দেশ বিদেশ - নিয়মীয়া বাৰ্তা

মেঘালয় হনীমুন কাণ্ড : সোনম ৰঘুবংশীৰ জামিন আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ
ডিজিটেল ডেস্ক, ২৩ জুলাই : মেঘালয়লৈ মধুচন্দ্ৰিকাৰ বাবে গৈ স্বামী ৰাজা ৰঘুবংশীক নৃশংসভাৱে হত্যা কৰাৰ গোচৰত অভিযুক্ত পত্নী সোনম ৰঘুবংশীক লৈ এক ডাঙৰ ৰায় দিয়ে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে সোনমৰ জামিন আবেদন খাৰিজ কৰাৰ লগতে অহা তিনি সপ্তাহৰ ভিতৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছে।

উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি এম এম সুন্দ্ৰেশ আৰু বিচাৰপতি পি বি ভাৰালেৰে গঠিত দুজনীয়া বিচাৰপীঠত সোনম ৰঘুবংশীৰ জামিনক লৈ শুনানি গ্ৰহণ কৰা হয়। ইয়াৰ পূৰ্বে মেঘালয় উচ্চ ন্যায়ালয়ে সোনমক জামিনত মুক্তি দিছিল, যাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল মেঘালয় আৰক্ষী। শীৰ্ষ ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে বিচাৰ প্ৰক্ৰিয়াৰ এই গুৰুত্বপূৰ্ণ পৰ্যায়ত অভিযুক্ত মুকলিকৈ থকাটোৱে ন্যায় প্ৰদানৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব পাৰে।

ইয়াৰ পিছতে উচ্চতম ন্যায়ালয়ে সোনমৰ জামিন খাৰিজ কৰে। অৱশ্যে আদালতে স্পষ্ট কৰি দিয়ে যে যদিহে এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দ্ৰুতগতিত আগনাবাঢ়ে, তেন্তে ৬ মাহৰ পিছত সোনমে পুনৰ নতুনকৈ জামিনৰ বাবে আবেদন কৰাৰ সুযোগ পাব।

উল্লেখ্য যে যোৱা বছৰৰ ১১ মে’ত ৰাজা আৰু সোনম বিবাহপাশত আবদ্ধ হৈছিল। বিবাহৰ মাত্ৰ ৯ দিনৰ পিছতে অৰ্থাৎ ২০ মে’ত তেওঁলোকে হনীমুনৰ বাবে মেঘালয়লৈ ৰাওনা হৈছিল। উত্তৰ-পূবৰ বিভিন্ন স্থানত ৩ দিন ভ্ৰমণ কৰাৰ পিছত হঠাতে দম্পতীটো নিৰুদ্দেশ হৈ পৰে। পৰিয়ালৰ লোকে যোগাযোগ কৰিব নোৱাৰাত লগে লগে আৰক্ষীৰ দ্বাৰস্থ হয়।

প্ৰথমতে ই এক সন্ধানহীনৰ ঘটনা বুলি ধাৰণা কৰা হৈছিল যদিও ঘটনাৰ ১০ দিন পিছত অৰ্থাৎ ২ জুনত মেঘালয়ৰ এক দ খাদৰ পৰা ৰাজা ৰঘুবংশীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত এই অনুসন্ধান এক লোমহৰ্ষক হত্যাকাণ্ডৰ গোচৰলৈ ৰূপান্তৰিত হয়।

আৰক্ষীৰ পৰৱৰ্তী তদন্তত পোহৰলৈ আহে এক ভয়ংকৰ দিশ। আৰক্ষীয়ে সোনমৰ প্ৰেমিক ৰাজ সিং কুশৱাহাক গ্ৰেপ্তাৰ কৰে, যি এই হত্যাকাণ্ডৰ মুখ্য সহ-অভিযুক্ত আছিল। অভিযোগ অনুসৰি, সোনমে প্ৰেমিকৰ সৈতে লগ হৈ স্বামীক পথৰ পৰা আঁতৰাবলৈ সমগ্ৰ পৰিকল্পনা ৰচনা কৰিছিল।

The post মেঘালয় হনীমুন কাণ্ড : সোনম ৰঘুবংশীৰ জামিন আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ first appeared on নিয়মীয়া বাৰ্তা.

এইবাৰ লোহিত সাগৰো বন্ধৰ পৰিকল্পনা ইৰানৰ
ডিজিটেল ডেস্ক, ২৩ জুলাই : হৰমুজৰ পিছত এইবাৰ লোহিত সাগৰো বন্ধ কৰি দিবলৈ বিচাৰিছে ইৰানে৷ ইউৰোপৰ ইন্ধন সৰবৰাহ বিপর্যস্ত কৰিবলৈ লোহিত সাগৰ বন্ধ কৰি দিয়াৰ পৰিকল্পনা ইৰানৰ৷ এই পৰিকল্পনাক লৈ উদ্বিগ্ণ হৈ পৰিছে নতুন দিল্লীও৷ কাৰণ, যুদ্ধৰ প্রভাৱ লোহিত সাগৰ, ছুৱেজ প্রণালী আৰু খালত পৰিলে তাক লৈ উদ্বেগ বৃদ্ধি হোৱাটো তেনেই স্বাভাৱিক৷ মাজতে শান্তি আলোচনাৰ চেষ্টা চলিছিল যদিও শেহতীয়াকৈ ইৰান আৰু আমেৰিকাৰ মাজত পুনৰ সংঘাত বৃদ্ধি পাইছে আৰু ই সোনকালে ৰোধ হোৱাৰ লক্ষণ দেখিবলৈ পোৱা নাই৷ ইয়াক লৈ পৰিস্থিতি হৈ পৰিছে আৰু অধিক জটিল৷

হৰমুজ প্রণালীৰ পিছত এইবাৰ টার্গেট লোহিত সাগৰ৷ ইৰানৰ বিদ্যুৎ কেন্দ্রত আক্রমণ কৰাত লেবাননৰ হুথী বাহিনীয়ে লোহিত সাগৰ বন্ধ কৰাৰ আবেদন জনয় ইৰানক৷ এই জলপথটোও বন্ধ হৈ গ’লে সমগ্র বিশ্বই মহাসংকটত পৰিব৷ ইৰান আৰু আমেৰিকাৰ মাজৰ শান্তি চুক্তি ভংগ হোৱাৰ পিছত পুনৰ সৃষ্টি হোৱা সংঘাতৰ ফলত উত্তপ্ত হৈ পৰিছে ইৰান–আমেৰিকাৰ লগতে সমগ্র বিশ্ব৷ ইৰানৰ ৰে’ল ষ্টেচনৰ পৰা আৰম্ভ কৰি বিমানবন্দৰ, বিভিন্ন গুৰুত্বপূর্ণ দলঙত আক্রমণ চলাইছে আমেৰিকাই৷ ৭জন লোকৰ মৃত্যুৰ খবৰ পোৱা হৈছে৷

