নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাবোনে বীজাণু মাৰিব পাৰেনে ?

জয়ন্ত কুমাৰ পাঠক

 

সকলো অণুজীৱই অপকাৰী নহয়
হাঁচি মাৰোঁত, কাহোঁতে আমি খালী চকুৰে দেখা নোপোৱা অণুজীৱ (microbes) লাখ–কোটি হিচাপত আমাৰ শৰীৰৰ পৰা বাহিৰলৈ ওলাই যায়৷ সেয়েহে কাহোতে, হাঁচি মাৰোতে নাক, মুখ কাপোৰেৰে ঢ়াকি ল’ব৷ নহ’লে লাখ–কোটি বীজাণু আনলৈ বিয়পিব পাৰে৷ চুমা এটা খালেও আঠ কোটিমান অণুজীৱ এজনৰ পৰা আনজনলৈ যাব পাৰে৷ এইটো কাৰণতে ডাক্তৰে শিশুক চুমা খোৱাৰ পৰা বিৰত থাকিবলৈ কয়৷ কিয়নো শিশুৰ ৰোগ প্রতিৰোধী ক্ষমতা তুলনামূলকভাৱে কম৷ এজন প্রাপ্তবয়স্ক সুস্থ মানুহৰ দেহত প্রায় এক ট্রিলিয়ন অর্থাৎ এক লাখ কোটিমান অণুজীৱই বাস কৰে৷ এই সকলো অণুজীৱই আমাৰ বাবে অপকাৰী নহয়৷ আমাৰ দেহত এই অণুজীৱবোৰ নাথাকিলে আমি জীয়াই থাকিবলৈ নোৱাৰিম৷
অৱশ্যে সকলো অণুজীৱই আমাৰ বাবে উপকাৰীও নহয়৷ বহু অণুজীৱই আমাৰ বিভিন্ন ৰোগৰ সৃষ্টি কৰিব পাৰে৷ সেয়েহে ৰোগ সৃষ্টিকাৰী অণুজীৱ বা ‘বীজাণু(germ)বোৰৰ পৰা আমি সাৱধানে থকা উচিত৷ সিহঁতে দেহত সোমাই ৰোগ সৃষ্টি কৰাৰ আগতে যদি বাধা দিব পৰা যায়, সেয়া হ’ব উত্তম পন্থা৷ সেইবাবেই আমাৰ পূর্বপুৰুষসকলে বাহিৰৰ পৰা আহি ঘৰ সোমোৱাৰ আগতে ভালদৰে পৰিষ্কাৰ হৈ, কাপোৰ–কানি সলাইহে ঘৰত সোমাবলৈ পৰামর্শ দিছিল৷ বিশেষকৈ পাকঘৰত যেনে–তেনে প্রৱেশ নিষিদ্ধ আছিল৷ এতিয়াও বয়স্কসকলে সেই পৰামর্শ দিয়ে৷ পৰিয়ালৰ সকলোৰে সু–স্বাস্থ্যই আছিল ইয়াৰ মূল উদ্দেশ্য৷
হাত ধোৱাৰ অভ্যাস
সম্প্রতি হাত ধোৱাৰ ওপৰত বিশ্বজুৰি গুৰুত্ব দিয়া হৈছে৷ ইয়াৰ অর্থ হ’ল– আমি এতিয়াও ভালদৰে হাত ধোৱা কার্য নকৰোঁ বা ভালদৰে হাত ধুবলৈ নাজানো৷ অন্যথা এই সজাগতা, প্রচাৰৰ প্রয়োজন নহ’ল হয়৷ মুঠৰ ওপৰত ভালদৰে হাত ধোৱাৰ অভ্যাস আমাৰ সৰহভাগৰে নাই৷ আমি বহুতে হয়তো হাত ধোৱাৰ আঁৰৰ বিজ্ঞানসন্মত কথাবোৰ সঠিকভাৱে নুবুজোঁ৷ মন কৰিব, আমাৰ হাত আৰু ভৰি দুখনেই আগতে লেতেৰা হয়৷ অর্থাৎ হাত–ভৰি দুখনেই প্রথমে বীজাণুৰ সংস্পর্শলৈ অহাৰ সম্ভাৱনা অধিক৷ পুৱাৰে পৰা হাত দুখনেৰে ক’ত যে নধৰোঁ, কি যে নকৰোঁ ভাবি চাওকচোন৷ আপুনি ব্যৱহাৰ কৰি থকা ম’বাইলটোৰ বাহিৰভাগতো কোটিৰ হিচাপত বীজাণু বা অণুজীৱই বাহ লৈ আছে৷
