তাপস তৰুণ শইকীয়া
জৈৱিক যুদ্ধ হৈছে বর্তমান পৃথিৱীৰ বিভিন্ন দেশসমূহে চলাই থকা এক গোপন আৰু ভয়াৱহ যুদ্ধ পদ্ধতি, য’ত জৈৱিক মাৰণাস্ত্র ব্যৱহাৰ কৰি বিস্তৰ ধ্বংস সাধন কৰা হয়৷ বর্তমান পৃথিৱীত ত্রাসৰ সৃষ্টি কৰি থকা ক’ৰোনা ভাইৰাছৰ দ্বাৰা সৃষ্টি হোৱাCOVID-19ৰ সংক্রমণো এনে প্রস্তুতিৰে অভাৱনীয় পৰিণাম বুলি অনুমান কৰা হৈছে৷ জৈৱিক বিষাক্ত পদার্থ(Toxin) বা সংক্রামক অভিকর্তা(Geron)ৰ দ্বাৰা বিভিন্ন ৰোগৰ সংক্রমণ ঘটাই শত্রু দেশৰ মানুহ, পশুধন বা খাদ্য শস্যৰ বিনাশ বা অনিষ্ট সাধন কৰাই জৈৱিক যুদ্ধৰ মুখ্য উদ্দেশ্য biological warfare)৷ অতি দ্রুতভাৱে প্রজননক্ষম অনিষ্টকাৰী বেক্টেৰিয়া, ভাইৰাছ, ভেঁকুৰ আদিক সংক্রামক অভিকর্তা হিচাপে বাছি লোৱা হয়৷ পানী, মাটি, বায়ুমণ্ডলৰ মাজেৰে আৰু বিভিন্ন ধৰণে এই অভিকর্তাসমূহ বিয়পি পৰে৷ এনে যুদ্ধৰ শীতল প্রতিযোগিতা দেশসমূহৰ মাজত বৃদ্ধি পাইছে৷ বৃহৎ বৃহৎ পৰীক্ষাগাৰত জিন প্রযুক্তিৰ ব্যৱহাৰেৰে উচ্চ ধ্বংস ক্ষমতাসম্পন্ন সংক্রামক অভিকর্তা সৃষ্টিৰ প্রতিযোগিতা চলিছে৷ জৈৱিক যুদ্ধ অস্ত্র যুদ্ধতকৈ ভয়াৱহ আৰু জনপ্রিয় হৈ পৰাৰ কেইবাটাও কাৰণ আছে৷ এই যুদ্ধ অত্যন্ত গোপনভাৱে সংঘটিত কৰিব পাৰি৷ এবাৰ সংঘটিত কৰাৰ পাছত ই নিজে নিজে বিয়পি যায়৷ আগ্ণেয়াস্ত্র নির্মাণ আৰু প্রতিপালনতকৈ জৈৱিক অস্ত্রৰ খৰচ যথেষ্ট কম৷ যুদ্ধ পদ্ধতিও সহজ আৰু কম খৰচী৷ শত্রু দেশক ভীতি প্রদর্শন কৰিবলৈ, অস্থিৰ কৰি তুলিবলৈ বা অর্থনৈতিক বিপর্যয়ৰ দিশলৈ ঠেলি দিবলৈ এনে যুদ্ধ সংঘটিত কৰা হয়৷ সৈন্য বাহিনীৰ উপৰি সাধাৰণ মানুহো এই যুদ্ধৰ প্রত্যক্ষ সংস্পর্শলৈ আহে বাবে জৈৱিক যুদ্ধৰ মানসিক চাপ সর্বগ্রাসী৷
