নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাল খবৰ… ভাৰতত অনুমোদন লাভ প্ৰথমটো ডেংগু ভেকচিনৰ

ডিজিটেল ডেস্ক, ২১ জুলাই : দেশত ক’ৰোনা প্রতিৰোধৰ টিকা থাকিলেও ডেংগুৰ টিকা নাছিল৷ এই ৰোগ প্রতিৰোধৰ বাবে প্রথমবাৰৰ বাবে টিকাৰ অনুমোদন দিলে কেন্দ্রীয় চৰকাৰে৷ এই নতুন টিকাৰ নাম ‘কিউডিইএনজিএ’ বা কিউডেংগা৷

ভাৰতত প্রতিবছৰেই ডেংগুত আক্রান্ত হয় লাখ লাখ লোক৷ এটা ৰিপ’ৰ্টত কোৱা হৈছে যে সমগ্র বিশ্বত যিমান লোক ডেংগুত আক্রান্ত হয়, তাৰ এক–তৃতীয়াংশই ভাৰতৰ বাসিন্দা৷ তথ্যই প্রমাণ কৰে যে ডেংগু এবিধ মাৰণ ৰোগ৷ এই নতুন টিকাই ৰোগবিধৰ বিৰুদ্ধে যুঁজাত সহায় কৰিব বুলি আশা কৰা হৈছে৷

এই প্রতিষেধকটো তৈয়াৰ কৰিছে জাপানৰ ঔষধ প্রস্তুতকাৰী সংস্থা টাকেডা বায়’ফার্মাচিউটিকেলছে৷ ডিচিজিআই-এ জাপানী ফাৰ্মাচিউটিকেল কোম্পানী ‘টাকেডা বায়’ফার্মাচিউটিকেলছ’ৰ  ডেংগু ভেকচিন ‘কিউডিইএনজিএ’ বা ‘কিউডেংগা’-ক বজাৰত ব্যৱহাৰৰ বাবে আনুষ্ঠানিকভাৱে অনুমোদন প্ৰদান কৰিছে। ইয়াৰ লগে লগে ভাৰতত অনুমোদন লাভ কৰা ‘কিউডেংগা’ হৈ পৰিল প্ৰথমটো ডেংগু ভেকচিন।

তেওঁলোকৰ এই টিকা কিউডেংগাই ইতিমধ্যে এছিয়া, লেটিন আমেৰিকা আৰু ইউৰোপৰ ৪২খন দেশত অনুমোদন লাভ কৰিছে৷ ব্রাজিল আৰু আর্জেণ্টিনাতো চৰকাৰী প্রকল্পৰ জৰিয়তে এই টিকা দিয়া হয়৷

কিউডেংগাৰ অনুমোদন জনাইছে বিশ্ব স্বাস্থ্য সংস্থাই৷ ৪ বছৰৰ পৰা ৬০ বছৰ বয়সৰ যিকোনো লোকেই শাৰীৰিক পৰীক্ষা অবিহনে এই টিকা ল’ব পাৰে৷ ইয়াৰ মুঠ দুটা ড’জ ল’বলগীয়া হয়৷ প্রথম ড’জৰ ৩ মাহৰ মূৰত আনটো ড’জ ল’ব লাগে৷

You might also like