ইফালে, ইৰানৰ ৰিভলিউচনাৰী গার্ডেও হৰমুজ প্রণালীৰে যাতায়াত কৰা জাহাজত আক্রণ কৰিছে৷ কিন্তু, ইয়াতেই ক্ষান্ত হোৱা নাই ইৰান৷ যুদ্ধৰ হাতোৰা বিয়পাবলৈ এইবাৰ ইৰানে লৈছে নতুন পৰিকল্পনা৷ জানিব পৰা মতে, হৰমুজৰ পিছত তেওঁলোকে এইবাৰ লোহিত সাগৰো বন্ধ কৰি দিব বিচাৰিছে৷ মূলতঃ ইউৰোপৰ ইন্ধন সৰবৰাহ বিপর্যস্ত কৰিবলৈয়ে লোহিত সাগৰ বন্ধৰ এই নতুন পৰিকল্পনা ইৰানৰ৷ কিন্তু লক্ষ্য ইউৰোপ হ’লেও এই পৰিকল্পনাক লৈ উদ্বিগ্ণ হৈ পৰিছে নতুন দিল্লীও৷ কাৰণ, যুদ্ধৰ প্রভাৱ লোহিত সাগৰ, ছুৱেজ প্রণালী বা খালত পৰিলে তাক লৈ ভাৰতৰ উদ্বেগ বৃদ্ধি পোৱাটো তেনেই স্বাভাৱিক৷

ভাৰতৰ পৰা ইউৰোপলৈ যোগাযোগৰ ক্ষেত্রত আটাইতকৈ সংক্ষিপ্ত পথটোৱেই লোহিত সাগৰ৷ সেইবাবেই চিন্তিত ভাৰত৷ এই পথ বন্ধ হ’লে ইউৰোপৰ পৰা ভাৰতৰ আমদানি বাধাগ্রস্ত হ’ব৷ পোনপটীয়াকৈ প্রভাৱ পৰিব ভাৰতৰ মেনুফেক্সাৰিং বা উৎপাদন ক্ষেত্রত৷

The post এইবাৰ লোহিত সাগৰো বন্ধৰ পৰিকল্পনা ইৰানৰ first appeared on নিয়মীয়া বাৰ্তা.

দেশত পুনৰ বিয়পিছে ক’ভিড, বৃদ্ধি পাইছে আতংক
ডিজিটেল ডেস্ক, ২৩ জুলাই : দেশত পুনৰ আৰম্ভ হৈছে ক’ৰোনাৰ প্রকোপ৷ অন্ধ্রপ্রদেশত ইতিমধ্যে এই ৰোগৰ প্রাদুর্ভাৱ ঘটাৰ খবৰ পোৱা গৈছে৷ ৰাজ্যখনত এইবাৰ আৰু ৭জন লোকৰ দেহত ক’ৰোনা চিনাক্ত কৰা হৈছে৷ এতিয়ালৈ মুঠ আক্রান্তৰ সংখ্যা হৈছেগৈ ২৬জন৷ অৱশ্যে এতিয়াও সামূহিকভাৱে এই ৰোগ বিয়পাৰ কোনো লক্ষণ দেখিবলৈ পোৱা নাই৷ তথাপি স্বাভাৱিকতেই মানুহৰ মনত বৃদ্ধি পাইছে আতংক৷

অন্ধ্রপ্রদেশৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জনোৱা হৈছে যে ৰাজ্যখনৰ বিভিন্ন জিলাত এই ৰোগ বিয়পিছে৷ কিন্তু এইবোৰ কোনো নির্দিষ্ট স্থানভিত্তিক ক্লাষ্টাৰ আউট ব্রেক হৈ পৰা নাই৷ আক্রান্ত ২৬জনৰ ভিতৰত ১০জন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে, আন ৯জন ৰোগী হোম আইছ’লেচনত আছে৷ তিনিজনে ইতিমধ্যে সুস্থ হোৱা বুলি প্রমাণ–পত্র লাভ কৰিছে৷ আক্রান্তসকলৰ ভিতৰত ৪জনৰ ইতিমধ্যে মৃত্যু ঘটিছে৷

ৰাজ্যখনত এইপর্যন্ত ১৪৫টা নমুনা পৰীক্ষা কৰা হৈছে৷ মঙলবাৰে অন্ধ্রপ্রদেশত চিনাক্ত হোৱা ৭টা নতুন কেছৰ ভিতৰত ৪টা গুণ্টুৰ জিলাৰ, দুটা পূব গোদাবৰী আৰু এটা বাপাতলা জিলাৰ৷ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জনোৱা মতে, মৃত চাৰিওজন ৰোগীৰেই ক’ভিড চিনাক্ত হোৱাৰ পূর্বৰ পৰাই জটিল অসুস্থতা তথা কো–মর্বিডিটী আছিল৷

স্বাস্থ্য বিভাগে স্পষ্ট কৰি দিছে যে সংক্রমণসমূহ বিভিন্ন জিলাত বিক্ষিপ্তভাৱে বিয়পিছে৷ কিন্তু, ৰাজ্যখনত ক্লাষ্টাৰ প্রাদুর্ভাৱৰ কোনো প্রমাণ পোৱা নাই৷ ইফালে, কলকাতাতো ক’ভিড–১৯ৰ সংক্রমণৰ খবৰ পোৱা গৈছে৷ সম্প্রতি কলকাতাৰ এখন বেচৰকাৰী হাস্পতালত ক’ৰোনা পজিটিভ ধৰা পৰাৰ পিছত ১০ বছৰীয়া এটি শিশুক চিকিৎসা কৰি থকা হৈছে৷ শিশুটিৰ শাৰীৰিক অৱস্থা এতিয়া আপাততঃ সুস্থিৰ আৰু চিকিৎসকৰ সতর্ক নজৰত আছে৷

