নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

UNSCত ভাৰতৰ স্থায়ী প্ৰাৰ্থিত্ব : ২০২৮-২৯ৰ সদস্যপদৰ বাবে আৰম্ভ নিৰ্বাচনী অভিযান

২০২৮-২৯ কাৰ্যকালৰ বাবে সংযুক্ত ৰাষ্ট্ৰৰ সুৰক্ষা পৰিষদ (UNSC)ৰ অস্থায়ী সদস্যপদ লাভৰ ক্ষেত্ৰত ভাৰতৰ দাবীদাৰীত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চীনে। চীনে জনাইছে যে ভাৰতৰ প্ৰাৰ্থিত্বক লৈ ওলাই অহা খবৰসমূহৰ ওপৰত তেওঁলোকে নিবিড়ভাৱে নজৰ ৰাখিছে। অৱশ্যে ভাৰতক সমৰ্থন বা বিৰোধিতা কৰাৰ বিষয়ে কোনো স্পষ্ট মন্তব্য কৰা নাই।

চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰই বৃহস্পতিবাৰে কয়, ভাৰতৰ প্ৰাৰ্থিত্বক লৈ প্ৰকাশিত খবৰসমূহ তেওঁলোকে লক্ষ্য কৰিছে। কিন্তু এই বিষয়ত চীন আনুষ্ঠানিক স্থিতি প্ৰকাশ কৰাৰ পৰা বিৰত থাকে।

ইফালে, বিদেশমন্ত্ৰী এছ. জয়শংকৰে নিউয়ৰ্কস্থিত সংযুক্ত ৰাষ্ট্ৰৰ মুখ্য কাৰ্যালয়ত ২০২৮-২৯ কাৰ্যকালৰ বাবে UNSCৰ অস্থায়ী সদস্যপদৰ নিৰ্বাচনী অভিযান আনুষ্ঠানিকভাৱে আৰম্ভ কৰে। অনুষ্ঠানত বিভিন্ন দেশৰ ৰাষ্ট্ৰদূত আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল।

জয়শংকৰে কয়, সংযুক্ত ৰাষ্ট্ৰৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগী শান্তি, পাৰস্পৰিক বিশ্বাস, নিয়ম-নীতিৰ প্ৰতি সন্মান আৰু সততাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। ভাৰত নিৰ্বাচিত হ’লে সুৰক্ষা পৰিষদত কোনবোৰ অগ্ৰাধিকাৰমূলক বিষয়ত কাম কৰিব, সেয়াও তেওঁ উল্লেখ কৰে।

উল্লেখযোগ্য যে চীন UNSCৰ ৫ স্থায়ী সদস্য দেশৰ অন্যতম আৰু ভেটো ক্ষমতাৰ অধিকাৰী। কিন্তু এতিয়াও ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক চীনে মুকলিভাৱে সমৰ্থন জনোৱা নাই। আনহাতে আমেৰিকা, ৰাছিয়া, ফ্ৰান্স আৰু ব্ৰিটেইনে ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক পূৰ্বৰে পৰা সমৰ্থন জনাই আহিছে।

২০২৮-২৯ কাৰ্যকালৰ বাবে UNSCৰ নিৰ্বাচন আগন্তুক বছৰৰ জুন মাহত অনুষ্ঠিত হ’ব। এছিয়া-প্ৰশান্ত মহাসাগৰীয় গোটৰ এটা আসনৰ বাবে ভাৰতৰ মূল প্ৰতিদ্বন্দ্বী হ’ব তাজিকিস্তান।

ভাৰত ইয়াৰ পূৰ্বে ২০২১-২২, ২০১১-১২, ১৯৯১-৯২, ১৯৮৪-৮৫, ১৯৭৭-৭৮, ১৯৭২-৭৩, ১৯৬৭-৬৮ আৰু ১৯৫০-৫১ চনত UNSCৰ অস্থায়ী সদস্য হিচাপে দায়িত্ব পালন কৰিছে।

দীৰ্ঘদিন ধৰি ভাৰতৰ দাবী, প্ৰায় ৮০ বছৰ পুৰণি UNSCৰ বৰ্তমানৰ গাঁথনি আধুনিক বিশ্বৰ প্ৰয়োজন অনুসৰি সংস্কাৰ কৰিব লাগিব। ভাৰতৰ মতে, উন্নয়নশীল দেশসমূহক অধিক প্ৰতিনিধিত্ব প্ৰদান কৰিলে বিশ্বব্যাপী সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়া অধিক অন্তৰ্ভুক্তিমূলক আৰু কাৰ্যকৰী হ’ব।

ডিজিটেল ডেস্ক, ১৭ জুলাই

You might also like