আমেৰিকা, ইংলেণ্ড, ৰাছিয়া, ফ্রান্স, চীন, জাপান, জার্মানী, দক্ষিণ আফ্রিকা, কানাডা আদি বহুতো দেশৰ বৃহৎ বৃহৎ পৰীক্ষাগাৰত এই যুদ্ধৰ প্রস্তুতি অহৰহ চলি আছে৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়তে জাপানৰ ৩১নং সৈন্য গোটে জৈৱিক যুদ্ধৰ নামত চূড়ান্ত জঘন্যতাৰ পৰিচয় দিছিল৷ সংক্রামকৰ মাৰাত্মক পৰীক্ষাসমূহ কাৰাবন্দীসকলৰ ওপৰত সম্পাদন কৰা হৈছিল৷ দেহৰ অভ্যন্তৰত সংক্রামকৰ আক্রমণৰ পার্শ্বক্রিয়া প্রত্যক্ষ কৰিবলৈ কাৰাবন্দীসকলক জীৱন্তে ব্যৱচ্ছেদ কৰা হৈছিল৷ ১৯৪০ চনত জাপানে চীনৰ নিংবো চহৰত জৈৱিক বোমাৰে প্লেগৰ বীজাণু সিঁচি দিছিল৷ অৱশ্যে তাৰ দুবছৰ পাছতে নিজৰেই জৈৱিক অস্ত্রই দুর্ঘটনাক্রমে ১,৭০০জন জাপানী সৈনিকৰ মৃত্যু ঘটাইছিল৷
আটাইতকৈ মাৰাত্মক জৈৱিক অস্ত্রসমূহৰ ভিতৰত এনথ্রাক্স, বুটুলিনিয়াম, ভেৰিয়’না মেজৰ, ইবোলা, প্লেগৰ বীজাণু, মাৰবার্গ ভাইৰাছ, বুন্যা ভাইৰাছ, অফ্লাট’ক্সিন আদিয়েই প্রধান৷ ইহঁতৰ সংক্রমণৰ পাছত মৃত্যুৰ সম্ভাৱনা ৩০ৰ পৰা ৯০ শতাংশ পর্যন্ত হ’ব পাৰে৷ ইয়াৰ কিছুমানৰ মাত্র ১ গ্রামে ১ মিলিয়ন মানুহলৈ মৃত্যু মাতিব পাৰে৷ ইহঁতৰ বেছিভাগেই গোন্ধহীন, সোৱাদহীন হোৱা বাবে ধৰা পেলোৱা বৰ কষ্টকৰ৷ ২০০১ চনত আমেৰিকাৰ ৱাশ্বিংটন, নিউয়র্ক আৰু ফ্ল’ৰিডাত হোৱা এনথ্রাক্স আক্রমণ নিশ্চয় সকলোৰে মনত আছে৷ আমেৰিকাৰ ছিনেটৰ আৰু সংবাদ গোষ্ঠীক লক্ষ্য কৰি হোৱা এই আক্রমণেই এনথ্রাক্স বিভীষিকাৰ প্রমাণ৷ এনথ্রাক্সৰ অদৃশ্য ৰেণু চিঠিৰ মাজত ভৰাই ডাকযোগে পঠিয়াই দিয়া হৈছিল৷ বিভীষিকাময় ২২খন চিঠিয়ে ৫জনৰ মৃত্যু ঘটাইছিল আৰু ১৭জনক আক্রান্ত কৰিছিল৷
প্রথম বিশ্বযুদ্ধৰ পাছতে ১৯২৫ চনত জেনেভা প্রট’ক’লত জৈৱিক যুদ্ধক নিষিদ্ধ ঘোষণা কৰা হৈছিল৷ ইণ্টাৰনেচনেল হিউমেনেটেৰিয়ান ল’ আৰু বহুবোৰ আন্তঃৰাষ্ট্রীয় চুক্তিয়ে এনে যুদ্ধত প্রতিবন্ধকতা লগাইছে৷ কিন্তু কার্যতঃ সি সফল হৈ উঠা নাই৷ বিজ্ঞানীৰ পৰীক্ষাগাৰত সৃষ্টি হোৱা বেক্টেৰিয়া, ভাইৰাছৰ দৰে দুর্দান্ত, অদৃশ্য, ঘাতক জৈৱিক যোদ্ধাৰ দপদপনিত মানৱজাতি অসহায় হৈ পৰিছে৷ সময় থাকোঁতেই ৰাষ্ট্রসংঘই কঠোৰ নীতি বলৱৎ নকৰিলে জৈৱিক যুদ্ধই ভয়াৱহ ধ্বংসৰ ইতিহাস ৰচিব৷