কৰ’না ভাইৰাছ্–ক’ভিড্–১৯ঃ মহামাৰী–ৰাষ্ট্রীয় অগ্রাধিকাৰ–স্বাস্থ্য–বাজে’ট্–দুর্নীতি
কৰ’নাভাইৰাছ্ (২ এপ্রিলৰ ‘অকুতোভয়’তে কৈছিলোঁ– ‘‘ক’ৰোনা’’–‘‘কোৰোনা’’, ‘‘কৰুনা/ণা’’, এইগিলাখান নহয়, বাপ্পা হেৰেই) নামৰ কীটাণুটোৱে সৃষ্টি কৰা ক’ভিড্–১৯ নামৰ সর্বব্যাপ্ত সংক্রামক ৰোগটোৱে সমগ্র বিশ্বক থৰহৰি কম্পমান কৰি তুলিছে৷ কি হ’ব, কেতিয়া হ’ব, কোনেও নাজানে নানা মুনিৰ নানা মত৷ কিন্তু আটাই ত্রস্ত (‘‘ত্রস্তমান’’ নহয়, –ইও এক আজব শব্দ ৰত্ন)৷ মহাশক্তিধৰ এমে’ৰিকা যুক্তৰাষ্ট্রৰ সর্বময় কর্তা স্বয়ং ৰাষ্ট্রপতি ট্রাম্পেও, ত্রস্ত হৈ, ভাৰত ৰাষ্ট্রৰ সর্বময় কর্তা প্রধান মন্ত্রী মোদী নৰেন্দ্র দামোদৰক ত্রস্ত কৰিবলৈ হুম্কি দিছে বোলে– ‘‘গন্ধমাদনত কি আছে, দিলে দিয়াঁ, নহ’লে মই কৰ’নাতকৈও ভয়ংকৰ হ’ম’’ ত্রাস ইমানেই বিয়পিছে যে কোনো কোনো মহলে আশা আৰু আন কোনো কোনোৱে মত প্রকাশ কৰিছে যে এইবাৰ পৃথিৱীৰ সকলো জাতি–উপজাতি, দেশ–মহাদেশে সকলো ভেদাভেদ পৰিহাৰ কৰিব, সমগ্র বিশ্ব একত্রিত হ’ব কৰ’না বাবাজীৰ ঠেলাত অলপ কিবা–কিবি পৰিৱর্তন হয়তো হ’ব৷ কিন্তু সিমানখিনি হ’বগৈ বুলি মঞি মূঢ়মতিৰ মনে নধৰে ৷
কীটাণুটোৰ উৎপত্তি স্থল বা অভিকেন্দ্রৰ বিষয়ে বহু কথা ওলাইছে৷ অনেক কথা ওলাইছে যে আন্তর্জাতিকতাবাদ আৰু বিশ্ব ভাতৃত্বৰ জয়গান গাই থকা মুখাধাৰী এখন উগ্র জাত্যাভিমানী ৰাষ্ট্রীয়তাবাদী ৰাষ্ট্রৰ এক বিশেষ অঞ্চলেয় ইয়াৰ সৃষ্টি স্থলী৷ আণৱিক অস্ত্রৰে শক্তিশালী ৰাষ্ট্রসমূহকে ধৰি বর্তমান বিশ্বৰ আটায়ে বুজি উঠিছে যে আজিৰ পৃথিৱীৰ আন্তঃৰাষ্ট্রীয় ৰাজনৈতিক পৰিস্থিতিত আণৱিক বোমাও এটা কাগজৰ বাঘহে৷ কোনো ৰাষ্ট্রই ইয়াক আন কোনো ৰাষ্ট্রৰ বিৰুদ্ধে প্রথমে ব্যৱহাৰ কৰিলেও, সেই ৰাষ্ট্রও সর্বগ্রাসী ধ্বংসলীলাৰপৰা সাৰি নাযাব প্রথম ব্যৱহাৰো ‘ছে’ল্ফ–এনাইহিলেইশ্ন’–ৰ প্রস্তুতিৰ নামান্তৰহে মাত্র৷ বহু বছৰ ধৰি বাতৰি ওলাই আছে যে, সেয়েহে, সেই বিশেষ ৰাষ্ট্র ব্যস্ত আছে অন্য ৰাষ্ট্রসমূহক সাংস্কৃতিক, অর্থনৈতিক আৰু, শেহতীয়াভাৱে, জৈৱিক অস্ত্রৰে নিঃশেষ কৰাৰ বিভিন্ন আঁচনি ৰূপায়ণত৷ প্রক্রিয়াটোত