জনতা সান্ধ্য আইন আৰু ইটালীৰ শিক্ষা
- ৰণজিৎ কুমাৰ বৰা
মহামাৰী ক’ৰোনা ভাইৰাছৰ তাণ্ডৱলীলাৰ ওচৰত আজি সমগ্র বিশ্ব অসহায়প্রায়৷ চীন, ইটালী, আমেৰিকা যুক্তৰাষ্ট্রৰ দৰে অত্যাধুনিক চিকিৎসা সুবিধাৰে সমৃদ্ধ দেশৰো হাতত এই মুহূর্তত ভাইৰাছবিধৰ কোনো ডত্তৰ নাই৷ এনে অৱস্থাত ভাৰতবর্ষৰ দৰে স্বাস্থ্য সেৱাৰ সীমিত সুবিধাৰ দেশ এখনৰ গতি কি হ’ব পাৰে, সেয়া সহজে অনুমেয়৷ আর্থিক দিশত এইখন দেশৰ প্রগতিয়ে সৌ–সিদিনালৈ বিশ্ববাসীক চমক দিলেও চিকিৎসাৰ সুবিধাৰ ক্ষেত্রত আজিও বহু পিছপৰি থাকিবলগীয়া হৈছে৷ দেশখনত চিকিৎসক, জৰুৰীকালীন চিকিৎসাৰ সুবিধা তেনেই শোকাৱহ৷ ভাইৰাছবিধে ইটালী অথবা চীনৰ দৰে ভাৰততো সংক্রমিত হ’লে, দেশখনে অভাৱনীয় দুর্যোগৰ সন্মুখীন হ’ব লাগিব৷ ইয়াৰ পৰা পৰিত্রাণ পোৱাৰ এটাই ডপায় আছে, দেশবাসী সতর্ক, সজাগ হ’ব লাগিব৷ ভাইৰাছবিধৰ সংক্রমণ ৰোধৰ বাবে চৰকাৰে জাৰি কৰা নির্দেশ তথা পৰামর্শৱলীৰ লগতে গ্রহণ কৰা সতর্কতামূলক ব্যৱস্থাক আখৰে আখৰে পালন কৰাটোৱেই এই মুহূর্তত সবাতকৈ ডত্তম আৰু সময়োপযোগী কার্য হ’ব৷ এই দৃষ্টিকোণৰ পৰা প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আহ্বান জনোৱা জনতা সান্ধ্য আইনো আছিল এটা আৱশ্যকীয় পদক্ষেপ৷ সুখৰ কথা য়ে সততে ৰাজনৈতিক বিৰোধিতা আৰু সমালোচনাৰ বাবে কৰা সমালোচনাই জনসাধাৰণক বিভ্রান্ত কৰা দেশখনত প্রধানমন্ত্রী মোদীৰ আহ্বানৰ বিৰোধিতা অথবা সমালোচনা কৰা বিৰোধী ৰাজনৈতিক দল–সংগঠন এইবাৰ ঘৰৰ পৰা বাহিৰ নোলাল৷ দুই–এক প্রতিক্রিয়াশীল চক্রৰ বাহিৰে সকলো পক্ষই সময়ৰ আহ্বানলৈ সঁহাৰি জনাই জনতা সান্ধ্য আইন পালন কৰা দেশবাসীক সজাগ কৰিলে৷ দেশবাসীয়ে জনতা সান্ধ্য আইন মানি চলি ক’ৰোনাৰ বিৰুদ্ধে বিশ্বজোৰা যুঁজখনত নিজৰ নিজৰ দায়িত্ব পালন কৰিলে৷ ভাৰতৰ ৰাজনৈতিক ইতিহাসত এনেধৰণৰ ঐকমত্যৰ প্রকাশ কমেই দেখা যায়৷ এনে ৰাজনৈতিক বাতাৱৰণে মানৱৰ কল্যাণ সাধন কৰে ৷
প্রধানমন্ত্রী মোদীয়ে দেশজুৰি জনসাধাৰণলৈ আহ্বান জনোৱা জনতা সান্ধ্য আইনৰ তাৎপর্য বহুমাত্রিক৷ ই মাথোঁ ১৪ ঘণ্টাৰ বাবে জনসাধাৰণৰ সামাজিক বিচ্ছিন্নতাৰ সৃষ্টি কৰি মাৰাত্মক ভাইৰাছবিধৰ সংক্রমণ ৰোধত সামান্য বৰঙণি যোগোৱাই নহয়, ইয়াৰ দ্বাৰা জনসাধাৰণৰ মাজত ৰোগবিধক লৈ সচেতনতা বৃদ্ধি হ’ল৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধ কৰিবলৈ জনসাধাৰণে কিদৰে থকা ডচিত, কি কৰা ডচিত, তাৰে এটা সম্যক ধাৰণাও চৌদিশে বিয়পাই দিলে৷ আজিৰ তাৰিখত