তদুপৰি, আন ৩জন লোকৰ শৰীৰতো ক’ভিড ধৰা পৰাত তেওঁলোককো চহৰৰ হাস্পতালত ভর্তি কৰোৱা হৈছে৷ চাৰিওজন ৰোগীৰ মাজতেই জ্বৰ, ডিঙিৰ বিষ আৰু ঘনে ঘনে কাহৰ দৰে ক’ৰোনাৰ সাধাৰণ উপসর্গ দেখা গৈছে৷ সংক্রমণ বৃদ্ধি পাইছে যদিও বেছিভাগ ক্ষেত্রতে ই মৃদু হৈ আছে৷ চিকিৎসকসকলে নিশ্চিত কৰিছে যে কলকাতাত ক’ভিড আৰু শ্বাসযন্ত্রৰ অন্যান্য ভাইৰাচৰ প্রকোপ সঁচাকৈয়ে বৃদ্ধি পাইছে৷ ৰোগীসকলৰ মাজত জ্বৰ, ডিঙিৰ বিষ বা ডিঙিৰ খচ্খচনি, কাহ, নাকেৰে পানী ওলাই থকা, নাক বন্ধ হৈ পৰা, হাঁচি, মূৰৰ বিষ, সমগ্র শৰীৰতে বিষ আৰু অৱসাদ দেখিবলৈ পোৱা গৈছে৷ তথাপি, যিসকলে পূর্বৰ পৰাই অন্যান্য শাৰীৰিক সমস্যাত ভুগি আছে, তেওঁলোকৰ ক্ষেত্রত শ্বাস কষ্ট আৰু অক্সিজেনৰ মাত্রা কমি যোৱাৰ দৰে লক্ষণো দেখা দিব পাৰে৷ উপসর্গ বাঢ়ি থাকিলে তাক অৱহেলা নকৰাৰ পৰামর্শ দিছে চিকিৎসকসকলে৷

The post দেশত পুনৰ বিয়পিছে ক’ভিড, বৃদ্ধি পাইছে আতংক first appeared on নিয়মীয়া বাৰ্তা.

ভাল খবৰ… ভাৰতত অনুমোদন লাভ প্ৰথমটো ডেংগু ভেকচিনৰ
ডিজিটেল ডেস্ক, ২১ জুলাই : দেশত ক’ৰোনা প্রতিৰোধৰ টিকা থাকিলেও ডেংগুৰ টিকা নাছিল৷ এই ৰোগ প্রতিৰোধৰ বাবে প্রথমবাৰৰ বাবে টিকাৰ অনুমোদন দিলে কেন্দ্রীয় চৰকাৰে৷ এই নতুন টিকাৰ নাম ‘কিউডিইএনজিএ’ বা কিউডেংগা৷

ভাৰতত প্রতিবছৰেই ডেংগুত আক্রান্ত হয় লাখ লাখ লোক৷ এটা ৰিপ’ৰ্টত কোৱা হৈছে যে সমগ্র বিশ্বত যিমান লোক ডেংগুত আক্রান্ত হয়, তাৰ এক–তৃতীয়াংশই ভাৰতৰ বাসিন্দা৷ তথ্যই প্রমাণ কৰে যে ডেংগু এবিধ মাৰণ ৰোগ৷ এই নতুন টিকাই ৰোগবিধৰ বিৰুদ্ধে যুঁজাত সহায় কৰিব বুলি আশা কৰা হৈছে৷

এই প্রতিষেধকটো তৈয়াৰ কৰিছে জাপানৰ ঔষধ প্রস্তুতকাৰী সংস্থা টাকেডা বায়’ফার্মাচিউটিকেলছে৷ ডিচিজিআই-এ জাপানী ফাৰ্মাচিউটিকেল কোম্পানী ‘টাকেডা বায়’ফার্মাচিউটিকেলছ’ৰ  ডেংগু ভেকচিন ‘কিউডিইএনজিএ’ বা ‘কিউডেংগা’-ক বজাৰত ব্যৱহাৰৰ বাবে আনুষ্ঠানিকভাৱে অনুমোদন প্ৰদান কৰিছে। ইয়াৰ লগে লগে ভাৰতত অনুমোদন লাভ কৰা ‘কিউডেংগা’ হৈ পৰিল প্ৰথমটো ডেংগু ভেকচিন।

তেওঁলোকৰ এই টিকা কিউডেংগাই ইতিমধ্যে এছিয়া, লেটিন আমেৰিকা আৰু ইউৰোপৰ ৪২খন দেশত অনুমোদন লাভ কৰিছে৷ ব্রাজিল আৰু আর্জেণ্টিনাতো চৰকাৰী প্রকল্পৰ জৰিয়তে এই টিকা দিয়া হয়৷

কিউডেংগাৰ অনুমোদন জনাইছে বিশ্ব স্বাস্থ্য সংস্থাই৷ ৪ বছৰৰ পৰা ৬০ বছৰ বয়সৰ যিকোনো লোকেই শাৰীৰিক পৰীক্ষা অবিহনে এই টিকা ল’ব পাৰে৷ ইয়াৰ মুঠ দুটা ড’জ ল’বলগীয়া হয়৷ প্রথম ড’জৰ ৩ মাহৰ মূৰত আনটো ড’জ ল’ব লাগে৷

The post ভাল খবৰ… ভাৰতত অনুমোদন লাভ প্ৰথমটো ডেংগু ভেকচিনৰ first appeared on নিয়মীয়া বাৰ্তা.

‘স্মার্টফোন ব্রেইন’ ৰোগী, কিশোৰ–কিশোৰীৰ মগজুত বৃহৎ পৰিৱর্তন
ডিজিটেল ডেস্ক, ২১ জুলাই : স্নায়ুৰোগ চিকিৎসকৰ ওচৰত ভিৰ বাঢ়িছে কিশোৰ–কিশোৰীৰ৷ ৰোগৰ নাম ‘স্মার্টফোন ব্রেইন’৷ সঘনে মূৰৰ বিষ হোৱা, মনোযোগৰ অভাৱ, অনিদ্রা, মূৰ ঘূৰোৱা, প্রায়েই বমি বমি ভাব হোৱা, ‘ব্রেইন ফ’গ’ আৰু সাময়িক স্মৃতিনাশৰ লক্ষণ দেখা গৈছে এই কণ কণ ল’ৰা–ছোৱালীহঁতৰ মাজত৷ সেই সকলোবোৰ সমস্যাকে একত্রিত কৰি নাম দিয়া হৈছে স্মার্টফোন ব্রেইন৷ ইয়াৰ নেপথ্যত আছে ম’বাইল ফোনৰ পৰা নির্গত নীলা পোহৰ৷

স্মার্টফোনে পোনপটীয়াকৈ কোনো ৰোগৰ সৃষ্টি নকৰে৷ কিন্তু অত্যধিক স্ক্রিন টাইম বা ফোনৰ ব্যৱহাৰৰ ফলত মস্তিষ্কত এনে কিছুমান পৰিৱর্তন হয়, যিবোৰ অত্যন্ত বিপজ্জনক৷ ইয়াকে লৈ গৱেষণা কৰিছে হার্ভার্ড মেডিকেল স্কুল আৰু ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ে৷

