নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেহত জিংকৰ অভাৱৰ লক্ষণবোৰ জানেনে

বিশেষ বাৰ্তা, ২৫ মাৰ্চঃ জিংক মানৱ দেহৰ অন্যতম প্রয়োজনীয় এবিধ খনিজ উপাদান। বিশেষজ্ঞৰ মতে, মহিলাই প্রতি দিনে আঠ মিলিগ্রাম আৰু পুৰুষে ১১ মিলিগ্রাম জিংক খোৱাৰ প্রয়োজন। জিংকে ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰা, প্রটিন উৎপাদন আৰু দেহৰ স্বাভাৱিক বৃদ্ধিত সহায় কৰে। সহায় কৰে ডিএনএ তৈয়াৰ হোৱাত। পর্যাপ্ত জিংকৰ অভাৱত দেহত বিভিন্ন ধৰণৰ সমস্যাই দেখা দিব পাৰে। জিংক কমি যোৱা লক্ষণসমূহ চাওঁ আহক-

দীর্ঘম্যাদী ক্ষত: জিংকে ছাল বা ত্বকখন ভালে ৰখাত যিদৰে সহায় কৰে, তেনেদৰেই হাত-ভৰি কটা গ’লে সেই ক্ষত স্থানত তেজ জমা হোৱাত বাধাৰ অন্তৰালৰ অন্যতম ভূমিকাও পালন কৰে। সময়ত ৰক্ত জমা নহ’লে আঘাত শুকোৱাত দেৰি হয়। দেহত জিংকৰ অভাৱ থাকিলে কটা-পোৰা নিৰাময়ত পলম হয়। জিংক কম থাকিলে গালৰ শালমইনা নিৰাময়তো পলম হয়।

ওজন হ্ৰাস: জিংকৰ অভাৱত খোৱাৰ অনিচ্ছা জাগে। তেনে লোকৰ খোৱা-বোৱাত উৎসাহ কমি যায়। পর্যাপ্ত খোৱা-বোৱা নকৰিলে দেহত পুষ্টিৰ অভাৱ হয়, ফলত কমি যাব পাৰে ওজন।

চুলি আৰু নখৰ সমস্যা: জিংকে চুলি, চুলিৰ গুৰি আৰু মূৰৰ ছাল ভালে ৰখাত সহায়ক। জিংকৰ অভাৱত চুলি সৰা, চুলিৰ আগটো ফঁটা তথা চুলি পাতল হোৱাৰ দৰে সমস্যাই দেখা দিব পাৰে। নখত দেখা যাব পাৰে বগা দাগ।

ঘনে চর্দি-জ্বৰ: জিংকে ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। জিংকৰ অভাৱত শৰীৰত ৰোগ সংক্রমণৰ আশংকা বাঢ়ি যায়। যাৰ বাবে সঘনে চর্দি-কাহৰ দৰে সমস্যাই দেখা দিয়ে। গৱেষকে কৈছে, জ্যেষ্ঠ নাগৰিকসকলৰ ক্ষেত্রত জিংকৰ অভাৱত সংক্রমণৰ মাত্ৰা বাঢ়ি যাব পাৰে প্রায় ৬৬ শতাংশ।

চকুৰ সমস্যা: চকু ভালে ৰাখিবলৈও জিংক অপৰিহার্য। দেহত জিংকৰ অভাৱ হ’লেও চকুৰ সমস্যা দেখা দিব পাৰে। দৃষ্টিশক্তি হ্রাস, দৃষ্টি দূৰ্বল হোৱা অথবা চকু তির্যক হৈ অহা জিংক কমি যোৱাৰ লক্ষণ হ’ব পাৰে। এই ধৰণৰ যিকোনো সমস্যাতে বিশেষজ্ঞৰ পৰামর্শ লোৱা উচিত।

You might also like