বিগত কিছুদিনৰে পৰা এক আশাৰ বতৰা৷ অসমীয়া চলচ্চিত্র উদ্যোগটিক এছাটি সজীৱ বতাহে চুই গৈছে৷ এসময়ত এই আঞ্চলিক চলচ্চিত্র উদ্যোগটিয়ে গভীৰ সংকটৰ মাজেৰে গতি কৰিছিল, দর্শকৰ অভাৱত ছবিগৃহসমূহ শূন্য হৈ পৰিছিল, সেই একেই উদ্যোগত এতিয়া এক অভূতপূর্ব জোৱাৰ দেখা গৈছে৷
সাম্প্রতিক সময়ত অসমীয়া চিনেমাৰ অৱস্থা কেৱল সলনি হোৱাই নাই, বৰঞ্চ ই এক ইতিবাচক আৰু ব্যৱসায়িকভাৱে লাভজনক দিশলৈ গতি কৰিছে৷ এই পৰিৱর্তন কেৱল চিনেমা নির্মাণৰ পৰিসংখ্যাতে সীমাবদ্ধ নহয়৷
এই পৰিৱর্তনে সামাজিক–সাংস্কৃতিক চেতনাৰ ছবি এখন দাঙি ধৰে৷ ছবিজগতৰ সৈতে জড়িত হৈ পৰিছে দর্শকৰ মানসিকতা, প্রযোজকৰ সাহস আৰু যুৱ পৰিচালকসকলৰ অভিনৱ চিন্তা৷ এই সময়ত মন কৰিবলগীয়া আটাহতকৈ ডাঙৰ পৰিৱর্তনটো হ’ল চিত্রগৃহলৈ দর্শকৰ প্রত্যাৱর্তন৷
এটা সময় আছিল যেতিয়া দুখন অসমীয়া চিনেমা একে সময়তে মুক্তি পালে ব্যৱসায়িক লোকচানৰ আশংকাত বিতৰক আৰু প্রযোজকসকল চিন্তিত হৈ পৰিছিল৷ দুখন ছবিৰ মুক্তিৰ মাজত এক দীঘলীয়া ব্যৱধান ৰখাৰ কথা চিন্তা কৰা হৈছিল যাতে দর্শক ভাগ হৈ নাযায়৷
কিন্তু আজিৰ পৰিস্থিতি সম্পূর্ণ সুকীয়া৷ এতিয়া একেটা সপ্তাহতে, একেটা দিনতে দুখনকৈ অসমীয়া ছবিয়ে ছবিগৃহত মুক্তি লাভ কৰিছে আৰু আটাহতকৈ সুখৰ কথাটো হ’ল দর্শকে দুয়োখন ছবিকে আদৰি লৈছে৷
ইয়ে প্রমাণ কৰে যে দর্শকে এতিয়া চিত্রগৃহত নিজৰ পছন্দৰ ছবি বিচাৰে, অসমীয়া ছবি বুুলি চিত্রগৃহলৈ যোৱা আৱেগটিক পাহৰিবলৈ আৰম্ভ কৰিছে৷ এই নতুন পৰিৱেশে উদ্যোগটোলৈ পুঁজিপতি আৰু প্রযোজকসকলক আকর্ষিত কৰিছে৷
পূর্বতে অসমীয়া ছবিত টকা বিনিয়োগ কৰিবলৈ মানুহ পিছহুঁহকি গৈছিল, কিন্তু এতিয়া ডাঙৰ বাজেটৰ অসমীয়া ছবি নির্মাণ কৰিবলৈ প্রযোজকসকল আগবাঢ়ি আহিছে৷ তেওঁলোকে বুজি উঠিছে যে যদি ছবিখনৰ আবেদন শক্তিশালী হয়, তেন্তে দর্শকে তাৰ উচিত মূল্যায়ন কৰিবই৷
কেৱল বাণিজ্যিকভাৱেই নহয়, কলাত্মক দিশতো অসমীয়া চিনেমাই ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ত চমকপ্রদ সফলতা অর্জন কৰিছে৷ বিভিন্ন সন্মানীয় চলচ্চিত্র মহোৎসৱসমূহত অসমীয়া চিনেমাৰ উপস্থিতি এতিয়া অতিশয় উৎসাহজনক৷
এচাম নতুন, মেধাৱী আৰু তৰুণ পৰিচালকে সম্পূর্ণ নতুন শৈলী আৰু আধুনিক দৃষ্টিভংগীৰে ছবি নির্মাণ কৰিছে৷ তেওঁলোকৰ এই নিৰন্তৰ প্রয়াসে অসমৰ বাবে কঢ়িয়াই আনিছে ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় খ্যাতি৷
অসমীয়া চলচ্চিত্রৰ এই নৱউত্থানক স্থায়ী ৰূপ দিবলৈ আৰু ইয়াক অধিক সবল কৰি তুলিবলৈ চৰকাৰী প্রচেষ্টাৰ অতিশয় প্রয়োজন৷ বর্তমানৰ এই সুন্দৰ পৰিৱেশটোক এটা সু–সংগঠিত উদ্যোগ হিচাপে গঢ়ি তুলিবলৈ চৰকাৰে পলম নকৰাকৈ কিছুমান দূৰদর্শী আঁচনি গ্রহণ কৰিব লাগে৷
প্রথম আৰু প্রধান পদক্ষেপ হিচাপে চৰকাৰে এখন শক্তিশালী আৰু স্থানীয় প্রযোজকক সহায় কৰিব পৰাকৈ চলচ্চিত্র নীতি গ্রহণ কৰাটো উচিত৷
