কোনোবা এক দুর্গাপূজাৰ সময়ৰ কথা৷ এটি কণমানি ল’ৰাই পূজা চাই ঘৰলৈ ওভতাৰ পথত দেউতাকক এটা আচৰিত প্রশ্ণ সুধি পেলালে– ‘দেউতা যোৱাবছৰো আমি পূজা চাবলৈ আহিছিলোঁ নহয়নে? যোৱাবছৰতে মা দুর্গাই ত্রিশূলেৰে খুঁচি মহিষাসুৰ নামৰ অসুৰটোক মাৰি পেলোৱা বুলি তুমি কৈছিলা৷ তেনেহ’লে সেই একেটা অসুৰেই এইবাৰো আকৌ ক’ৰ পৰা আহি ওলাল? তাৰমানে অসুৰটো বাৰে বাৰে মৰি বাৰে বাৰে জী উঠে নহয়নে দেউতা?’ নিজ পুত্রৰ মুখত এনে এটা গুৰু–গম্ভীৰ প্রশ্ণ শুনি পোনতে মানুহজন কেইটামান ক্ষণ তভক মাৰি ৰ’ল৷ তাৰ পিছত তেওঁ ভাবিলে যে কোমলমতি শিশুৱে কিবা বিষয় জানিব খুজিলে সিহঁতক মিছা কথা কৈ মনত ভুল ধাৰণা একোটা জীৱনৰ কাৰণে সুমুৱাই দিয়া উচিত নহয়৷ সেয়ে তেওঁ যি জানে, তাকে সহজ–সৰল ভাষাৰে পুতেকৰ আগত ক’বলৈ প্রয়াস কৰিলে৷ তেওঁ ক’লে– ‘চা বাবা, মা দুর্গাই মহিষাসুৰক বধ কৰাৰ ঘটনাটো প্রকৃততে কেতিয়া আৰু ক’ত ঘটিছিল, এই কথা কোনেও নাজানে৷ কিন্তু সেই পৌৰাণিক ঘটনাটো মনত পেলাই দেৱী মাক শ্রদ্ধা জনাবৰ বাবেহে মানুহে বছৰি এনেকৈ দুর্গাপূজা পাতি আহিছে৷’ এই মাটিৰে গঢ়া দেৱী দুর্গা আৰু মহিষাসুৰৰ মূর্তি যে আচলতে শুভ আৰু অশুভ শক্তিৰ প্রতীকহে, সেই কথা আঠ বছৰীয়া পুতেকক ক’ব খুজিও মানুহজন ৰৈ গ’ল৷ কাৰণ এই বয়সৰ ল’ৰা এটাক প্রতীকৰ ধাৰণা ব্যাখ্যা কৰি দিয়াটো তেওঁৰ পক্ষে সম্ভৱ নহ’ব বুলি মানুহজনে অনুভৱ কৰিলে৷ ইপিনে ল’ৰাটিও দুর্গোৎসৱৰ আলোকসজ্জা আদিৰ আড়ম্বৰৰ প্রতি আকৃষ্ট হৈ অধিক প্রশ্ণ কৰাৰ পৰা বিৰত থকাত তেওঁ সকাহ পোৱাদি পালে৷ কিন্তু নিজ পুত্রৰ মুখে যি এটা মৌলিক বিষয়ৰ অৱতাৰণা হ’ল, সেই কথাই তেওঁৰ মনোজগতত এক আলোড়নৰ সৃষ্টি নকৰাকৈ নাথাকিল৷
অদ্ভুত প্রশ্ণ একোটা সুধি প্রায়েই মাক–দেউতাকক ব্যতিব্যস্ত কৰি তোলা কণমান ল’ৰাটিৰ পিতৃজন দর্শন বিষয়ৰ ছাত্র নাছিল যদিও অনেক দার্শনিক প্রশ্ণই তেওঁৰ মনৰ মাজত আহি ভিৰ কৰিবলৈ ধৰিলে৷ ল’ৰাৰ সন্তুষ্টিৰ বাবে তেওঁ পূজা মণ্ডপলৈ যায় যদিও পূজাৰ আড়ম্বৰ আৰু তাত্ত্বিক প্রশ্ণসমূহৰ মাজত মানুহজনে একো সামঞ্জস্য বিচাৰি নাপায়৷ কিন্তু আজি এই কোমল বয়সতে পুত্রৰ মুখত যিটো অসাধাৰণ প্রশ্ণ তেওঁ শুনিবলৈ পালে, তাৰ আঁত ধৰিয়েই আৰু বহুতো আপাতদৃষ্টিত অর্থহীন যেন লগা বিষয়ে মানুহজনৰ মনৰ মাজত শাৰী পাতিলেহি৷
