হাৰিও জিকাৰ ৰাজনীতি বিজেপিৰ
- ৰণজিৎ কুমাৰ বৰা
মিত্রজোঁটৰ কেডটা অংশীদাৰ সামগ্রিক শক্তিয়েও বিজেপিক ৰাজ্যসভাৰ তৃতীয়খন আসন আনি দিব নোৱাৰে৷ সংখ্যাৰ পাটিগণিতে এই কথাক কোনোপধ্যে সমর্থন নকৰে৷ আসনখন বিৰোধীক এৰি দিয়াৰ কোনো বিকল্প নাই৷ কিন্তু ৰাজনীতি ইমান সৰল অংকত নচলে৷ চতুৰ ৰাজনীতিকে হাৰিও কিদৰে জিকিব পাৰি, তাৰ সন্ধান কৰে৷ তৃতীয়খন আসনৰ ৰাজনীতিয়ে বিজেপিক তেনে সুযোগ দিছে৷ এতিয়া যেন তাৰেই সদ্ব্যৱহাৰৰ বাবে ডদ্বাডল হৈ পৰিছে দলটোৰ সর্বস্তৰৰ নেতা–কর্মী৷ সকলোৰে লক্ষ্য হৈ পৰিছে বিৰোধী শিবিৰ৷ এইখিনিতে এটা কথা উল্লেখ কৰি থোৱা ভাল হ’ব৷ আমি সকলোৱে জানো যে আৰু এবছৰ পাছতে অসম বিধানসভাৰ নির্বাচন অনুষ্ঠিত হ’ব৷ এতিয়াৰ পৰাই যদি ৰণকৌশল প্রস্তুত কৰি আগবঢ়া নাযায়, নির্বাচনটো বিজেপি কিয়, কাৰো বাবেই সহজ নহ’ব৷ এইক্ষেত্রত বিজেপিক আন দলৰ তুলনাত অধিক দায়িত্বশীল যেন পৰিলক্ষিত হৈছে ৷
বিজেপিৰ বাবে সমাগত বিধানসভা নির্বাচন সিমান সহজ হৈ থকা নাছিল৷ ইয়াৰ বিপৰীতে সম্ভাৱনাৰ দুৱাৰখন কংগ্রেছৰ বাবেহে মুকলি হৈ আছে৷ তৎসত্ত্বেও কংগ্রেছৰ প্রস্তুতি তেনেই প্রভাৱহীন আৰু লক্ষ্যহীন হৈয়েই আছে৷ দলটোৱে শেহতীয়াকৈ এ আই ইড ডি এফৰ সৈতে মিত্রতাত আবদ্ধ হৈ নিজৰ ভৰিত নিজেই কুঠাৰ মৰাৰ দৰে হ’ল৷ সঁচা কথা ক’বলৈ হ’লে বিজেপিৰ কৌশলগত আৰু আগ্রাসী ৰাজনীতিত দেশৰ সবাতকৈ পুৰণি ৰাজনৈতিক দলটো এতিয়া সর্বত্র দিশহাৰা হৈ পৰিছে৷ দেশৰ ৰাজনৈতিক ক্ষেত্রখনত হেৰুওৱা গৰিমা ওভতাই অনাৰ বাবে কি কৰিলে ভাল হ’ব, কেনে ৰণকৌশলেৰে আগবাঢ়িব, তাক ঠাৱৰ কৰিবলৈ যেন দলটোৱে সক্ষমতা হেৰুৱাই পেলাইছে৷ বাৰে বাৰে গৈ বিজেপিৰ ৰাজনৈতিক ফান্দখনতে ভৰি দি দিক্বিদিক হেৰুৱাই পেলাবলগীয়া হৈছে৷ ইয়াৰ মূল কাৰণ ডপযুক্ত নেতাৰ অভাৱ৷ কংগ্রেছৰ নেতাই সতীর্থ তথা সমর্থকক স্বপ্ণ দেখুওৱাত ব্যর্থ হৈছে৷ ডদ্বুদ্ধ কৰাত শোকাৱহভাৱে ব্যর্থ হৈছে৷ যাৰ বাবে কংগ্রেছক এতিয়া হতাশগ্রস্ত লোকৰ মঞ্চ বুলিয়েই ক’ব পাৰি৷ হয়তো সেয়ে নিজ দলত ভৱিষ্যৎ নেদেখি আন দললৈ নেতা–জনপ্রতিনিধিৰ গমন নৈমিত্তিক ঘটনাত পৰিণত হৈছে৷ অৱস্থা এনেকুৱা হৈছে যে বিৰোধী পক্ষই যদি কংগ্রেছৰ কোনো বিধায়ক–সাংসদ নতুবা নেতাই দলত্যাগ কৰিব বুলি কৌশলগত কাৰণতো প্রচাৰ চলায়, কংগ্রেছৰ অভ্যন্তৰত ধুমুহাৰ সৃষ্টি হয়৷ পৰস্পৰৰ বিৰুদ্ধে সন্দেহৰ চকুৰে চোৱা আৰম্ভ হয়৷ কিজানিবা কাষত থকাজনেই গোপনে বিজেপিত যোগদান কৰাৰ চেষ্টা চলাই আছে নাইবা যোগসূত্র স্থাপন কৰিছে৷ এনে অস্বাস্থ্যকৰ পৰিৱেশত দল এটাৰ নির্বাচনী প্রস্তুতি আৰু সফলতা সদায়েই অশ্বডিম্বত পৰিণত হয়৷ আৰু প্রতিপক্ষই সেইটোকে কামনা কৰে৷ আজিৰ তাৰিখত কংগ্রেছে এ আই ইড ডি এফৰ সৈতে মিত্রতা কৰাটোক হতাশাৰেই প্রতিফলন বুলি ক’ব পাৰি৷ ধাৰাবাহিক ব্যর্থতাই এনে হতাশাৰ সৃষ্টি কৰে৷ ক্ষমতা লাভৰ লালসাত এটাৰ পাছত এটাকৈ ভুল হ’বলৈ ধৰে৷ দলটোৱে চাগে’ পাহৰি গ’ল যে বদৰুদ্দিন আজমলৰ আর্হিৰ ৰাজনীতিয়ে কংগ্রেছৰ সুদিন নহয়, সর্বনাশহে মাতি আনিব৷ দলত খহনীয়াৰো সৃষ্টি কৰিব পাৰে৷ এতিয়া বিজেপিয়ে সেই সুযোগটোকেই ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে৷ ইয়াৰ পূর্বেও দলটোৱে কংগ্রেছক একেটা কৌশলেৰে শ’লঠেকত পেলাবলৈ সক্ষম হৈছিল৷ ২০১৬ চনৰ বিধানসভা নির্বাচন, তাৰে পূর্বে অনুষ্ঠিত লোকসভা নির্বাচন, অন্তিমটো লোকসভা নির্বাচন, পঞ্চায়ত নির্বাচন সকলোতে কংগ্রেছক এ আই ইড ডি এফৰ সৈতে একেখন মঞ্চত তুলি আহিছিল৷ আনুষ্ঠানিক মিত্রতা নহ’লে, এ আই ইড ডি এফৰ সৈতে গোপন মিত্রতা থকাৰ কথা কৈ কংগ্রেছক ধৰাশায়ী কৰাৰ চেষ্টা চলোৱাটো বিজেপিৰ বাবে একপ্রকাৰ নির্বাচনী সাফল্যৰ গুৰুমন্ত্র হৈ পৰিছে৷ এইবাৰ কংগ্রেছে নিজেই সেই সুযোগ দিছে৷ বিধানসভা নির্বাচনৰ পিছতো দল দুটাৰ মাজত মিত্রতা অব্যাহত থাকিব বুলি এ আই ইড ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে ঘোষণা কৰিছে৷ কংগ্রেছ নেতৃত্বৰ মুখতো একেই বাণী শুনা গৈছে৷ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে এখোপ ওপৰলৈ গৈ দুয়ো দলৰ মিত্রতাক প্রেমৰ সৈতে তুলনা কৰিছে ৷