গৱেষকসকলে জনাইছে যে একেৰাহে দীর্ঘ সময় ধৰি ম’বাইল ফোন ব্যৱহাৰ কৰি থাকিলে কাণ আৰু মূৰৰ বিষ, টেক্সট নেক ছিণ্ড্রমৰ দৰে লক্ষণ দেখা যায় ঠিকেই, কিন্তু তাতকৈও বেছি মাৰাত্মক এই স্মার্টফোন ব্রেইন৷ কাৰণ এই সমস্যাত ম’বাইল স্ক্রিনৰ ফালে বেছি সময় চাই থকাৰ ফলত মস্তিষ্কৰ হিপ্পকেম্পাছ অংশটো বেয়াকৈ প্রভাৱিত হয়৷ এই অংশটোৱে নতুন তথ্য সংগ্রহ, স্মৃতি সংৰক্ষণৰ কাম কৰে৷ ম’বাইলৰ নীলা পোহৰত ইমান বেছি কার্টিছল হৰম’নৰ ক্ষৰণ হয় আৰু টোপনি কমি যায় যে এই অংশটোৰ কার্যক্ষমতা হ্রাস পায়৷

তদুপৰি গুগল বা এআই নির্ভৰতা বৃদ্ধি পোৱাত সৃজনশীল চিন্তা–ভাবনা কৰাৰ ক্ষমতাও লোপ পায়৷ ম’বাইল নির্ভৰতাৰ ফলত মস্তিষ্কৰ প্রিফ্রণ্টাল ক’র্টেক্স আৰু পিনিয়েল গ্লেণ্ডৰো ক্ষতি হয়৷ ফলত মনঃসংযোগ, আৱেগ নিয়ন্ত্রণ, সিদ্ধান্ত গ্রহণ আদিৰ ক্ষমতা কমি যোৱাৰ লগতে টোপনিৰ সমস্যাই দেখা দিয়ে৷ গৱেষকসকলে সেইবাবে একেৰাহে ২০ মিনিটতকৈ বেছি ম’বাইল ফোন ব্যৱহাৰ নকৰাৰ পৰামর্শ দিছে৷ তদুপৰি খোৱাৰ সময়ত আৰু ৰাতি শোৱাৰ ২ ঘণ্টা পূর্বে ফোন এৰা উচিত৷

The post ‘স্মার্টফোন ব্রেইন’ ৰোগী, কিশোৰ–কিশোৰীৰ মগজুত বৃহৎ পৰিৱর্তন first appeared on নিয়মীয়া বাৰ্তা.

প্লেটফর্ম টিকটৰ দামতে যাত্রাৰ সুযোগ হাইড্র’জেন ৰে’লত
ডিজিটেল ডেস্ক, ২০ জুলাই : দেশৰ ৰে’ল পৰিবহণ ব্যৱস্থাত কার্যতঃ বিপ্লৱৰ সূচনা কৰি আৰম্ভ হৈছে হাইড্র’জেন ৰে’লসেৱা৷ হাৰিয়ানাৰ জিন্দৰ পৰা সোণিপটলৈ প্রায় ৮১ কিলোমিটাৰ দূৰত্বত চলিব এই হাইস্পীড ৰে’ল৷ যোৱা শুকুৰবাৰে ইয়াৰ উদ্বোধন কৰিছিল প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ অতি কম সময়ৰ ভিতৰতে ই অধিক দূৰত্ব অতিক্রম কৰিব পাৰে৷ কিন্তু সেইবুলি এনেদৰে ভবাৰো প্রয়োজন নাই যে ইয়াৰ বাবে অতিৰিক্ত ভাৰা ভৰিব লাগিব৷ বৰং তাৰ ওলোটাটোহে৷

অর্থাৎ এই হাইড্র’জেন ৰে’লেৰে যাত্রাৰ ব্যয় তেনেই সামান্য৷ পানীৰ দৰতে আপুনি হাইড্র’জেন ৰে’লত ভ্রমণ কৰিব পাৰিব৷ শেহতীয়াকৈ ৰে’ল বিভাগৰ তৰফৰ পৰা প্রকাশ কৰা হৈছে ভাৰাৰ তালিকা৷ তাত জনা গৈছে এটা প্লেটফর্ম টিকটৰ দাম অর্থাৎ মাত্র ৫ টকা দিয়েই টিকট কাটি আপুনি এই ৰে’লত ভ্রমণৰ আনন্দ উপভোগ কৰিব পাৰিব৷ আচলতে উন্নত ৰে’ল ব্যৱস্থা মানেই অধিক ব্যয় নহয়৷ হাইড্র’জেন ৰে’লৰ টিকটৰ দাম জনসাধাৰণৰ সাধ্যৰ ভিতৰতে ৰাখি এই কথা প্রমাণ কৰিছে কেন্দ্রীয় চৰকাৰে৷

মাত্র ৫ টকাত টিকট কাটি এই ৰে’লত উঠি যাব পাৰিব ন্যূনতম দূৰত্ব আৰু সর্বোচ্চ ভাৰা হ’ল ২৫ টকা৷ এই ৰে’লখনৰ গতি প্রতিঘণ্টাত ৭৫ কিলোমিটাৰ৷ এই গতি সর্বোচ্চ ১১০ কিলোমিটাৰ পর্যন্ত হ’ব পাৰে৷ মাত্র ৫ৰ পৰা ২৫ টকাৰ ভিতৰত জিন্দৰ পৰা সোণিপটৰ যিকোনো ষ্টেচনলৈ আপুনি অনায়াসে যাত্রা কৰিব পাৰিব৷ এই টিকটৰ দামৰ তালিকা হাতত পাই অত্যন্ত আনন্দিত হৈ পৰিছে হাৰিয়ানাবাসী৷ টিকট কটাৰ বাবে অধিক মূল্য ভৰাৰ উৎকণ্ঠাও নাথাকিব আৰু অত্যাধুনিক ৰে’লযাত্রাৰ আনন্দও ল’ব পৰা যাব বাবেই তেওঁলোকৰ এই আনন্দ৷ এই ৰে’ল সেৱা আৰম্ভ হোৱাত জাপান, চীন, জার্মানী আৰু আমেৰিকাৰ সৈতে একে শাৰীতে স্থান লাভ কৰিবলৈ সক্ষম হ’ল ভাৰতেও৷

১০টা দবাৰ অত্যাধুনিক ৰে’ল চলে হাইড্র’জেন ফুৱেল চেল প্রযুক্তিত৷ ইয়াত দুটা ড্রাইভিং পাৱাৰ কাৰ আৰু ৮টা ট্রেইলাৰ কোচ আছে৷ ট্রেইনৰ চালিকাশক্তি ১,২০০ কিলোৱাটৰ প্রোটন একচেঞ্জ মেমব্রেন ফুৱেল চেল৷ এই প্রযুক্তিত উচ্চ চাপত থকা চিলিণ্ডাৰৰ পৰা হাইড্র’জেন গেছ আৰু বতাহৰ অক্সিজেনে ৰাসায়নিক বিক্রিয়াৰে বিদ্যুৎ উৎপাদন কৰে৷

The post প্লেটফর্ম টিকটৰ দামতে যাত্রাৰ সুযোগ হাইড্র’জেন ৰে’লত first appeared on নিয়মীয়া বাৰ্তা.