তেওঁ জানে, এনে অসংখ্য প্রশ্ণ আছে, যিবিলাকৰ উত্তৰ মানুহে হাজাৰ হাজাৰ বছৰ ধৰি বিচাৰি আছে যদিও ইবিলাকৰ মীমাংসা কোনোকালেই নোলাব বুলি তেওঁৰ দৃঢ় বিশ্বাস৷ বার্ট্রাণ্ড ৰাছেলৰ ‘দ্য প্রব্লেম্ছ অৱ ফিল’ছফী’ কিতাপখন পঢ়াৰ পাছত মানুহজনৰ এই বিশ্বাস দৃঢ়তৰ হৈ উঠিছে৷ এজনা সৃষ্টিকর্তা অথবা এজন মহাজাগতিক পৰিকল্পনা কর্তাৰ অস্তিত্বত তেওঁ অবিশ্বাসী নহয়৷ কিন্তু এয়ে জানো শেষ কথা? এজন জগতস্রষ্টা জগদীশ্বৰৰ অস্তিত্ব সম্বন্ধে সম্ভৱতঃ পৃথিৱীৰ নব্বৈ শতাংশ মানুহেই ইতিবাচক মনোভাব প্রকাশ কৰি আহিছে৷ পিছে এই এটা বিষয়ত মানুহ নিশ্চিত হ’ব পাৰিলেও তাৰ পৰাই সময়ত আন হাজাৰটা দার্শনিক প্রশ্ণৰ উদ্ভৱ হৈছে৷ মানুহে সৰলভাৱে ভবাৰ দৰে এই জগতৰ স্রষ্টাজনা যদি সকলো সময়তে শুভ আৰু মংগলময় হয়, তেনেহ’লে তেওঁৰ সৃষ্টিত অশুভ বিষয়ৰ ইমান পয়োভৰ কিয়? আৰু এটা অতিশয় মৌলিক প্রশ্ণ– ব্রহ্মাণ্ডৰ স্রষ্টাগৰাকী যদি নিখুঁততাৰ Perfection) প্রতীকেই হয়, তেন্তে তেওঁ স্রজন কৰা এই মহাবিশ্বত ইমান খুঁত কিয় দৃষ্টিলৈ আহে? অৱশ্যে এই মহাজাগতিক পৰিকল্পনা কর্তাজনৰ যে সৃষ্টিশীল মানুহৰ দৰেই এক বৈচিত্র্যপ্রিয় চেতনা আছে, সেই কথাও অস্বীকাৰ কৰিব নোৱাৰি৷ জীৱজগতত বিগত কোটি কোটি বছৰ ধৰি অব্যাহত থকা ক্রমবিকাশ প্রক্রিয়াটোলৈ মন কৰিলেই এটা কথা স্পষ্ট হৈ উঠে যে ঢ়াপে ঢ়াপে উন্নতৰ পৰা উন্নততৰ প্রাণীৰ সৃষ্টি হৈ অহা হেতুকেই ইয়াক ক্রমবিকাশ আখ্যা দিয়া হৈছে৷ এনেদৰে এককোষী প্রাণীৰ পৰা আহি আহি অৱশেষত মানুহৰ উৎপত্তি হৈছেহি৷ আন সকলো প্রাণীৰ তুলনাত প্রতিটো দিশৰ পৰাই মানুহ এক ব্যতিক্রম৷ ধৰাৰ বক্ষলৈ মানুহৰ আগমনৰ আগলৈকে শুভ–শুভ, সুন্দৰ–সুন্দৰ আদি যুগ্ম ধাৰণাসমূহৰ একো অর্থই নাছিল৷ কিয়নো প্রকৃতিৰ জগতত সকলোৱেই শুভ, সকলোৱেই সুন্দৰ৷ সৃষ্টিৰ বিধি অনুসৰি কোনোবা এটা তৰাৰ জন্মও সুন্দৰ, মৃত্যুও সুন্দৰ৷ কিন্তু