নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাটনাৰ পৰা পাণ্ডুলৈ কার্গো জাহাজৰ চলাচল

নিয়মীয়া বাৰ্তা, ৬ ফেব্রুৱাৰীঃ অসম তথা উত্তৰ–পূবলৈ নতুন দিনৰ সূচনা কৰি জলপথেৰে আৰম্ভ হ’ল মালবাহী জাহাজৰ চলাচল৷ প্রথমবাৰৰ বাবে বিহাৰৰ পাটনাৰ পৰা গুৱাহাটীলৈ এই মালবাহী জাহাজেৰে কঢ়িয়াই অনা হ’ব ২০০ মেট্রিকটন খাদ্যশস্য৷ এই ঐতিহাসিক ক্ষণৰ সূচনা কৰে কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে৷

পাটনাত তেওঁ কার্গো জাহাজ এম ভি লালবাহাদুৰ শাস্ত্রীৰ ফ্লেগ অফ কৰি দীর্ঘবছৰ বিৰতিৰ অন্তত জলপথেৰে মালবাহী জাহাজ চলাচলৰ আনুষ্ঠানিকতা সম্পন্ন কৰে৷ গংগা নদীৰ পৰা ইণ্ডো–বাংলাদেশ প্রট’কল জলপথ হৈ ব্রহ্মপুত্র নদীয়েদি এই মালবাহী জাহাজখনে ২,৩৫০ কিলোমিটাৰ জলপথ যাত্রা সামৰি ল’ব৷ প্রায় ২৫–৩০ দিনৰ যাত্রাৰ অন্তত মার্চ মাহৰ প্রথমভাগত জাহাজখনে পাণ্ডু বন্দৰত প্রৱেশ কৰিব৷ এই যুগান্তকাৰী পদক্ষেপ মুকলি কৰি কেন্দ্রীয় মন্ত্রী সোণোৱালে কয় যে এয়া সমগ্র উত্তৰ–পূবৰ বাবে এক ঐতিহাসিক মুহূর্ত৷ অসম তথা উত্তৰ–পূবে ব্রহ্মপুত্রৰ জৰিয়তে নিৰৱচ্ছিন্ন কার্গো পৰিবহণৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে৷ কার্গো জাহাজৰ চলাচল কেৱল পাটনাৰ পৰা পাণ্ডুলৈ যাত্রা অথবা গংগা–ব্রহ্মপুত্রৰ সংযোগীকৰণেই নহয়, এই জলপথৰ জৰিয়তে বহল পৃথিৱীলৈ যোৱাৰ যি লক্ষ্য, তাৰ প্রথম পদক্ষেপ৷

তেওঁ পুনৰ কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে গংগা নদীৰ আশে–পাশে অর্থনৈতিক কার্যকলাপৰ ওপৰত যথেষ্ট গুৰুত্ব দি স্থানীয় লোকসকলৰ সহযোগত জলমার্গ বিকাশ প্রকল্প (জে এম ভি পি)ৰ পুনৰ নির্মাণৰ বাবে ‘প্রকল্প অর্থ গংগা’ৰ দৰে কার্যসূচী হাতত লৈছে৷ এই প্রকল্পৰ সুদূৰপ্রসাৰী প্রভাৱৰ দিশটো বিবেচনা কৰি পাটনাৰ পৰা গুৱাহাটীলৈ কার্গো চলাচলৰ প্রক্রিয়াৰ আৰম্ভণি ঘটিছে৷ কেন্দ্রীয় চৰকাৰে গংগা নদীৰ পৰা ভাৰত–বাংলাদেশ প্রট’কল পথ হৈ ব্রহ্মপুত্র নদীয়েদি এই জলপথছোৱাৰ সুচল কার্গো পৰিবহণত গুৰুত্ব দিয়াৰ আন এক লক্ষ্য হ’ল– অসম তথা উত্তৰ–পূবৰ থলুৱা উৎপাদিত সামগ্রীয়ে যাতে দেশ–বিদেশৰ বজাৰ দখল কৰিবলৈ সক্ষম হয়৷

