ভয়ংকৰ প্রলয় নমাব বেইজিঙৰ থ্রী গর্জেছ ডেমে
ডিজিটেল ডেস্ক, ১২ জুলাই : পৰিৱেশগত বিৰূপ প্রভাৱক লৈ উদ্বেগৰ সৃষ্টি কৰি তিব্বতত ব্রহ্মপুত্র (চীনত য়াৰলুং চাংপো নামেৰে পৰিচিত)ক ভেটি বেইজিঙে নির্মাণ কৰি থকা বিশ্বৰ সর্ববৃহৎ জলবিদ্যুৎ প্রকল্পটো সন্দর্ভত স্পষ্ট সকীয়নি দিছে খোদ চীনা ভূতাত্ত্বিকে৷
বার্ষিক ৩০০ বিলিয়ন কিলোৱাট–ঘণ্টা বিদ্যুৎ উৎপাদনক্ষম মেডোগ জলবিদ্যুৎ প্রকল্পটো চীনে অতি শিথিল গঠন–দুর্বল সংহতিৰ ভূখণ্ডত নির্মাণ কৰিছে৷ পৰিণতিত ভয়ংকৰ প্রলয় নমাই আনিব পাৰে এই ‘থ্রী গর্জেছ ডেম’–এ ৷ প্রধানতঃ নির্মাণস্থলীৰ ঠিক তলতেই থকা সক্রিয় ‘ফল্ট লাইন’ মাৰাত্মক বিপর্যয়ৰ কাৰক হোৱাৰ আশংকা কৰিছে চীনা ভূতাত্ত্বিকৰ দলে৷
উল্লেখ্য যে ‘চাইনী জিঅ’লজিকেল ছার্ভে’ৰ তত্ত্বাৱধানত চীনা ভাষাৰ শৈক্ষিক জার্নেল ‘ছেডিমেণ্টাৰী জিঅ’লজী এণ্ড টেথিয়ান জিঅ’লজী’ত যোৱা মাহত প্রকাশিত এখন গৱেষণা–পত্রত দৈত্যকায় নদীবান্ধটোৰ স্থিতিশীলতা ৰক্ষা তথা সম্ভাব্য ভূমিকম্প–ভূ–স্খলন প্রতিৰোধমূলক ব্যৱস্থা গ্রহণৰ পৰামর্শ দিয়া হৈছে৷ চেংডু ইউনিভার্ছিটী অৱ টেকন’লজী–চাইনা জিঅ’লজিকেল ছার্ভেৰ চিভিল–মিলিটেৰী ইণ্টিগ্রেচন চেণ্টাৰ আৰু মিডল য়াৰলুং চাংপো ৰিভাৰ নেচাৰেল ৰিছ’র্চেছ অৱজাৰভেচন এণ্ড ৰিছার্চ ষ্টেচনৰ ভূতাত্ত্বিকৰ দলে যৌথভাৱে মেডোগ জলবিদ্যুৎ প্রকল্পৰ সম্ভাৱনীয়তাৰ ওপৰত উক্ত গৱেষণা কৰিছে৷
গৱেষণা–পত্রত উল্লেখ কৰা মতে, ‘পাইঝেন ফল্ট’ নামেৰে পৰিচিত এই সক্রিয় ফল্ট লাইনটোৱে ইতিমধ্যে নির্মাণস্থলীৰ আশ–পাশৰ শিলাস্তৰত ফাটৰ সৃষ্টি কৰিছে৷ যাৰ ফলত বৃহৎ নদীবান্ধটোৰ বিভিন্ন অংশৰ আন্তঃগাঁথনিৰ ভাৰবহন ক্ষমতা আৰু কাঠামোগত স্থিতিশীলতা ক্ষতিগ্রস্ত হোৱাৰ সম্ভাৱনা প্রকট৷ এই সন্দর্ভত গৱেষকসকলে লিখিছে– ‘পাইঝেন ফল্ট, যি প্লাইষ্ট’চিন সময়কাল বা হিমযুগৰ পৰাই অত্যন্ত সক্রিয়৷ ইয়াৰ পৰিণতিত বান্ধ, পথ, দলং আৰু সুৰংগসহ সমীপৱর্তী পৰিকাঠামোৰ স্থিতিশীলতা আৰু নির্মাণকার্যৰ ওপৰত তথা জলাধাৰ এলেকা (ৰিজার্ভাৰ এৰিয়া)ৰ ওপৰত সাংঘাতিক ধৰণে বিৰূপ প্রভাৱ পেলাব৷’ এই এলেকাটো য়াৰলুং চাংপোৰ নামনি অংশত নির্মীয়মাণ জলবিদ্যুৎ প্রকল্পটোৰ নির্ধাৰিত জলাধাৰৰ সীমাৰ মাজতে অৱস্থিত৷
গৱেষকসকলৰ মতে, এলেকাটোৰ ভূ–প্রকৃতি বা ভূ–খণ্ড শিথিল গঠন আৰু দুর্বল সংহতিবিশিষ্ট৷ গৱেষকসকলে আন এক গুৰুত্বপূর্ণ কথাও গৱেষণা–পত্রত উল্লেখ কৰিছে৷ তেওঁলোকে স্পষ্টভাৱে কৈছে– দীর্ঘ সময় ধৰি জলমগ্ণ হৈ থকা, ফল্টলাইনৰ সক্রিয়তা, ভূমিকম্প আৰু ভূ–স্খলনৰ প্রভাৱত জলাধাৰ এলেকাৰ উভয় পাৰত অতি সহজেই অভাৱনীয় ধ্বংসলীলাৰ উদ্ভৱ হ’ব পাৰে৷ মন কৰিবলগীয়া যে মেডোগ জলবিদ্যুৎ প্রকল্প য়াৰলুং চাংপোৰ ‘গ্রেড বেণ্ড’ৰ কাষতে অৱস্থিত৷ এই স্থানতেই নৈখন ২,০০০ মিটাৰ গভীৰ গিৰিখাদত আঁচোৰ খাই পৰিছে৷