সাধাৰণ মানুহৰ দৃষ্টিত মৃত্যু কেতিয়াও শুভ হ’বই নোৱাৰে (দুই–এক শিল্পী–সাহিত্যিকৰ দৃষ্টিত বাদে)৷ এতেকে জীৱনৰ অনুকূল কাৰকসমূহেই শুভ আৰু ইয়াৰ প্রতিকূল বস্তুবিলাক অশুভ হিচাপে সময়ত চিহ্ণিত হ’ল৷ যুদ্ধ, প্রাকৃতিক দুর্যোগ, মহামাৰী কিম্বা দুর্ঘটনা– এইসমূহ কাৰকেই জীৱন নাশৰ কাৰক৷ ইয়াৰ বিপৰীতে জীৱন বর্ধনৰ সহায়ক কাৰকসমূহ হৈছে পুষ্টি, নিৰাপত্তা, জীৱন ৰক্ষাকাৰী ঔষধ ইত্যাদি ইত্যাদি৷ এনেদৰেই মানুহৰ মনত শুভ আৰু অশুভৰ ধাৰণা দুটাই খুঁটি পুতি বহি ল’লে৷ পৰৱর্তী পর্যায়ত মানুহৰ ইতিহাসলৈ আগমন ঘটিল প্রতীকবাদী যুগৰ৷ শুভ আৰু অশুভৰ অতিশয় মৌলিক ধাৰণা দুটাকো মানুহে প্রতীকৰ সহায়েৰে উপস্থাপন কৰিবলৈ ধৰিলে৷ ইয়াৰ জৰিয়তে প্রধানকৈ এইকেইটা কথা অভিব্যক্ত হ’ল– (ক) মহাবিশ্বৰ সৃষ্টিকর্তাজন সমস্ত শুভ ধ্যান–ধাৰণাৰ প্রতিভূ, (খ) সকলো অশুভ শক্তিৰ পৰা ৰক্ষা পাবলৈ মানুহ তেওঁৰ ওপৰত একান্ত নির্ভৰশীল আৰু (গ) শুভ আৰু অশুভৰ সমাহাৰেই হ’ল মানৱ জীৱন৷ তদুপৰি এই মহাজগতত সৃষ্টি প্রক্রিয়াৰ গুৰুত্ব যিমান, তাৰ সমানেই ধ্বংসও যে অপৰিহার্য, সেই মৌলিক সত্যটোৱে ভাৰতীয় চিন্তা–পৰম্পৰাত বিশেষ স্বীকৃতি লাভ কৰা দেখা গ’ল৷ সংহৰণ প্রক্রিয়াৰ প্রতীক হৈ উঠিল মহাদেৱ ৰুদ্র৷ কিন্তু সনাতন সংহৰণৰ অতিৰিক্তভাৱে মানৱ জীৱনলৈ বিভিন্ন প্রকাৰে ভাবুকি কঢ়িয়াই অনা অন্যান্য কাৰকসমূহ ভাৰতীয় সনাতন ধর্মত দৈত্য, দানৱ, অসুৰ আদি নামেৰে পৰিচিত হৈ আহিছে৷ মহাপৰাক্রমী এনে দৈত্য কিম্বা দানৱ তথা অসুৰৰ আখ্যানৰ অন্ত নাই৷ সম্ভৱতঃ পৰমেশ্বৰ বিষ্ণু অথবা পৰমেশ্বৰী দুর্গাৰ কল্যাণকৰ ৰূপটো প্রতিভাত কৰাৰ উদ্দেশ্যেই এনে অধিকাংশ অসুৰ–দানৱৰ পৰিসমাপ্তি নাৰায়ণ/নাৰায়ণীৰ দ্বাৰা সাধন কৰোৱাটো মন কৰিবলগীয়া৷ উদাহৰণস্বৰূপে ভগৱান বিষ্ণুৱে মধু আৰু কৈতভ নামৰ অসুৰ দুটাক বধ কৰাৰ উপৰি ৰাম অৱতাৰত ৰাক্ষসৰাজ ৰাৱণক সংহাৰ কৰিছে৷ বৰাহ অৱতাৰ ধাৰণ কৰি হিৰণাক্ষ আৰু নৰসিংহৰ ৰূপত হিৰণ্যকশিপুক বধি ত্রিজগতক আসুৰিক শক্তিৰ পৰা ৰক্ষা কৰিছে৷ আনহাতে পৰমেশ্বৰী দুর্গাই অনেক অসুৰক নাশ কৰিবলৈ বিভিন্ন