উল্লেখ্য যে বিহাৰৰ পৰা অসমলৈ আহিবলগীয়া এম ভি লালবাহাদুৰ শাস্ত্রীয়ে গংগা নদীৰ পৰা যাত্রা আৰম্ভ কৰি ভগলপুৰ, মণিহাৰী, চাহিবগঞ্জ, ফাৰাক্কা, ত্রিবেণী, কলকাতা, হলদিয়া, মেহনগৰ, খুলনা, নাৰায়নগঞ্জ, চিৰাজগঞ্জ, ছিলমাৰী হৈ ব্রহ্মপুত্রয়েদি ধুবুৰী আৰু যোগীঘোপাৰ মাজেৰে আহি পাণ্ডুত উপস্থিত হ’ব৷ মন কৰিবলগীয়া যে ভাৰত আৰু বাংলাদেশৰ মাজত আভ্যন্তৰীণ জল পৰিবহণ আৰু বাণিজ্যৰ প্রট’কলৰ জৰিয়তে দুয়োখন দেশে সামগ্রী আদান–প্রদানৰ উদ্দেশ্যে জলপথ ব্যৱহাৰৰ বাবে বুজাবুজিত উপনীত হৈছে৷ ভাৰতত ৰাষ্ট্রীয় জলপথ–১ (গংগা নদী), ৰাষ্ট্রীয় জলপথ–২ (ব্রহ্মপুত্র নদী) আৰু ৰাষ্ট্রীয় জলপথ–১৬ (বৰাক নদী)ৰ সৈতে ইণ্ডো–বাংলাদেশ প্রট’কল পথ সংযুক্ত কৰা হৈছে৷ এই জলপথসমূহেৰে উপযুক্ত চলাচল আৰু আন্তঃগাঁথনি উন্নত কৰাৰ বাবে ইণ্ডো–বাংলাদেশ প্রট’কলৰ পথ দুটা অংশ অর্থাৎ চিৰাজগঞ্জ–দৈখোৱা আৰু আশুগঞ্জ–জাগিগঞ্জক ৮০ঃ২০ (ভাৰত–বাংলাদেশ) অনুপাতৰ আধাৰত ৩০৫.৮৪ কোটি টকা ব্যয় সাপেক্ষে উন্নত কৰা হৈছে৷ তদুপৰি সাত বছৰৰ বাবে ২০১৯–২০২৬ চনলৈ জলপথছোৱাত প্রয়োজনীয় গভীৰতা আনিবলৈ ড্রেজিং কৰাৰ বাবে চুক্তি সম্পাদিত হৈছে৷

ফ্লেগ অফ অনুষ্ঠানত ভার্চুৱেলী উপস্থিত থাকে কেন্দ্রীয় মন্ত্রী পীয়ূষ গোৱেল, বাংলাদেশ চৰকাৰৰ কেন্দ্রীয় ৰাজ্যিক মন্ত্রী খালিদ মামুদ চৌধুৰী, ভাৰত চৰকাৰৰ কেন্দ্রীয় ৰাজ্যিক মন্ত্রী অশ্বিনী কুমাৰ চৌবে, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রালয়ৰ ৰাজ্যিক মন্ত্রী শান্তনু ঠাকুৰ, বিহাৰৰ উপ–মুখ্যমন্ত্রী তার্কিশোৰ প্রসাদ আৰু ৰেণু দেৱীকে ধৰি কেইবাজনো জনপ্রতিনিধি আৰু কেন্দ্রীয় চৰকাৰৰ শীর্ষ বিষয়া৷ কেন্দ্রীয় মন্ত্রী সোণোৱালে বিহাৰৰ চাৰণত ৰাষ্ট্রীয় জলপথ–১ গংগা নদীত নির্মাণ হ’বলগীয়া কালুঘাট ইণ্টাৰমডেল টার্মিনেলৰো আধাৰশিলা স্থাপন কৰে৷

You might also like