বাংলাদেশীৰ অনুপ্রৱেশৰ আঁৰত এনজিঅ’, এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ তদন্তত ভয়ংকৰ তথ্য
ডিজিটেল ডেস্ক, ১৯ জুলাই : অবৈধ অনুপ্রৱেশে অসমৰ জনগাঁথনিত ব্যাপক প্রভাৱ পেলাই অহাৰ সময়তে বাংলাদেশী–ৰহিংগ্যাক ভাৰতত প্রৱেশ কৰোৱাৰ নামত ব্যাপক হাৰত বিদেশী পুঁজিৰ বিনিয়োগৰ তথ্য পোহৰলৈ আহিছে৷ দেশৰ একাংশ স্বেচ্ছাসেৱী সংগঠন (এনজিঅ’)–এ চুবুৰীয়া বাংলাদেশৰ পৰা অসম হৈ ভাৰতত প্রৱেশৰ চেষ্টা চলোৱা লোকক লৈ আৰম্ভ কৰিছে বৃহৎ ব্যৱসায়৷ কার্যতঃ বিদেশী পুঁজিৰে একাংশ এনজিঅ’ই বাংলাদেশী আৰু ৰহিংগ্যাক অসম হৈ ভাৰতৰ বিভিন্ন স্থানলৈ প্রেৰণ কৰা প্রক্রিয়া শেহতীয়াকৈ ধৰা পেলাবলৈ সক্ষম হৈছে তদন্তকাৰী সংস্থা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট (ইডি)–এ৷

উল্লেখ্য যে ভাৰতৰ কেইবাটাও স্বেচ্ছাসেৱী সংগঠনে দীর্ঘদিনৰ পৰা বাংলাদেশী আৰু ৰহিংগ্যা নাগৰিকক ভাৰতত অবৈধভাৱে প্রৱেশ কৰোৱা, ভুৱা নাগৰিকত্ব, নথি–পত্র তৈয়াৰ কৰা আৰু বিদেশী পুঁজিৰে পৰিচালিত সন্দেহজনক কার্যকলাপৰ সৈতে জড়িত থকাৰ তথ্য পোহৰলৈ আনিছে ইডিয়ে৷ তদন্তকাৰী সংস্থাটোৰ শেহতীয়া অনুসন্ধানত প্রকাশ পোৱা মতে, যোৱা দীর্ঘদিন ধৰি পশ্চিমবংগত এনজিঅ’ৰ নামত এটা চক্রই অবৈধ অনুপ্রৱেশকাৰীক থিতাপি দিয়াৰ প্রক্রিয়া চলাই আছিল৷

যোৱা ১৬ জুলাইত ইডিয়ে এই তথ্যৰ আধাৰতে পশ্চিমবংগ, উত্তৰ প্রদেশ, দিল্লী আৰু হাৰিয়ানাৰ ১৩টাকৈ স্থানত একে সময়তে অভিযান চলাই কেইবাটাও এনজিঅ’ৰ এনে অবৈধ কার্যকলাপ ধৰা পেলাবলৈ সক্ষম হয়৷ এই অভিযানত ইডিয়ে বহু আপত্তিজনক নথি-পত্রৰ লগতে কেইবালাখ নগদ ধনো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷

অভিযোগ অনুসৰি দেশৰ কেইবাখনো ৰাজ্যত থিতাপি লোৱা একাংশ এনজিঅ’ই বিদেশীৰ পৰা লাভ কৰা পুঁজি বিভিন্ন একাউণ্টলৈ হস্তান্তৰ কৰি সেই ধন বাংলাদেশী আৰু ৰহিংগ্যাক ভাৰতৰ বিভিন্ন ৰাজ্যত সংস্থাপনৰ বাবে ব্যয় কৰি আহিছে৷ কেইবাটাও একাউণ্টলৈ বিদেশী ৰাষ্ট্রৰ পৰা পোৱা ধন স্থানান্তৰ কৰি সামাজিক কামত ব্যৱহাৰ হোৱাৰ ভুৱা তথ্য প্রস্তুত কৰে এই এনজিঅ’বোৰে৷ ইয়াৰ বিপৰীতে বাংলাদেশী সৰবৰাহত জড়িত হৈ থকা বেচৰকাৰী সংস্থাকেইটাই বিদেশী পুঁজিৰ এটা অংশ অবৈধ অনুপ্রৱেশকাৰীক থিতাপি দিয়াৰ লগতে মাদ্রাছা আৰু মছজিদ নির্মাণৰ দৰে কামতো ব্যৱহাৰ কৰে৷

লক্ষণীয়ভাৱে যোৱা দীর্ঘদিন ধৰি বিদেশী পুঁজি এনেদৰে বাংলাদেশী আৰু ৰহিংগ্যাক সংস্থাপনৰ নামত জড়িত হৈ থকা এনজিঅ’সমূহৰ ধন সৰবৰাহৰ প্রক্রিয়া পৰীক্ষা কৰাৰ সময়তে ইডিয়ে এই তথ্য লাভ কৰে৷

তদন্তকাৰী সংস্থাটোৱে প্রকাশ কৰা অনুসৰি, সন্দেহযুক্ত ব্যক্তিৰ নামত দেশৰ বিভিন্ন স্থানত একাউণ্ট খোলাৰ লগতে কিছুমান সৰু বেংকৰ জৰিয়তে ধনৰ লেনদেন কৰিছিল এই এনজিঅ’বোৰে৷ কিন্তু একাউণ্টৰ বিপৰীতে কেৱাইচি দিয়াৰ বাবে বেংকসমূহে নথি বিচৰাৰ সময়তে একাউণ্টৰ গৰাকীৰ সন্দেহযুক্ত এই তথ্য পোহৰলৈ আহে৷ এই বিষয়টোক লৈ ইডিয়ে চলোৱা অভিযানৰ পাছতে এনজিঅ’বোৰে কিদৰে বিদেশী পুঁজি বাংলাদেশী আৰু ৰহিংগ্যাৰ সৰবৰাহত বিনিয়োগ কৰিছে সেই তথ্য পোহৰলৈ আহে৷

অভিযোগ অনুসৰি, বাংলাদেশৰ পৰা অবৈধভাৱে অসমত প্রৱেশ কৰাৰ পূর্বেই অনুপ্রৱেশকাৰীৰ নামত ভুৱা ভোটাৰ কার্ড, আধাৰ কার্ড আৰু বেংক একাউণ্ট প্রস্তুত কৰি থয় এই বেচৰকাৰী সংস্থাসমূহে৷ দালালৰ জৰিয়তে সীমান্তত এই ভুৱা নথিসমূহ যোগান ধৰি বাংলাদেশী আৰু ৰহিংগ্যাক অসমৰ মাজেৰে দেশৰ কেইবাখনো ৰাজ্যত থিতাপি লগায়৷ বিশেষকৈ একাংশ মাদ্রাছা আৰু মছজিদক আশ্রয়স্থল হিচাপে গ্রহণ কৰি এনজিঅ’সমূহে বাংলাদেশৰ পৰা অহা অনুপ্রৱেশকাৰীক কিছুদিন ৰাখি থোৱাৰ পাছত ভুৱা আধাৰ কার্ড, ভোটাৰ কার্ড আৰু বেংক একাউণ্টৰ নথিৰে কর্মসংস্থাপনৰ সুবিধা কৰি দিয়ে৷ সেয়াই নহয়, এই অনুপ্রৱেশকাৰীসকলক প্রয়োজনসাপেক্ষে মৌলবাদী কাম–কাজতো জড়িত কৰোৱা হয়৷