নিজৰো হাজাৰচেৰেক মানুহ বলি হৈছে, হয়তো গিনি পিগ্ ৰূপে৷ যুদ্ধ বুলিলেই ‘কেনন ফডা(ৰ্)’ বুলি, কামান–বৰতোপ (‘‘টোপ’’ নহয়)ৰ খাদ্য বুলি কথা এটা আছেই৷ বাতৰি ওলাই থাকে যে সেই ৰাষ্ট্রই আন্তঃৰাষ্ট্রীয় আইন–বিধি উলংঘা কৰি উমৈহতীয়া নদীৰ পানীৰ সোঁতো বাটতে ভেটি নিজৰফালে বোৱাই নিয়ে৷ কোন ৰাষ্ট্রৰপৰা আন কোন কোন ৰাষ্ট্র কিমান দূৰত, কোন কোন ৰাষ্ট্র নিচেই ওচৰত, ক’ত কিয় কিমান বেছি আৰু ক’ত কিয় কিমান কম মানুহ মৰিছে, তাৰো ব্যাপক চর্চা হৈছে৷ কিন্তু আজি পৃথিৱীৰ সামগ্রিক আন্তঃৰাষ্ট্রীয় ৰাজনৈতিক–র্থনৈতি তথা পাৰস্পৰিক সামৰিক অৱস্থা এনেকুৱা যে কার্য্যক্ষেত্রত আন আটাই শক্তিমান ৰাষ্ট্র একত্রিত হ’লেও সিবিলাকে সেই ৰাষ্ট্রক একো কৰিব নোৱাৰে ৷
সেই অনা বাদ৷ ভাৰত তথা অসমৰ কথালৈ আহোঁ৷ ‘কৰ’নাভাইৰাছ্’ আৰু ‘ক’ভিড্–১৯’, সৌ সিদিনালৈকে নিনাও এটা কীটাণু আৰু এটা ৰোগ৷ ‘ৎচুনামি’ৰ দৰে একাধিক সামুদ্রিক বিপর্য্যয়ৰ দৰে আৰু ইতিমধ্যে পাৰ হৈ যোৱা, শুৱলা শুৱলা, ধুনীয়া ধুনীয়া নামৰ একাধিক মাৰাত্মক ৰোগৰ দৰে নিনাও৷ ব্রাজিলৰ আমাজন মহাৰণ্যত লগা মহা অনলৰ দৰে অজান, অপূর্ব একোটা প্রপঞ্চ৷ ‘‘অমুকটো কিয় নকৰিলে, তমুকটো কিয় কৰিলে’’ বুলি কাকো দোষাৰোপ কৰিব নোৱাৰি৷ ভাৰত চৰকাৰে তথা অসম চৰকাৰে এই সন্দর্ভত এতিয়ালৈকে যি গতিত যিমানখিনি কৰিছে, তাক প্রশংসা কৰিবই লাগিব৷ কিন্তু সামগ্রিক প্রেক্ষাপটত অন্যান্য কিছু কথা আছে ৷
যোৱা ৭২ বছৰ ৮ মাহ কালত কেন্দ্রীয় চৰকাৰসমূহে, অসমৰ ৰাজ্য চৰকাৰসমূহে (তথা অন্যান্য ৰাজ্যৰ চৰকাৰসমূহে) নিজা নিজা বার্ষিক বাজে’টসমূহত, সিবিলাকৰ সঠিক আৰু নিখুঁত ৰূপায়ণত তথা অন্যান্য গুৰুত্বপূর্ণ ক্ষেত্রসমূহৰ ক’ত, কিহত কিমান অগ্রাধিকাৰ দিছিল? অনস্বীকার্য্য যে সমগ্র পৃথিৱীৰ আৰু, বিশেষতঃ ভাৰত উপ মহাদেশখনৰ, ভৌগোলিক–ৰাজনৈতিক পৰিস্থিতিৰ পৰিপ্রেক্ষিতত কেন্দ্রীয় বাজে’টত প্রতিটো বছৰতে প্রতিৰক্ষা শিতানত ক্রমবর্ধমান নিৰিখত পুঁজি আবণ্টন কৰিবলগীয়া হৈ আহিছে৷ কিন্তু ভুৱা, তথাকথিত আধুনিকতাৰ নিগনি দৌৰত বেগ দিওঁতে, বিশেষতঃ বিগত গোটাদিয়েক দশকত, তথাকথিত