ডিজিটেল ডেস্ক, ২০ জুলাই : দেশৰ ৰে’ল পৰিবহণ ব্যৱস্থাত কার্যতঃ বিপ্লৱৰ সূচনা কৰি আৰম্ভ হৈছে হাইড্র’জেন ৰে’লসেৱা৷ হাৰিয়ানাৰ জিন্দৰ পৰা সোণিপটলৈ প্রায় ৮১ কিলোমিটাৰ দূৰত্বত চলিব এই হাইস্পীড ৰে’ল৷ যোৱা শুকুৰবাৰে ইয়াৰ উদ্বোধন কৰিছিল প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ অতি কম সময়ৰ ভিতৰতে ই অধিক দূৰত্ব অতিক্রম কৰিব পাৰে৷ কিন্তু সেইবুলি এনেদৰে ভবাৰো প্রয়োজন নাই যে ইয়াৰ বাবে অতিৰিক্ত ভাৰা ভৰিব লাগিব৷ বৰং তাৰ ওলোটাটোহে৷
অর্থাৎ এই হাইড্র’জেন ৰে’লেৰে যাত্রাৰ ব্যয় তেনেই সামান্য৷ পানীৰ দৰতে আপুনি হাইড্র’জেন ৰে’লত ভ্রমণ কৰিব পাৰিব৷ শেহতীয়াকৈ ৰে’ল বিভাগৰ তৰফৰ পৰা প্রকাশ কৰা হৈছে ভাৰাৰ তালিকা৷ তাত জনা গৈছে এটা প্লেটফর্ম টিকটৰ দাম অর্থাৎ মাত্র ৫ টকা দিয়েই টিকট কাটি আপুনি এই ৰে’লত ভ্রমণৰ আনন্দ উপভোগ কৰিব পাৰিব৷ আচলতে উন্নত ৰে’ল ব্যৱস্থা মানেই অধিক ব্যয় নহয়৷ হাইড্র’জেন ৰে’লৰ টিকটৰ দাম জনসাধাৰণৰ সাধ্যৰ ভিতৰতে ৰাখি এই কথা প্রমাণ কৰিছে কেন্দ্রীয় চৰকাৰে৷
মাত্র ৫ টকাত টিকট কাটি এই ৰে’লত উঠি যাব পাৰিব ন্যূনতম দূৰত্ব আৰু সর্বোচ্চ ভাৰা হ’ল ২৫ টকা৷ এই ৰে’লখনৰ গতি প্রতিঘণ্টাত ৭৫ কিলোমিটাৰ৷ এই গতি সর্বোচ্চ ১১০ কিলোমিটাৰ পর্যন্ত হ’ব পাৰে৷ মাত্র ৫ৰ পৰা ২৫ টকাৰ ভিতৰত জিন্দৰ পৰা সোণিপটৰ যিকোনো ষ্টেচনলৈ আপুনি অনায়াসে যাত্রা কৰিব পাৰিব৷ এই টিকটৰ দামৰ তালিকা হাতত পাই অত্যন্ত আনন্দিত হৈ পৰিছে হাৰিয়ানাবাসী৷ টিকট কটাৰ বাবে অধিক মূল্য ভৰাৰ উৎকণ্ঠাও নাথাকিব আৰু অত্যাধুনিক ৰে’লযাত্রাৰ আনন্দও ল’ব পৰা যাব বাবেই তেওঁলোকৰ এই আনন্দ৷ এই ৰে’ল সেৱা আৰম্ভ হোৱাত জাপান, চীন, জার্মানী আৰু আমেৰিকাৰ সৈতে একে শাৰীতে স্থান লাভ কৰিবলৈ সক্ষম হ’ল ভাৰতেও৷
১০টা দবাৰ অত্যাধুনিক ৰে’ল চলে হাইড্র’জেন ফুৱেল চেল প্রযুক্তিত৷ ইয়াত দুটা ড্রাইভিং পাৱাৰ কাৰ আৰু ৮টা ট্রেইলাৰ কোচ আছে৷ ট্রেইনৰ চালিকাশক্তি ১,২০০ কিলোৱাটৰ প্রোটন একচেঞ্জ মেমব্রেন ফুৱেল চেল৷ এই প্রযুক্তিত উচ্চ চাপত থকা চিলিণ্ডাৰৰ পৰা হাইড্র’জেন গেছ আৰু বতাহৰ অক্সিজেনে ৰাসায়নিক বিক্রিয়াৰে বিদ্যুৎ উৎপাদন কৰে৷