হেৰাই যোৱা মহাদেশক লৈ বিজ্ঞানীৰ গৱেষণা
নতুন তথ্য দিছে ‘নর্থ আটলাণ্টিক ক্রেটন’ৰ হীৰাৰ নমুনাই
নিয়মীয়া বাৰ্তা, ২৩ মার্চঃ হেৰাই যোৱা প্রাচীন মহাদেশ এখনৰ গৱেষণাই বিজ্ঞানীসকলৰ মাজত কৌতূহল বৃদ্ধি কৰিছে৷ কানাডাৰ বিজ্ঞানীসকলে এক হীৰাৰ টুকুৰাৰ পৰা অনুমান লগাইছে যে পূর্বতে ধাৰণা কৰাতকৈ ১০ গুণ ডাঙৰ আছিল প্রাচীন এই মহাদেশখন৷ বেফিন দ্বীপৰ হীৰাৰ নমুনাৰ ওপৰত অধ্যয়ন চলাই আছে কানাডাৰ বিজ্ঞানীসকলে৷ উল্লেখ্য যে হিমবাহ আবৃত গ্রীনলেণ্ডৰ এই বৃহৎ স্থলভাগ প্রথম নজৰলৈ আহিছিল বিজ্ঞানীসকলৰ৷ উত্তৰ আটলাণ্টিক সৃষ্টিৰ অৱশেষ নিৰীক্ষণ কৰাৰ সময়ত এই মহাদেশৰ অস্তিত্বৰ কথা পোহৰলৈ আনে বিজ্ঞানীসকলে৷ উল্লেখ্য যে এই উত্তৰ আটলাণ্টিকৰ স্থলভাগ আছিল পৃথিৱীৰ মহাদেশীয় এক সুস্থিৰ অঞ্চল৷ বর্তমান স্কটলেণ্ডৰ পৰা উত্তৰ আমেৰিকাজুৰি এটা সময়ত এই মহাদেশ বিস্তৃত হৈ আছিল৷ ১৫০ নিযুত বছৰ পূর্বে ইয়াৰ ভাঙোন আৰম্ভ হয়৷ শেহতীয়াকৈ বেফিন দ্বীপৰ পৰা লাভ কৰা কিম্বাৰলাইটৰ ওপৰত গৱেষণা চলাই বিজ্ঞানীসকলে ধাৰণা কৰিছে যে প্রাচীন এই মহাদেশ আছিল পূর্বতে ভবাতকৈ ১০ গুণ ডাঙৰ৷ স্মর্তব্য যে কিম্বাৰলাইট হৈছে এবিধ পাথৰ, যাক সঘনে হীৰাত দেখিবলৈ পোৱা যায়৷ ব্রিটিছ কলম্বিয়া বিশ্ববিদ্যালয়ৰ ভূ–বিজ্ঞানী মায়া ক’পিল’ভাই উল্লেখ কৰিছে যে এই কিম্বাৰলাইটেই এতিয়া হেৰাই যোৱা ‘নর্থ আটলাণ্টিক ক্রেটন’ৰ সবিশেষ তথ্য জনাৰ সুযোগ দিব পৃথিৱীবাসীক৷ স্মর্তব্য যে প্রাচীন এই মহাদেশ সন্দর্ভত কানাডাৰ বিজ্ঞানীসকলে ধাৰাবাহিক গৱেষণা চলাই আহিছে৷ সঘনে গৱেষণাৰ তথ্য সদৰীও কৰি আহিছে বিজ্ঞানীসকলে৷