নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৩ বিশ্বনেতাৰ বিৰুদ্ধে মৃত্যু পৰোৱানা ইৰানৰ

ডিজিটেল ডেস্ক, ১৪ জুলাই : ইৰানৰ প্রাক্তন সর্বোচ্চ ধর্মীয় নেতা আয়াতুল্লা আলী খামেনেইৰ মৃত্যুৰ প্রতিশোধ লোৱাৰ বাবে সাৱধানবাণী শুনাইছে তেওঁৰ পুত্র মোজতবা খামেনেইয়ে৷ সেইমর্মে এইবাৰ প্রক্রিয়া আৰম্ভ কৰিছে ইৰান প্রশাসনে৷ খামেনেইৰ হত্যাৰ সৈতে জড়িত বিশ্বনেতাসকলৰ বিৰুদ্ধে মৃত্যু পৰোৱানা জাৰি কৰা হৈছে তেহৰানৰ এখন সংবাদ–পত্রত৷ য’ত আমেৰিকা, ইজৰাইলসহ ইউৰোপৰ একাধিক দেশৰ শীর্ষনেতাসকলৰ ছবি প্রকাশ কৰা হৈছে আৰু সেই নেতাসকলকেই খামেনেইৰ মৃত্যুৰ বাবে জগৰীয়া কৰা হৈছে৷

ইৰানৰ তৰফৰ পৰা প্রকাশিত বিশ্বনেতাসকলৰ মৃত্যুৰ পৰোৱানাত মুঠ ১৩জন নেতাৰ নাম আৰু ছবি প্রকাশ কৰা হৈছে৷ হিটলিষ্টত যিকেইগৰাকী নেতাৰ নাম আছে তেওঁলোক হ’ল– মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প, মার্কিন বিদেশ সচিব মার্ক’ ৰুবিঅ’ আৰু প্রতিৰক্ষা সচিব পিট হেগছেথ৷ ইয়াৰ পিছতে ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেতান্যেহু আৰু দেশখনৰ প্রতিৰক্ষা দপ্তৰৰ দুই শীর্ষ বিষয়া ইজৰাইল কাটজ আৰু গিডিয়ন ছাৰৰ নাম আছে৷ তালিকাত আৰু আছে ব্রিটেইনৰ প্রধানমন্ত্রী কিয়েৰ ষ্টাৰমাৰ, ফ্রান্সৰ ৰাষ্ট্রপতি এমানুৱেল মেক্রন, ইটালীৰ প্রধানমন্ত্রী জর্জিয়া মেল’নি, জার্মানীৰ চেঞ্চেলৰ ফ্রেডৰিক মের্জসহ মুঠ ১৩জন নেতা৷

তালিকাত প্রকাশিত নেতাসকলৰ ভিতৰত মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প আৰু ইজৰাইলৰ প্রধানমন্ত্রী নেতান্যেহুক পোনপটীয়াকৈ বন্দুকৰ লক্ষ্যত ৰখা দেখা গৈছে৷ আনকেইগৰাকীক দেখা গৈছে বন্দীৰ পোছাকত৷

উল্লেখ্য যে চলিত বছৰৰ ২৮ ফেব্রুৱাৰীত আমেৰিকা আৰু ইৰানৰ যুটীয়া আক্রমণত মৃত্যু হৈছে ইৰানৰ সর্বোচ্চ ধর্মীয় নেতা আয়াতুল্লা আলী খামেনেইৰ৷ শেহতীয়াকৈ তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হৈছে৷ মহাসমাৰোহেৰে ৰাষ্ট্রনেতাগৰাকীক বিদায় জনোৱাৰ পিছত শত্রুপক্ষৰ বিৰুদ্ধে কঠোৰ সুৰত সাৱধানবাণী শুনাইছে তেওঁৰ পুত্র মোজতবাই৷ এটা লিখিত বার্তাত তেওঁ জনায়– ‘ৰাষ্ট্রৰ এটাই দাবী, সেয়া হ’ল প্রতিশোধ৷ প্রয়াত সর্বোচ্চ নেতাগৰাকীৰ মৃত্যুৰ প্রতিশোধ আমি ল’মেই৷’ লগতে তেওঁ আৰু লিখিছে– ‘কুখ্যাত অপৰাধী আৰু হত্যাকাৰীসকলৰ দ্বাৰা যিবোৰ নেতা শ্বহীদ হৈছে এই যুদ্ধত সকলো শ্বহীদৰ তেজৰ প্রতিশোধ লোৱাৰ প্রতিজ্ঞা কৰা হৈছে৷ আমি ইয়াত থাকোৱেই বা নাথাকোৱেই, আমাৰ এই লক্ষ্যত উপনীত হ’মেই আৰু শীঘ্রে বিশ্বজুৰি স্বাধীনতাকামীসকলৰ প্রত্যেকে এই ঐশ্বৰিক অভিযানৰ অংশ হৈ উঠিব৷’

ইৰানৰ ওপৰত আক্রমণৰ ঘটনাত আমেৰিকা আৰু ইজৰাইল পোনপটীয়াকৈ দায়ী হ’লেও ইৰানে দাবী কৰিছে যে এই যুদ্ধত পৰোক্ষভাৱে ইউৰোপৰ একাধিক দেশ জড়িত৷ তেহৰানে অভিযোগ কৰে যে ব্রিটেইন, ফ্রান্স আৰু জার্মানীৰ দৰে দেশসমূহে কেৱল ইৰানৰ সার্বভৌমত্বৰ ওপৰত চলোৱা আক্রমণৰ ঘটনাক নিন্দা কৰাই নাই, বৰং মার্কিন সামৰিক বিমানক তেওঁলোকৰ আকাশী সীমা ব্যৱহাৰৰো অনুমতি দি এই গুপ্তহত্যা আৰু আক্রমণত পৰোক্ষভাৱে লিপ্ত হৈছিল৷

You might also like