ইডিয়ে চলোৱা এই অভিযানত সন্দেহযুক্ত একাংশ বেংক একাউণ্টলৈ সঘনে ৬ হাজাৰ টকা, ৮ হাজাৰ টকা, ১০ হাজাৰ টকা বিভিন্ন উৎসৰ পৰা জমা হোৱাৰ তথ্য লাভ কৰে৷ লক্ষণীয়ভাৱে এই একাউণ্টসমূহ পৰীক্ষা কৰাত ইয়াৰ গৰাকীৰ কোনো শুংসূত্র উলিয়াবলৈ সক্ষম নহ’ল ইডিয়ে৷ কার্যতঃ এনে একাউণ্টৰ জৰিয়তে যে এনজিঅ’সমূহে বিদেশী পুঁজি অনুপ্রৱেশকাৰী সৰবৰাহত ব্যৱহাৰ কৰিছিল সেয়া পোহৰলৈ আহে৷ এনে ঘটনা সর্বাধিক সংঘটিত হৈছে পশ্চিমবংগ আৰু উত্তৰ প্রদেশত৷

The post বাংলাদেশীৰ অনুপ্রৱেশৰ আঁৰত এনজিঅ’, এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ তদন্তত ভয়ংকৰ তথ্য first appeared on নিয়মীয়া বাৰ্তা.

অৰুণাচল সীমান্তৰ সমীপতে পঞ্চমখন ডিফেঞ্চ ভিলেজ নির্মাণ চীনৰ
ডিজিটেল ডেস্ক, ১৮ জুলাই : শান্তিৰ দূত হিচাপে নিজকে প্রতিষ্ঠা কৰিবলৈ বিচাৰিলেও প্রতিৱেশী ৰাষ্ট্র চীনৰ ভাৰতবিৰোধী চৰিত্র এতিয়া এফালৰ পৰা বিশ্ববাসীৰ সন্মুখলৈ আহিবলৈ ধৰিছে৷ অসমীয়াৰ আয়ুস ৰেখা ব্রহ্মপুত্রৰ ভেটিত বিশ্বৰ বৃহৎ বান্ধ নির্মাণৰ সময়তে পোহৰলৈ আহিছে চীনৰ আন এক কুখ্যাত কার্য৷

আন্তঃৰাষ্ট্রীয় সীমান্তত নিজৰ স্থিতি সবল কৰিবলৈ ভাৰত–চীন সীমান্তত চীনে গ্রহণ কৰিছে আন এক কৌশলগত পদক্ষেপ৷ ভাৰতবর্ষৰ অৰুণাচল প্রদেশৰ সীমান্তৰ পৰা মাথোঁ কেইকিলোমিটাৰ দূৰৈত তিব্বতৰ মেটগ কাউণ্টীত চীনে পঞ্চমখন নতুন প্রতিৰক্ষামূলক গাঁও সম্পূর্ণ কৰিছে৷ স্বয়ং চীনৰ চৰকাৰী সংবাদ মাধ্যম চাইনা ডেইলীত এই কথা প্রকাশ পাইছে৷

প্রকাশিত তথ্য অনুসৰি, ভাৰত সীমান্তৰ প্রকৃত নিয়ন্ত্রণৰেখা চমুকৈ এলএচিৰ পৰা মাথোঁ কেইকিলোমিটাৰ দূৰত্বত চীনে গঢ়ি তুলিছে ‘গুৱ’ছিঙ’ নামৰ গাঁওখন৷ আগ্রাসী চীনে এই গাঁওসমূহ উন্নয়নমূলক প্রকল্প বুলি বিশ্ববাসীৰ আগত প্রমাণ কৰিবলৈ চেষ্টা চলালেও সামৰিক আৰু ভূ–ৰাজনৈতিক বিশেষজ্ঞসকলৰ মতে এই গাঁওসমূহ সীমান্তত চীনৰ স্থায়ী উপস্থিতি সুদৃঢ় কৰাৰ এক সুদূৰপ্রসাৰী কৌশল৷ তিব্বতৰ মেটগ কাউণ্টীত গঢ় লৈ উঠা ৫খন নতুন সীমান্তৱর্তী গাঁৱৰ ভিতৰত ‘গুৱ’ছিঙ’ অন্তিম প্রকল্প বুলি চীনে সদৰী কৰিছে৷

মূলতঃ ভূমিস্খলন বা দুর্গম অঞ্চলৰ কেইবাশ পৰিয়ালক নতুন স্থানলৈ স্থানান্তৰ কৰাৰ অজুহাতত এই গাঁওকেইখন নির্মাণ কৰাৰ দাবী চীনে কৰিলেও নৱনির্মিত গাঁওকেইখনত আধুনিক বাসগৃহ, পকীপথ, বিদ্যুৎ সংযোগ, বিশুদ্ধ খোৱাপানী, চিকিৎসা সেৱা, বিদ্যালয় গঢ়ি তোলাৰ লগতে যোগাযোগ ব্যৱস্থা আৰু পর্যটনকেন্দ্রিক আন্তঃগাঁথনিসমূহ গঢ়ি তোলাক প্রত্যক্ষ কৰি বিভিন্ন মহলে এয়া সামৰিক সুৰক্ষা আবেষ্টনীৰ প্রথম পর্যায় বুলি মন্তব্য কৰিছে৷

অকল সেয়াই নহয়, উক্ত গাঁওখনকে ধৰি মুঠ ৫খন গাঁৱতে নাগৰিকৰ অর্থনৈতিক স্বনির্ভৰশীলতা গঢ়ি তুলিবলৈ চীনা চৰকাৰে উচ্চ মূল্যৰ ঔষধি উদ্ভিদ ডেন্দ্র’বিয়ামৰ খেতিৰ ব্যৱস্থাও কৰি দিছে৷ চৰকাৰী পৃষ্ঠপোষকতাত ৬ হাজাৰৰো অধিক ঔষধি গছ স্থানীয় পৰিয়ালসমূহৰ মাজত বিতৰণ কৰা হৈছে৷