উদ্যোগীকৰণৰ নামত অতি অপ্রয়োজনীয়ভাৱে আৰু বৈধ, অবৈধ বিভিন্ন প্রকাৰে, আৰব্য উপন্যাসৰ নায়কৰ দৰে ‘‘ছিছে’ম ফাঁক’’ ধনেৰে ধনাঢ়্য, মাথোন এচাম লোকৰ বাবেহে উপভোগ সাধ্য, প্রায় অশ্লীলভাবে বিলাসী হোটে’ল, ৰিয(ৰ্)ট্, ভিলা আদি নির্মাণ, অত্যন্ত ব্যয়বহুল, বিলাসবহুল, অত্যাধুনিক যান–বাহন নির্মাণ তথা অন্যান্য অসংখ্য প্রকাৰৰ সুবিধা প্রদানত এতিয়ালৈকে যিমান লাখকোটি টকা (অপ–)ব্যয় কৰা হ’ল, তাৰ তুলনাত, এখন কল্যাণকামী ৰাষ্ট্রৰ জনসাধাৰণৰ দৈনন্দিন জীৱন যাত্রা আৰু অগ্রগতিৰ বাবে অপৰিহার্য্য অন্ন, স্বাস্থ্য, শিক্ষা, পৰিবহণ–যাতায়াত, যোগাযোগ আদি ক্ষেত্রত আবণ্টন আৰু ব্যয় কৰা ধনৰ পৰিমাণ নগণ্য বুলিলেও ভুল কৰা নহ’ব ৷
১৯৯১ চনত তথাকথিত বিশ্বায়ন আৰু উদাৰীকৰণ (উদংকৰণ)ৰ নামত ব্যক্তিগতকৰণৰ ৰাজ অহাৰেপৰা দেশৰ শিক্ষা খণ্ড আৰু পৰিবহণ খণ্ডৰ দৰে, স্বাস্থ্য খণ্ডতো চৰকাৰে প্রায় সম্পূর্ণ ৰূপে হাত দাঙি দি ব্যক্তিগত খণ্ডৰ হাতত সমস্ত অর্পণ কৰি দিলে৷ ব্যক্তিগত খণ্ডত, চালে চকু ছাট মাৰি ধৰা চিকিৎসালয় আৰু শুশ্রূষা গৃহই গঢ় লৈ উঠিছে৷ কিন্তু সেইবোৰ, কোনসকল মনুষ্যৰ বাবে ব্যয়সাধ্য আৰু উপলব্ধ? ৰোগৰ চিকিৎসাই ভালেখিনি গুৰুত্ব পাইছে চিকিৎসা উন্নত হৈছে৷ কিন্তু ৰোগৰ চিকিৎসাই যিমান গুৰুত্ব পাইছে, তাৰ প্রতিৰোধে সিমান গুৰুত্ব পাইছে জানো? ৰোগ নহ’বৰ বাবে যি পৰিৱেশৰ প্রয়োজন, সেই পৰিৱেশে একা? ৰোগ হ’লে, সর্বস্বান্ত হৈ হ’লেও ৰোগীয়ে আৰোগ্য লাভ কৰিব পৰাকৈ চিকিৎসা খণ্ডৰ উন্নতি হৈছে, সঁচা৷ কিন্তু ৰোগ ক’ভিড্–১৯ৰ দৰে অচিন বা অজানা হ’লেও প্রতিজন মানুহৰ শৰীৰৰ প্রতিৰোধ ক্ষমতা যথোচিতভাবে গঢ়ি তুলিবৰ বাবে সকলো ক্ষেত্রতে যিবোৰ ব্যৱস্থা অপৰিহার্য্য, সেইবোৰ গ্রহণ কৰা হৈছেনে? সেইবোৰ বিষয়ে যথোচিত ৰাজহুৱা প্রচাৰ হৈছেনে? ৰোগ প্রতিৰোধ তথা জনসাধাৰণৰ প্রতিৰোধ শক্তি বৃদ্ধি কৰাটো স্বাস্থ্য খণ্ডৰ প্রাথমিক আৰু অবিচ্ছিন্ন অংগ হয়নে নহয়? সাধাৰণ স্বাস্থ্য বিধি আৰু ৰোগ প্রতিৰোধৰ নূ্যনতম (বি–) জ্ঞান সাধাৰণ বিজ্ঞানৰ পাঠ্যক্রমৰ অন্তর্ভুক্ত হোৱাটো বাধ্যতামূলক হ’ব নালাগে জানো?
