সম্পাদকীয় : ৰাম মন্দিৰৰ সাংস্কৃতিক প্রভাৱ
যোৱা ত্রিশবছৰ ধৰি ৰাম মন্দিৰক এটা ৰাজনৈতিক বিষয় হিচাপেই উপস্থাপন আৰু প্রচাৰ কৰা হৈ আছিল আৰু সেই ধৰণেই এটা বাক্ধাৰাৰ প্রচলন কৰা হৈছিল৷ ষোল শতিকাত বাবৰে ডত্তৰ ভাৰতত চলোৱা ধাৰাবাহিক আক্রমণৰ মাজতে অযোধ্যাৰ এই ৰাম মন্দিৰটো ধবংস কৰে৷ পিছত মোগলে মন্দিৰটোৰ ঠাইতে মছজিদ এটা নির্মাণ কৰি বাবৰি মছজিদ নাম দিয়ে৷ যোছেফ টিফেনথালাৰ নামৰ এগৰাকী মিছনাৰীয়ে লেটিন ভাষাত লিখা কিতাপ ‘ডিস্ক্রিপ্ঢি’ হণ্ডিয়া’ত এহ মছজিদৰ তথ্য পোৱা যায়৷ তেওঁৰ মতে, অযোধ্যাৰ ৰামৰ দুর্গ বুলি বিশ্বাস কৰা ৰামকোট মন্দিৰ আৰু ৰামৰ জন্মস্থান অৱস্থিত বেদী ধবংস কৰি এহ মছজিদ নির্মাণ কৰা হৈছিল৷ আশীৰ দশকত বিশ্ব হিন্দু পৰিষদে এই মছজিদ উৎখাত কৰি ৰাম মন্দিৰৰ পুনৰ নির্মাণৰ দাবী তোলে৷ চৰকাৰে এই দাবীৰ প্রতি বিশেষ মনযোগ দিয়া নাছিল৷ কেতিয়াবা নিচুকনি বঁটা হিচাপে দুই–এটা ঘোষণা কৰিছিল৷ ইফালে, ৰাম মন্দিৰৰ দাবীও শক্তিশালী হৈ আহিছিল৷ নিজৰ দেশৰ মন্দিৰ এটা বিদেশী শক্তিয়ে ভাঙি তাত মছজিদ নির্মাণ কৰিছে, তেনে পৰিৱেশত স্বাভিমান থকা যিকোনো চৰকাৰেই নিজ দেশৰ ঐতিহ্য পুনৰ স্থাপনৰ বাবে এটা বাস্তৱসন্মত গ্রহণযোগ্য সিদ্ধান্ত গ্রহণ কৰিলেহেঁতেন৷ কিন্তু মুছলমান সম্প্রদায়ক অসন্তুষ্ট কৰিবলৈ ভয় কৰি হিন্দু সম্প্রদায়কেই অসন্তুষ্ট কৰি থাকিল৷ এই দাবী আৰু প্রৱঞ্চনাৰ বিৰুদ্ধে শীর্ষবিন্দু পাইছিল ১৯৯২ চনৰ ছয় ডিচেম্বৰত৷ বিদ্রোহী জনতাই মছজিদৰ চূডা ভাঙি দিছিল আৰু এটা নতুন অধ্যায়ৰ আৰম্ভণি হৈছিল৷ সমস্যাটো গৈ আদালতৰ মজিয়া পাইছিল৷ চৰকাৰৰ বাবে এয়া আছিল আটাইতকৈ সুবিধাজনক অৱস্থা৷ কাৰণ আদালতে একোটা গোচৰ মীমাংসা কৰোঁতেই বহু বছৰ লগায়, তাকো এইটো মন্দিৰ–মছজিদৰ দৰে অতি সংবেদনশীল বিষয়৷ ৰাম মন্দিৰ অকল এটা পূজা–র্চনা কৰা মন্দিৰেই নাছিল, ই আছিল ভাৰতৰ অধিকাংশ হিন্দুৰ স্বাভিমান৷ মোগলে ধবংস কৰা অলেখ মন্দিৰ–বিদ্যামন্দিৰ প্রতীক আছিল এই ৰাম মন্দিৰ৷ কংগ্রেছ চৰকাৰে এই কথাটো উপলব্ধি কৰিব পৰা নাছিল, কৰিছিল বিজেপিয়ে৷ বিজেপিয়ে প্রতিশ্রুতি দিছিল– ৰাম মন্দিৰ নির্মাণ কৰিব৷ আদালতে ৰায় দিলে, মন্দিৰ নির্মাণৰ হেঙাৰ আঁতৰিল৷ মন্দিৰ নির্মাণ হ’ল, এই মাহতেই মন্দিৰত প্রাণ প্রতিষ্ঠা উৎসৱ৷
ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠা উৎসৱক এটা সর্বভাৰতীয় ৰূপ দিয়াৰ চেষ্টা চলোৱা হৈছে আৰু এইটো এটা পৰিকল্পিত প্রয়াস৷ কিন্তু ৰাম মন্দিৰ আৰু ইয়াৰ স’তে সাঙোৰ খাই থকা অনুভৱ যে স্বতঃস্ফূর্ত তাৰ প্রকাশ বিভিন্ন সাংস্কৃতিক কামৰ মাজেৰে প্রকাশ পাই আহিছে৷ ৰাম মন্দিৰক কেন্দ্র কৰি যি নৱজাগৰণৰ জন্ম হৈছিল, যি অকল ধর্মভিত্তিক নাছিল, সি আছিল ভাৰতীয় স্বাভিমানৰ নৱজাগৰণ৷ এই অনুভৱৰ প্রকাশ ঘটিছে দেশৰ বিভিন্ন ঠাইত আৰম্ভ হোৱা ‘ৰাম অধ্যয়ন’ৰ মাজত৷ স্বামী মৈথিলীচৰণে ৰামকথাক নিজৰ ধৰণে ব্যাখ্যা কৰিছে– তুলসী দাসৰ বর্ণনাক বর্তমান সময়ৰ মানসিকতাৰে বিচাৰ কৰাৰ চেষ্টা কৰিছে৷ চাৰিটা খণ্ডত ৰচনা কৰা গ্রন্থখনত মুঠ আশীটা প্রবন্ধ আছে আৰু প্রতিটো প্রবন্ধই নতুন দৃষ্টিভংগীৰ সংকেত দিছে৷ সমকালীন বিষয়ৰ লেখক ৰামজীভাই তিৱাৰীয়ে ৰামৰাজ্যৰ সামাজিক আদর্শৰ কথা এনেদৰে লিখিছে যাতে সামাজিক ন্যায় আৰু আদর্শ প্রতিষ্ঠাৰ বাবে এই কিতাপখন দিগদর্শক হ’ব পাৰে৷ ভাৰতীয় সমাজৰ মনোজগতত ৰামকথাৰ প্রভাৱ হমানেহ বেছি যে কেৱল কাহিনীতে নহয়, সংগীত, নাটক, নৃত্য, শিল্পকর্ম আৰু চিত্রকলাতো হ বিভিন্ন ৰূপত ডপস্থিত৷ সংস্কৃতি বিশেষঃ তথা সাহিত্যিক নর্মদা প্রসাদ ডপাধ্যায়ে বুণ্ডেলখণ্ডক বিশেষ ডল্লেখ কৰি ৰামকথা ৰূপায়ণ নামেৰে এখন গ্রন্থ ৰচনা কৰিছে৷ এই আটাইবোৰ ৰচনা ৰামকেন্দ্রিক যদিও এইবোৰ ধর্মগ্রন্থ নহয়৷ এইবোৰ হৈছে সামাজিক দিশৰ আলোচনা, আলোচনা হৈছে বর্তমানৰ পৰিপ্রেক্ষিতত৷ জিজিথ নাদুমুৰি ৰভিয়ে আধুনিক দৃষ্টিকোণেৰে ৰচনা কৰা ‘জিঅ’গ্রাফী অৱ ৰামায়ণ’ গ্রন্থৰে ইতিমধ্যে ৰামায়ণ অধ্যয়নৰ এটা নতুন দিশ উন্মোচিত কৰিছে৷ ভাৰতৰ বিভিন্ন ঠাইত বিভিন্ন লোকে ভাৰতীয় ঐতিহ্যৰ প্রধান গ্রন্থ ৰামায়ণক লৈ কৰা এনেবোৰ আলোচনাই সাংস্কৃতিক নৱজাগৰণৰো বার্তা বহন কৰি আনিছে৷