উল্লেখ্য যে তিব্বতৰ মেটগ প্রদেশৰ ঘন বর্ষাৰণ্যৰ বাবে তাৰ জলবায়ু কৃষি উপযোগী৷ চীনৰ এনেধৰণৰ পদক্ষেপে তাৰ বাসিন্দাসকলক অর্থনৈতিকভাৱে স্বাৱলম্বী কৰি তোলাৰ লগতে চীনৰ কৃষি অর্থনীতিকো এক নতুন মাত্রা প্রদান কৰিব৷ বিশ্ব মানচিত্রত নিজৰ নাগৰিকক সহায় কৰাৰ বাবে চীনা চৰকাৰে লোৱা এনে পদক্ষেপক জনকল্যাণকামী বুলি প্রতিষ্ঠা কৰিবলৈ চেষ্টা চলালেও সামৰিক বিশেষজ্ঞসকলৰ মতে সীমান্তত এনেধৰণে অধিকসংখ্যক স্থায়ী নাগৰিকৰ উপস্থিতিয়ে প্রয়োজনৰ সময়ত চৰকাৰক বিভিন্ন ধৰণে সহায় কৰিব পাৰে৷ তদুপৰি যোগাযোগ ব্যৱস্থা, পথ, বিদ্যুৎ সংযোগ ব্যৱস্থা আৰু ডিজিটেল নেটৱর্কৰ উন্নতি হোৱাৰ ফলত যুদ্ধকালীন পৰিস্থিতিত সামৰিক বাহিনীয়েও অতি সহজতে এই আন্তঃগাঁথনি ব্যৱহাৰ কৰাৰ সুযোগ গ্রহণ কৰিব পাৰে৷

স্বয়ং চীনৰ চৰকাৰী সংবাদ মাধ্যমত চীনৰ চিচুৱান প্রদেশৰ এগৰাকী পর্যটক জাং জুৱে সদৰী কৰা মতে, সীমান্তৱর্তী এলেকাত এনেধৰণৰ আন্তঃগাঁথনিয়ে এফালে পর্যটকৰ হাৰ বৃদ্ধি কৰাৰ লগতে অধিক জনবসতিয়ে ৰাষ্ট্রীয় সুৰক্ষাৰ ক্ষেত্রতো পৰোক্ষভাৱে হ’লেও এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে৷ গতিকে চীনে যিমানেই এই পদক্ষেপক জনকল্যাণমুখী বুলি অভিহিত কৰিবলৈ চেষ্টা নকৰিলেও তেওঁলোকৰ নাগৰিকেই এই কথা প্রত্যক্ষভাৱে সদৰী কৰিছে৷ ভাৰতৰ বাবে অৰুণাচল প্রদেশৰ সীমান্তৱর্তী তিব্বতৰ মেটগ প্রদেশ অতিকে গুৰুত্বপূর্ণ বুলি তাহানিৰ সময়ৰে পৰা বিবেচিত হৈ আহিছে৷ পূর্বৰে পৰা সমগ্র অৰুণাচল প্রদেশক চীনে দক্ষিণ তিব্বত বুলি দাবী কৰি আহিছে৷ গতিকে এই পৰিস্থিতিত সীমান্তৱর্তী মেটগ প্রদেশত জনবসতি গঢ়ি তোলাটোক কেৱল উন্নয়নমূলক পদক্ষেপ হিচাপে প্রত্যক্ষ কৰাটো কঠিন বুলি বহুসংখ্যক বিশ্লেষকে মন্তব্য কৰিছে৷

বিশেষকৈ ২০২০ চনৰ গালৱান সংঘর্ষৰ পিছত ভাৰত আৰু চীন দুয়োখন দেশে সীমান্তত আন্তঃগাঁথনি উন্নয়নৰ গতি বৃদ্ধি কৰিছে৷ একে সময়তে চীনে যিদৰে অসামাৰিক উন্নয়ন, পর্যটন, কৃষি আৰু জনবসতিক সামৰিক কৌশলৰ সৈতে সংযুক্ত কৰিছে, সেয়া অনাগত সময়ত ভাৰতৰ বাবে এক নতুন প্রত্যাহ্বান হিচাপে চিহ্ণিত হোৱাৰ আশংকা বৃদ্ধি পাইছে৷ এনেদৰে সীমান্তত চীনৰ জনবসতি বৃদ্ধি পালে ভৱিষ্যতে উক্ত ভূ–খণ্ড চীনে নিজৰ বুলি দাবী কৰাৰ ৰাজনৈতিক ভিত্তি লাভ কৰাৰ লগতে সীমান্ত অঞ্চলত অধিকসংখ্যক নাগৰিকৰ উপস্থিতিয়ে ভাৰতৰ বিভিন্ন তথ্য সংগ্রহৰ ক্ষেত্রতো পৰোক্ষভাৱে সুবিধা প্রদান কৰিব পাৰে৷ অকল সেয়াই নহয়, অৰুণাচল প্রদেশক লৈ চীনে দীর্ঘদিন ধৰি কৰি অহা দাবীৰ পৰিপ্রেক্ষিতত এনে গাঁওসমূহ মনঃস্তাত্ত্বিক আৰু কৌশলগত চাপ সৃষ্টিৰ মাধ্যম হিচাপে ব্যৱহাৰ হোৱাৰো আশংকা নথকা নহয় বুলি সামৰিক বিশেষজ্ঞসকলে মন্তব্য কৰিছে৷

The post অৰুণাচল সীমান্তৰ সমীপতে পঞ্চমখন ডিফেঞ্চ ভিলেজ নির্মাণ চীনৰ first appeared on নিয়মীয়া বাৰ্তা.

ভোটাৰ তালিকাত নাম কর্তন মানে নাগৰিকত্ব হেৰুওৱা নহয় : উচ্চতম ন্যায়ালয়
ডিজিটেল ডেস্ক, ১৮ জুলাই : এছআইআৰৰ পিছত ভোটাৰ তালিকাৰ পৰা কাৰোবাৰ নাম বাদ পৰা মানেই তেওঁ নাগৰিকত্ব হেৰুৱাই পেলোৱা বুলি ক’ব নোৱাৰি৷– শুকুৰবাৰে মৌখিকভাৱে এই কথা জনালে উচ্চতম ন্যায়ালয়ে৷

শীর্ষ ন্যায়ালয়খনৰ মুখ্য ন্যায়াধীশ সূর্য কান্তৰ বিচাৰপীঠৰ মন্তব্য যে বিহাৰৰ এছআইআৰ গোচৰৰ ৰায়ত এই কথা স্পষ্ট কৰা আছে৷ তাত কোৱা হৈছে যে কাৰো নাগৰিকত্ব নির্ধাৰণৰ চূড়ান্ত অধিকাৰ নির্বাচন আয়োগৰ হাতত নাই৷ ফলত কেৱল ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ বাবে কাৰো নাগৰিকত্ব কাঢ়ি নিব নোৱাৰি৷ পশ্চিমবংগত এছআইআৰ সম্পর্কীয় ন্যায়াধিকৰণৰ শুনানি প্রক্রিয়াক আৰু অধিক সুশৃংখল কৰাৰ আবেদনেৰে এটা জনস্বার্থজড়িত গোচৰ ৰুজু হৈছে উচ্চতম ন্যায়ালয়ত৷

