ডিজিটেল ডেস্ক, ১৮ জুলাই : এছআইআৰৰ পিছত ভোটাৰ তালিকাৰ পৰা কাৰোবাৰ নাম বাদ পৰা মানেই তেওঁ নাগৰিকত্ব হেৰুৱাই পেলোৱা বুলি ক’ব নোৱাৰি৷– শুকুৰবাৰে মৌখিকভাৱে এই কথা জনালে উচ্চতম ন্যায়ালয়ে৷
শীর্ষ ন্যায়ালয়খনৰ মুখ্য ন্যায়াধীশ সূর্য কান্তৰ বিচাৰপীঠৰ মন্তব্য যে বিহাৰৰ এছআইআৰ গোচৰৰ ৰায়ত এই কথা স্পষ্ট কৰা আছে৷ তাত কোৱা হৈছে যে কাৰো নাগৰিকত্ব নির্ধাৰণৰ চূড়ান্ত অধিকাৰ নির্বাচন আয়োগৰ হাতত নাই৷ ফলত কেৱল ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ বাবে কাৰো নাগৰিকত্ব কাঢ়ি নিব নোৱাৰি৷ পশ্চিমবংগত এছআইআৰ সম্পর্কীয় ন্যায়াধিকৰণৰ শুনানি প্রক্রিয়াক আৰু অধিক সুশৃংখল কৰাৰ আবেদনেৰে এটা জনস্বার্থজড়িত গোচৰ ৰুজু হৈছে উচ্চতম ন্যায়ালয়ত৷
গোচৰদাতাৰ দাবী যে তালিকাৰ পৰা যাৰ নাম বাদ পৰিছে, তেওঁলোকে ৰেচন আৰু অন্নপূর্ণা যোজনাৰ সুবিধা পোৱাৰ ক্ষেত্রত সমস্যাত পৰিছে৷ তেওঁলোকৰ জাতিগত প্রমাণ–পত্র পোৱাৰ ক্ষেত্রতো সমস্যা হৈছে বুলি গোচৰদাতাৰ অভিযোগ৷ শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচি আৰু ন্যায়াধীশ ভি মোহনৰ বিচাৰপীঠে গোচৰটো শুনানিৰ বাবে লয়৷ গোচৰটোৰ পৰিপ্রেক্ষিতত নির্বাচন আয়োগ, ৰাজ্য চৰকাৰ আৰু ৰাজ্যৰ নির্বাচন আয়োগৰ পৰা উত্তৰ বিচাৰিছে উচ্চতম ন্যায়ালয়ে৷ শুনানি চলি থকা সময়ছোৱাত ন্যায়াধীশ বাগচিয়ে জনায় যে বিহাৰৰ এছআইআৰ গোচৰৰ ৰায় অনুসৰি নাগৰিকত্ব স্থিৰ কৰাৰ ক্ষেত্রত নির্বাচন আয়োগ কোনো সাংবিধানিক কর্তৃপক্ষ নহয়৷ বৰং নাগৰিকত্বক লৈ সন্দেহৰ কাৰণে কাৰোবাৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ পৰি গ’লেও তেওঁলোকে নাগৰিকত্ব নির্ধাৰণৰ বাবে কেন্দ্রীয় চৰকাৰৰ ওচৰত আবেদন জনাব লাগিব৷ এয়া আয়োগৰ দায়িত্ব৷
ন্যায়াধীশ বাগচিয়ে কয়- ‘বিষয়টো নাগৰিকত্ব আইনৰ আওতাত নিষ্পত্তিৰ বাবে সংশ্লিষ্ট মন্ত্রালয়ৰ ওচৰলৈ পঠিওৱাটো আয়োগৰ দায়িত্ব৷ নিষ্পত্তি নোহোৱা পর্যন্ত সংশ্লিষ্ট ব্যক্তিৰ (নাগৰিকত্বৰ) মর্যাদা বাহাল ৰাখিব লাগিব৷ তেওঁ আৰু কয়- ‘তেওঁলোকে (আয়োগ) কাৰোবাক ভোটাৰ তালিকাত নৰখাৰ সিদ্ধান্ত ল’ব পাৰে৷ তাৰ বাবে নাগৰিকত্ব হেৰাই নাযায়৷’