ড ট্রাম্পে৷ এই দিশত বহুখিনি আগবাঢ়িছে মার্কিন প্রশাসন৷ জানিব পৰা মতে, ৪গৰাকী মার্কিন ছিনেটৰে নতুন এখন আইন গৃহীত কৰাৰ প্রক্রিয়া আৰম্ভ কৰিছে৷ এই আইনৰ মর্মার্থ অনুসৰি যিবোৰ দেশে ৰাছিয়াৰ পৰা এতিয়াও শক্তি সম্পদ আমদানি কৰি আছে, তেওঁলোকৰ ওপৰত বিপুল অংকৰ শুল্ক আৰোপ কৰা৷ কমেও ৫০০ শতাংশ শুল্ক আৰোপৰ প্রস্তাৱ ৰখা হৈছে বিধেয়কখনৰ প্রাথমিক খচৰাত৷

ভাৰতে দীর্ঘদিন ধৰি ৰাছিয়াৰ তেল ক্রয় কৰি আহিছে৷ ৰাছিয়াৰ তেলৰ বৃহৎ ক্রেতা ভাৰত৷ ফলত নতুন আইন গৃহীত হ’লে ভাৰতৰ বাবে মূৰৰ কামোৰণি বৃদ্ধি হোৱাৰ যথেষ্ট কাৰণ আছে৷ ৰিপাব্লিক আৰু ডেম’ক্রেটছ দুয়োটা দলৰে পৰাই দুজনকৈ ছিনেটৰে এই বিধেয়কৰ প্রস্তাৱ কৰিছিল৷ ট্রাম্পৰ প্রশাসনৰ সন্মতিতে এইবাৰ বিধেয়কখন উত্থাপন কৰা হ’ব৷ ছেঞ্চনিং ৰাছিয়া এক্ট–২০২৫ত কোৱা হৈছে যে ৰাছিয়াৰ পৰা যিবোৰ দেশে তেল, গেছ, ইউৰেনিয়াম, পেট্র’পণ্য কিনে তেওঁলোকৰ ওপৰত শুল্ক আৰোপ কৰা হ’ব৷ এই শুল্কৰ পৰিমাণ ৫০০ শতাংশ পর্যন্ত হ’ব পাৰে৷ কিন্তু মার্কিন ৰাষ্ট্রীয় সুৰক্ষাৰ স্বার্থত ৰুছ পণ্য কিনাৰ নিষেধাজ্ঞাত সর্বাধিক ১৮০ দিনৰ ৰেহাই দিব পাৰে আমেৰিকাৰ ৰাষ্ট্রপতিয়ে৷ এই কথা কোৱা হৈছে বিধেয়কখনত৷

উল্লেখ্য যে বিধেয়কখনৰ আঁৰত থকা ৪গৰাকী ছিনেটৰৰ ভিতৰত অন্যতম লিণ্ডছে গ্রাহাম৷ যোৱা বছৰ তেওঁ মুকলিকৈ হুমকি দিছিল ভাৰতক৷ এক্স হেণ্ডেলত তেওঁ লিখিছিল– ‘চীন–পুটিনৰ যুদ্ধৰ মেচিনত আপোনালোকে যদি ইন্ধন যোগাই থাকে তেনেহ’লে আপোনালোকে নিজৰ বাহিৰে আন কাকো দূষিব নোৱাৰিব৷’ এইবাৰ তেওঁ উত্থাপন কৰা এই বিধেয়কখনেই বিপদত পেলাব পাৰে ভাৰতক৷ ২০২২ চনৰ পৰা ৰাছিয়া–ইউক্রেইন যুদ্ধৰ আৰম্ভণিৰ পিছত পশ্চিমৰ একাধিক দেশে ৰাছিয়াৰ তেল আমদানি কৰাটো বন্ধ কৰি দিয়ে৷ পিছে জার্মানীৰ দৰে বহু দেশে ৰাছিয়াৰ গেছ এতিয়াও আমদানি কৰাটো অব্যাহত ৰাখিছে৷ সেই সময়তে কম দামত ৰাছিয়াৰ তেল কিনিবলৈ আৰম্ভ কৰে ভাৰতে৷ হোৰাহোৰে ৰাছিয়াৰ তেল আমদানিৰ পৰিমাণ বঢ়াই থাকে৷ প্রথমৰ পৰাই এই বিষয়টো ভাল ভাবেৰে লোৱা নাই আমেৰিকাই৷ কিন্তু নতুন দিল্লীৰ স্পষ্ট স্থিতি আছিল যে ৰাষ্ট্রীয় স্বার্থৰ কথা ভাবি য’ৰ পৰা তেল আমদানি কৰাটো লাভজনক তাৰ পৰাই তেল কিনা হ’ব৷

যোৱা বছৰ আগষ্ট মাহত ভাৰতীয় পণ্যৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰে ট্রাম্পে ৰাছিয়াৰ পৰা তেল কিনাৰ ‘অপৰাধত’৷ তাৰ পিছত স্পষ্টকৈ জনায় যে তেল বিক্রীৰ ধনেৰে ইউক্রেইনত হত্যালীলা চলাইছে ৰাছিয়াই৷ সেই কাৰণে ৰাছিয়াৰ তেল আমদানিকাৰী দেশসমূহক ‘শাস্তি’ দিয়া হ’ব৷ ভাৰতক ‘নির্দেশ’ দি ট্রাম্পে ৰাছিয়াৰ তেল কিনা বন্ধ কৰিব লাগিব বুলি কয়৷ কিন্তু ফেব্রুৱাৰীৰ পৰা আৰম্ভ হয় ইৰানৰ সৈতে আমেৰিকাৰ যুদ্ধ৷ তেলৰ বজাৰ একেবাৰেই বিপর্যস্ত হৈ পৰে৷ সেই সময়তে ভাৰতক ৰাছিয়াৰ তেল কিনাৰ ‘অনুমতি’ও দিয়ে আমেৰিকাই৷ সেই ‘অনুমতি’ৰ ম্যাদ আপাততঃ উকলিছে৷

You might also like