এই জীৱন অনুপম
গুৱাহাটীত থাকিবলৈ লোৱাৰে পৰা লুইতখনৰ প্রতি অজান মোহ বাঢ়ি আহিছিল মোৰ৷ বিশেষকৈ ডিচেম্বৰৰ পৰা মার্চ মাহলৈকে কিমান বাৰ যে বিভিন্ন অজুহাত উলিয়াই লুইতৰ বালিচৰলৈ যাওঁ তাৰ হিচাপ নাই৷ নৈখনে এতিয়া চিকমিক বালিচৰৰ ৰূপত পাৰি থৈছে আলহীৰ বাবে মৰমৰ দলিচা৷ আলহী আহিব, এতিয়া যে বনভোজৰ বতৰ
‘বাইদেউ, কিবা এটা দিয়ানা, আমিও পিকনিক খাব কাইলৈ…৷ উচপ খাই উঠিলোঁ মই৷ নিজৰ ভাবত আনমনা হৈ খোজকাঢ়ি গৈ আছিলোঁ, সোণাৰাম হাইস্কুলৰ পাছফালে ব্রহ্মপুত্রৰ ৰূপোৱালী বালিত৷ ঘূৰি চালোঁ, মার্বল গুটিৰ দৰে গোল গোল দুটি চকুৰে এটি শিশু, মোৰ চেলোৱাৰৰ চূর্ণীত তাৰ লেতেৰা দুহাত৷ মুখত সৰলতাৰ অপূর্ব সমাহাৰ৷ তাৰ লগত আৰু কেইবাটাও চাৰি–পাঁচ বছৰীয়া শিশু৷ দুটামানৰ হাতত পলিথিনৰ মোনাত কিবা বস্তু৷ এবাৰ বান্ধৱী এজনীয়ে কৈছিল– ‘অকলে নৈৰ পাৰত ফুৰিবলৈ নাযাব, নৈৰ পাৰত বস্তি অঞ্চলৰ কিছুমান অঘাইতং কিশোৰ দৌৰি ফুৰে৷ গমেই নাপাবা, থপিয়াই নিব হাতৰ মানী বেগ৷ বেগটো বুকুত সাবটি সিহঁতলৈ চালোঁ, নাই, চকুত পিকনিক খোৱাৰ স্বপ্ণৰ বাহিৰে আন একোৱেই নাই৷ আগবঢ়াই দিলোঁ কেইটামান টকা৷ উজ্জ্বল চকুযোৰ আৰু উজ্জ্বল হৈ পৰিল৷ বাঁওহাতেৰে ঢ়িলা পেণ্টটো উজাই সোঁহাতেৰে পইচাটো লৈ এটা অদ্ভুত ধুনীয়া হাঁহি মাৰিলে সি৷ এয়াই জীৱনৰ ৰহস্য, পিকনিকৰ নামত কোনো অত্যাধুনিক বিলাসবহুল ৰিজ’ট বা আন ক’ৰবাত সিহঁতৰ সমবয়সীয়াহঁতৰ অফুৰন্ত আনন্দ আৰু সিহঁতৰ এনেদৰেই আৰ–তাৰ পৰা এপইচা দুপইচাৰে নদীৰ বালিত ভাত ৰান্ধি খোৱাৰ আনন্দ৷ প্রকৃততে সুখৰ পালাখন কাৰফালে ভাৰী? ভাবি নাপালোঁ মই৷
পাণবজাৰৰ বাছ ষ্টপেজ পালোঁহি৷ মনত পৰিল এখন দৰকাৰী কিতাপ কিনিব লগা আছে৷ আৰে, ‘চন্দ্র প্রকাশ’ৰ সন্মুখত সেয়াচোন মোৰ কলেজৰ এজন প্রিয় বন্ধু৷ মোৰ উৎসাহে ভৰি পৰা হূদয়, আগ্রহেৰে আগবাঢ়ি গ’লোঁ তেওঁৰ ওচৰলৈ– ক’ত আছা, কি খবৰ? হঠাতে দুখ লাগি গ’ল, এটা মাত্র সেমেকা হাঁহি উপহাৰ দিলে– ‘আছোঁ ইয়াতে৷’ লুকুৱাব খুজিলেও যে তেওঁ লুকুৱাব পৰা নাই বুকুৰ বিষণ্ণতাবোৰ, ডাঠ ফ্রেমৰ চছমাৰ আঁৰত৷ মোৰ কথাৰ পৰা ফালৰি কাটি সুধিলে– নৈৰ লগত কথা পতা স্বভাৱ এৰা নাই নেকি তুমি? ভাল লাগিল, কলেজৰ দিনৰ কথাবোৰ তাৰ এতিয়াও মনত আছে নষ্টালজিক হৈ যাব পৰাৰ জোখাৰে মন বেয়া লাগিলেই কটনত অধ্যয়নৰ সময়ছোৱাত কলেজৰ ব্রেকত কাছাৰীঘাটত আহি ৰোৱাটো মোৰ অভ্যাস আছিল৷ আৰু এই বন্ধুৱেই মোক জোকাইছিল– ‘বেঙী, নাৱতেই সংসাৰ পাতি ল’বি, ৰাতিয়ে–দিনে নৈৰ লগত কথা পাতি থাকিব পাৰিবি৷’ অলপ সাহস পালোঁ, সুধিয়েই দিলোঁ– ‘কি কৰি আছা?’ হুমুনিয়াহ এটা কাঢ়ি ক’লে– ‘এতিয়া মই বিষাদ উদ্যাপন কৰি আছোঁ৷’ বুজি নাপালোঁ একো৷ হাঁহি হাঁহি ক’লে তেওঁ– ‘কোম্পানী এটাত চাকৰি কৰিছিলোঁ৷ বহুত আশা আছিল গৱেষণা কৰাৰ৷’ মোতকৈ যে মার্কশ্বীটো গধুৰ আছিল তেওঁৰ৷ ‘জানাইতো দেতাই খেতিহে কৰে, যেনে তেনে গুৱাহাটীত পঢ়ুৱাইছিল৷ কিন্তু মই স্নাতকোত্তৰত নামভর্তি কৰাৰ সময়তে দেউতা ঢুকাল৷ ঘৰৰ সমস্ত দায়িত্ব মোৰ মূৰত পৰিল৷ ইণ্টাৰভিউ বা প্রতিযোগিতামূলক পৰীক্ষাৰ প্রস্তুতিৰ চিন্তাতকৈ মা আৰু ভাই–ভনীহালক খুওৱা–পিন্ধোৱাৰ চিন্তাতে বিতত হ’ব লগা হ’ল৷ এইবাৰ লকডাউনৰ আগে আগে ‘ড্রেগন ফ্রুইট’ৰ খেতি কৰিছিলোঁ৷ খেতিৰ বাবে লোনো লৈছিলোঁ৷ কিন্তু আমাৰ বজাৰত এইবিধ ফলৰ চাহিদা নথকাত মোৰ লাখ টকা লোকচান হ’ল৷ জীৱনে মোক ক’লৈ নি আছে মই ধৰিবকে পৰা নাই৷’ বন্ধুৰ বিষাদ উদ্যাপনৰ কাহিনী শুনি ময়ো চকিত৷ –‘নতুন বছৰৰ কিবা নতুন আঁচনি আছেনে?’ –মই সুধিলোঁ৷ –‘কি যে কোৱা, প্রতিটো দিনেই গতানুগতিক৷ ভণ্টিক বিয়া দিব লাগিব৷ অহা মাহত মাৰ পেচমেকাৰ বহুৱাব লাগিব৷ নিজলৈ মৰিবৰ বাবেও সময় নাই৷ নুসুধিলোঁ তেওঁক প্রেয়সীৰ কথা৷ বছৰ নতুন হ’লেও টানিয়েই থাকিব লাগিব এনেদৰে জীৱনৰ ৰথ, চলমান জীৱন, মৃত্যুতহে শেষ হয় যি৷ সময় নামৰ স্পর্শাতীত, বর্ণহীন, ৰংহীন শক্তিটোৰ সময় যে নাই কাৰোৰে বাবে ৰ’বলৈ৷ সময়ক বশ কৰিব নোৱাৰি, সময়ৰ সৈতে বন্ধুত্ব অথবা তাল মিলোৱাটোও যে বৰ কঠিন৷ বৰ কঠিন দুৰন্ত গতি আৰু দুৰন্ত শক্তিৰ সময়ৰ আগত দৌৰাটো৷ বন্ধুক মাথোঁ ক’লো– সপোন দেখিবলৈ কাৰো অনুমতিৰ প্রয়োজন নাই৷ দুখবোৰ একাষৰীয়া কৰি নতুন প্রত্যয়েৰে চলোৱা জীৱন ৰথ৷ কেতিয়াবা যাত্রা পথত দেখা দিব বিপদৰ ধুমুহাই আৰু কেতিয়াবা খৰিকাজাঁই হৈ গোন্ধাব সুখ আৰু আশা৷ সেমেকা হাঁহিৰে বন্ধুৱে বিদায় ল’লে৷ বন্ধুক সাহস দিয়াৰ চেষ্টা কৰিলোঁ, যেন আপোন বুকুত উঠা সংশয়ৰ ঢ়ৌত বিধৌত হ’লো মই৷ যিখন ৰাজ্যৰ বতাহ নিবনুৱাৰ হুমুনিয়াহেৰে গধুৰ, উন্নয়নৰ নামত আবণ্টিত ধন আত্মসাৎ কৰে চৰকাৰী বিষয়াই, মানৱীয়তাৰ চৰম অৱক্ষয় চৌদিশে, সেইখন ৰাজ্যত যেন বিপন্ন সকলোৰে ভৱিষ্যৎ৷