ৰূপ ধাৰণ কৰাৰ কাহিনী ভাৰতীয় পুৰাণসমূহত বর্ণিত হৈছে৷ প্রবাদ অনুসৰি শূম্ভ–নিশূম্ভ নামৰ অসুৰ দুটাক সংহাৰ কৰিবলৈ দেৱীয়ে তিলোত্তমাৰ ৰূপ ধাৰণ কৰিছিল৷ কিন্তু সকলো অসুৰৰ ভিতৰত প্রবলতম মহিষাসুৰক নাশিবলৈ বিষ্ণু, শিৱ প্রমুখ্যে সমস্ত দেৱতাগণৰ সন্মিলিত শক্তিয়ে মহিষমর্দিনী ৰূপ ধাৰণ কৰাৰ বৃত্তান্ত মার্কণ্ডেয় পুৰাণত বিস্তৃতভাৱে বর্ণিত হৈছে৷
কিন্তু আজিৰ যুক্তিবাদী মনবোৰে পুৰাণোক্ত দৈত্য–দানৱসমূহে কোনবিলাক জাগতিক অশুভ শক্তিৰ প্রতীকৰ ৰূপত আত্মপ্রকাশ কৰিছিল, তাৰ আভাস পাবলৈ প্রয়াস কৰাটো অস্বাভাৱিক নহয়৷ অৱশ্যে যিবোৰ ৰাক্ষস বা অসুৰক জাগতিক পটভূমিত উপস্থাপন কৰা হৈছে (উদাহৰণস্বৰূপে ৰাৱণ, নৰকাসুৰ আদি), সেইবোৰৰ মাধ্যমে মানৱ প্রবৃত্তিৰ অশুভ ৰূপটোৱে ব্যক্তিৰ ৰূপ পৰিগ্রহ কৰা বুলি ভাবিব পাৰি৷ কিন্তু মহাজাগতিক প্রেক্ষাপটত অংকিত দানৱীয় ৰূপসমূহে এক বিমূর্ত অশুভ শক্তিৰ ইংগিত এটাকে বহন কৰা যেন লাগে৷ ইবোৰ যেন শুভ–শুভৰ চিৰন্তন দ্বন্দ্বটোৰহে প্রতীকী ৰূপ৷ একাংশ চিন্তাবিদে ভাবে যে সৃষ্টিৰ আদিম মুহূর্তটোৰ পৰাই শুভ আৰু অশুভ ধাৰণা দুটা বর্তি আছে (এতেকে এই ধাৰণা দুটা মানুহৰ অস্তিত্বসাপেক্ষ নহ’বও পাৰে)৷ এই প্রসংগত সততে পদার্থ আৰু প্রতিপদার্থৰ মাজৰ সম্বন্ধটোলৈ আঙুলিওৱা হয়৷ কোনো কোনোৱে এই মতো পোষণ কৰে যে সৃষ্টিৰ প্রথম ক্ষণটোত পদার্থতকৈ অতিপদার্থৰ পৰিমাণ কম আছিল বাবেই আজি আমি বাস কৰি থকা বিনন্দীয়া জগতখনৰ অস্তিত্ব সম্ভৱ হৈছে৷ ইয়াৰ অর্থ এয়ে যে পদার্থৰে নির্মিত বিশ্বখনে শুভ দিশটোক সূচাইছে আৰু তাৰ বিপৰীতে পদার্থৰ সংস্পর্শলৈ আহি বিনাশ ঘটা প্রতিপদার্থৰ থূলটোৱে অশুভ শক্তিৰ শিবিৰটোক প্রতিনিধিত্ব কৰিছে৷ অর্থাৎ সৃষ্টিৰ আদিতে শুভ শক্তিৰ প্রাধান্য থকাৰ হেতুহে বর্তমানৰ মহাবিশ্বখনৰ অস্তিত্ব সম্ভৱ হৈছে৷ কোৱাবাহুল্য যে দৈনন্দিন জীৱনত এইবিলাক কথাৰ একো প্রাসংগিকতা নাথাকিলেও যুক্তিৰ বিমূর্ত ৰাজ্যখনত ইবোৰ অমূলক নহয়৷