এই নীতিৰ অধীনত নতুন তথা থলুৱা প্রযোজকসকলক আর্থিক সকাহ, ৰাজসাহায্য আৰু কৰ ৰেহাইৰ দৰে ব্যৱস্থাৰে উৎসাহিত কৰিব লাগে, যাতে তেওঁলোকে কোনোপধ্যে লোকচানৰ শংকা নোহোৱাকৈ বিনিয়োগ কৰিব পাৰে৷ এইটো ঠিক যে ছবি এখনৰ দর্শক ভাগ্যৰ কথা কোনেও ক’ব নোৱাৰে, কিন্তু পৰিকল্পিত পথেৰে চিত্রনির্মাতা আগবাঢ়িব পাৰে৷
একেদৰে ব্যৱসায়িক ফর্মূলাৰ বাহিৰলৈ গৈ কেৱল কলাত্মক মূল্যবোধেৰে ছবি নির্মাণ কৰিব বিচৰা স্বতন্ত্র পৰিচালকসকলকো সহায় কৰিব পৰাকৈ চৰকাৰে বিশেষ পুঁজি বা অনুদানৰ ব্যৱস্থা কৰিব লাগে৷
এই স্বতন্ত্র চলচ্চিত্র নির্মাতাসকলেই প্রায়ে আন্তঃৰাষ্ট্রীয় মঞ্চত আমাৰ সমাজ আৰু সংস্কৃতিক প্রতিনিধিত্ব কৰে৷ গতিকে তেওঁলোকক সুৰক্ষা আৰু উৎসাহ দিয়াটো চৰকাৰৰ নৈতিক দায়িত্বৰ ভিতৰত পৰে৷
চলচ্চিত্র কেৱল মনোঞ্জনৰ মাধ্যম নহয়, ই সমাজৰ দাপোণ আৰু আমাৰ সাংস্কৃতিক ঐতিহ্যৰ এক অবিচ্ছেদ্য অংশ৷ জ্যোতিপ্রসাদ আগৰৱালাৰ ‘জয়মতী’ৰ পৰা আৰম্ভ হোৱা চহকী চলচ্চিত্র যাত্রাক সংৰক্ষণ কৰাটো জাতীয় কর্তব্য৷
এইক্ষেত্রত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্রমা বিভাগ আৰু ৰাজ্যিক চলচ্চিত্র উন্নয়ন নিগমে গুৰুত্বপূর্ণ ভূমিকা ল’ব পাৰে৷ অসমৰ বর্তমান থকা চলচ্চিত্র আর্কাইভটোক আধুনিক প্রযুক্তিৰে অধিক উন্নত আৰু শক্তিশালী কৰি তুলিব লাগে, য’ত পুৰণি আৰু আপুৰুগীয়া ছবিসমূহ ডিজিটেল পদ্ধতিৰে সংৰক্ষণ কৰিব পাৰি৷
এই আর্কাইভটোক কেন্দ্র কৰিয়েই ৰাজ্যখনত চলচ্চিত্র চর্চা আৰু অধ্যয়নৰ এক সুস্থ বৌদ্ধিক পৰিৱেশ গঢ়ি তুলিব পৰা যায়৷ ইয়াত নিয়মীয়াকৈ চলচ্চিত্র প্রদর্শন, স্ক্রীপ্ট ৰাইটিং ৱর্কশ্বপ, চিনেমা তত্ত্বৰ আলোচনা আদি অনুষ্ঠিত হ’ব লাগে৷
ইয়াৰ উপৰি আমাৰ ভৱিষ্যতৰ চলচ্চিত্র যাত্রাক নেতৃত্ব দিবলগীয়া তৰুণ চুটি ছবি নির্মাতাসকলৰ বাবে চৰকাৰে বিশেষ আঁচনি ল’ব লাগে৷ চুটি ছবি হ’ল চিনেমা শিকিবলৈ আৰু নিজৰ প্রতিভা প্রদর্শন কৰিবলৈ যুৱপ্রজন্মৰ আটাইতকৈ ডাঙৰ মাধ্যম৷
তেওঁলোকক চৰকাৰীভাৱে প্লেটফর্ম আৰু বঁটা–বাহনেৰে উৎসাহিত কৰিলেহে অনাগত দিনত আমি আৰু অধিক দক্ষ পৰিচালক–কাৰিকৰ লাভ কৰিবলৈ সক্ষম হ’ম৷ একে সময়তে চলচ্চিত্র বিষয়ক আলোচনা, সমালোচনা আৰু লিখা–মেলাৰ কামবোৰ যাতে ধাৰাবাহিকভাৱে চলি থাকে, তাৰ বাবেও চৰকাৰী পৃষ্ঠপোষকতাৰ প্রয়োজন৷
এখন ভাল চিনেমা সমাজলৈ যোৱাৰ পিছত তাৰ ওপৰত হোৱা সুস্থ বিতর্ক আৰু সমালোচনাইহে চিনেমাৰ মান ডন্নত কৰে৷ গতিকে চিনেমা বিষয়ক গ্রন্থ প্রকাশ, জার্নাল উলিওৱা আৰু আলোচনা–চক্র আয়োজনৰ বাবে চৰকাৰী অনুদানৰ ব্যৱস্থা হ’ব লাগে৷
অসমীয়া চিনেমাৰ বাবে বর্তমানৰ সময়ছোৱা সোণালী সুযোগৰ সময়৷ দর্শকে নিজৰ কর্তব্য পালন কৰিছে, এতিয়া চৰকাৰৰ পাল৷ আশা কৰোঁ অসম চৰকাৰে এই সকলো দিশ গভীৰভাৱে বিবেচনা কৰি শীঘ্রে কিছুমান ফলপ্রসূ আৰু দীর্ঘম্যাদী আঁচনি গ্রহণ কৰিব৷