ক’ৰোনাৰ পৰা দেশখন সুৰক্ষিত কৰি ৰখাত ইয়াতকৈ কার্যকৰী ব্যৱস্থা দ্বিতীয়টো নাই৷ সংক্রমণ ৰোধ কৰিবই লাগিব৷ ইয়াৰ বাবে প্রয়োজন মানুহৰ সৈতে মানুহৰ সম্পর্ক সীমিত কৰি ৰখা৷ পাৰিলে শূন্যপ্রায় কৰি ৰখা৷ লগতে আশে–পাশে যদি কোনো সন্দেহজনক ক’ৰোনা ৰোগীৰ সন্ধান পোৱা যায়, তৎক্ষণাৎ প্রশাসন বা স্বাস্থ্য বিভাগক খবৰ দিয়া৷ কিয়নো ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহৰ সৃষ্টি হোৱাৰ দৰে এজন বা দুজন ব্যক্তিৰ পৰাই ক’ৰোনা ভাইৰাছে এখন দেশত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে৷ ইটালী ইয়াৰ অন্যতম ডদাহৰণ৷ দেশখনে মৃত্যুৰ পৰিসংখ্যাৰ ভাইৰাছবিধৰ ডৎপত্তিস্থল চীনকো অতিক্রম কৰিলে৷ দেশখনত এতিয়া হাহাকাৰ অৱস্থা৷ দেশখনত প্রতিদিনে পাঁচশ–ছশ লোকৰ মৃত্যু হয়৷ মৃতদেহ সৎকাৰ কৰিবলৈ ঠাই আৰু মানুহৰ অভাৱ ঘটিছে৷ সমগ্র দেশখনৰ ৰাজপথ, ৰাজহুৱা ঠাই বিগত বহুদিন ধৰি শূন্য হৈ পৰিছে৷ বজাৰ–সমাৰ, দোকান–পোহাৰ, যান–বাহনৰ চলাচল বন্ধ কৰি দিয়া হৈছে৷ প্রতিখন চহৰ, প্রতিখন গাঁও, প্রতিটো ব্যস্ত অঞ্চলত মৰিশালিসদৃশ ভয়ংকৰ পৰিৱেশ৷ ভাবিলেই গাৰ নোম শিয়ৰি ডঠা দৃশ্য৷ ভাবিবই নোৱাৰি, কেতিয়াও নিদ্রাৰ কোলাত নুঠা ইটালীৰ ৰোম, মিলানৰ দৰে মহানগৰৰ ৰাজপথত এতিয়া দিন–দুপৰতো এটা মানুহ পাবলৈ নাই৷ সেই নিস্তব্ধতা আৰু ক’ৰোনাৰ মৃত্যুৰ কিৰীলিয়ে দেশখনৰ জনসাধাৰণৰ মানসিক জগতখনত কি অৱস্থাৰ সৃষ্টি কৰিব পাৰে, সেই মনলৈ আনিলে, যিকোনো মানুহৰ হূদয় কঁপি ডঠিব৷ আতংকত হাত–ভৰি কঁপিবলৈ ধৰিব৷ তেনে এটা দিন আমাৰ ভাৰতবর্ষলৈও আহক, তেনে কামনা ডন্মাদ লোকেও কিজানি নকৰিব৷ সেয়ে আজিৰ তাৰিখত ভাৰতবাসীৰ বাবে অতি জৰুৰী কথাটো হ’ল, ক’ৰোনাৰ সংক্রমণ ৰোধৰ বাবে সকলোবোৰ সতর্কতামূলক ব্যৱস্থাক আপোন কৰি ল’ব লাগিব৷ কথাটো ইমান সহজ নহয়৷ আর্থিকভাৱে দুর্বল শ্রেণীৰ লোকৰ সমস্যা আছে৷ সামাজিকভাৱে ভাৰতবর্ষৰ জনসাধাৰণৰ মাজত ভিন্ন ধৰণৰ বান্ধোন আছে৷ দেশখনত জনবসতিৰ ঘনত্বও বেছি৷ শিক্ষাৰ অভাৱে আনি দিয়া অসচেতনতাও আছে৷ লগতে আছে চৰকাৰী পদক্ষেপক একেবাৰে ভিতৰুৱা অঞ্চলৰ জনসাধাৰণৰ মাজলৈ নিয়াৰ সীমাবদ্ধতা৷ ইমান সীমাবদ্ধতাৰ মাজতো দেশবাসীয়ে ক’ৰোনাৰ সৈতে যুঁজ দিয়াত নিজৰ নিজৰ ভূমিকা আৰু দায়িত্ব পালন কৰিব লাগিব৷ ইয়াৰ বিকল্প নাই৷ দেশখনত ইতিমধ্যে কেইবাজনো লোকৰ মৃত্যু হৈছে৷ আক্রান্তৰ সংখ্যা চাৰিশৰ ঘৰ অতিক্রম কৰিছে৷ দ্বিতীয় স্তৰত থকা দেশখনত তৃতীয় স্তৰলৈ যোৱাৰ সকলো পথ বন্ধ কৰিব লাগিব৷ নহ’লে ইটালীৰ দৰে দুর্দশা হ’ব পাৰে ৷