চীনে বিশ্বৰ সর্ববৃহৎ জলবিদ্যুৎ প্রকল্পটোৰ নির্মাণকার্য সম্পূর্ণ কৰাৰ সময়সীমা নির্ধাৰণ কৰি দিছে ২০৩৩ চন৷ এই সন্দর্ভত ‘ছাউথ চাইনা মর্নিং পোষ্ট’ৰ এক প্রতিবেদনত উল্লেখ কৰা অনুসৰি নির্মীয়মাণ মেডোগ জলবিদ্যুৎ প্রকল্পৰ সমীপতে অৱস্থিত পাই নামৰ গাঁওখন হিমালয়ৰ ভূমিকম্পপ্রৱণ বলয়ৰ ওপৰত অৱস্থিত৷ সেই অঞ্চলটোত আটাইতকৈ শক্তিশালী তথা সঘনে ভূমিকম্প হোৱা পৰিলক্ষিত হয়৷ অঞ্চলটোৰ ভূ–গাঁথনিক ভংগুৰতাৰ প্রমাণ হিচাপে প্রতিবেদনখনত ২০১৭ চনত ‘পাইঝেন ফল্টলাইন’ৰ উত্তৰাংশত আঘাত হনা ৬.৯ প্রাবল্যৰ ভূমিকম্পটোৰ কথা উল্লেখ কৰা হৈছে৷ লগতে কোৱা হৈছে যে ভূমিকম্পৰ ফলত সহজেই ভূমিস্খলন সংঘটিত হ’ব পাৰে৷ যিয়ে দৈত্যকায় নদীবান্ধটোৰ আন্তঃগাঁথনি আৰু নির্মাণকার্যত নিয়োজিত কর্মীসকলৰ নিৰাপত্তালৈ ভাবুকি কঢ়িয়াই আনিব৷
প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে তিব্বতৰ স্বায়ত্তশাসিত অঞ্চলৰ পৰা বৈ অহাৰ পাছত য়াৰলুং চাংপোৱে চিয়াং নামেৰে অৰুণাচল প্রদেশত প্রৱেশ কৰিছে৷ ইয়াৰ পাছত অসমলৈ ব্রহ্মপুত্র নামেৰে বৈ আহি বাংলাদেশত প্রৱেশ কৰিছে যমুনা নাম লৈ৷ গুৰুত্বপূর্ণ কথাটো হ’ল– ব্রহ্মপুত্রৰ বুকুত চীনে বিশ্বৰ সর্ববৃহৎ নদীবান্ধ নির্মাণ কৰা কার্যই জলপ্রৱাহ আৰু পৰিৱেশগত প্রভাৱক লৈ ভাৰত–বাংলাদেশ উভয় দেশৰ বাবে উদ্বেগৰ কাৰক হৈ পৰিছে৷
২০২৫ চনৰ আগষ্ট মাহত ৰাজ্যসভাত এক লিখিত প্রশ্ণৰ উত্তৰত বৈদেশিক ৰাজ্যমন্ত্রী কীর্তিবর্ধন সিঙে কৈছে যে ভাৰত চৰকাৰে এই পৰিস্থিতিৰ বিষয়ে অৱগত আৰু প্রতিষ্ঠিত প্রক্রিয়াৰ জৰিয়তে পৰিস্থিতি পর্যবেক্ষণ কৰি আছে৷ ইয়াৰ পূর্বে ২০২৫ চনৰ ফেব্রুৱাৰী মাহত তেওঁ ৰাজ্যসভাত সদৰী কৰা মতে চীনৰ বৃহৎ নদীবান্ধৰ কাৰণে নামনি অংশৰ অঞ্চলসমূহত প্রভাৱ পৰিব পাৰে৷ সেয়েহে এই বিষয়ে ভাৰতৰ তৰফৰ পৰা চীনা কর্তৃপক্ষক উদ্বেগৰ বিষয়ে জনোৱা হৈছে৷ তদুপৰি একেটা বর্ষৰ জানুৱাৰী মাহত বেইজিং ভ্রমণৰ সময়ত কেন্দ্রীয় বৈদেশিক সচিব বিক্রম মিশ্রিয়েও বিষয়টো উত্থাপন কৰিছিল৷ এতিয়া নির্মীয়মাণ মেডোগ জলবিদ্যুৎ প্রকল্পক লৈ চীনা ভূ–তাত্ত্বিকে দিয়া উক্ত সকীয়নি কার্যতঃ অসম–অৰুণাচল প্রদেশসহ হিমালয়ান অঞ্চলৰ কাৰণে আন এক অশনি সংকেতৰূপে বিবেচিত হৈছে৷