কম হওক, বেছি হওক, অসমৰ ৰাজ্যিক বাজে’টত প্রতি বছৰে স্বাস্থ্য খণ্ডত যিমান ধন আবণ্টিত হয়, সিমানখিনিৰ শতকৰা কিমান অংশৰ সঠিক ব্যয় হয়? গুৱাহাটীৰ হেঙেৰাবাৰীস্থ স্বাস্থ্য সঞ্চালকালয়, ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়সমূহ, জিলা সদৰ আৰু মহকুমা সদৰসমূহৰ চিকিৎসালয়সমূহ, সামূহিক স্বাস্থ্য কেন্দ্র (ছী এইচ্ ছী) সমূহৰ বিভিন্ন পর্য্যায়ত ঔষধ, যন্ত্র–পাতি আৰু সা–সৰঞ্জামৰ যোগান, কিনা–বেচা, সৰবৰাহ আদিত সুদীর্ঘ কাল জুৰি চলি থকা ব্যাপক দুর্নীতিৰ অকাট্য, তথ্য–পাতি সমৃৃদ্ধ বাতৰিবোৰ দেখিলে, পঢ়িলে, শুনিলে গাৰ নোম শিয়ৰি উঠে৷ আবণ্টিত পুঁজিৰ এক উপযুক্ত অংশ, সর্বসাধাৰণৰ বাবে অত্যাৱশ্যকীয় স্বাস্থ্য–বিধি জ্ঞান, ৰোগ প্রতিৰোধ জ্ঞান আদিৰ প্রচাৰমূলক বিজ্ঞপ্তিত ব্যয় কৰিলে জনসাধাৰণে অনেক ব্যাধিৰ পৰা হাত সাৰি থাকিব পাৰে৷ য’তে ত’তে থুই, খেকাৰ, তামোলৰ পিক আদি পেলোৱা জনবিৰোধী অপকর্মবোৰ এতিয়াৰ দৰে বিশেষ সংকটপূর্ণ পৰিস্থিতিতহে নকৰাকৈ থাকিব লাগিবনেকি? এনে অপকর্মবোৰ শাস্তি যোগ্য অপৰাধ স্বৰূপে পৰিগণিত হোৱাৰ সময় আহি পৰা নাইনে? এনে অপকর্ম নকৰাটো সাধাৰণ নাগৰিক জ্ঞান আৰু কর্তব্য নহয় জানো? যাৰেই য’তেই মন যায়, সিয়েই তাতে ঘৰুৱা আৱর্জনা পেলোৱা আৰু অন্যান্য অপকর্ম বন্ধ কৰাৰ অর্থে গুৱাহাটী উন্নয়ন বিভাগ আৰু অসম নগৰ উন্নয়ন বিভাগৰ মন্ত্রীসকলে আৰু আমোলা–বিষয়া–চাকৰিয়্ তথা গুৱাহাটী পৌৰ নিগম আৰু ৰাজ্যৰ বিভিন্ন পৌৰ সভাসমূহ আৰু নগৰ সমিতিসমূহৰ পৌৰ পিতাসকলে আৰু প্রশাসনীয় আমোলা–বিষয়াসকলে এইবোৰ বিষয়ত আন্তৰিকতাৰে মনোনিৱেশ কৰে যথোচিত কার্য্য ব্যৱস্থা গ্রহণ কৰেনে? নে, সিসৱ আটাই, নিজ নিজ চাকৰি ৰক্ষাৰ কুচকাৱাজৰ ‘‘কর্তব্য’’তহে ব্যস্ত থাকে ?