সমাজ বিজ্ঞানীৰ গৱেষণাত প্রকাশ যে সমাজত সংঘটিত বহু অবাঞ্ছিত ঘটনাৰ বাবে মূলতঃ হতাশা, নিৰাশা, দৰিদ্রতা আদি উপাদানবোৰেই জগৰীয়া আৰু এই উপাদানবোৰ জন্মৰ বাবে প্রত্যক্ষ অথবা পৰোক্ষভাৱে জগৰীয়া কর্মহীনতা৷ কর্মহীনতাৰ বাবে এচামে ভাগ্যক ধিয়াই সময় পাৰ কৰে আৰু আন এচামে জীৱনৰ মূল সুঁতিৰ পৰা ফালৰি কাটি বাট বুলে অবাটে৷ সহজলভ্য ধনৰ আকাংক্ষায়ো একাংশৰ মানৱীয় অনুভূতি মোহাৰি নাইকিয়া কৰে৷ জানিও নজনাকৈ, বুজিও নুবুজাকৈ তেওঁলোকে জীৱনলৈ নিমন্ত্রণ কৰি আনে দুখ৷ এই সকলোবোৰৰ পৰা মুক্তি পোৱাৰ সর্বোত্তম পথটোৱেই হ’ল কর্ম আৰু অবিৰত কর্ম৷ কুৰুক্ষেত্রৰ যুদ্ধত প্রতিপক্ষৰ ৰূপত নিজৰ আত্মীয়–স্বজনক দেখি যুদ্ধক্ষেত্র এৰি যাবলৈ উদ্যত হোৱা অর্জুনক শ্রীকৃষ্ণই কৈছিল– ‘তোমাৰ কর্ম কৰি যোৱাতহে অধিকাৰ আছে, কর্মফলত নহয়৷ সেয়েহে তুমি কর্মফলৰ হেতু নহ’বা৷ তদুপৰি তোমাৰ কর্ম নকৰাতো আসক্তি থাকিব নালাগে৷’ যুগে যুগে কর্মপ্রেমী মানুহৰ বাবে অমোঘ প্রেৰণাৰ উৎস হৈ আছে শ্রীকৃষ্ণৰ এই কথাষাৰ৷ ভাগ্যক ধিয়াই কর্মৰ আশাত বহি থকাতকৈ আমি প্রত্যেকেই যদি নিজৰ কর্মৰ ব্যৱস্থা নিজেই কৰাৰ সংকল্প লওঁ, তেতিয়া নিশ্চয় হতাশাই আমনি কৰিবলৈ সুযোগেই নাপাব৷ আমাৰ সামাজিক মূল্যবোধৰ অৱক্ষয়ৰ ক্ষেত্রত অৱশ্যে একাংশৰ পুৰণিকলীয়া ৰীতি–নীতিত অভ্যস্ত মনো জগৰীয়া৷ অসমৰ বহু প্রত্যন্ত অঞ্চলত আত্মসংস্থাপনৰ বাবে কোনো নিবনুৱা যুৱকে গাহৰি পুহি এঘৰীয়া হোৱাৰ উদাহৰণো অজস্র আছে৷ অসমৰ কৃষিভূমিত কর্মৰত বহু বনুৱাই অসমত বাস কৰা প্রব্রজনকাৰী৷ বহু অসমীয়া যুৱকেই আকৌ শিক্ষা সাং কৰি ঢ়াপলি মেলে বহিঃৰাজ্যলৈ৷ বহিঃৰাজ্যত বিভিন্ন কোম্পানীত ছিকিউৰিটী গার্ড হিচাপে এনে বহু অসমীয়া যুৱকে কাম কৰি আছে৷ তেজক পানী কৰি উপার্জন কৰা নূ্যনতম টকাৰে নিজে চলাৰ উপৰি পৰিয়াললৈও পঠিয়াব লাগে৷ এসময়ত