ৰাজ্যসভাৰ নির্বাচনে বিজেপিৰ হাতলৈ অনা আনটো সুযোগ হ’ল– ‘কা’বিৰোধী শক্তিক দুর্বল কৰা৷ নাগৰিকত্ব সংশোধনী বিধেয়কখন সংসদত গৃহীত হোৱাৰ পৰাই ৰাজ্যখনত বিজেপিৰ বাবে প্রতিকূল পৰিৱেশৰ সূচনা হয়৷ এতিয়া সময়ৰ প্রৱাহত আন্দোলনটো কিছু পৰিমাণে স্তিমিত হৈছে যদিও ‘কা’ক সমর্থন নকৰা জনসাধাৰণৰ মাজত বিজেপিৰ প্রতি ক্ষোভ বিশেষ হ্রাস পোৱা নাই৷ ইফালে, নির্বাচনলৈ আছে মাথোঁ এবছৰ৷ এনে অৱস্থাত ‘কা’বিৰোধী আন্দোলনটোক দুর্বল কৰি জনসাধাৰণৰ মাজত আন্দোলনটোৰ প্রতি বিৰাগ ভাবৰ সৃষ্টি কৰিব নোৱাৰিলে নির্বাচনী যুঁজখন কঠিন হৈয়েই থাকিব৷ আন্দোলনটোত অসমৰ জনসাধাৰণৰ যিটো অংশজডিত হৈ পৰিছে, তেওঁলোকক মুখেৰে বা কথাৰেহে ডলাই কৰিব পাৰি৷ কার্যক্ষেত্রত আওকাণ কৰি বৃহৎ নির্বাচনী সাফল্যৰ কথা ভাবিবই নোৱাৰি৷ বিৰোধী দলৰ ডমৈহতীয়া প্রার্থী অজিত কুমাৰ ভূঞাই বিজেপিক সেই সুযোগ আনি দিলে৷ কথাটো হ’ল, ‘কা’বিৰোধী আন্দোলনৰ অন্যতম বৌদ্ধিক নেতাজনক ঢ়াল হিচাপে লৈ ‘কা’বিৰোধী আন্দোলনৰ নেতৃত্বৰ ডদ্দেশ্যসন্দর্ভত যদি জনসাধাৰণৰ মাজত বিভ্রান্তিৰ সৃষ্টি কৰিব পৰা যায়, অনাগত দিনৰ ৰাজনীতিত সম্ভাৱনাৰ দুৱাৰখন মুকলি কৰি থাকিব৷ এনেয়েও অসমৰ জনসাধাৰণৰ মনত আন্দোলনৰ নেতৃত্বৰ প্রতি সন্দেহ–বিশ্বাস তথা আস্থাহীনতাৰ ভাব এটা ফল্গুৰ দৰে প্রৱাহিত হৈ আছেই৷ ছবছৰীয়া অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ নেতৃত্বই জনসাধাৰণক কৰা চৰম প্রতাৰণাৰ কোবটো অসমৰ জনসাধাৰণে আজিও পাহৰা নাই৷ মনোজগত তাৰ প্রভাৱ অদ্যাপি বিদ্যমান৷ সেই কথাটো বিজেপিৰ দৰে চতুৰ ৰাজনীতিকৰে ভৰি থকা দল এটাই ভালদৰে জানে৷ সেয়ে আন্দোলনটোক বাৰে বাৰে ৰাজনীতিৰ সৈতে জডিত কৰাৰ প্রয়াস চলে৷ কংগ্রেছৰ কথা আহে৷ এ আই ইড ডি এফৰ ‘কা’বিৰোধিতাৰ কথা আহে৷ নতুন ৰাজনৈতিক দল গঠনৰ কথাও আহে৷ প্রকাৰান্তৰে বুজাই দিবলৈ চেষ্টা চলোৱা হয় যে আছুৰ পৰা অগপ হৈ প্রতাৰণা কৰা নেতাসকলৰ দৰে এতিয়াৰ নেতৃত্বয়ো আন্দোলনকাৰী জনসাধাৰণক প্রৱঞ্চনা কৰিব৷ নতুন ৰাজনৈতিক দল গঠন কৰি জনসাধাৰণৰ আৱেগ–নুভূতিক মাথোঁ ক্ষমতা লাভৰ জখলা হিচাপে ব্যৱহাৰ কৰা হ’ব৷ নহ’লে বিৰোধীৰ প্রার্থীজন কোন হ’ব, তাক লৈ ইমান মূৰ ঘমোৱাৰ আৱশ্যকেই নাছিল৷ প্রার্থীজন বিৰোধীৰ ভোটৰেহে জয়লাভ কৰিব৷ আসনখনত বিজেপি বা মিত্রজোঁটৰ প্রার্থীয়ে জয়লাভ কৰাৰ সম্ভাৱনাই নাই৷ কিন্তু হাৰিও জিকাৰ পথ বিচাৰি ফুৰা ৰাজনৈতিক দলে এনে সুযোগ কেতিয়াও এৰি নিদিয়ে৷ পৰিৱেশ এটা এনেদৰে গঢ় দিয়াৰ প্রয়াস চলে যে সমগ্র ‘কা’বিৰোধী নেতৃত্বৰ এটাই লক্ষ্য, ৰাজনীতিলৈ আহিব লাগে, ক্ষমতা লাভ কৰিব লাগে ৷
ৰাজনীতিত এইবোৰ সম্ভৱ, তাৰ বাবে বিজেপিক কোনেও দূষিবও নোৱাৰে৷ বৰং ইয়াকে ক’ব পাৰি যে ২০২১ চনত অনুষ্ঠিতব্য বিধানসভা নির্বাচনক লৈ যদি অসমত কোনো এটা দলে প্রকৃতার্থত এতিয়াৰ পৰাই নির্দিষ্ট লক্ষ্য লৈ প্রস্তুতি আৰম্ভ কৰিছে, সেইটো হ’ল বিজেপি৷অগপৰ কথা কৈ লাভেই নাই৷ দলটোৰ অৱস্থা কংগ্রেছতকৈও শোচনীয়৷ বিটিচি নির্বাচনৰ পাছতহে বিজেপিৰ আনটো মিত্রদল বি পি এফৰ স্থিতি স্পষ্ট হ’ব৷ দলটোৱে এতিয়া নিজৰ মূল ক্ষেত্রখনতে প্রবল প্রত্যাহ্বানৰ সন্মুখীন হৈছে৷ বিধানসভা নির্বাচনলৈ দলটোৰ শক্তি–সামর্থ্য কি পর্যায়ত থাকে, সেইটো আজিয়েই ক’ব পৰা অৱস্থাত নাই৷ এই মুহূর্তত অসমত বিজেপিক প্রত্যাহ্বান জনাব পৰা দল এটাই আছে৷ সেইটো হ’ল কংগ্রেছ৷ দলটোৱে ২০১৪ চনৰ পৰা অনুষ্ঠিত নির্বাচনকেইটাত পৰাজিত হৈ আহিলেও ভোটৰ পৰিমাণত সাংঘাতিক পৰিৱর্তন হোৱা নাই৷ কিন্তু নেতৃত্বৰ দোষত দলটোৱে দেশৰ অন্যান্য অংশৰ লগতে অসমতো এটাৰ পাছত এটাকৈ ভুল ৰাজনৈতিক সিদ্ধান্ত লৈ বিজেপিৰ বাবে ৰাস্তা অধিক মসৃণ কৰিবলৈ ধৰিছে৷ ৰাজ্যসভা নির্বাচনেও বিজেপিক তেনে সুযোগ আনি দিলে৷ অৱশ্যে কোনে কাৰ ৰণকৌশল–ৰণনীতিৰ্ সৈতে ফেৰ মাৰিব পাৰিব বা নিজাকৈ প্রভাৱশালী নীতি গ্রহণ কৰিব পাৰিব, সেইটো দিন যোৱাৰ লগে লগে স্পষ্ট হৈ গৈ থাকিব৷