বিজ্ঞানীৰ আশ্চর্যজনক আৱিষ্কাৰ, উশাহত অক্সিজেন নোলোৱা প্রাণী
নিয়মীয়া বাৰ্তা ২৮ ফেব্ৰুৱাৰীঃ প্রাণীজগতৰ ইতিহাসত আন এক অভাৱনীয় আৱিষ্কাৰ সংযোগ হ’ল৷ কাহানিও কল্পনা নকৰা এটি প্রাণীৰ নতুনকৈ আৱিষ্কাৰ কৰিলে ইজৰাইলৰ গৱেষকে৷ ইজৰাইলৰ তেলআভিব বিশ্ববিদ্যালয়ৰ অধ্যাপক ড’ৰোথি হাছনৰ নেতৃত্বত চলা গৱেষণাত অক্সিজেন সেৱন নকৰা এবিধ প্রাণী নতুনকৈ আৱিষ্কাৰে বিশ্বত আলোড়নৰ সৃষ্টি কৰিছে৷ সাধাৰণতে সকলো প্রাণীয়েই উশাহত অক্সিজেন সেৱন কৰি নিশাহত কার্বন–ডাই–ক্সাইড এৰি দিয়া প্রক্রিয়া চলি আহিছে৷ কিন্তু ইজৰাইলৰ পিএনএএছ জার্নেলত প্রকাশ কৰা শেহতীয়া প্রতিবেদন মতে হেনেগুয়া ছালমিনিকলা নামৰ প্রাণীবিধে উশাহত অক্সিজেন সেৱন নকৰে৷ ১০টা কোষতকৈ অধিক কোষেৰে গঠিত শৰীৰৰ ক্ষুদ্র প্রাণীবিধ ছালমন মাছৰ পেশীত জীয়াই থাকে৷ গৱেষকে প্রকাশ কৰা মতে কেবাবাৰো সূক্ষ্ম নিৰীক্ষণ কৰাৰ অন্তত উল্লিখিত ক্ষুদ্র প্রাণীবিধে উশাহত অক্সিজেন সেৱন নকৰাটো নিশ্চিত কৰা হৈছিল৷ জেলিফিছ আৰু ক’ৰালৰ পৰা বিৱর্তিত হৈ নতুনকৈ আৱিষ্কাৰ কৰা ক্ষুদ্র প্রাণীবিধৰ জন্ম হৈছে বুলি গৱেষকে প্রকাশ কৰিছে৷ এই প্রাণীবিধৰ আৱিষ্কাৰে বিৱর্তনৰ ইতিহাসত নতুন নতুন তথ্যৰ সন্ধান দিয়াৰ সম্ভাৱনা আছে বুলি গৱেষকে দাবী কৰিছে৷