বহু যুৱক হতাশাত ভোগে, বিচ্ছিন্ন হৈ পৰে নিজ সমাজ–সংস্কৃতি, আপোন মানুহৰ পৰা৷ অসমতে কম মূলধনেৰে, চৰকাৰে প্রদান কৰা বিভিন্ন আঁচনিৰ সুবিধা লৈ যদি এনে যুৱকে নিজা ব্যৱসায় আৰম্ভ কৰে, তেন্তে নিশ্চয়কৈ অসমৰ সমাজ জীৱনত ইয়াৰ যোগাত্মক প্রভাৱ পৰিব৷ সফল বহু যুৱকৰ কাহিনীও আমি বহু দেখিছোঁ৷ অৱশ্যে সময়ৰ সদ্ব্যৱহাৰ আৰু সন্তুষ্টি এইক্ষেত্রত একান্তই প্রয়োজনীয়৷ সন্তুষ্টি অবিহনে কৰা কামবোৰ সদায় ফলপ্রসূ নহ’বও পাৰে৷ কার্লাইলে কৈছে– মানুহ এজনে কি কাম কৰিছে, সেই কথা ভবাতকৈ কামটো তেওঁ কেনেভাৱে কৰিছে সেই কথাহে ভাবিব লাগে৷ তদুপৰি বহুতে উপার্জনৰ সন্মানীয় পথৰ আশা পালি থাকোঁতেই পাৰ হৈ যায় সময়৷ সৰু কামক মর্যাদাহীন বুলি ভবাৰ বাবেই জীৱন হৈ পৰে দুর্বিষহ৷ জীৱনে তেওঁলোকক এনে এক সন্ধিক্ষণত উপস্থিত কৰায়, য’ৰ পৰা নতুনকৈ আৰম্ভ কৰাৰ সময়ো তাকৰ৷ সেয়েহে চাকৰিৰ মহঙা দিনত নতুন প্রজন্মই সততা আৰু পৰিশ্রমেৰে নিজৰ কর্মদক্ষতাৰে এনে এটা পথ বাছি ল’ব লাগে, য’ত থাকে উচ্চাকাংক্ষা, কিন্তু নাথাকে দুৰাকাংক্ষা৷ সমাজত দেখা দিয়া অস্থিৰতা উপশমৰ বাবে নৱপ্রজন্মক সঠিক দিশেৰে আগুৱাই নিয়াৰ দায়িত্ব অগ্রজৰ৷ অর্থনৈতিক বৈষম্যই একাংশ নৱপ্রজন্মৰ সপোনৰ পথত প্রাচীৰৰ সৃষ্টি কৰিছে৷ আধুনিকতাৰ ধামখুমীয়া আৰু অন্তহীন উচ্চাকাংক্ষাই বাৰে বাৰে বিচলিত কৰিব খোজে তেওঁলোকৰ মন৷ তেওঁলোকক সাহস আৰু জীৱন যুঁজৰ মন্ত্রেৰে দীক্ষিত কৰিব পাৰিব অগ্রজৰ দিকদর্শনেই৷ তদুপৰি, সমাজ যিহেতু মানুহৰে সমষ্টি, সেয়ে প্রত্যেকেই নিজৰ মানসিক, বৌদ্ধিক উৎকর্ষ সাধনৰ বাবে প্রস্তুত হ’ব লাগে৷ এই পৃথিৱীত নিজৰ অধিকাৰৰ বিষয়ে সজাগ হ’বই লাগিব৷ প্রতিবাদৰ শুদ্ধ আৰু প্রকৃত মাধ্যম বিচাৰি উলিয়াব লাগিব৷ ১৯ শতিকাৰ বিখ্যাত সাহিত্যিক–সাংবাদিক এইচ ডেভেনপ’টৰ ভাষাত– অনেক কৃত্রিমতা, ক্লেশ আৰু স্বপ্ণভংগ সত্ত্বেও এইখন এখন সুন্দৰ পৃথিৱী৷ হুঁচিয়াৰ হ’বা, সুখী হ’বলৈ যত্ন কৰিবা৷’ মোৰো আশা নতুন বছৰে কৰণি ভৰাই প্রত্যেককে দিবহি সফলতা৷ মৰহিব ধৰা প্রাণবোৰে জীৱনৰ গীত গাব৷ নতুন প্রত্যয় কর্মৰে মোৰ বন্ধু আৰু হাজাৰজন নিৰাশাৰ গহ্বৰৰ পৰা ওলাই আহিবলৈ সক্ষম হ’ব৷