চৰকাৰে প্লাস্তিক (‘ষ্ট’ প্রয়োগ কৰিব পৰাকৈ একো ইংৰাজী শব্দ নাই), পলিথীনৰ ঠোঙা, মোনা আদি নিষিদ্ধকৰণৰ ভেঁকো–ভাওনা একোখন মাজে মাজে পাতি থাকিব পাৰে, কিন্তু ফলপ্রসূ একো কৰিব নোৱাৰে৷ বহুৰাষ্ট্রীয় বৃহৎ ব্যৱসায়িক প্রতিষ্ঠান জড়িত থকা ‘আংক্ল্ চিপ্ছ্’, ‘লেইয্’, ‘কুৰ্কুৰে’–’, ‘বিংগ’ তে’ঢ়ে’ মে’ঢ়ে’–’ আৰু বহুত কিবা–কিবি বন্ধ কৰিব জানো পাৰিব? এমে’ৰিকা যুক্তৰাষ্ট্রৰ পেলনীয়া সামগ্রীয়ে সাগৰৰ তলিকে বাম কৰি পেলাইছে৷ গ্রীন্ হাউছ্ ইমিশ্ন্, জলবায়ু প্রদূষণ ৰোধ কৰা, অউজৌন্ সুৰক্ষা আদি বিষয়ত পশ্চিমৰ শক্তিশালী দেশসমূহ সন্মত হৈছে জানো? ‘হাইড্র’ক্সিক্ল’ৰ’কুইন্’ নে কি দৰৱফেৰাৰ কেইবালাখ পালি প্রেৰণৰ বাবে ডন্ল্ড্ ট্রাম্পৰ হুম্কি শুনা ‘‘বন্ধু ৰাষ্ট্র’’ ভাৰতে বহুত ভাবিবলগীয়া আছে ৷
য’তে ত’তে জাবৰ (‘‘জাৱৰ’’ নহয়)– জোঁথৰ, জীৱ–জন্তুৰ মৃত দেহ আদি পেলোৱা–নেপেলোৱাৰ লগত ৰোগ সংক্রমণৰ দৰে ঋণাত্মক কথা আৰু স্বাস্থ্য তথা জীৱন সুৰক্ষাৰ দৰে যোগাত্মক কথা সম্পৃক্ত হয়নে নহয়? এই বিষয়ত ৰাষ্ট্র যন্ত্রৰ গধুৰ দায়িত্ব আৰু দোষীক শাস্তি প্রদানৰ দৰে অৱশ্য পালনীয় কর্তব্য আছেনে নাই? বর্তমান চলিত ‘লক্ডাউন্’ উঠাই দিয়াৰ লগে লগে আমাৰ সমাজৰ অসভ্য মানুহবোৰে পুনৰ অসভ্য আৰু জংঘলী আচৰণ কৰিবলৈ আৰম্ভ কৰি দিবনে নিদিয়ে? বহু লাখটকীয়া বিলাসী গাড়ী চলাই যোৱা আৰু তাত বহি যোৱা অনেক ভদ্রলোক আৰু মহিলাই খিৰিকীৰ আইনা নমাই দি ৰাজআলিৰ ওপৰতে শীতল পানীয়ৰ বটল আৰু মুখৰোচক খাদ্যৰ (প্লাস্তিক–পলিথীনৰ) ঠোঙা দলিয়াই দিয়েনে নিদিয়ে তামোলৰ পিক পেলায়নে নেপেলায়? বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্র–ছাত্রীকে ধৰি সমুদায় কিশোৰ–কিশোৰী, যুৱক–যুৱতী, প্রৌঢ়–প্রোঢ়া, বৃদ্ধ–বৃদ্ধা লোকে, চানাচুৰ, ভজা বাদাম, দালমুট খোৱা কাগজ, ফুচ্কা আৰু ঘুগুনী খোৱা প্লাস্তিক আৰু গছপাতৰ বাটি য’তে যেনেকৈ পাৰে, ত’তে তেনেকৈ পেলাই ‘‘নিকা অসম’’ আৰু ‘‘স্বচ্ছ্ ভাৰত’’ নির্মাণ কার্য চলাই আছেনে নাই থকা? পৌৰ প্রশাসন সম্পর্কীয় কর্তৃপক্ষসমূহে কি কাটি থাকে? হোটে’ল, ৰে’স্তৰাঁ, চাট হাউছ্, ফাস্ত্ ফূড্ কর্ণা(ৰ্) আদি বিভিন্ন ভোজনালয়সমূহৰ পিছ চোতাল, ৰন্ধনশালা আৰু ভোজনশালাসমূহ ভালকৈ চাই ব্যৱস্থা ল’বলৈ হ’লে অসমৰ তথা দেশৰ শতকৰা ৯৫/৯৬ ভাগ ভেজনালয়ত তলা লগাব লাগিব৷ এইবোৰ কথা ৰোগ সংক্রমণ সম্পর্কীয় আৰু সংক্রমণ প্রতিৰোধ সম্পর্কীয় হয়নে নহয়? ছিটি বাছত পিছ দুৱাৰেদি সোমাই আগ দুৱাৰেদি নমাৰ নিয়ম মানি চলিবলৈ ৰাষ্ট্রীয় জৰুৰী অৱস্থা (জুন, ১৯৭৫–মার্চ্, ১৯৭৭) ঘোষণাৰ আৱশ্যক নেকি ?
