নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাশিৱৰাত্ৰি : পৰমাণু বিজ্ঞানৰ অন্যতম কেন্দ্রত কিয় আছে নটৰাজৰ মূর্তি

কাইলৈ মহাশিৱৰাত্ৰি। বিজ্ঞানে ভগৱান বিশ্বাস নকৰে। কিন্তু পৃথিৱীৰ অন্যতম কণিকা পদাৰ্থ বিজ্ঞান চর্চা কেন্দ্রত আছে নটৰাজৰ এটি মূর্তি। মহাশিৱৰাত্ৰিৰ আগমুহূৰ্তত চাওঁ আহক ইউৰোপীয়ান অৰ্গেনাইজেছন অৱ নিউক্লিয়াৰ ৰিচাৰ্ছ যাক আমি CERN বুলি জানো, তাত কিয় আছে শিৱৰ মুৰ্তি?

২০০৪ চনৰ জুন মাহত বিশ্বৰ অন্যতম কণা পদার্থ বিজ্ঞান চর্চা কেন্দ্র CERN-ত নটৰাজৰ মূর্তি উন্মোচন কৰা হয়। ভাৰত চৰকাৰৰ তৰফৰ পৰা এই মূর্তিটো উপহাৰ দিয়া হৈছিল সেই প্রতিষ্ঠানক। পৰমাণু বিজ্ঞানৰ অন্যতম খ্যাতিসম্পন্ন কেন্দ্রত এই মূর্তিটো ৰখাৰ গুৰুত্ব কি বুলি কয় বিজ্ঞানীমহলে? এই প্রতিষ্ঠানৰ সৈতে জড়িত গৱেষক ফ্ৰিতজোফ কাপৰাৰ মতে, শিৱৰ অৱতাৰ মহাদেৱে এই নৃত্য আচলতে সকলো ধৰণৰ অস্তিত্বৰ ৰূপক। আৰু এই অস্তিত্বক লৈ কাম কৰে আধুনিক পদার্থ বিদ্যাই। এই মূর্তিৰ উপস্থিতি CERN-ৰ দর্শনৰ অনুৰূপ। পদার্থবিদৰ মতে, আধুনিক পদার্থ বিজ্ঞানে কৈছে সকলো পৰমাণুই এনার্জী ডেন্স বা শক্তি-নৃত্য কৰে। আৰু সেই নৃত্য নটৰাজৰ নৃত্যত দেখা যায়। গতিকে পদার্থবিদ্যাৰ ৰূপক হিচাপে এই মূর্তিটো চিহ্নিত কৰা যায়।

প্রতিষ্ঠানত গৱেষণাৰত আইডান ৰেণ্ডল কোণ্ডেৰ মতে, পৃথিৱীত কোনো নৃত্যই স্থিৰ নহয়। নটৰাজৰ নৃত্য দর্শনেও সেয়াই কয়। নটৰাজৰ মূর্তিটো CERN-ৰ বাবে খুবেই তাৎপর্যপূর্ণ।মহাদেৱৰ এই মূর্তিটো তাণ্ডৱ নৃত্যৰত। এই নৃত্যৰ পাঁচটা দশা আছে। সৃষ্টি-সংৰক্ষণ-ধ্বংসৰ চক্র ঘুৰিছে এই পাঁচটা দশাৰ মাজেৰে। সেই পাঁচটা চক্র হ’ল- সৃষ্টি, স্থিতি, সংহাৰ, তিৰোভাৱ, অনুগ্রহ। পদার্থ বিজ্ঞানৰ গৱেষকে কৈছে, আধুনিক পদার্থবিজ্ঞানেও এই পাঁচটা দশাৰ কথা কয়। সেই হিচাপে নটৰাজৰ মূর্তি CERN-ত থকাত অস্বাভাৱিকতা একো নাই। বহুতৰ দাবী, ইয়াৰ সৈতে ধর্মৰ কোনো সম্পর্ক নাই। গোটেইটো মাত্ৰ দর্শন।

You might also like