হাত কিয় ধুব লাগে? সহজ স্পষ্ট উত্তৰ হ’ব– নিজে বেমাৰৰ পৰা হাত সাৰি থাকিবলৈ আৰু আনৰ ওচৰলৈ ৰোগৰ বীজাণু সংক্রমণ বন্ধ কৰিবলৈ৷ কেতিয়া ধুব লাগে– খাদ্যবস্তু ৰন্ধা বা স্পর্শ কৰা বা খোৱা বা খুওৱাৰ আগত, বাহিৰৰ পৰা আহি ঘৰ সোমাওঁতে, কেঁচুৱা স্পর্শ কৰাৰ আগত, পেচাব–পায়খানাৰ পাছত, হাস্পতালৰ পৰা অহাৰ পাছত, আৱর্জনাৰ সংস্পর্শলৈ আহিলে, চকুৰ লেন্স লগোৱাৰ আগত আৰু পাছত, ৰোগীক স্পর্শ কৰাৰ আগত আৰু পাছত ভালদৰে হাত ধোৱাটো নিতান্তই জৰুৰী৷ কাণ, নাক, ভৰি, পোহনীয়া জীৱ আদি হাতেৰে চাফা কৰাৰ পাছত হাত ভালদৰে পৰিষ্কাৰকৈ ধুব৷ বহুতে সৰু ল’ৰা–ছোৱালীৰ শেঙুন আদি চাফা কৰি দিয়াৰ পাছতো হাত নুধুৱে৷ বহু মাকে নিজ শিশুৰ পায়খানা চাফা কৰাৰ পাছতো চাবোনেৰে হাত নুধুৱে৷ লাখ–কোটি হিচাপত ভাইৰাছ, বেক্টেৰিয়া আদি শৌচৰ লগত থাকে৷ সেয়া নকৰিব, পৰিষ্কাৰ পানীৰে হাত ধুব৷ যেতিয়াই দেখে হাতখন লেতেৰা হৈছে, লগে লগে ধোৱক৷ সেইবুলি হাত ধোৱাৰ নামত এচলু পানীৰে হাত ধুলে নহ’ব৷ কেৱলহাতৰ তলুৱাৰে চাবোন পিছলাই দি হাত ধুলেও নহ’ব৷
হাতৰ আঙুলিৰ মাজৰ অংশ, নখৰ তলি, হাতৰ তলুৱাৰ লগতে ওপৰৰ অংশ, সৰু গাঁঠি আদি খুব পৰিষ্কাৰ নোহোৱালৈকে ভালদৰে হাত ধোৱা নহয়৷ এইখিনি কামৰ বাবে আৰু চাবোনৰ গুণবোৰ লাভ কৰিবৰ বাবে কমেও প্রায় ৩০ ছেকেণ্ড সময়ৰ প্রয়োজন৷ কিন্তু এক সমীক্ষাত প্রকাশ কৰিছে যে আমি সাধাৰণতে গড়ে ছয় ছেকেণ্ডমান সময়হে এবাৰ হাত ধোৱাতে খৰচ কৰোঁ৷ অর্থাৎ হাত অপৰিষ্কাৰ হৈ ৰয়৷ যাৰ ফলত ডায়েৰীয়া, ক’ৰোনা ভাইৰাছৰ দৰে ৰোগবোৰৰ সহজ সংক্রমণ হ’ব পাৰে৷ হাত যিমান সঘনে ধুব আৰু পৰিষ্কাৰ কাপোৰেৰেহে মচিব৷ হাতেই নহয়, বীজাণুৰ সংস্পর্শত অহাৰ সম্ভাৱনা থাকিলে গা ধোৱা, কাপোৰযোৰ সলনি কৰা প্রয়োজন৷ এইবোৰ অৱহেলা নকৰা ভাল৷ মন কৰিব, বিশ্বত প্রতিমিনিটত দুটা শিশুৱে ডায়েৰীয়াত মৃত্যুমুখত পৰে৷ হাত ধোৱাৰ এই সাধাৰণ কামটোৱে বিশ্বত ডায়েৰীয়াত শিশু মৃত্যুৰ হাৰ ৫০ শতাংশলৈ হ্রাস কৰিব পাৰে৷
চাবোনে বীজাণু মাৰিব পাৰেনে?
বহুতৰে ধাৰণা বীজাণু মাৰিবলৈহে আমি চাবোনৰ ব্যৱহাৰ কৰোঁ৷ দৰাচলতে চাবোন ব্যৱহাৰ কৰা হয় বীজাণুবোৰ দেহৰ পৰা আঁতৰাই পেলাবৰ বাবেহে, মাৰিবৰ বাবে নহয়৷ যদি কেনেবাকৈ বীজাণু মৰে সেয়া ভাল কথা৷ সেইবুলি এই ধাৰণাটোও বৰ শুদ্ধ নহয় যে বেক্টেৰিয়া প্রতিৰোধী চাবোনহে উৎকৃষ্ট৷ গৱেষণালব্ধ তথ্যই কৈছে যে সাধাৰণ চাবোনেও একেখিনি কামেই কৰিব পাৰে৷ আনহাতে হেণ্ড ছেনিটাইজাৰ, ৱাইপ্ছ আদিৰ তুলনাত চাবোনেই শ্রেষ্ঠ৷ গতিকে কমেও ৩০ ছেকেণ্ড সময় পৰিষ্কাৰ পানীৰে চাবোন লগাই ভালদৰে ঘঁহি হাত ধুলে হাত দুখন পৰিষ্কাৰ বা প্রায় বীজাণুমুক্ত কৰিব পাৰে৷ সকলো নিয়ম মানি নিয়মিত হাত ধোৱাৰ পাছতো ৰোগ হ’ব পাৰে৷ কিন্তু অভ্যাসে আমাক বহু বেমাৰৰ পৰা যে আঁতৰাই ৰাখিব, সেয়া নিশ্চিত৷
ফোনঃ ৯৮৬৪৩–২০৯১৫

You might also like