ক’ভিড্–১৯ৰ দৰে অকস্মাৎ অহা অচিন মহামাৰী ৰোগৰ কথা বাৰু সুকীয়া৷ কিন্তু হে’পাটাইটিছ্, জাপানীয্ এ’ন্কে’ফেলাইটিছ্ আদিকে ধৰি সঘনাই অথবা প্রতি বছৰে হৈ থকা মানুহৰ ৰোগসমূহ ধান খেতি, শাক–পাচলিৰ খেতিত প্রতি বছৰে হোৱা বিভিন্ন পোকৰ উপদ্রৱ হাঁহ–কুকুৰা, গৰু–ম’হ আদি পশুধনৰ পাইকাৰী মৃত্যু ঘটোৱা বিভিন্ন সংক্রামক ৰোগ আদিৰ প্রতিৰোধৰ অর্থে, সংশ্লিষ্ট চৰকাৰী বিভাগসমূহে সময়োচিতভাবে প্রয়োজনীয় ব্যৱস্থা লয়নে? ‘‘চোৰ গ’লে বুদ্ধি বৰষুণ গ’লে জাপি’’–ৰ দৰে, প্রলয় একোটা ঘটাৰ পাছতহে আৰু সংবাদ মাধ্যমে হৈ–চৈ লগোৱাৰ পাছতহে ধৰ–ধৰ মাৰ–মাৰ লগোৱাটো আমাৰ সকলো চৰকাৰী বিভাগৰে বেলিকা সিবিলাকৰ বোপা–ককাৰ দিনৰ ৰীতি হয়নে নহয়? অসমত প্রায় প্রতি বছৰে চাৰি–পাঁচটাকৈ বলিয়া বান আহেই৷ কিন্তু বিভিন্ন শিতানত আবণ্টিত বাজে’টৰ পুঁজিৰ ভাগ–বাটোৱাৰা, আত্মসাৎকৰণ, ‘‘ইধৰকা মাল উধৰ, উধৰকা মাল ইধৰ’’ কৰণ আদিকে ধৰি হৰেক কিচিমৰ দুর্নীতিৰ বাবেই বান প্রতিৰোধৰ অর্থে যথাসময়ত নতুন মথাউৰি নির্মাণ, পুৰণি মথাউৰিৰ মেৰামতি, স্পা(ৰ্) আৰু প(ৰ্)কিউপাইন্ নির্মাণ আদি কামত হাত দিয়াকে নহয়৷ অভিযন্তা, কনিষ্ঠ অভিনেতা, মন্ত্রী, ঠিকাদাৰ ‘‘স্থিতপ্রজ্ঞ’’, ‘‘ডেম্ কেয়া(ৰ্)’’৷ যেতিয়া বানে তাণ্ডৱ আৰম্ভ কৰে, তেতিয়া ‘‘যুদ্ধকালীন তৎপৰতা’’ৰে আৰম্ভ হয় বালি আৰু কলগছেৰে মথাউৰি নির্মাণ আৰু মেৰামতিৰ যোগে ঘৰ–দুৱাৰ, খেতি–পথাৰ, পশুধন, শিক্ষানুষ্ঠান তথা স্বদেশ ৰক্ষাৰ অভিযান দৈনিক পাঁচ টকা উপার্জনেৰে জীৱন সংগ্রাম আৰম্ভ কৰি লেখত ল’বলগীয়া অসমীয়া উদ্যোগপতি হোৱা হাজোৰ ‘‘অনুচ্চ শিক্ষিত’’ বনমালী শর্মাই যোৱা বছৰ নিজা কৌশলেৰে বাঁহ আৰু বস্তাৰে এটা বান্ধ সাজি, পুঠিমাৰি নদীৰ এটা ছিগা মথাউৰি মেৰামতি কৰি বহু মানুহৰ জীৱন, ঘৰ–দুৱাৰ আৰু সা–সম্পত্তি ৰক্ষা কৰে৷ এতিয়া এই মহা দুর্যোগৰ দুঃসময়ত শর্মাই চৰকাৰলৈ ত্রিশ লাখ টকাৰ সাহায্য আগবঢ়াইছে৷ শর্মাক লাচিত বৰফুকন বঁটাৰে সন্মানিত কৰিবলৈ মই যোৱা বছৰ এই শিতানতে