নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এলিয়েনৰ উপস্থিতিৰ তথ্য শীঘ্রে পাব পৃথিৱীয়ে

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ অক্টোবৰঃ ভিন্ন গ্রহৰ প্রাণী বা এলিয়েনৰ অস্তিত্বক লৈ সঘনে মানুহৰ মাজত চলি আছে চর্চা৷ ইতিমধ্যে ভিন্ন গ্রহৰ প্রাণীক দেখা বুলি বিভিন্নজনে দাবী কৰিছে যদিও প্রামাণিক তথ্য দিবলৈ সক্ষম হোৱা নাই৷ শেহতীয়াকৈ মার্কিন মহাকাশ সংস্থা নাছাৰ ছবি নির্মাতা ছিমন হোলাণ্ডে দাবী কৰিছে যে শীঘ্রেই এলিয়েনৰ জীৱন সন্দর্ভত তথ্য লাভ কৰিব পৰা যাব৷ হয়তো আগন্তুক মাহত এলিয়েনৰ উপস্থিতি সন্দর্ভত তথ্য লাভ কৰিব পাৰে মানুহে৷ আমেৰিকাৰ নির্বাচনৰ পিছতেই এনে তথ্য মানুহৰ সন্মুখলৈ আহিব পাৰে বুলি দাবী কৰিছে ছবি নির্মাতাগৰাকীয়ে৷ পথিৱীত থকা দূৰবীণসমূহে বহিঃবিশ্বৰ বৌদ্ধিক জীৱনৰ সংকেত লাভ কৰিবলৈ সক্ষম হোৱা বুলি দাবী কৰিছে ছিম হোলাণ্ডে৷ বিবিচি আৰু নাছাৰ সাহায্যত বিভিন্ন কাম–কাজ চলাই থকা হোলাণ্ডে দাবী কৰিছে যে ইতিমধ্যে মার্গ জুকাৰবার্গৰ ব্রিকথ্র’ লিচেন প্রজেক্টে বহিঃবিশ্বৰ প্রযুক্তিৰ সংকেত শুনিবলৈ পাইছে৷ অষ্ট্রেলিয়াৰ পার্কেছ দূৰবীণে ইতিমধ্যে এলিয়েনৰ বিভিন্ন সংকেত লাভ কৰা বুলি গৱেষকসকলেও দাবী কৰিছে৷ অক্সফোর্ডস্থিত ব্রিকথ্র’ লিচেন ইনিচিয়েটিভৰ গৱেষকসকলে যি শব্দ মহাকাশৰ পৰা ভাহি অহা বুলি দাবী কৰিছে সেয়া পৃথিৱীৰ সৈতে সম্পর্কিত নহয় বুলি দাবী কৰিছে হোলাণ্ডে৷ অষ্ট্রেলিয়াৰ গৱেষকসকলে কেইবছৰমান পূর্বে তেনে সংকেত লাভ কৰিবলৈ সক্ষম হৈছে৷ অৱশ্যে ছবি নির্মাতা ছিমন হোলাণ্ডৰ এই দাবীক জ্যোতির্বিজ্ঞানীসকলে মানি লোৱা নাই৷ একাংশ জ্যোতির্বিজ্ঞানীয়ে উল্লেখ কৰে যে বহিঃবিশ্বত প্রাণী আছেনে নাই সেই ধৰণৰ কোনো তথ্য এতিয়ালৈকে মানুহৰ হাতত পৰা নাই৷ হোলাণ্ডৰ বক্তব্যৰ উদ্ধৃতি দি ইতিমধ্যে দ্য মিৰৰ আৰু দ্য নিউয়র্ক প’ষ্টে প্রতিবেদন প্রকাশ কৰিছে৷ স্মর্তব্য যে অতি শক্তিসম্পন্ন দূৰবীণ ব্যৱহাৰ কৰি অষ্ট্রেলিয়া আৰু আমেৰিকাৰ বহু গৱেষকে মহাকাশত সঘনে নতুন গ্রহৰ সন্ধান কৰিবলৈ সক্ষম হৈছে৷ গতিকে এই দূৰবীণে এলিয়েনৰ উপস্থিতিৰ তথ্য মানুহক দিব পাৰে বুলি পূর্বেই বহুতে আশা প্রকাশ কৰিছিল৷

You might also like