বর্তমানৰ অভূতপূর্ব পৰিস্থিতিৰ ভিন ভিন ব্যাখ্যা একাংশ আধ্যাত্মিক গুৰুৱে বিভিন্ন দৃষ্টিকোণৰ পৰা দিবলৈ আৰম্ভ কৰা দেখা গৈছে৷ কোনোৱে কোৱা শুনিবলৈ পাইছোঁ যে সমগ্র বিশ্বজুৰি হোৱা ক’ৰোনা ভাইৰাছৰ সংক্রমণ কলিযুগৰ সমাপ্তিৰ পূর্বলক্ষণ৷ ইয়াৰ পাছতেই হেনো সত্যযুগৰ পুনৰাগমন ঘটিব৷ এনে কথা ইয়াৰ আগেয়েও বহুবাৰ শুনিছোঁ৷ কিন্তু শুভ–শুভৰ দ্বন্দ্বৰ দৰে অতিশয় মৌলিক দার্শনিক বিষয়ৰ তুলনাত এনেবিলাক কথা তেনেই টুলুঙা৷ সামগ্রিকভাৱে বিশ্বৰ মানৱ সম্প্রদায়ে শুভশক্তিৰ শিবিৰত অৱস্থান কৰা সত্ত্বেও সময়ে সময়ে অশুভ বিষয় একোটাই কিদৰে মূৰ দাঙি উঠিবলৈ সুযোগ পায়, সেইটোহে চিন্তনীয় বিষয়৷ এই সন্দর্ভত তাত্ত্বিকভাৱে এই মন্তব্য কৰিব পৰা যায় যে অশুভ কাৰকসমূহক কিছু পৰিমাণে নিয়ন্ত্রণতহে ৰাখিব পৰা যায়, এইবোৰক ধৰাৰ বুকুৰ পৰা চিৰবিদায় দিয়াটো কদাপি সম্ভৱ নহয়৷ বিশেষকৈ বিশ্বব্যাপী মহামাৰীৰ ৰূপ ধাৰণ কৰা ৰোগসমূহৰ ক্ষেত্রত পূর্বোক্ত কথাটো বিশেষভাৱে প্রযোজ্য৷ পুৰাণকাৰৰ দৃষ্টিৰে চাবলৈ গ’লে এই ৰোগবিলাক যেন ৰক্তবীজ নামৰ অসুৰটোৰহে বংশধৰ– যাৰ দেহৰ এটোপাল তেজ মাটিত পৰিলে নতুনকৈ তেনে একোটা দৈত্যৰ জন্ম হয়৷ যিদৰেSARS গ’লMARS আহিল৷ আৰু অৱশেষত আহিল ক’ভিড–১৯৷
শেষত পুনৰ শাৰদীয় দুর্গোৎসৱৰ কথালৈ উলটি আহিছোঁ৷ ইতিমধ্যে কৈছোঁ যে আমাৰ ধর্মীয় উৎসৱসমূহৰ আধ্যাত্মিক তাৎপর্য ইবোৰৰ বাহ্যিক আড়ম্বৰে বহু পৰিমাণে ম্লান কৰি পেলাইছে৷ আধ্যাত্মিক চিন্তাৰ জগতখনত চিৰকাল তোলপাৰ লগাই থকা বিষয়সমূহে পূজামণ্ডপবিলাকত বিশেষ গুৰুত্ব পোৱা দেখা নাযায়৷ সমকালীন স্থূল বিষয় একোটাইহে এইবিলাকত প্রাধান্য পায়৷ শাৰদীয় দুর্গোৎসৱলৈ এতিয়াও মাজতে পাঁচটামান মাহ বাকী৷ তেতিয়ালৈ যদি ক’ৰোনাৰ প্রাদুর্ভাৱ নোহোৱা হয়গৈ, তেনেহ’লে এইবাৰ দেৱী মূর্তিৰ পদতলত মহিষৰ পৰিৱর্তে ক’ৰোনাৰ প্রতিমূর্তিয়ে স্থান পোৱাৰ সম্ভাৱনা নোহোৱা নহয়৷ কিয়নো পৌৰাণিক অসুৰবোৰৰ ভিতৰত মহিষাসুৰৰ প্রতাপত যিদৰে ত্রিলোক কম্পমান হৈছিল, সাম্প্রতিক কালত ক’ৰোনা অসুৰৰ পৰাক্রমত সমস্ত নৰলোকত একেদৰে কঁপনি উঠিছে৷ এতিয়া ক’ৰোনা দমনত প্রকৃতিদেৱীয়ে আর্ত মানৱ জাতিক কিদৰে কৃপা কৰে, সেইটোহে লক্ষণীয় হ’ব৷