বিনীত পৰামর্শ আগ বঢ়াইছিলোঁ৷ এই বছৰৰ বানোৎসৱৰ বতৰ সমাগত৷ বাতৰি ওলাইছে যে স্বয়ং কলিয়াবৰ অঞ্চলকে ধৰি ৰাজ্যৰ বহু ঠাইত বহু ভগা–ছিগা, বিধ্বস্ত মথাউৰিৰ মেৰামতি/পুনর্নির্মাণত হাতকে দিয়া হোৱা নাই৷ ‘‘জল আপদ’’ মন্ত্রী কলিয়াবৰীয়া মহন্ত নির্বিকাৰ সম্ভৱতঃ চোৰে মেলানি মগাৰ অপেক্ষাত ধ্যানমগ্ণ৷
এটে’ন্শ্ন্, যোগান অমাত্য ফণীভূষণ চৌধুৰী ঃ এটা ডাঙৰ ‘‘সৰু কথা’’৷ ভাদ মাহটো অসমীয়া মানুহৰ বাবে অতি পৱিত্র৷ এই মাহত সত্র, ৰাজহুৱা নামঘৰ, ব্যক্তিগত নামঘৰ, সকলোতে নাম–কীর্তনৰ ধ্বনি৷ পিচে, বহু বছৰ হ’ল, –প্রতি বছৰতে ভাদ মাহত বিভিন্ন ঠাইত হোৱা নাম–কীর্তনৰ অন্তত বুট মাহ মিলোৱা মাহ প্রসাদ খাই অনেক মানুহৰ বিষক্রিয়া হয়৷ অ’ত ত’ত কিছু মানুহৰ মৃত্যুও ঘটে৷ তথাপি এই সন্দর্ভত চৰকাৰ বাহাদুৰে অত বছৰে আগতীয়াকৈ একোটো কৰিব পৰা নাই কিয়? মোৰতো এটা ডাঙৰ সন্দেহেয় হয়৷ থাওক, নকওঁ ৷
কৰ’নাৰ বিৰুদ্ধে ভাৰত জয়ী হ’ব৷ কৰমর্দনৰ পৰিৱর্তে নমস্কাৰ বিনিময় পৃথিৱীৰ বহু দেশৰ নেতাই গ্রহণ কৰিছে৷ কিন্তু মূল কথা হ’ল, –ওপৰত উল্লিখিত সকলোৰে গুৰিতে হৈছে ভাৰতীয় মানুহৰ লুভীয়া চৰিত্র আৰু ব্যাপক দুর্নীতি৷ দুর্নীতিয়েয় ভাৰতৰ কৰ’না৷ বহু বছৰ হ’ল, মনত এটা কথাই থিত লৈছে– দুর্নীতিৰ ক্ষেত্রত এতিয়া ভাৰতত সম্ভৱতঃ অসমেয় আন আটাইতকৈ আগ বঢ়া৷ ক’ভিড্–১৯ৰ পৰা হাত সাৰিবলৈ সঘনাই চাবোনেৰে হাত ধোৱাৰ প্রয়োজনৰ কথা ওলাবলৈহে পালে, –চাবোনৰ দাম বাঢ়ি গ’লেই৷ বাকচৰ পর্দাত ওলাবলৈ ধৰিলে ‘ছেভ্লন্’ নামৰ চাবোনবিধ আৰু এণ্টিছে’প্ঢিক্ জুলীয়া ছলিউশ্ন্বিধৰ ধাৰাসাৰ বিজ্ঞাপন দাম বৃদ্ধিৰ উল্লেখৰ প্রয়োজন নাই৷ ঔষধৰ দোকানত বিভিন্ন বিধৰ মাস্কৰ দাম তিনি–চাৰিগুণ হ’ল ঠায়ে ঠায়ে মাস্ক্ অন্তর্ধান হ’ল অর্থাৎ ক’লা বজাৰ৷ চাউল, দাইল, তেল, আলু, পিঁয়াজ, শাক–পাচলি, দৈ আদি আটাই খাদ্য বস্তুৰ দাম, সৌ সিদিনা চৌ চৌকৈ বঢ়াৰ পাছত আকৌ এঢ়াপ বাঢ়িল৷ প্রস্তুতকাৰী, সৰবৰাহকাৰী, মজুতদাৰ, পাইকাৰী বেপাৰী, খুচুৰা বেপাৰী আটায়ে