নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত পুনৰ বিয়পিছে ক’ভিড, বৃদ্ধি পাইছে আতংক

ডিজিটেল ডেস্ক, ২৩ জুলাই : দেশত পুনৰ আৰম্ভ হৈছে ক’ৰোনাৰ প্রকোপ৷ অন্ধ্রপ্রদেশত ইতিমধ্যে এই ৰোগৰ প্রাদুর্ভাৱ ঘটাৰ খবৰ পোৱা গৈছে৷ ৰাজ্যখনত এইবাৰ আৰু ৭জন লোকৰ দেহত ক’ৰোনা চিনাক্ত কৰা হৈছে৷ এতিয়ালৈ মুঠ আক্রান্তৰ সংখ্যা হৈছেগৈ ২৬জন৷ অৱশ্যে এতিয়াও সামূহিকভাৱে এই ৰোগ বিয়পাৰ কোনো লক্ষণ দেখিবলৈ পোৱা নাই৷ তথাপি স্বাভাৱিকতেই মানুহৰ মনত বৃদ্ধি পাইছে আতংক৷

অন্ধ্রপ্রদেশৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জনোৱা হৈছে যে ৰাজ্যখনৰ বিভিন্ন জিলাত এই ৰোগ বিয়পিছে৷ কিন্তু এইবোৰ কোনো নির্দিষ্ট স্থানভিত্তিক ক্লাষ্টাৰ আউট ব্রেক হৈ পৰা নাই৷ আক্রান্ত ২৬জনৰ ভিতৰত ১০জন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে, আন ৯জন ৰোগী হোম আইছ’লেচনত আছে৷ তিনিজনে ইতিমধ্যে সুস্থ হোৱা বুলি প্রমাণ–পত্র লাভ কৰিছে৷ আক্রান্তসকলৰ ভিতৰত ৪জনৰ ইতিমধ্যে মৃত্যু ঘটিছে৷

ৰাজ্যখনত এইপর্যন্ত ১৪৫টা নমুনা পৰীক্ষা কৰা হৈছে৷ মঙলবাৰে অন্ধ্রপ্রদেশত চিনাক্ত হোৱা ৭টা নতুন কেছৰ ভিতৰত ৪টা গুণ্টুৰ জিলাৰ, দুটা পূব গোদাবৰী আৰু এটা বাপাতলা জিলাৰ৷ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জনোৱা মতে, মৃত চাৰিওজন ৰোগীৰেই ক’ভিড চিনাক্ত হোৱাৰ পূর্বৰ পৰাই জটিল অসুস্থতা তথা কো–মর্বিডিটী আছিল৷

স্বাস্থ্য বিভাগে স্পষ্ট কৰি দিছে যে সংক্রমণসমূহ বিভিন্ন জিলাত বিক্ষিপ্তভাৱে বিয়পিছে৷ কিন্তু, ৰাজ্যখনত ক্লাষ্টাৰ প্রাদুর্ভাৱৰ কোনো প্রমাণ পোৱা নাই৷ ইফালে, কলকাতাতো ক’ভিড–১৯ৰ সংক্রমণৰ খবৰ পোৱা গৈছে৷ সম্প্রতি কলকাতাৰ এখন বেচৰকাৰী হাস্পতালত ক’ৰোনা পজিটিভ ধৰা পৰাৰ পিছত ১০ বছৰীয়া এটি শিশুক চিকিৎসা কৰি থকা হৈছে৷ শিশুটিৰ শাৰীৰিক অৱস্থা এতিয়া আপাততঃ সুস্থিৰ আৰু চিকিৎসকৰ সতর্ক নজৰত আছে৷

তদুপৰি, আন ৩জন লোকৰ শৰীৰতো ক’ভিড ধৰা পৰাত তেওঁলোককো চহৰৰ হাস্পতালত ভর্তি কৰোৱা হৈছে৷ চাৰিওজন ৰোগীৰ মাজতেই জ্বৰ, ডিঙিৰ বিষ আৰু ঘনে ঘনে কাহৰ দৰে ক’ৰোনাৰ সাধাৰণ উপসর্গ দেখা গৈছে৷ সংক্রমণ বৃদ্ধি পাইছে যদিও বেছিভাগ ক্ষেত্রতে ই মৃদু হৈ আছে৷ চিকিৎসকসকলে নিশ্চিত কৰিছে যে কলকাতাত ক’ভিড আৰু শ্বাসযন্ত্রৰ অন্যান্য ভাইৰাচৰ প্রকোপ সঁচাকৈয়ে বৃদ্ধি পাইছে৷ ৰোগীসকলৰ মাজত জ্বৰ, ডিঙিৰ বিষ বা ডিঙিৰ খচ্খচনি, কাহ, নাকেৰে পানী ওলাই থকা, নাক বন্ধ হৈ পৰা, হাঁচি, মূৰৰ বিষ, সমগ্র শৰীৰতে বিষ আৰু অৱসাদ দেখিবলৈ পোৱা গৈছে৷ তথাপি, যিসকলে পূর্বৰ পৰাই অন্যান্য শাৰীৰিক সমস্যাত ভুগি আছে, তেওঁলোকৰ ক্ষেত্রত শ্বাস কষ্ট আৰু অক্সিজেনৰ মাত্রা কমি যোৱাৰ দৰে লক্ষণো দেখা দিব পাৰে৷ উপসর্গ বাঢ়ি থাকিলে তাক অৱহেলা নকৰাৰ পৰামর্শ দিছে চিকিৎসকসকলে৷

You might also like