গোচৰদাতাৰ দাবী যে তালিকাৰ পৰা যাৰ নাম বাদ পৰিছে, তেওঁলোকে ৰেচন আৰু অন্নপূর্ণা যোজনাৰ সুবিধা পোৱাৰ ক্ষেত্রত সমস্যাত পৰিছে৷ তেওঁলোকৰ জাতিগত প্রমাণ–পত্র পোৱাৰ ক্ষেত্রতো সমস্যা হৈছে বুলি গোচৰদাতাৰ অভিযোগ৷ শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচি আৰু ন্যায়াধীশ ভি মোহনৰ বিচাৰপীঠে গোচৰটো শুনানিৰ বাবে লয়৷ গোচৰটোৰ পৰিপ্রেক্ষিতত নির্বাচন আয়োগ, ৰাজ্য চৰকাৰ আৰু ৰাজ্যৰ নির্বাচন আয়োগৰ পৰা উত্তৰ বিচাৰিছে উচ্চতম ন্যায়ালয়ে৷ শুনানি চলি থকা সময়ছোৱাত ন্যায়াধীশ বাগচিয়ে জনায় যে বিহাৰৰ এছআইআৰ গোচৰৰ ৰায় অনুসৰি নাগৰিকত্ব স্থিৰ কৰাৰ ক্ষেত্রত নির্বাচন আয়োগ কোনো সাংবিধানিক কর্তৃপক্ষ নহয়৷ বৰং নাগৰিকত্বক লৈ সন্দেহৰ কাৰণে কাৰোবাৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ পৰি গ’লেও তেওঁলোকে নাগৰিকত্ব নির্ধাৰণৰ বাবে কেন্দ্রীয় চৰকাৰৰ ওচৰত আবেদন জনাব লাগিব৷ এয়া আয়োগৰ দায়িত্ব৷

ন্যায়াধীশ বাগচিয়ে কয়- ‘বিষয়টো নাগৰিকত্ব আইনৰ আওতাত নিষ্পত্তিৰ বাবে সংশ্লিষ্ট মন্ত্রালয়ৰ ওচৰলৈ পঠিওৱাটো আয়োগৰ দায়িত্ব৷ নিষ্পত্তি নোহোৱা পর্যন্ত সংশ্লিষ্ট ব্যক্তিৰ (নাগৰিকত্বৰ) মর্যাদা বাহাল ৰাখিব লাগিব৷ তেওঁ আৰু কয়- ‘তেওঁলোকে (আয়োগ) কাৰোবাক ভোটাৰ তালিকাত নৰখাৰ সিদ্ধান্ত ল’ব পাৰে৷ তাৰ বাবে নাগৰিকত্ব হেৰাই নাযায়৷’

The post ভোটাৰ তালিকাত নাম কর্তন মানে নাগৰিকত্ব হেৰুওৱা নহয় : উচ্চতম ন্যায়ালয় first appeared on নিয়মীয়া বাৰ্তা.

পাক সেনাৰ কনভয়ত বেলুচ বিদ্ৰোহীৰ ভয়ংকৰ আক্ৰমণ, ৪৫জন জোৱান নিহত
ডিজিটেল ডেস্ক, ১৭ জুলাই : পাকিস্তান সেনাৰ এটা কনভয়ক লক্ষ্য কৰি বেলুচ বিদ্ৰোহীয়ে এক ভয়ংকৰ আক্ৰমণ সংঘটিত কৰে। এই আক্ৰমণত অতিকমেও ৪৫জন পাক সেনা জোৱান নিহত হোৱা বুলি দাবী কৰিছে নিষিদ্ধঘোষিত সংগঠন ‘বেলুচিস্তান লিবাৰেচন আৰ্মী’ (BLA)-এ। ঘটনাটোত আন বহুকেইজন জোৱান গুৰুতৰভাৱে আহত হৈছে। অৱশ্যে পাকিস্তান সেনাৰ তৰফৰ পৰা বৰ্তমানলৈকে এই আক্ৰমণক লৈ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

বিএলএৰ (BLA) মুখপাত্ৰ জিয়ান্দ বেলুচে এক বিবৃতিযোগে প্ৰকাশ কৰা মতে, তেওঁলোকৰ সংগঠনৰ বিশেষ ‘ফাতাহ স্কোয়াড’-এ এই আক্ৰমণ চলাইছে। পাকিস্তান সেনাৰ জোৱান কঢ়িয়াই নিয়া এখন বাছক লক্ষ্য কৰি বিদ্ৰোহীসকলে খাপ পিটি আছিল। মুস্তং জিলাৰ খডকোচা অঞ্চলত সেনাৰ বাছখন উপস্থিত হোৱাৰ লগে লগে তাত এক শক্তিশালী বোমা বিস্ফোৰণ ঘটোৱা হয়। বিএলএৰ দাবী অনুসায়ী, বাছখনত থকা অধিকাংশ পাক সেনাৰে থিতাতে মৃত্যু ঘটে।

সংগঠনটোৱে জনাইছে যে অতি সোনকালে তেওঁলোকে এই আক্ৰমণৰ সবিশেষ তথ্য আৰু ভিডিঅ’ ৰাজহুৱা কৰিব। ইফালে, পাকিস্তান চৰকাৰ বা সামৰিক বাহিনীয়ে সমগ্ৰ ঘটনাটোক লৈ এতিয়াও নিমাত হৈ আছে।

উল্লেখযোগ্য যে বেলুচিস্তানত পাকিস্তান সেনাৰ ওপৰত বেলুচ বিদ্ৰোহীৰ আক্ৰমণৰ ঘটনা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে। বিদ্ৰোহীসকলক দমন কৰিবলৈ পাক সেনায়ো অভিযান চলাই আহিছে, যাৰ ফলত দুয়োপক্ষৰ মাজত প্ৰায়ে সংঘৰ্ষৰ সৃষ্টি হয়। ইয়াৰ পূৰ্বে বিগত মে’ মাহতো সেনাৰ কনভয়ক লক্ষ্য কৰি বিএলএই এক আইইডি আক্ৰমণ চলাইছিল, য’ত ১২গৰাকী সামৰিক কৰ্মীৰ মৃত্যু হৈছিল।

The post পাক সেনাৰ কনভয়ত বেলুচ বিদ্ৰোহীৰ ভয়ংকৰ আক্ৰমণ, ৪৫জন জোৱান নিহত first appeared on নিয়মীয়া বাৰ্তা.