স্বাস্থ্য সেৱাৰ সুবিধাৰ ক্ষেত্রত ইডৰোপীয় দেশৰ মাজত প্রথমে অহা এটা নাম হ’ল ইটালী৷ চীনৰ পৰা হাজাৰ হাজাৰ মাইল দূৰৈত থকা দেশখনত কিদৰে ক’ৰোনা ভাইৰাছে মৃত্যুৰ ডলংগ নৃত্য কৰিবলৈ সুবিধা পালে৷ সেইটো জনসাধাৰণে জনাটো দৰকাৰ৷ জনোৱাটো দৰকাৰ৷ দেশখনত প্রথমটো মৃত্যুৰ ঘটনা সংঘটিত হৈছিল ২২ ফেব্রুৱাৰীত৷ অর্থাৎ প্রায় এমাহ পূর্বে৷ কিন্তু তাৰে এমাহ পূর্বে দেশখনলৈ ক’ৰোনা ভাইৰাছ কঢ়িয়াই নিছিল দুজন চীনৰ পর্যটকে৷ দুয়ো চীনৰ হুবেই অঞ্চলৰ পৰা মিলানো বিমানবন্দৰৰ জৰিয়তে যোৱা ২৩ জানুৱাৰীত ইটালীত প্রৱেশ কৰে৷ তাৰ পাছতে দুয়ো ৰোমত অসুস্থ হৈ পৰে৷ পৰৱর্তীত য়ুহানৰ পৰা ইটালীলৈ ওভতা এজন ইটালিয়ান নাগৰিকৰ দেহত যোৱা ৬ ফেব্রুৱাৰীত ভাইৰাছবিধৰ ডপস্থিতি ধৰা পৰে৷ ঘটনাৰ পাছত কিন্তু ইটালীয়েই ইডৰোপীয় ইডনিয়নৰ প্রথমখন দেশ, যিয়ে আন্তঃৰাষ্ট্রীয় বিমানবন্দৰত সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিছিল৷ সঁচা অর্থত ক’বলৈ গ’লে, ইটালীয়ে বহিঃৰাষ্ট্রৰ পৰা ক’ভিড–১৯ৰ প্রৱেশত আৰম্ভণিতে যথেষ্ট প্রভাৱশালী ব্যৱস্থা গ্রহণ কৰিছিল৷ এই ব্যৱস্থাটো ভাৰতবর্ষই বহু পলমকৈ হাতত লয়৷ কিন্তু সমস্যাটো হ’ল, ইতিমধ্যে দেশখনৰ অভ্যন্তৰত ভাইৰাছবিধে ঠাই দখল কৰি লৈছিল৷ এই বিষয়টোত সময়োচিত গুৰুত্ব দিলে ইটালীয়ে আজি ইমান বিপর্যয়ৰ সন্মুখীন হ’বলগীয়া নহ’লহেঁতেন৷ ইটালীত কডোগন’ত প্রথমগৰাকী ক’ৰোনাত আক্রান্তক হাস্পতালৰ পৰা মুকলি কৰি দিয়াৰ সময়তে মিলানতো তেনে এগৰাকী ৰোগীক সাধাৰণভাৱে চিকিৎসা কৰি ঘৰলৈ যাবলৈ দিয়া হয়৷ ১৪ ফেব্রুৱাৰীত ঘৰলৈ যোৱা ৰোগীজনে ভয়ংকৰভাৱে শ্বাস–প্রশ্বাসৰ কষ্টত ভোগাত দুদিন পাছত তেওঁক পুনৰ হাস্পতালত ভর্তি কৰোৱা হয়৷ কিন্তু ঘৰত থকা সময়ছোৱাত কোনোধৰণৰ সতর্কতামূলক ব্যৱস্থা ল’বলৈ দিয়া নোহোৱাত সেই দুদিনতে আনলৈ ভাইৰাছবিধ সোঁচৰে৷ এনেদৰে ৰাষ্ট্রখনৰ অভ্যন্তৰত ক’ৰোনা ভাইৰাছে ঠাই ডলিয়াই ল’বলৈ সুযোগ পায়৷ আমাৰ দেশখনে বহিঃৰাষ্ট্রৰ সৈতে সকলো ধৰণৰ যাতায়াত ব্যৱস্থা বন্ধ কৰি ভাইৰাছবিধৰ সংক্রমণৰ পথ এটা বন্ধ কৰি দিছে যদিও বাস্তৱ সত্যটো হ’ল, দেশখনৰ অভ্যন্তৰত ইতিমধ্যে ভাইৰাছবিধৰ প্রসাৰ হৈছে৷ গতিকে চৰকাৰ আৰু দেশবাসীৰ বাবে এইছোৱা অতি গুৰুত্বপূর্ণ সময়৷ জনসমাগম পৰিহাৰ কৰি ইয়াৰ সংক্রমণ ৰোধ কৰিব লাগিব৷ বাকী আন আন যি সতর্কতামূলক ব্যৱস্থা আছে, সকলোবোৰ পালন কৰিব লাগিব ৷