নিজ নিজ পর্য্যায়ত যিয়েই (‘‘জোনেই’’?) যেনেকৈ পাৰে, সিয়েই তেনেকৈ বঢ়াই লৈছে৷ অ’ত ত’ত ‘লকডাউন্’ অলপ শিথিল হ’ল, বজাৰত ব্রইলা(ৰ্) কুকুৰা (‘‘বইলাৰ’’ নহয়) ওলাল, মঙহৰ বেপাৰী তুংগত উঠিল৷ গ্রাহকৰো ৰ’বলৈ নাই, চাবলৈ নাই বেপাৰীয়ে যি দাম বুলিলে, তাকে দিলে৷ এইটো বিষয়ত সম্ভৱতঃ মুঠেও দায়িত্ব নথকা বিভাগটো হ’ল যোগান বিভাগ পিছে, কৰ’নাৰ কৰুণা লভি বেপাৰীয়ে বয়–বস্তুৰ দাম বঢ়োৱা বাবে চৌদিশে হৈ–চৈ লগাত, অসম মন্ত্রী সভাৰ সম্ভৱতঃ আন আটাইতকৈ সক্রিয়, তৎপৰ আৰু সফল মন্ত্রী ফণীভূষণ চৌধুৰী, –‘‘ময়োতো কিবা এটা কৰিব লাগিব’’–বুলি ভাবিয়েই বোধহয়, এদিন, খুব সম্ভৱ দাৰিদ্র্যজনিত কাৰণতে, লুঙি আৰু হাৱাই ফানতি পৰিহিত অৱস্থাতে ফজিৰে ফজিৰে গুৱাহাটীৰ এখন বজাৰত আৱির্ভূত৷ লগে লগে সমগ্র অসমতে বস্তু–বাহানিৰ দাম হুৰ–হুৰকৈ কমি আহিল৷ ৰাইজৰো কাপোৰ–কানি ক’লা হ’ল আটাই ঘৰাঘৰি গ’ল৷ মন্ত্রী প্রৱৰো অন্তর্ধান ৷
ক’ভিড্–১৯ৰ দৰে ভয়ংকৰ মহামাৰিয়ে সৃষ্টি কৰা মহা ৰাষ্ট্রীয় সংকটৰ সময়তো দুর্নীতিপ্রেমী লোকৰ দুর্নীতিত যতি নপৰিল৷ সাহায্য বিতৰণ, খাদ্য বস্তু বিতৰণ, ধন বিতৰণ, জীৱাণু মুক্তকৰণ বা আৱর্জনাশূন্যকৰণ (ছেনিটাইযেইশ্ন্), ছেনিটাইযাৰৰ দাম আদি সকলো দিশতে বিভিন্ন অনিয়ম আৰু দুর্নীতি সংঘটিত হোৱাৰ বাতৰি ওলাল বিভিন্ন সংবাদ মাধ্যমত৷ ওলাল ধনুভাঙা, ভাত নাইপাৰা, ৰঙিয়া, বাঘবৰ আৰু অনেক ঠাইৰ নাম৷ ক’ৰবাত ক’ৰবাত ঘটিল প্রতিজন ডাল দৰিদ্র লোকলৈ বুলি চৰকাৰে আগবঢ়োৱা এহেজাৰ টকাৰ ভিতৰৰে তিনিশৰপৰা পাঁচশ টকালৈকে চান কাঢ়ি সাতশ বা পাঁচশ টকাহে দিয়াৰ দৰে লজ্জাজনক ঘটনা ৷
ইমানখিনি কোৱাৰ পাছতো নকৈ নোৱাৰোঁ যে ভাৰতবর্ষৰ অন্তহীন সমস্যাৰ অন্যতম প্রধান কাৰণ হ’ল অনিয়ন্ত্রিত জনসংখ্যা বৃদ্ধি৷ কিন্তু আনহাতে, একেটা উশাহতে এই বুলি নোকোৱাকৈ আৰুহে নোৱাৰোঁ যে ভাৰতৰ অন্যান্য জনসমষ্টিৰ তুলনাত অসমীয়া জনসমষ্টিৰ ক্রমহ্রাসমান সংখ্যা অসমীয়াৰ নিৰন্তৰ জাতীয় সংকটৰ অন্যতম প্রধান কাৰণ৷ নবহলাওঁ ৷