নিয়মীয়া বার্তা, ২৪ মার্চঃ ছিপাঝাৰৰ পশ্চিম প্রান্তৰ জয়ন্তীপুৰত কোচবিহাৰৰ পৰা অহা এটা পৰিয়ালক লৈ বিগত দুটা দিনত সৃষ্টি হয় আতংকৰ ৷ উল্লেখ্য যে বৈবাহিক সম্পর্ক সূত্রে কোচবিহাৰৰ পৰা তিনি দিন পূর্বে আহি জয়ন্তীপুৰত স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱা পৰিয়ালটোৰ কোনো স্বাস্থ্য পৰীক্ষা নকৰাত স্থানীয় ৰাইজৰ মাজত আতংকৰ সৃষ্টি হয় ৷ আনকি পৰিয়ালটোৰ মুৰব্বীজন জ্বৰ–চর্দিত আক্রান্ত হোৱাত ৰাইজ আতংকিত হৈ পৰে ৷ স্থানীয় ৰাইজে লোকজনক চিকিৎসকৰ কাষলৈ নিবলৈ চেষ্টা কৰি ব্যর্থ হোৱাত প্রশাসনৰ সহায় বিচাৰে ৷ এইক্ষেত্রত দৰং জিলা প্রশাসনে দায়িত্বজ্ঞানহীন ভূমিকাহে প্রকাশ কৰে ৷ বিগত দুটা দিনত বাৰম্বাৰ অৱগত কৰাৰ পিছতো ঘৰখনত প্রশাসন কিম্বা স্বাস্থ্য বিভাগৰ কোনো লোকেই উপস্থিত নহ’ল ৷
লক্ষণীয় যে জ্বৰ, কাহ আৰু পানীলগা ৰোগত আক্রান্ত লোকজন পৰিয়ালসহ তিনি দিন পূর্বে ট্ৰাক এখন লৈ আহিছিল ৷ অসমত প্রৱেশ কৰাৰ সময়ত লোকজনৰ কোনো ধৰণৰ স্বাস্থ্য পৰীক্ষাও কৰা নাছিল ৷ কিন্তু প্রশাসনৰ তৎপৰতা আছিল শূন্য ৷ শেষত যেনিবা সোমবাৰে দিনৰ ভাগত সংবাদ মাধ্যমত এই বিষয়ে প্রকাশ পোৱাৰ পিছতহে প্রশাসন তথা স্বাস্থ্য বিভাগৰ গা লৰে ৷ ততাতৈয়াকৈ পৰিয়ালটোৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰে ৷ ইফালে কর্মসূত্রে বিভিন্ন ঠাই ভ্রমি ফুৰা ঔষধ কোম্পানীত কর্মৰত মহলীয়াপাৰাৰ এজন লোকৰ অসুস্থতাৰ বাবে প্রথম দেওমৰনৈ আৰু পিছত মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰে যদিও মঙলদৈ অসামৰিক চিকিৎসালয়ত প্রয়োজনীয় গুৰুত্ব দিয়া নহয় বুলি অভিযোগ উঠিছে ৷ দিনৰ বাৰমান বজাৰ পৰা সন্ধিয়া পাঁচমান বজাপর্যন্ত সাধাৰণভাৱে ৰাখি থয় লোকজনক ৷
চিকিৎসকৰ পৰামর্শৰ বিপৰীতে পৰীক্ষাগাৰত এটা পৰীক্ষা কৰা হয় যদিও সাধাৰণ ৰোগীৰ দৰে ৰাখি থোৱা হয় দীর্ঘসময় ধৰি ৷ অৱশেষত জনাৰামচৌকা মডেল হাস্পতালৰ আইছ’লেচন ৱার্ডলৈ প্রেৰণ কৰা হয় লোকজনক ৷ লক্ষণীয় যে চৰকাৰীভাৱে গাঁওবুঢ়াসকলক বাহিৰৰ লোক আহিলে প্রশাসনৰ লগত তৎকালীনভাৱে যোগাযোগৰ বাবে আহ্বান জনোৱা হৈছে যদিও দেওবাৰপর্যন্ত জিলাখনৰ বহু গাঁওবুঢ়াই অৱগত নহয় নিজৰ দায়িত্ব সম্পর্কত ৷ বাহিৰৰ লোক আহিলে বা ৰোগৰ লক্ষণ দেখিলে ক’ত কেনেকৈ যোগাযোগ কৰিব লাগিব গাঁওবুঢ়াসকললৈ কোনো নির্দেশনা নিদিয়াৰ বাবেই এই সম্পর্কে যেন সজাগ নহয় গাঁওবুঢ়াসকল ৷ উল্লেখ্য যে জিলা প্রশাসনৰ এনে ধৰণৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই বহু ঠাইত সৃষ্টি হয় আতংকৰ ৷