এইবাৰ লোহিত সাগৰো বন্ধৰ পৰিকল্পনা ইৰানৰ
ডিজিটেল ডেস্ক, ২৩ জুলাই : হৰমুজৰ পিছত এইবাৰ লোহিত সাগৰো বন্ধ কৰি দিবলৈ বিচাৰিছে ইৰানে৷ ইউৰোপৰ ইন্ধন সৰবৰাহ বিপর্যস্ত কৰিবলৈ লোহিত সাগৰ বন্ধ কৰি দিয়াৰ পৰিকল্পনা ইৰানৰ৷ এই পৰিকল্পনাক লৈ উদ্বিগ্ণ হৈ পৰিছে নতুন দিল্লীও৷ কাৰণ, যুদ্ধৰ প্রভাৱ লোহিত সাগৰ, ছুৱেজ প্রণালী আৰু খালত পৰিলে তাক লৈ উদ্বেগ বৃদ্ধি হোৱাটো তেনেই স্বাভাৱিক৷ মাজতে শান্তি আলোচনাৰ চেষ্টা চলিছিল যদিও শেহতীয়াকৈ ইৰান আৰু আমেৰিকাৰ মাজত পুনৰ সংঘাত বৃদ্ধি পাইছে আৰু ই সোনকালে ৰোধ হোৱাৰ লক্ষণ দেখিবলৈ পোৱা নাই৷ ইয়াক লৈ পৰিস্থিতি হৈ পৰিছে আৰু অধিক জটিল৷
হৰমুজ প্রণালীৰ পিছত এইবাৰ টার্গেট লোহিত সাগৰ৷ ইৰানৰ বিদ্যুৎ কেন্দ্রত আক্রমণ কৰাত লেবাননৰ হুথী বাহিনীয়ে লোহিত সাগৰ বন্ধ কৰাৰ আবেদন জনয় ইৰানক৷ এই জলপথটোও বন্ধ হৈ গ’লে সমগ্র বিশ্বই মহাসংকটত পৰিব৷ ইৰান আৰু আমেৰিকাৰ মাজৰ শান্তি চুক্তি ভংগ হোৱাৰ পিছত পুনৰ সৃষ্টি হোৱা সংঘাতৰ ফলত উত্তপ্ত হৈ পৰিছে ইৰান–আমেৰিকাৰ লগতে সমগ্র বিশ্ব৷ ইৰানৰ ৰে’ল ষ্টেচনৰ পৰা আৰম্ভ কৰি বিমানবন্দৰ, বিভিন্ন গুৰুত্বপূর্ণ দলঙত আক্রমণ চলাইছে আমেৰিকাই৷ ৭জন লোকৰ মৃত্যুৰ খবৰ পোৱা হৈছে৷
ইফালে, ইৰানৰ ৰিভলিউচনাৰী গার্ডেও হৰমুজ প্রণালীৰে যাতায়াত কৰা জাহাজত আক্রণ কৰিছে৷ কিন্তু, ইয়াতেই ক্ষান্ত হোৱা নাই ইৰান৷ যুদ্ধৰ হাতোৰা বিয়পাবলৈ এইবাৰ ইৰানে লৈছে নতুন পৰিকল্পনা৷ জানিব পৰা মতে, হৰমুজৰ পিছত তেওঁলোকে এইবাৰ লোহিত সাগৰো বন্ধ কৰি দিব বিচাৰিছে৷ মূলতঃ ইউৰোপৰ ইন্ধন সৰবৰাহ বিপর্যস্ত কৰিবলৈয়ে লোহিত সাগৰ বন্ধৰ এই নতুন পৰিকল্পনা ইৰানৰ৷ কিন্তু লক্ষ্য ইউৰোপ হ’লেও এই পৰিকল্পনাক লৈ উদ্বিগ্ণ হৈ পৰিছে নতুন দিল্লীও৷ কাৰণ, যুদ্ধৰ প্রভাৱ লোহিত সাগৰ, ছুৱেজ প্রণালী বা খালত পৰিলে তাক লৈ ভাৰতৰ উদ্বেগ বৃদ্ধি পোৱাটো তেনেই স্বাভাৱিক৷
ভাৰতৰ পৰা ইউৰোপলৈ যোগাযোগৰ ক্ষেত্রত আটাইতকৈ সংক্ষিপ্ত পথটোৱেই লোহিত সাগৰ৷ সেইবাবেই চিন্তিত ভাৰত৷ এই পথ বন্ধ হ’লে ইউৰোপৰ পৰা ভাৰতৰ আমদানি বাধাগ্রস্ত হ’ব৷ পোনপটীয়াকৈ প্রভাৱ পৰিব ভাৰতৰ মেনুফেক্সাৰিং বা উৎপাদন ক্ষেত্রত৷